23/03/2026
নিউজ ডেক্স ৰিপৰ্ট,২৩ মাৰ্চ: ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ অসমৰ লগতে এতিয়া নাজিৰাতো নিৰ্বাচনী কুচকাৱাজ তুংগত উঠিছে। বিশেষকৈ ৯৭ নং নাজিৰা বিধানসভা সমষ্টিত দিনক দিনে এক আকৰ্ষণীয় নিৰ্বাচনী প্ৰেক্ষাপট গঢ়ি উঠা পৰিলক্ষিত হৈছে।এই নিৰ্বাচনী যুঁজত এইবাৰ নতুন মুখ হিচাপে অবতীৰ্ণ হৈছে নাজিৰাৰ সুপৰিচিত তথা প্ৰতিভাশালী যুৱ অধিবক্তা পংকজ মহন্ত। যোৱা ২০ মাৰ্চ তাৰিখে এক উষ্ম পৰিৱেশৰ মাজেৰে পংকজ মহন্তই শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। যুৱ সমাজৰ মাজত জনপ্ৰিয় তথা এগৰাকী সমাজ সচেতন অধিবক্তা।মনোনয়ন দাখিল ২০ মাৰ্চ তাৰিখে শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াক আনুষ্ঠানিকভাৱে মনোনয়ন পত্ৰ প্ৰদান কৰে।
নিৰ্বাচনী প্ৰেক্ষাপট: পংকজ মহন্তৰ প্ৰাৰ্থিত্বই নাজিৰা সমষ্টিৰ নিৰ্বাচনী অংকত এক নতুন মাত্ৰা যোগ কৰিছে। বিশেষকৈ যুৱ ভোটাৰসকলৰ মাজত তেওঁক লৈ যথেষ্ট উৎসাহ দেখা গৈছে।
মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছতেই সংবাদ মাধ্যমৰ আগত তেওঁ সমষ্টিটোৰ সৰ্বাংগীণ উন্নয়ন আৰু জনসাধাৰণৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ বাবে কাম কৰি যোৱাৰ সংকল্পবদ্ধতা প্ৰকাশ কৰে। এগৰাকী উচ্চ শিক্ষিত যুৱক হিচাপে তেওঁৰ এই পদক্ষেপে সমষ্টিবাসীৰ মাজত কেনে প্ৰভাৱ পেলাব, সেয়া এতিয়া নিৰ্বাচনৰ ফলাফলেহে ক’ব।