19/07/2026
দিখৌ নৈৰ জলস্তৰ, শিৱসাগৰত বানৰ আশংকা
ফেনে-ফোটোকাৰে ক্ৰমাগতভাৱে বাঢ়িছে দিখৌ নৈৰ জলস্তৰ। বৰ্তমান দিখৌ নৈৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ আছে।
ইফালে, অব্যাহত বৰষুণৰ ফলত আজি নিশাৰ পৰা শিৱসাগৰ চহৰ আৰু পাৰ্শ্বৱৰ্তী নিম্নাঞ্চলত পানী অধিক বঢ়াৰ আশংকা প্ৰকাশ কৰা হৈছে। নদীৰ জলস্তৰ বৃদ্ধিৰ ফলত নদীকাষৰীয়া অঞ্চলসমূহত সতৰ্কতা জাৰি কৰা হৈছে।
প্ৰশাসনে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু জনসাধাৰণক সাৱধানতা অৱলম্বন কৰাৰ আহ্বান জনাইছে। বিশেষকৈ নিম্নাঞ্চলবাসীক প্ৰয়োজন হ'লে নিৰাপদ স্থানলৈ স্থানান্তৰিত হ'বলৈ সাজু থাকিবলৈ অনুৰোধ কৰা হৈছে।