Assam DBK - অসম দেশৰ বিষম কথা

Assam DBK - অসম দেশৰ বিষম কথা �হাহোঁ আহক �আমি আপোনালোকক হঁহুৱাই থাকিম,আপোনালোকে Like Comments আৰু Share কৰি থাকিব কেৱল। ��Paid Prom

এই page ৰ জৰিয়তে আমি অসমীয়া লোকৰ মুখত হাঁহি কঢ়িয়াই আনিম,,, অনুগ্ৰহ কৰি আমাক সকলোৱে এই page ৰ সকলো post Like Comment আৰু Share কৰে যেন,, ধন্যবাদ

18/07/2025
অচ্ছে দিন আৰু চব কা চাথ চব কা বিকাশৰ প্ৰকৃত স্বৰূপ - ক্ৰমান্বয়ে ধ্বংস হৈ অহা যুৱ শক্তি।মন কৰিছে নে আজিকালি লাগ বুলিলে ঘ...
04/07/2025

অচ্ছে দিন আৰু চব কা চাথ চব কা বিকাশৰ প্ৰকৃত স্বৰূপ - ক্ৰমান্বয়ে ধ্বংস হৈ অহা যুৱ শক্তি।

মন কৰিছে নে আজিকালি লাগ বুলিলে ঘৰৰ বাৰীৰ কাম কৰি দিয়া ককাই জাতীয় মানুহ বোৰ নোহোৱা হ'ল । তেওঁলোকৰ যে কিবা সংস্থাপন হৈছে তেনেও নহয় । ভৱিষ্যতৰ বাবে যে সঞ্চয় কৰিবৰ বাবে শ্ৰম কৰিব লাগে তেনে চিন্তাও নকৰে। কাৰণটো কি ? নকলেও সকলোৱে ভালকৈ বুজি পায়। ই এক ভয়ঙ্কৰ ভৱিষ্যতৰ ইংগিত। স্বৰ্গদেৱৰ আমোলাত এনে নহবৰ বাবেই অসমৰ প্ৰথমগৰাকী বৰবৰুৱা মোমাই তামূলীয়ে দেশৰ জনতাক কিছুমান নিৰ্দিষ্ট কৰি দিয়া কামৰ আৱন্তন দি মন আৰু শৰীৰক সক্ৰিয় কৰি ৰাখিছিল আৰু দেশৰো অৰ্থনীতি মজবুত কৰি তুলিছিল। কিন্তু আজি ? পৰিশ্ৰম কৰি উপাৰ্জন কৰা মানুহ খিনিয়ে বিনামূল্যে থকা খোৱাৰ সুবিধা পায় সকলো জলাঞ্জলী দি মাত্ৰ একো একোজন ভোটাৰ হৈ পৰাত দেশৰ অৰ্থনীতিয়েই বেলেগ হৈ পৰিছে। ফলত ৰাজনীতিটো তাৰ প্ৰভাৱ পৰি দেশৰ অৱস্থাই কাহিল হৈ পৰিছে। এয়া আমাৰ অভিযোগ নহয়। অসম তথা ভাৰতৰ বহু শুভ অৰ্থনীতি বীদ আৰু ৰাজনীতিবীদৰ অভিযোগ । সেয়েহে অসমৰ বহু পথাৰ সমাৰ আজি উদং!
আনহাতে এচামক দেখিব আকৌ নিতৌ ৰোজগাৰৰ সন্ধানত পিয়াপি দি ফুৰিব লাগিছে। তেওঁ লোকক কাম লাগে, কৰ্ম সংস্থাপন লাগে। তাকো কমি অহাত চোকা বুদ্ধিৰ স্নাতক স্নাতকোত্তৰ সকলে নিজৰ ডিগ্ৰী ডিপ্লমা লুকুৱাই পিয়ন, চকিদাৰৰ চাকৰি বিচাৰিব লগীয়া হোৱাৰ দৰে দুৰ্ভাগ্য ঘটিছে !! ফলত যুৱ শক্তি আজি হতাশ, স্বাৰ্থপৰ, সুবিধাবাদী হৈ পৰিছে । তেওঁলোকৰ বাবে দেশ জাতি এইবোৰ একো নাই ! মাত্ৰ এটা সংস্থাপন লাগে ! বচ ! ভাৰতত ট্ৰাক, মিনিট্ৰাক আদিকে ধৰি প্ৰায় ডেৰ কোটি মান কমাৰ্চিয়েল ভেহিকল আছে যি খাদ্য দ্ৰব্য আৰু অন্যান্য সামগ্ৰী চহৰে নগৰে সৰবৰাহ কৰে। প্ৰায় তিনিকোটি মানুহ ইয়াত ড্ৰাইভাৰ, হেণ্ডিমেন, মেকানিক আদি বিভাগত কাম কৰে। যি সকলে গড়ে ত্ৰিশ চল্লিশ হাজাৰ মান দৰমহা লৈ এক গতানুগতিক জীৱন চলাই আছে। অলিয়ে গলিয়ে থকা দোকান পোহাৰ আদিত প্ৰায় ৮/১০ কোটি যুৱক যুৱতীয়ে চেলচ পাৰ্চন ৰূপে কাম কৰে। ২০১৫-২০ চনৰ ভিতৰত এনেদৰে গঢ়ি উঠা দোকান পোহাৰৰ সংখ্যাই আছিল প্ৰায় এক কোটি বিশ লাখ । কৰনাৰ পাছত স্তব্ধ হৈ পৰা জন জীৱন আৰু বাঢ়ি অহা ৰিলায়েন্স , জিঅ' আদিৰ মল, পইন্টচ আদিৰ বিপণীৰ প্ৰভাৱত বন্ধ হৈ গ'ল ১২ লাখ মান দোকান পোহাৰ। গ্ৰাম্যাঞ্চলত প্ৰায় ৫৬ হাজাৰ মানেই হব । ইফালে ২০১১-১৫ চনৰ ভিতৰত ON LINE ব্যৱসায় বাঢ়ি আহিল প্ৰায় ২০%। ZOMATO, ZEPTO, SWIGGY, BLINKIT, JIOMART, BIG BASKET, AMAZON, FLIPKART আদি ওলাই থলুৱা মধ্যবিত্ত মানুহৰ উপাৰ্জনৰ সাৰথী স্বৰূপ দোকান পোহাৰৰ কাল হ'ল। ফলত বন্ধ হৈ আহিছে লাখো লাখ সৰু-বৰ দোকান পোহাৰ। METRO CITY বোৰত ৪০% এনে দোকান হ্ৰাস হৈছে। চহৰাঞ্চলৰ ৭০-৮০% দোকান বন্ধৰ পথত। এতিয়া ৩১% ভাৰতীয় ই QUICK COMMERCE ৰে বেহা বেপাৰ কৰে। পূৰ্বে আটা, ময়দা, তেল, নিমখ, হালধি, মচলা আদিলৈ দেশৰ সাধাৰণ স্তৰৰ মানুহে বেপাৰ কৰিছিল। আলু, পিয়াঁজ শাক পাচলিও তেনে ধৰণে সৰ্ব সাধাৰণৰ উপাৰ্জনৰ মাধ্যম আছিল। এতিয়া ডাঙৰ ডাঙৰ তেল, গেছ, কয়লা পেট্ৰল, হীৰা, মৰকত আদিৰ ব্যৱসায় কৰা সকল সোমাল। সকলো তেওঁলোককে লাগে। সমগ্ৰ দেশত এতিয়া তেনে ধৰণৰ কোটি পতি ব্যৱসায়ী যেনে আদানী, আম্বানী হতেও গেলামালৰ ব্যৱসায়ত হাত দি ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ৰ পেটৰ ভাত মাৰিছে। দিনৰ দিনটো থিয় হৈ হৈ বেপাৰ কৰা বাদাম, পপ কৰ্ণ, চানা, ফুচকা, ঘুগনি ৱালাৰ ওপৰটো কাৰ্ড পেমেন্ট যেনে গুগল পে আদিৰ দ্বাৰা হিচাপ উলিয়াই টেক্ম আদায় কৰাৰ ব্যৱস্থা কৰা হ'ল। কিন্তু কোটি পতি ব্যৱসায়ী সকলৰ টেক্স মাফ কৰি দিয়া হ'ল। ফলত দেশৰ অৰ্থ ব্যৱস্থা এচাম মাত্ৰ মানুহৰ হাতত নিয়ন্ত্ৰণ হ'ব ধৰিছে। তেওঁ লোকে দেশৰ মিচাইল টেকনলজীৰেও জড়িত আৰু শাক পাচলিৰ বেপাৰৰেও জড়িত । ইফালে সেনা বাহিনী, ৰেল বিভাগ, আলি পদুলি সকলো ঠিকা ভিত্তিত গঢ়ি উঠিছে। য'ত ভাগ ল'ব পাৰে কেৱল মাত্ৰ তেওঁলোকে যাৰ হাতত কোটি কোটি টকাৰ ব্যৱসায় আছে, বনুৱা আছে আৰু যন্ত্ৰ পাতি আছে। ফলত উপাৰ্জন নোহোৱা হৈ গৈ আছে এচাম ক্ষুদ্ৰ ঠিকাদাৰৰ আৰু তেওঁলোকৰ সৈতে জড়িত এচাম বনুৱাৰ । চৰকাৰে স্বাস্থ্য সেৱাৰ বাবে চিকিৎসালয় পতাতত কৈ সৰ্ব সাধা‌ৰণ মানুহক পাঁচ লাখ টকাৰ স্বাস্থ্য বিমাৰ কাৰ্ড একোখন দি মনত ৰং লগাইছে । ফলত জ্বৰ কাহ পানীলগা জাতীয় বেমাৰতো মানুহ যাব লগা হৈছে ব্যক্তিগত প্ৰাসাদোপম চিকিৎসালয়ত । য'ত এৰাতিত বিল হয় ডেৰ দুই লাখ টকা। মুঠতে সাধাৰণ মানুহ বাদেই দিয়ক মধ্যবিত্ত মানুহৰো অৱস্থা চিন্তনীয় হৈ পৰিছে। ভৱিষ্যতৰ ভাত ৰুতিৰ চিন্তাত যুৱক যুৱতী সকলে বীয়া বাৰু নকৰা হৈছে । Economic survey of India ৰ তথ্য মতেই ভাৰতৰ ৯০ কোটি কৰ্মঠ লোকৰ ভিতৰত ৩৪ কোটি লোকেই নিবনুৱা। নিয়মীয়া দৰমহা পোৱা লোকৰ সংখ্যা যদি ১৬ কোটি তেনে তাৰে ভিতৰত অনিয়মীয়া (Temporary) লোকৰ সংখ্যা ৮০%। এনেবোৰ কাৰকৰ বাবেই দেশৰ এচাম যুৱ শক্তিৰ বেছি ভাগেই ভৱিষ্যতৰ চিন্তাত মদ, ড্ৰাগছ জাতীয় নিচা সেৱন কৰি বাস্তবৰ পৰা পলাই ফুৰিছে। ফলত anti depression drugs ৰ বিক্ৰী ভাৰতত ৬৪% বৃদ্ধি পাইছে। ইফালে চৰকাৰে দেশৰ উন্নয়নমূলক কাম কাজৰ ভিতৰত পথ, দলং, সেতু, হাস্পতাল, ৰে'ল, বন্দৰ, সুৰঙ্গ আদি capital expenditure ৰ শিতান ত ১০ লাখ কোটি টকা খৰচ কৰিছে যদি তাত কিন্তু নিযুক্তিৰ ব্যৱস্থা ৰখা নাই । নিবনুৱাৰ সংস্থাপন নাই। বনুৱাই হে কাম কৰিছে সেই বোৰত ! ইয়াৰে বেছিভাগৰেই উপাৰ্জন মাহে বিশ হাজাৰ টকা মানহে মাত্ৰ । গতিকে সামান্য অসুখ বিসুখ হ'লেই সকলো শেষ !! ইফালে নিৰ্মাণ কাৰ্য্য শেষ মানেই চৰকাৰৰ দায়িত্বও শেষ ! টোল টেক্সৰ ঠিকা দি চৰকাৰে ৰাজহ আদায়ত লাগি গ'ল। বচ ! কোনো জঞ্জাল নোহোৱা উন্নয়নৰ এক সুন্দৰ বিকাশ !!! নিবনুৱাৰ বাবে চৰকাৰে ৫০ হাজাৰ টকাৰ মুদ্ৰা লোন দিছে যদিও তাৰে কৰিব কি ? যিহে বস্তু ৰ মূল্য ! কেইদিন চলিব ? এনেকৈ উদ্যোগীৰ সৃষ্টি হ'ব জানো ? বৰ্তমানে আকৌ ইজৰাইলৰ অবিবেচক যুদ্ধ যাত্ৰাই ইৰাণক উত্তেজিত কৰাত আজি তেল গেছ সৰবৰাহৰ বাবে ব্যৱহাৰ হোৱা হৰমুজ প্ৰণালীৰ সামুদ্ৰিক পথ ইৰাণে বন্ধ কৰাৰ সম্ভাৱনা আছে। এনে হ'লে ভাৰতত তেলৰ দাম প্ৰতি লিটাৰত ২০০/৩০০ হোৱাটো স্বাভাৱিক। এয়া হৈছে আমাৰ ভৱিষ্যত ! ইফালে টোল টেক্সৰ পৰা আদি কৰি বিধে বিধে টেক্স দি পৰিশ্ৰান্ত আজি দেশৰ নাগৰিক। এটা উপাৰ্জনত প্ৰায় দহোটা বিভিন্ন টেক্স ! বস্তুৰ চৰা দাম, ওজন কম ! পেকেটৰ আকাৰ হে একে। এনে দৰে ঠগ খাইছে দেশৰ জনতা ! অভিযোগ দিব কাক, বিচাৰ কৰিব কোনে ? আইনৰ সুৰুঙাৰে ব্যৱসায়িক গোষ্ঠী বোৰ ধোৱা তুলসী! ইফালে প্ৰায় বোৰ চৰকাৰী প্ৰতিষ্ঠানত পদ খালি আছে যদিওঁ নিযুক্তি নাই। মকৰলৰ বাবে পৰীক্ষা পতা হয় কিন্তু প্ৰশ্ন কাকত ফাদিল হৈ যায়। গতিকে প্ৰক্ৰিয়া টো বন্ধ হৈ যায় মানে পলম হৈ যায় ! কোন কোনো ক্ষেত্ৰত আকৌ কোনোবাই দিয়া গোচৰত বিষয়টো বছৰ বছৰ ধৰি আদালতত গোচৰ চলি থাকে । গতিকে মকৰল বন্ধ ! এইয়া ষড়যন্ত্ৰ নে সদিচ্ছাৰ অভাৱ ?
এয়া হৈছে নিবনুৱাৰ দুৰৱস্থা !!! কোনে কাৰ বাবে চিন্তা কৰে ? সকলোৱে অভাৱ অনাটনৰে যুঁজি আছে । মাত মাতিবলৈ ভয় । জানোছা পোৱা খিনিও হেৰুৱাব লগা হয় বা !! নিৰ্বাচনৰ সময়ত গাঁৱতে থকা এচাম নপতা ফুকনৰ মুখত এনে বচন প্ৰায়ে শুনা যায় বিশেষ কৈ ৰেচন কটাৰ ধমকি !
Economic Survey Of india (ESI) ৰ তথ্য মতে ভাৰতত ৩৩ হাজাৰ বৃহৎ উদ্যোগ আছে । কিন্তু কৰ'ণা ৰ নামত সেইবোৰৰ পৰা বনুৱা চাটাই কৰা হৈছিল যদিও আজিও সিবোৰত নিযুক্তি নহ'ল । উদ্যোগপতি সকলে কিন্তু ঠিকেই লাভ কৰিলে । কৰণাত মৰিল শ্ৰমিক কিন্তু উদ্যোগপতিৰ লাভ হ'ল বিশ লাখ কোটিৰো অধিক । এইদৰে এচাম ধনী ব্যৱসায়ীৰ হাতলৈ গৈ আছে দেশৰ সমষ্ট সম্পদ। বেংকৰ উপাৰ্জনো ভাল কিন্তু নিযুক্তি নাই। এইদৰে দেশত বৃদ্ধি পাইছে নিবনুৱা । আৰু নিবনুৱা যুৱ শক্তিটো হতাশ গ্ৰস্থ হৈ বাস্তৱ সমস্যাৰ পৰা পলাই ফুৰি ড্ৰাগছৰ আশ্ৰয় ল'ব লগা হৈছে । ফলত নিতৌ মদ আৰু ড্ৰাগছৰ খবৰে কাকতৰ পৃষ্ঠা ভৰি আহিছে ! ২০২১ চনত আদানিৰ মুন্দ্ৰা বন্দৰত ২,৯০০ কিলো গাঞ্জা বাজেয়াপ্ত হৈছিল। যাৰ বজাৰ মূল্য হ'ব ২১ হাজাৰ কোটি টকা। এইয়া আমাৰ বাতৰি নহয়। খোদ National Investigation Agency বা নিয়াই উচ্চতম ন্যায়ালয়ত দিয়া স্বীকাৰোক্তি। পিচে বিচাৰ কি হ'ল কেনেকৈ আহিল আদানিৰ বন্দৰ ঘাটলৈ ইমান বোৰ নিষিদ্ধ ড্ৰাগছ আমি নাজানিলো। আমি নাজানো ইমান ডাঙৰ ঘটনা এটা হৈ যোৱাৰ পাছতো কেনেকৈ ২০২২ চনৰ জুলাই মাহত আকৌ সেই একেই বন্দৰ ঘাটত উদ্ধাৰ হ'ল ৭০ কেজি ওজনৰ ড্ৰাগছ ! যাৰ বজাৰ মূল্য নিৰূপণ কৰা হৈছে ৩৫০ কোটি । ( উৎস : ধ্ৰুৱ ৰথীৰ India Pak Cea4se fire) আপুনি এমাহৰ কাকত গোটাই কিমান ড্ৰাগছৰ খবৰ প্ৰকাশ পাই হিচাপ কৰক চোন । তাতেই গম পাব দেশৰ যুৱ চামৰ কি দুৰৱস্থা ! তাতে আকৌ ৰাজনৈতিক দল বোৰে বিনামূলীয়া কৰি দিয়া খাদ্য-সামগ্ৰী, বিজুলী আদিৰ লগতে বিধৱা, নিবনুৱা, আবিয়ৈ আদি সকলোকে মাহিলী ভাট্টা আদি দিবলৈ লোৱাত মজদুৰ বনুৱা আদিৰো অভাৱ হ'ব ধৰিছে। ফলত নিস্কৰ্মা আলসুৱা, কৰ্ম বিমুখ এক যুৱ শক্তি গঢ় লৈ উঠিছে । সেয়েহে চৰকাৰী চাকৰি বিচাৰি ইমানেই ভীৰ হোৱা হৈছে যে এতিয়া আৰু শিক্ষাৰ মূল্যই নোহোৱাৰ দৰে হৈছে। ৮৩% যুৱক আজি নিবনুৱা। উপাৰ্জনৰ সূচল পথ বিচাৰি নাপায় সংসাৰ কৰাৰ পৰা আঁতৰত। উদ্যোগ বন্ধ। চাকৰি নাই। BA, MA, PH.D লোৱা সকলে আজি চতুৰ্থ বৰ্গ বা তৃতীয় বৰ্গৰ চাকৰিত আবেদন কৰা হৈছে । উদাহৰণস্বৰূপে ক'ব পাৰি হাৰিয়ানাৰ কৌশল ৰোজগাৰ নিগমৰ অধীনত কন্ট্ৰেক্ট বেচিচ ছুইপাৰ কামত আবেদন কৰিছিল ৪৬,১০২ জনে। পানীপটত ৬ টা চাপ্ৰাচী পষ্টৰ বাবে ১০ হাজাৰ জনে আবেদন কৰিছিল। ৰেলেৱে গ্ৰুপ ডি,ৰ সাধাৰণ চাকৰিৰ বাবে ১৮ হাজাৰ পষ্টত ১৮ লাখে আবেদন পৰিছিল। কেৰাণী চাকৰি ৮ হাজাৰৰ বাবে ২৫ লাখ নিবনুৱাই আবেদন কৰিছিল। ৰাজ্য মন্ত্ৰী জীতেন্দ্ৰ সিঙে লোকসভাত কৈছিল ২০১৪-১৫ ৰ পৰা ২০২১-২২ লৈ চৰকাৰী পদত ২২ কোটি নিবনুৱাই আবেদন কৰাৰ কথা। ইয়াৰে মাত্ৰ ৭•২২ লাখে নিযুক্তি পাইছিল। অৰ্থাৎ ০•৩% এ মাত্ৰ। (উৎস : Employment crisis, study IQ IAS) এনেয়েও বিজ্ঞান আৰু AI ৰ প্ৰভাৱত চাকৰি কমিব। ২০১৬ ত WORLD BANK এ এটা অনুমান কৰিছিলে যে ভাৰতত প্ৰতি বছৰে প্ৰযুক্তি ক্ষেত্ৰত ৰোজগাৰ ( কাৰিকৰি বা টেকনিকেল আন-এমপ্লইমেন্ট) ৬৯% কৈ কমিব। এইয়াটো আমি যুগুত কৰা ২/৩ বছৰ পূৰ্বৰ বাতৰি । এতিয়াৰ ছবি খন নিশ্চিত ভাবে আৰু ভয়াবহ হ'ব। এতিয়াটো সকলো কথাই বিজ্ঞান আৰু প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু আমাৰ হাতত নাই সেই প্ৰযুক্তি। চীনে এফালৰ পৰা সকলো দখল কৰি আহিছে। তেওঁলোকে যদি ক্ষুদ্ৰ ক্ষুদ্ৰ যন্ত্ৰ পাতি বোৰৰ যোগান নিদিয়ে তেনে ভাৰতত কম শক্তিৰে চলাব পৰা বিজুলী বাতি, বিজুলী পাংখা, ফ্ৰীজ, বাতানুকুল যন্ত্ৰ আনকি মিক্সাৰ গ্ৰাইণ্ডাৰ জাতীয় সামগ্ৰীও আমি প্ৰস্তুত কৰিব নোৱাৰিম। এই সকলোবোৰ চীনৰ পৰা অহা। য'ত ব্যৱহাৰ হৈ আছে ৰেয়াৰ আৰ্থ এলিমেন্টছ। চীনে কৈয়ে দিছে ভাৰতলৈ ৰেয়াৰ আৰ্থ এলিমেন্টছৰ যোগান বন্ধ কৰি দিয়া হ'ব। ফলত বন্ধ হৈ পৰিব ভাৰতৰ বহু উদ্যোগ, প্ৰতিষ্ঠান। তেনে কি এনে আঁচনি আছে যিয়ে ৰক্ষা কৰিব ভাৰতীয় অৰ্থনীতি ? ব্যৱসায় বনিজৰ সিংহ ভাগ আছে মাত্ৰ দুজনমান ব্যক্তিৰ হাতত হে । যেনে আদানী, আম্বানী আদি। কিন্তু আচৰিত কথা এচিয়াৰ ভিতৰতে ধনী ব্যক্তিৰ তালিকাত থকা এওঁলোকৰ নাম নাই টেক্স দিয়া দহ জন ভাৰতীয়ৰ তালিকাৰ ভিতৰত । তেনে দেশৰ অৰ্থনীতি সবল কৰি অহা টেক্স দিছে কোনে ? আপোনাৰ মোৰ দৰে সাধাৰণ মানুহ খিনিয়ে নহয় নে ? গতিকে প্ৰশ্ন হোৱা উচিত কোনে উদ্ধাৰ কৰিব আজি ভাৰতৰ যুৱ শক্তিক ?

📌বিশ্বাস কৰোঁ কি বুলি? 'লঘোণ' নামৰ কবিতাটোত "একোকে নাখাওঁ আজি একেবাৰে ভোক নাই" বুলি পাকঘৰত নথকা বস্তু ও বিচাৰি ফুৰে!📌বিশ...
29/06/2025

📌বিশ্বাস কৰোঁ কি বুলি? 'লঘোণ' নামৰ কবিতাটোত "একোকে নাখাওঁ আজি একেবাৰে ভোক নাই" বুলি পাকঘৰত নথকা বস্তু ও বিচাৰি ফুৰে!
📌বিশ্বাস কৰিবনো কি বুলি? ক'লা গৰু জনীয়েও দেখোন বগা গাখীৰ দিয়ে!
📌বিশ্বাস কৰিব কেনেকৈ? সদায় পানীত থকা মাছজনীকো দেখোন ভাজিবলৈ ধুব লাগে।
📌বিশ্বাস কৰিমনো কেনেকে? মাহী নথকা গাৰ্লফ্ৰেণ্ডেও সদায় মাহীয়েকৰ লগত ফোনত কথা পাতে!
📌বিশ্বাস কৰিবনো কেনেকে? বাছৰ কণ্ডাক্টৰে "আগত ছিট খালি আছে সোমাই যাওক" বুলি গোটেই বাটটো দেখোন থিয় কৰাই নিয়ে!
📌বিশ্বাস কৰিবনো কাক? কাপোৰৰ দোকানীয়ে দেখোন সকলো কাপোৰতে ধুনীয়া দেখে!
📌বিশ্বাস কৰিবনো কেনেকৈ? সদায় দেখি থকা ক'লা মানুহবোৰো দেখোন ছ'ছিয়েল মিডিয়াত বগা হৈ পৰে!
📌বিশ্বাস কৰিমনো কেনেকৈ? মোৰ ঘৰৰ ধান খোৱা মুৰ্গী জনীয়ে কাষৰ ঘৰত কণী পাৰে।
📌বিশ্বাস কৰিব কি ভাবি? গহীন গম্ভীৰ মানুহটোৱেও দেখোন 'আনন্দ' নাম ৰাখে!
📌বিশ্বাস কৰে কেনেকৈ? ফোনত "এই পালোঁগৈ" বুলি কোৱা মানুহটোৱেও দেখোন এঘণ্টালৈকে দেখা নিদিয়ে।
📌বিশ্বাস কৰিব নো কেনেকে? পুতুংকৈ সমুৱা দহ হাজাৰ টকাৰ মেচেজটো দেখোন আজিলৈকে নাহিলে!
হিঃহিঃহিঃ 😁😁🤭😂😂

(বিশ্বাস নকৰিলেও লেখাটো কিন্তু শ্বেয়াৰ কৰিব পাৰে দেই ৰাইজ।)

লেখা - ধমেন্দ্ৰ দা
(গ্ৰন্থ সুবাস)

মৰমবোৰ এনেকুৱা হব লাগে নিভাজ, নিৰ্ভেজাল। কোনোদিনেই মই পাহৰিব নোৱাৰাতুমি  হিয়াৰ এটি গোপন কবিতা হোৱা  , যেন মই থাকো ইয়াত...
15/06/2025

মৰমবোৰ এনেকুৱা হব লাগে নিভাজ, নিৰ্ভেজাল।

কোনোদিনেই মই পাহৰিব নোৱাৰা
তুমি হিয়াৰ এটি গোপন কবিতা হোৱা , যেন মই থাকো ইয়াত, তুমি আকাশত

27/04/2025

04/04/2025

🤣

বিহু বিহু লাগিছে গাত
25/03/2025

বিহু বিহু লাগিছে গাত

13/12/2024

ধৰিবলৈ ও নাপালো
চুবলৈও নাপালো কি বস্তু বা 😄😄🤗

অসম দিৱস তথা চুকাফা দিৱসত বৰ অসমৰ নিৰ্মাতা চাওলুং চুকাফাক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। স্বৰ্গদেউ  চুকাফাৰ বীৰত্ব আৰু বিচক্ষণত...
02/12/2024

অসম দিৱস তথা চুকাফা দিৱসত বৰ অসমৰ নিৰ্মাতা চাওলুং চুকাফাক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। স্বৰ্গদেউ চুকাফাৰ বীৰত্ব আৰু বিচক্ষণতাই জাতিটোক সদায়ে সাহস যোগাই যাব ।

Address

Sibsagar

Alerts

Be the first to know and let us send you an email when Assam DBK - অসম দেশৰ বিষম কথা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share