Assam Live Seven

Assam Live Seven জনতাৰ পদতলত নিবেদিত আত্মাৰে, নিৰ্ভীক আৰু সত্যনিষ্ঠ সংবাদ পৰিৱেশনেৰে আপোচবিহীন এক যাত্ৰাৰ নাম - ALS

16/10/2025

*🔥শিৱসাগৰত কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীত উত্তাল প্ৰতিবাদ*

16/10/2025

*🔥Breaking News*
*🔥যোৰহাটত পুনৰ ভয়ংকৰ ঘটনা*
*🔥ড্ৰাগছ আসক্ত এদল যুৱকৰ প্ৰহাৰত পুনৰ এজন যুৱকৰ মৃত্যুৰ অভিযোগ।*
*এটা নিচামুক্তি কেন্দ্ৰত থকা কেইবাজনো যুৱকে দেৱজিৎ নেওঁগ নামৰ যুৱক জনক প্ৰহাৰ কৰাৰ অভিযোগ।*
যোৰহাটৰ পৰা পৰান মেধীৰ ৰিপৰ্ট Assam Live Seven

জলসম্পদ বিভাগৰ কৰ্মচাৰী এগৰাকীৰ ছিংগাপুৰ ভ্ৰমণ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিষয়ক অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শ...
16/10/2025

জলসম্পদ বিভাগৰ কৰ্মচাৰী এগৰাকীৰ ছিংগাপুৰ ভ্ৰমণ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিষয়ক অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ চিঠিৰ উত্তৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ।

প্ৰয়োজনীয় বিভাগীয় অনুমতি নোহোৱাকৈ বিদেশ ভ্ৰমণ কৰি ছিংগাপুৰত নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশ লোৱা কৰ্মচাৰীগৰাকীক ইতিমধ্যেই নিলম্বন কৰা হৈছে আৰু এই ক্ষেত্ৰত বিভাগীয় তদন্ত চলি আছে: মন্ত্ৰী হাজৰীকা।

“এজন কৰ্মচাৰীয়ে বিভাগীয় অনুমতি নথকাকৈ বিদেশ ভ্ৰমণ কৰা প্ৰসংগৰে গোটেই বিভাগটোৰ হাজাৰ হাজাৰ নিষ্ঠবান কৰ্মচাৰীৰ দায়িত্ববোধ আৰু আচৰণৰ মানদণ্ডৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰাটো জলসম্পদ বিভাগৰ কৰ্মচাৰীসকলৰ প্ৰতি থকা বিৰোধী দলপতি গৰাকীৰ নেতিবাচক মনোভাৱক সূচাইছে নেকি ?”

অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই যোৱা ১৪ অক্টোবৰ তাৰিখে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকালৈ পত্ৰ লিখি বিভাগৰ এজন কৰ্মচাৰীয়ে ছিংগাপুৰ ভ্ৰমণ কৰা আৰু প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ প্ৰসংগত উত্থাপন কৰা কেতবোৰ প্ৰশ্নৰ উত্তৰত জলসম্পদ মন্ত্ৰীগৰাকীয়ে বিৰোধী দলপতিগৰাকীলৈ আজি এক পত্ৰ প্ৰদান কৰি বিৰোধী দলপতিগৰাকীক তীব্ৰ সমালোচনা কৰে |

মন্ত্ৰীগৰাকীয়ে পত্ৰখনত কয় যে অনিলেখ গগৈ নামৰ ব্যক্তিগৰাকী জলসম্পদ বিভাগৰ লখিমপুৰ জিলাৰ অন্তৰ্গত ঢকুৱাখনা সংমণ্ডলৰ জ্যেষ্ঠ সহায়ক হয় আৰু বিগত ১৫ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ তেওঁ নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ বিদেশ ভ্ৰমণ (ছিংগাপুৰ) কৰাৰ বাবে বিভাগীয় অনুমতি বিচাৰিছিল। কিন্তু মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁক বিদেশ ভ্ৰমণ কৰাৰ বাবে বিভাগীয় অনুমতি প্ৰদান কৰা হোৱা নাছিল | প্ৰয়োজনীয় বিভাগীয় অনুমতি নোহোৱাকৈয়ে কৰ্মচাৰীজনে এই সময়ছোৱাত বিদেশ ভ্ৰমণ কৰাৰ কথা বিভাগে জনা নাছিল | কিন্তু শেহতীয়াকৈ জলসম্পদ বিভাগে যেতিয়াই এই কথা জানিব পাৰে যে তেওঁ বিভাগীয় অনুমোদন নোহোৱাকৈয়ে নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ ছিংগাপুৰ ভ্ৰমণ কৰিলে, তেতিয়াই চৰকাৰী নীতি অনুসৰি যোৱা ১০ অক্টোবৰৰ এক নিৰ্দেশ মৰ্মে (No.CEWR(Con)10/2025/06 dated 10/10/2025) জলসম্পদ বিভাগৰ ঢকুৱাখনা সংমণ্ডলৰ জ্যেষ্ঠ সহায়ক শ্ৰী অনিলেখ গগৈক তৎকালীনভাৱে বলৱৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰা হয় (বিভাগীয় জাননীৰ প্ৰতিলিপি গাঁথি দিয়া হৈছে)। বিভাগে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ ব্যৱস্থা কৰিছে। কৰ্মচাৰীজনক যিহেতু বিদেশ ভ্ৰমণ কৰাৰ বাবে প্ৰয়োজনীয় বিভাগীয় অনুমতি প্ৰদান কৰা হোৱা নাছিল, তেনেক্ষেত্ৰত বিভাগীয় নীতি অনুসৰি তেওঁৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা ইতিমধ্যেই গ্ৰহণ কৰা হৈছে আৰু বিভাগীয় তদন্তও আৰম্ভ হৈছে।
বিৰোধী দলপতিগৰাকীয়ে জলসম্পদ বিভাগৰ কৰ্মচাৰী অনিলেখ গগৈৰ চৰকাৰী দায়িত্বৰ অপব্যৱহাৰ সন্দৰ্ভত বিভাগীয় অনুসন্ধান চলোৱাৰ কথা উল্লেখ কৰাৰ বিষয়ে মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে জলসম্পদ বিভাগে প্ৰচলিত চৰকাৰী নীতি অনুসৰি ইতিমধ্যেই চাকৰিৰ পৰা নিলম্বন কৰা কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰিছে।

আনহাতে, মন্ত্ৰীগৰাকীয়ে দেবব্ৰত শইকীয়াৰ আন এক প্ৰশ্নৰ উত্তৰ দি কয় যে অসমৰ জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ তদন্ত সুচাৰুৰূপে চলি আছে আৰু তদন্তকাৰী সংস্থা তথা বিষয়াৰ প্ৰয়োজন বুলি ভবা প্ৰতিগৰাকী ব্যক্তিকে তদন্তৰ আওতালৈ আনিবলৈ সম্পূৰ্ণ কৰ্তৃত্ব আছে আৰু সেয়া তেওঁলোকে কৰি আছে। এই ক্ষেত্ৰত অনিলেখ গগৈক বিশেষভাৱে চি আই ডিক তদন্তত সহায় কৰিবলৈ বিৰোধী দলপতিগৰাকীয় কোৱাৰ দৰে মন্ত্ৰীগৰাকীৰ কোনো বিশেষ নিৰ্দেশৰ কথা আহি নপৰে।

বিৰোধী দলপতিগৰাকীয়ে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ কৰ্মচাৰীৰ দায়িত্ব আৰু আচৰণৰ মানদণ্ড পুনঃনিৰ্ধাৰণৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে মন্ত্ৰীগৰাকীক লিখা পত্ৰ সন্দৰ্ভত জলসম্পদ মন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়ে যে বিভাগৰ অভিযন্তা-কৰ্মচাৰীসকলে বিগত সময়ছোৱাত ৰাজ্যখনক বানমুক্ত কৰাৰ বাবে অহৰ্নিশে সেৱা অব্যাহত ৰাখিছে। তেওঁলোকৰ আপ্ৰাণ প্ৰয়াস আৰু কৰ্তব্যনিষ্ঠাৰ বাবে বিগত চাৰে চাৰিটা বছৰত আমি ৰাজ্যখনৰ বান সমস্যা বহু পৰিমাণে হ্ৰাস কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু বিৰোধী দলপতিগৰাকীয়ে পত্ৰত গোটেই জলসম্পদ বিভাগৰ কৰ্মচাৰীৰ দায়িত্ব আৰু আচৰণৰ মানদণ্ড পুনঃনিৰ্ধাৰণৰ পদক্ষেপ গ্ৰহণৰ কথা কৈ প্ৰকৃততে কি ক’ব বিচাৰিছে সেয়া মুকলিকৈ মন্ত্ৰীগৰাকীক জনাবলৈ তেওঁ আহ্বান জনায় । বিভাগৰ এটা সংমণ্ডলৰ এজন সহায়কৰ বিভাগীয় অনুমতি অবিহনে কৰা বিদেশ ভ্ৰমণৰ প্ৰসংগৰে বিৰোধী দলপতিগৰাকীয়ে বৃহৎ জলসম্পদ বিভাগৰ হাজাৰ হাজাৰ কৰ্মচাৰীৰ নৈতিক দায়িত্ববোধ আৰু আচৰণৰ মানদণ্ডৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰা কাৰ্যই কৰ্মচাৰীসকলৰ প্ৰতি তেখেতৰ নেতিবাচক মনোভাৱক প্ৰতিফলন ঘটাইছে নেকি বুলি মন্ত্ৰী হাজৰীকাই প্ৰশ্ন কৰে | তেওঁ কয় যে যদি এয়াই হয়, তেন্তে তেখেতৰ এই নেতিবাচক মনোভাৱে অসমৰ বান-খহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত অহৰ্নিশে কাম কৰি থকা বিভাগীয় হাজাৰ হাজাৰ কৰ্মচাৰীৰ নৈতিক মনোবলক নিশ্চিতৰূপে নিৰুৎসাহিত কৰিব।
মন্ত্ৰী হাজৰীকাই পত্ৰখনত আৰু উল্লেখ কৰে যে সকলোৰে আদৰৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত সকলোৱেই মৰ্মাহত হৈছে আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নেতৃত্বত ৰাজ্যৰ গৃহ বিভাগে প্ৰয়াত জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বিষয়টো অতি আন্তৰিকতাৰে আৰু ক্ষিপ্ৰতাৰে তদন্ত চলাই আছে আৰু নিশ্চিতৰূপে আমি এই তদন্তৰ অন্তত ন্যায় লাভ কৰিবলৈ সক্ষম হ’ম।


বৰ্তমান আইন-শৃংখলাজনিত পৰিস্থিতিৰ বাবে  অসম আৰক্ষীৰ সকলো ছুটী বাতিল।চিকিৎসাজনিত কাৰনতহে ল'ব পাৰিব ছুটী।
16/10/2025

বৰ্তমান আইন-শৃংখলাজনিত পৰিস্থিতিৰ বাবে অসম আৰক্ষীৰ সকলো ছুটী বাতিল।চিকিৎসাজনিত কাৰনতহে ল'ব পাৰিব ছুটী।



15/10/2025

*🔥পুত্ৰৰ ন্যায় বিচাৰি কেমেৰাৰ সম্মুখত হিয়াভগা কান্দোন মাতৃৰ।*
*🔥নৰ পিশাচৰ ফাঁচী লাগে ধ্বনিৰে উত্তাল যোৰহাট সদৰ থানাৰ সন্মুখভাগ ।*
*🔥১১ অক্টোবৰত ভাওনা চাবলৈ গৈ গণ প্ৰহাৰৰ বলি হৈছিল বিকাশ দাস নামৰ যুৱকজন।*
যোৰহাটৰ পৰা পৰান মেধীৰ ৰিপৰ্ট Assam Live Seven

15/10/2025






15/10/2025

*🔥ডিগবৈৰ কেইটিমান শিশুয়ে স্কুল ভেনত ঘৰলৈ গৈ থকাৰ সময়ত "মায়াবিনী" গীতটি সুন্দৰকৈ গাই থকাৰ দৃশ্য।*
ডিগবৈ পৰা হাছান আখটাৰ ফৰিদৰ ৰিপোৰ্ট Assam Live Seven

15/10/2025

*🔥কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিশা চোৰাং চিকাৰী আৰু বন কৰ্মীৰ মাজত গুলীয়াগুলী।*
*🔥বনকৰ্মীৰ গুলীত নিহত এটা চোৰাং চিকাৰী।*
*🔥কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত মাইতা টাপুত সংঘটিত হৈছে এই গুলীয়াগুলী ৰ ঘটনা।*
কলিয়াবৰৰ পৰা অনুপ বৰাৰ ৰিপৰ্ট Assam Live Seven

বৃহত্তৰ জাঁজী বাসী ৰাইজৰ উদ্যোগত ১৯ অক্টোবৰ দেওবাৰে জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।
15/10/2025

বৃহত্তৰ জাঁজী বাসী ৰাইজৰ উদ্যোগত ১৯ অক্টোবৰ দেওবাৰে জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।




আমগুৰিত ১৯ অক্টোবৰ দেওবাৰে জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি।
15/10/2025

আমগুৰিত ১৯ অক্টোবৰ দেওবাৰে জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি।




15/10/2025

*🔥হিয়াৰ আমঠু জুবিন গাৰ্গ স্মৃতিত এটি কবিতা।*
*🔥কবিতাৰ শিৰোনাম মই জঙ্কিৰ দেশৰ পৰা জুবিনে কৈছোঁ।*
*🔥কবি - অৰিন্দম দত্ত। চাবুৱা।*
*🔥আবৃত্তি :- বিদ্যাধৰ গগৈ।*

15/10/2025




Address

Amguri Namti Road
Sibsagar
785680

Alerts

Be the first to know and let us send you an email when Assam Live Seven posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Live Seven:

Share