Rongpur Barta Digital

Rongpur Barta Digital Beyond headlines - we bring the full story. Thoughtful news that informs, not just echoes. clarity.

14/07/2026

জুবিন গাৰ্গ দেৱৰ জন্মদিনদিনাই মুক্তিপাবলগা ছবি ১৮ নৱেম্বৰ । জুবিন গাৰ্গ দেৱক শ্ৰদ্ধা জনাই নিৰ্মাণ হোৱা ছবিখনত আপোনালোকে বিচাৰি পাব জুবিন দাক। খুব ভাললগা কাহিনীৰে নিৰ্মাণ হোৱা ১৮ নৱেম্বৰ ত জুবিন দা ৰ কণ্ঠৰ গীত , আদি থাকিব ।
উল্লেখনীয় যে এই ১৮ নৱেম্বৰ ৰ উদ্যোগত আৰু সদৌ অসম জুবিন ফেন ক্লাৱৰ সহযোগত নিৰ্মিত , বহু কেইখন টিভি ধাৰাবাহিক আৰু জুবিন গাৰ্গ অভিনীত ছবি ৰাজনীতি ৰ পৰিচালক মনজিৎ শৰ্মা পৰিচালিত ১৮ নৱেম্বৰ ৰ এক বৰ্ণাঢ্য প্ৰয়াস জুবিন গীত । জুবিন গাৰ্গ ৰ গীতৰ আধাৰত সদৌ অসম ভিত্তিত গীতৰ প্ৰতিযোগিতা প্ৰায় কেইখন জিলাতে সম্পন্ন হব । আজি যোৰহাট ত সফলতাৰে জুবিন গীত শীৰ্ষক প্ৰতিযোগিতাখনি আয়োজিত হৈ যায়। নিৰ্বাচিত হোৱা তিনিগৰাকী প্ৰতিযোগীকে নগদ ধনেৰে পুৰস্কৃত কৰাৰ লগতে ১৮ নৱেম্বৰ ছবি খনত গীত গোৱাৰ সুযোগ প্ৰদান কৰিব ।

দুখৰ খবৰ , অসমীয়া ছবি জগতৰ এগৰাকী  জনপ্ৰিয় অভিনেত্ৰী তথা অভিনেতা তপন দাস ডাঙৰীয়াৰ পত্নী পূৰৱী শৰ্মা ডাঙৰীয়ানীৰ পৰলোকপ্ৰা...
14/07/2026

দুখৰ খবৰ , অসমীয়া ছবি জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী তথা অভিনেতা তপন দাস ডাঙৰীয়াৰ পত্নী পূৰৱী শৰ্মা ডাঙৰীয়ানীৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোক প্ৰকাশ কৰিছোঁ।

তেখেতৰ আত্মাৰ সদগতি কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সম্বাদনা জ্ঞাপন কৰিলোঁ।

।।ঔম শান্তি।।

14/07/2026

Breaking

টীয়কৰ পুঠি নৈৰ ৰিং বান্ধ ভাঙি বাঢ়নী পানীৰ তাণ্ডৱ।তিনি ঠাইত ভাগিল মথাউৰি।নিশাৰ ভিতৰতে বুৰ গ’ল কেইবাখনো গাঁও।লাহিং, গাখীৰ খোৱা,মৰাণ গাঁও আৰু বলমা গাঁও পঞ্চায়তৰ বহুকেইখন গাঁও পানীৰ তলত।হাহাকাৰ ৰাইজৰ মাজত।বৰ্তমানলৈকে বানপীড়িত এলেকাত উপস্থিত হোৱা নাই প্ৰশাসনৰ লোক। স্থানীয় ৰাইজে প্ৰতি বছৰে ভুগি অহা এই বাঢ়নী পানি স্থায়ী সমাধান বিচাৰিছে ।

14/07/2026

ঐতিহাসিক সম্পদ ৰংঘৰ,কাৰেংঘৰ গৈ ডিমৌ সমষ্টিত অন্তৰ্গত হল আৰু আমি গমে নাপালো শিৱসাগৰবাসীয়ে,ইমান নিকৃষ্ট ৰাজনীতি ও কৰিব পাৰে যে ভৱা নাচিলো।ভুলৰ সুধৰণি কৰক অন্যথা কিন্তু পৰিৱেশ অশান্ত হব। আহোম সেনাৰ সম্পাদক অঞ্জন গগৈৰ মন্তব্য।

13/07/2026

আজি শিৱসাগৰ জিলা চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ত ২৫ বছৰ ৰূপালী জয়ন্তী বৰ্ষৰ উপলক্ষে গীতৰ প্ৰতিযোগিতাত শিৱসাগৰ জিলা বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে ।

11/07/2026

"নিষিদ্ধ ঘোষিত এটা সংগঠনৰ এজন ব্যক্তিৰ ছবি আঁকিবলৈ মুখ্যমন্ত্ৰীয়ে কোৱাটো চৰম দুৰ্ভাগ্যজনক কথা"

যোৰহাটত কংগ্ৰেছ পল্লৱী শইকীয়া মুখ্যমন্ত্ৰীক এটাক
যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট

11/07/2026

শিৱসাগৰৰ শ্ৰীশ্ৰী শলগুৰি সত্ৰৰ কীৰ্তিকমল গোস্বামীক গ্ৰেপ্তাৰৰ প্ৰসংগত ৰাইজৰ সংবাদ মেল শলগুৰি নাট্যমন্দিৰত

11/07/2026

ডিমৌ বহুমুখী সংগীত কলাকলাকেন্দ্ৰৰ উদ্যোগত অভিজ্ঞ প্ৰশিক্ষকৰ তত্ত্বাৱধানত ভজন আৰু ৰবীন্দ্ৰ সঙ্গীতৰ কৰ্মশালা

11/07/2026

যোৰহাটৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ শিশু শ্ৰমিক উদ্ধাৰ অভিযানক লৈ প্ৰশ্ন উত্থাপন হৈছে। পূৰ্বে ১৯ বছৰীয়া বুলি প্ৰমাণিত হৈ মুকলি পোৱা এজন যুৱকক পুনৰ শিশু শ্ৰমিক হিচাপে উদ্ধাৰ কৰাৰ অভিযোগ উঠিছে। ঘটনাক “অবাঞ্চিত” বুলি স্বীকাৰ কৰিছে শ্ৰম আয়ুক্তই।

10/07/2026

যোৰহাটত নিষিদ্ধ মাংস উদ্ধাৰক লৈ চাঞ্চল্য

বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণৰ চেষ্টা বাবু আনচাৰিৰ লগতে পৰিয়ালৰ

যোৰহাটৰ থিয়েটাৰ হলৰ সম্মুখৰ এটা গলিত গো মাংস উদ্ধাৰক লৈ চাঞ্চল্য। বহু বিতৰ্কিত বাবু আনচাৰি নামৰ এটা বেপাৰীৰ ঘৰত উদ্ধাৰ মাংসখিনি। ঘটনাস্থলীত উপস্থিত হয় যোৰহাট আৰক্ষী। আৰক্ষীৰ সম্মুখতে সাংবাদিকক প্ৰহাৰ কৰাৰ চেষ্টা চলায় নিজকে প্ৰতাপী আখ্যা দিয়া বাবু আনচাৰিৰ লগতে পৰিয়ালটোৰ অন্যান্য লোকসকলে। বৰ্তমানেও সেই স্থানত মজুত আছে আৰক্ষীৰ লগতে সাংবাদিক। সাংবাদিকক অভব্য আচৰণ কৰা এই বাবু আনচাৰিৰ বিৰুদ্ধে ব্যৱস্থা লবনে যোৰহাট আৰক্ষীয়ে।

Address

Sivasagar
Sibsagar
785640

Website

Alerts

Be the first to know and let us send you an email when Rongpur Barta Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share