স্পষ্টবাদ অসম

স্পষ্টবাদ অসম স্পষ্টবাদ Asom ত আপোনালোকে দেশ বিদেশৰ লগতে ৰাজ্য খনৰ বিভিন্ন খবৰ লাভ কৰিব

সদায় আমাক 'SORRY' ক’লেই  হ'বনে..■মৃদুল কুমাৰ সন্দিকৈআকৌ এবাৰ সকলোৱে মিলি উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ-পূববাসীক চূড়ান্তভাৱ...
10/06/2025

সদায় আমাক 'SORRY' ক’লেই হ'বনে..

■মৃদুল কুমাৰ সন্দিকৈ

আকৌ এবাৰ সকলোৱে মিলি উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ-পূববাসীক চূড়ান্তভাৱে তুচ্চ তাচ্চিল্য কৰিলে। আমি ভাৰতীয় বুলি মূলসুঁতিৰ মুষ্টিমেয় লোকে মানি নোলোৱা প্ৰৱণতা প্ৰতিফলিত হল এক হত্যাকাণ্ডক কেন্দ্ৰ কৰি।

সংবাদ মাধ্যম, সামাজিক মাধ্যম আৰু আন বহু মাধ্যমৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেওঁলোকৰ মনোভাৱ প্ৰকট হল এইবাৰ কৰ্মকাণ্ডৰ জৰিয়তে। এয়াই অৱশ্যে উত্তৰ-পূবৰ ওপৰত বৰ্ণবাদ বিদ্বেষৰ প্ৰথমটো আক্ৰমণৰ ঘটনা নহয়।

চেৰাপুঞ্জীলৈ ফুৰিবলৈ আহি সন্ধানহীন হৈছিল সোনম ৰঘূবংশী আৰু ৰাজা ৰঘূবংশী নামৰ নৱদম্পত্তি। উদ্ধাৰ হৈছিল ৰাজা ৰঘূবংশীৰ গলিত মৃতদেহ। তাৰ পাছত দেশজুৰি এই হত্যাকাণ্ডক লৈ ভিন্ন দৃষ্টিকোণেৰে চলিছিল আলোচনা-সমালোচনা।

২৩মে, ২০২৫ত নিখোঁজ হোৱা ৰাজা ৰঘূবংশীৰ মৃতদেহ ২মে’ত উদ্ধাৰ হলেও নিখোঁজ হৈ আছিল সোনম ৰঘূবংশী। তাৰ পাছতে এই ঘটনাৰ বদনামৰ ভাৰ লব লগা হৈছিল মেঘালয় তথা উত্তৰ পূৰ্বাঞ্চলে।

আনকি কোনো কোনোৱে উত্তৰ-পূৰ্বাঞ্চল মানে নৰখাদক, অমানুহ বাসস্থান কৰা অতি অসুৰক্ষিত স্থান বুলিও প্ৰচাৰ চলালে। মধ্যপ্ৰদেশৰ ইন্দোৰৰ আছিল এই নৱদম্পত্তি। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ৰাজ্যৰ হনিমুনলৈ যোৱা নৱদম্পত্তিৰ মৃত্যুক লৈ মেঘালয় চৰকাৰ তথা আৰক্ষীৰ অনুসন্ধানত সন্তুষ্ট নহৈ চি বি আইৰ তদন্তৰ দাবী তুলিলে।

সমগ্ৰ দেশতে মেঘালয়ৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি আন এক ভাৱমূৰ্তি গঢ় লৈ উঠিল মূৰ্হূততে। ৰাষ্ট্ৰীয়তাবাদৰ জটিল প্ৰত্যাহ্বানৰ সন্মুখত প্ৰায়ে ভুক্তভোগী হোৱা উত্তৰ-পূবৰ মানুহৰ বাবে এই ঘটনা আন এক ভাবুকি হৈ থিয় দিলে।

তাৰ পাছত নাটকীয়ভাৱে সেই ঘটনাৰ মেৰপাঁক খোল খালে যেতিয়া এই হত্যাকাণ্ডৰ মূল অভিযুক্তগৰাকীয়ে উত্তৰ প্ৰদেশত আৰক্ষীৰ ওচৰত আত্মসৰ্মপণ কৰিলে। স্বীকাৰ কৰিলে তেৱেঁই স্বামীক হত্যা কৰি এনেদৰে পলাই ফুৰিছিল।

গাজিপুৰৰ নন্দনগঞ্জ নামৰ ঠাইত থকা এখন ধাবাত উপস্থিত হৈ নিজৰ পৰিয়াললৈ ফোন কৰি জনালে, প্ৰেমিক ৰাজ সিং কুশ্বৱাহাৰ সৈতে মিলি কেনেকৈ এই হত্যাকাণ্ড সংঘটিত কৰিছিল। এই কথাও আৰক্ষীক কলে যে, হত্যাকাণ্ডৰ বাবে দুজন ভাড়াতীয়া নিয়োগ কৰিছিল তেওঁলোকে।

প্ৰকৃত ঘটনা পোহৰলৈ অহাৰ পাছত উত্তৰ-পূবক লৈ তুচ্চ-তাচ্চিল্য কৰা সকলৰ মুখৰ মাত হেৰাল। ৰাজা ৰঘূবংশীৰ সম্বন্ধীয় ভনীয়েকে ইনষ্টাগ্ৰাম আৰু আন সামাজিক মাধ্যমত দিয়া পোষ্ট তথা ভিডিঅ ডিলিট কৰিব লগা হ’ল।

কেৱল এয়াই নহয়, প্ৰতিষ্ঠিত ৰাষ্ট্ৰীয় কাকতেও এই হত্যাকাণ্ডক লৈ প্ৰকাশ কৰা বহু বাতৰি অনলাইন সংস্কৰণৰ পৰা মচিঁ দিব লগা হ’ল। কিয়নো সেই বাতৰিবোৰত প্ৰকৃত ঘটনাৰ অনুসন্ধানৰ বিপৰীতে আছিল উত্তৰ-পূবৰ সন্দৰ্ভত একাংশই লৈ থকা তুচ্চ ধ্যান-ধাৰণাৰ প্ৰতিফলন।

ৰাষ্ট্ৰীয় সংবাদ ক্ষেত্ৰত প্ৰতিষ্ঠিত অসমৰে এগৰাকী সাংবাদিকে উত্তৰ-পূবৰ এই মানুহবোৰক লৈ খোদ প্ৰধানমন্ত্ৰীয়ে কৰা এক মন্তব্যক কেন্দ্ৰ কৰি এখন মুকলি চিঠি লিখিছিল। এন অপেল লেটাৰঃ আই হেভ স্মল আইচ, মিঃ প্ৰাইম মিনিষ্টাৰ- শীৰ্ষক এই মুকলি চিঠিত তেওঁ আপত্তি কৰিছিল গৃহ ৰাজ্য গুজৰাটত এক সভাত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোডীয়ে কৰা এক মন্তব্যক লৈ।

২৭মে, ২০২৫ত প্ৰধানমন্ত্ৰী মোডীয়ে ভাষণত সৰু সৰু আধা খোলা চকুবোৰক লৈ তীৰ্যক মন্তব্য কৰিছিল। উত্তৰ-পূবৰ লোকসকলক লৈ ভাৰতৰ অন্য প্ৰান্তৰ মূল মহানগৰ সমূহত এনে মন্তব্য কৰাতো এক স্বাভাৱিক ঘটনা।
চিংকি, নেপালী আদি আখ্যাৰে উত্তৰ-পূবৰ লোকসকলক বৰ্ণবিদ্বেষৰ বলি কৰা হয়। সেই একেধৰণেই প্ৰধানমন্ত্ৰী মোডীৰ এই মন্তব্যৰ বিৰোধিতা কৰিছিল সাংবাদিক সংগীতা বৰুৱা পিচাৰ’তিয়ে। যিখন চিঠিয়ে উত্তৰ-পূবৰ লোকসকলক ভাৱ-ধাৰণাত কিদৰে আঘাত হানিছে,তাক উদঙাই দিছে।

মেঘালয়ত সংঘটিত হত্যাকাণ্ডৰ আধাৰত টাইমছ অৱ ইণ্ডিয়াৰ দৰে ৰাষ্ট্ৰীয় কাকতেও উত্তৰ-পূবৰ প্ৰতি একশ্ৰেণী মূলসুঁতি ভাৰতীয়ৰ মানসিকতাক সম্বল কৰি বাতৰি পৰিৱেশন কৰিছিল। যি বাতৰিত উল্লেখ কৰা হৈছিল মেঘালয়ত ‘CRIME PRONE HILLS’ বুলি।

ভূপাল সংস্কৰণত কাকতখনে এইদৰে বাতৰি পৰিৱেশন কৰিছিল। ইয়াক লৈ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। যাৰ বাবে কাকতখনে শুধৰণি দিব লগা হ’ল এইদৰে- Corrigendum- In a report published only I in the Bhopal edition, TΟΙ used the term 'crime-prone hills' to refer to a specific ar-ea in Meghalaya. The term was never meant to refer to the entire state, or its people, nor was it ever our intention to paint Meghalaya, a peace-ful, tourist-friendly state, in bad light. Our reports have consistently mentioned how Meghalaya police braved treacherous terrain and harsh weather in their search for the couple. We have also regularly reported the Meghalaya police's ver-sion of events as well as the family's concerns and fears. Nevertheless, we under-stand that the use of the term has upset the senti ments of the people of Meghalaya. We apologise for the same, and have re-moved it from the online copy

সুযোগ পালেই এনে বৰ্ণ বিদ্বেষৰ বলি কৰি আহিছে উত্তৰ-পূববাসীক। মেঘালয়ৰ ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰো ইয়াৰ ব্যতিক্ৰম নহ’ল। উত্তৰ-পূবৰ প্ৰতি এই ধাৰণা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আঁতৰ কৰাৰ দায়িত্ব কাৰ? এচাম দেশবাসীয়ে আন এচাম দেশবাসীৰ প্ৰতি কৰা এই অৱহেলাৰ অৱসান ঘটিব কেতিয়া?

09/06/2025

👉কামৰূপ জিলাৰ হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত শিঙিমাৰী শুৱালকুছি পথৰ গন্ধমৌত পথ দূৰ্ঘটনা
👉শুৱালকুছিৰ নিকতৱৰ্তী বাথানৰ দুগৰাকী যুৱক গুৰুতৰ ভাৱে আহত
👉তীব্ৰ বেগেৰে আহি দুচকীয়া বাহনেৰ গন্ধমৌৰ বিদ্যুৎৰ এটা খুটাত আহি খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটোত সংঘটিত হয়
👉স্থানীয় ৰাইজৰ তৎপৰতাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যুৱক দুজনক

08/06/2025

👉শুৱালকুছিৰ গান্ধী আশ্ৰম খন চাফা হল
👉কংগ্ৰেছ কৰ্মীৰ শ্ৰম দানে পৰিষ্কাৰ কৰিলে আশ্ৰমৰ চৌহদ
👉স্পষ্টবাদ অসম ৰ বাতৰিৰ বাবে আশ্ৰমৰ কমিটি সলনি হোৱাৰ লগতে পৰিষ্কাৰ হল গান্ধী আশ্ৰম

05/06/2025

👉বিশ্ব পৰিবেশ দিৱস উপলক্ষে এক নেতিবাচক প্ৰতিবেদন
👉শ্বেয়াৰ কৰক এই প্ৰতিবেদন
👉চৰকাৰী কামৰ ওপৰত সজাগ দৃষ্টি ৰাখক

03/06/2025

👉ৰাজনীতি কেৱল মাত্ৰ পাঁচ বছৰৰ বাবেহে
👉মনৰ বাৰ্তা অনুষ্ঠানৰ আজিৰ অতিথি বংশৰ সানপাৰা গাঁৱৰ গাঁওবুঢ়া কেশৱ বৈশ্য

03/06/2025

ৰিপুন বৰা আহিব বিজেপিলৈ!!

02/06/2025

👉কামৰূপৰ শুৱালকুছিৰ প্ৰাগ নিউজৰ সাংবাদিক লিপাঙ্কৰ ঠাকুৰীয়াৰ মৃত্যু ।

👉শাৰীৰিক অসুস্থতাৰ বাবে মৃত্যুক আকোঁৱালি লয় যুৱ সাংবাদিক গৰাকী ।

👉যুৱ সাংবাদিক গৰাকীৰ মৃত্যুত শোকৰ ছা সাংবাদিক মহলত ।

👉উল্লেখ্য, যোৱা শুক্ৰবাৰে পিতৃ শৰৎ চন্দ্ৰ ঠাকুৰীয়াৰ হৈছিল দেহাৱসান ।

👉পিতৃৰ মৃত্যুৰ পাছতে অধিক অসুস্থ হৈ পৰিছিল ।

👉সাংবাদিক লিপাঙ্কৰ ঠাকুৰীয়াৰ মৃত্যুত বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ ।

01/06/2025

💥ART GALAXY💥
🌞আপোনাৰ সন্তানক ৰং তুলিকাৰে খেলিব দিয়ক
🌞মানসিক প্ৰশান্তি লাভৰ বাবে ছবিৰ লগতে বিভিন্ন বিষয়ত জ্ঞান প্ৰদানৰ বাবে লৈ আহক ART GALAXY লৈ
যোগাযোগ -- 9395042533/ 90853 46816

31/05/2025

👉 মহানগৰীত কৃত্ৰিম বানৰ অন্যতম কাৰণ
👉চৰকাৰ নহয় এই বান নিৰ্মূল কৰাৰ চাবিকাঠি মহানাগৰীকৰ হাততহে

পান দোকান, বাবা মাইনা আৰু আমাৰ আত্মসন্মানদুদিনমান এটা বিশাল আৰু নিৰ্জন চৌহদত অকলে আছোঁ৷ অলপ জিৰণিৰ বাবে আৰু সন্তানসকলৰ ব...
30/05/2025

পান দোকান, বাবা মাইনা আৰু আমাৰ আত্মসন্মান

দুদিনমান এটা বিশাল আৰু নিৰ্জন চৌহদত অকলে আছোঁ৷ অলপ জিৰণিৰ বাবে আৰু সন্তানসকলৰ বাবে কৈ যাব লগা কথাবোৰ ৰেকৰ্ড কৰাৰ বাবে প্ৰস্তুতি চলাবলৈ এইখিনি একান্ত সময়ৰ প্ৰয়োজন আছিল৷ সামাজিক মাধ্যমত পোষ্ট দি থাকিলেও জৰুৰী বিষয়বোৰৰ বাহিৰে একো কথালৈ মন দিয়া নাছিলোঁ৷ সেয়ে মোৰ গৃহস্থই নিজৰ সন্তানক সাঙুৰি লৈ দিয়া মন্তব্য চকুত পৰা নাছিল৷ কালি ৰাতি এজনে কথাটো জনালে আৰু মই বিচাৰি উলিয়াই বক্তব্যখিনি শুনিলোঁ৷
এই বিষয়ে তেওঁৰ লগত মই কথা পতা নাই৷ প্ৰয়োজনো অনুভৱ কৰা নাই৷
যিমান পাৰো চমুকৈ মোৰ ৰাজহুৱাভাৱে ক’বলগীয়াখানি কোৱাৰ চেষ্টা কৰিম৷
যেতিয়া এজন ৰাজনীতিকে ৰাজহুৱা ভাবে কয় যে তেওঁৰ সন্তানক এখন পান দোকানো কৰি দিয়া নাই আৰু তেওঁৰ মৃত্যু হ’লে লণ্ডন আমেৰিকাত পঢ়ি অহা সন্তান দিশাহাৰা হৈ যাব তেতিয়া সেই মন্তব্যৰ ৰাজহুৱা উত্তৰ দিয়াৰ প্ৰয়োজন আছে৷
কাৰণ তেওঁৰ সন্তান দুটাৰ এগৰাকী মাকো আছে যি টান মাটিত থিয় হৈ মূৰ তুলি জীয়াই থাকিব খোজে আৰু আছেও৷ বাবা আৰু মাইনা মোৰো সন্তান৷ বাবাৰ নাম অভিৰুক আৰু মাইনাৰ নাম কৃষ্টি৷ তেওঁলোক এতিয়া প্ৰাপ্তবয়স্ক৷ পিতৃ-মাতৃ নিৰ্ভৰ শিশু নহয়৷ তেওঁলোকৰ আত্মসন্মান আৰু নিজা জীৱনদৰ্শন আছে৷ মোৰো আছে৷
বিয়াৰ ন বছৰ পিচত মোৰ ছোৱালীজনীৰ যেতিয়া জন্ম হৈছিল তেতিয়া মোৰ এটা বেংক একাউন্ট আছিল আৰু তাত তিনি হেজাৰ টকা আছিল৷ মাতৃ হোৱাৰ পিছত মোৰ দায়িত্ব সন্তানৰ যত্ন লোৱা, সঠিক পথ দেখুওৱা আৰু নিৰাপত্তাৰ ব্যৱস্থা কৰা৷ কিন্তু এম এল এ হৈ থকা তাইৰ পিতৃয়ে যেতিয়া তাইৰ আহাৰ যোগানত গাফিলতি কৰিছিল আৰু পইচা বেংকৰ পৰা উলিয়াই কিনাৰ সময় নাছিল, আৰু যেতিয়া উপায় নাপাই দীপক বৰ্মণ নামৰ ল’ৰা এটাৰ হতুৱাই বাতৰি কাকত বেচি সেই পইচাৰে কিনি আনিব লগা হৈছিল তাৰ পিচত মই সেই দায়িত্ব নিজৰ হাতত তুলি লৈছিলোঁ৷ উপাৰ্জন কৰা প্ৰতিটো পইচা মই তেওঁলোকৰ ভৱিষ্যত আৰু বৰ্তমানক আগত ৰাখি ব্যয় কৰিছিলোঁ৷ কলম তুলি লৈছিলোঁ৷ নিজকো শক্তিশালী ৰূপত গঢ়ি তুলিছিলোঁ৷ তেওঁলোককো ক্ষমতাই দিয়া সুবিধাবোৰৰ পৰা আঁতৰাই সাধাৰণ জীৱন জীয়াই থাকিবলৈ শিকক বুলি আৰু বিশালতৰ জগতৰ লগত পৰিচয় হওক বুলি দিল্লীলৈ লৈ গৈছিলোঁ৷ লণ্ডন আমেৰিকালৈ ময়েই তেওঁলোকক পঢ়িবলৈ পঠিয়াইছিলোঁ৷ তাৰ বাবে মোৰ সমস্তখিনি উজাৰি দিছিলোঁ৷ মই ত্ৰুটি বিচ্যুতিহীন নহয়৷ কিন্তু চেষ্টা কৰোঁ৷ অভিৰুকে ক্লাছ এইটৰ পৰা বিভিন্ন ঠাইত গীটাৰ আৰু ড্ৰাম বজাই উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল৷ মোৰ হাতত আনি আনি দিছিল৷ এতিয়াই কৰে৷ তেনেই সাধাৰণভাবে জীয়াই থাকিবলৈ সেইখিনি যথেষ্ট৷ নিজেই পৰীক্ষা দি বিশ্বৰ পাঁচখন কলেজত মিউজিক পঢ়াৰ সুবিধা পাইছিল৷ তাৰ ভিতৰত তাৰ সপোন আছিল বষ্টনৰ বাৰ্কলি স্কুল অফ মিউজিকত পঢ়া৷ সেয়া মোৰ ক্ষমতাৰ সীমাৰ বাহিৰত আছিল৷ মই তাক কৈছিলোঁ আন কেইখন কলেজত মই তোমাক পঢ়ুৱাব পাৰিম৷ কিন্তু বাৰ্কলিত মই তোমাক মাত্ৰ দুবছৰ হে পঢ়ুৱাব পাৰিম৷ সি বহুত ভাবি চিন্তি ক’লে মোক দুবছৰ পঢ়ুৱালেও হ’ব৷ তাৰ পিচত মই নিজেই কিবা কৰি ল’ম৷ মোৰ তেতিয়ালৈ জমা হোৱা সমস্ত ধন, দেউতাকৰ একাউন্টৰ টকা আৰু খাৰঘুলিৰ ঘৰটো বন্ধকত দি এডুকেচন লোন লৈ পঢ়িবলৈ পঠিয়ালোঁ৷ পইচা দিব নোৱাৰাৰ বাবে তাৰ পঢ়া আধৰুৱা হৈ থাকিল৷ কভিদত সি উভতি আহিল৷ মই অলপ দূৰদৰ্শী আছিলোঁ আৰু এটা প্লেন বি ৰ কথা ভাবি তাৰ মিউজিছিয়ান বন্ধুবোৰৰ সহযোগত এটা ষ্টুডিঅ আৰম্ভ কৰিছিলোঁ৷ সি উভতি আহিছিল মিউজিকৰ জ্ঞান, অভিজ্ঞতা আৰু আত্মবিশ্বাস লৈ৷ কাম কৰি খায় সি৷ কৃষ্টি এগৰাকী আৰ্টিষ্ট৷ ছবি আঁকে৷ জন্মগতভাৱে নান্দনিক কামত পাৰদৰ্শী৷ তাই নাগালেণ্ডত গৈ খৃষ্টমাছৰ দোকান দিয়াৰ দৰে কামো কৰিছে৷ যদিও তাই বৰ আলসুৱা, কিন্তু প্ৰয়োজনত পাহাৰ দঙাৰো শক্তি আছে৷ জীৱনৰ সকলো প্ৰয়োজনীয় প্ৰশিক্ষণ মই তেওঁলোকক দিছোঁ৷ দুয়োজনৰে হাতৰ বিদ্যা আছে৷ চলিব পাৰিব৷ কিন্তু ক্ষমতাশালী পিতৃৰ ঘৰত ডাঙৰ হোৱা ল’ৰা-ছোৱালী দুটাই এনেকৈ কাম কৰি স্বাৱলম্বী হৈ জীয়াই থাকিব পাৰিব বুলি জানিও তুলনামূলকভাৱে সুবিধাজনক পৰিবেশৰ শৈশৱ আৰু বৰ্তমান পাৰ কৰা সন্তান দুটাৰ ভৱিষ্যতক লৈ মাতৃ হিচাপে মোৰ নিৰাপত্তাহীনতা আছে৷ সেয়েহে মই এটা publishing house খুলিছোঁ৷ মিউজিকৰ ক্ষেত্ৰখন অনিশ্চিত৷ মই মাতৃ হিচাপে নিজৰ সন্তানক আনৰ ওচৰত হাত পাতি জীয়াই থকাৰ কথা কল্পনাও কৰিব নোৱাৰো৷ মোৰ ভয়ো লাগে আৰু খুব দুখো লাগে৷ ল’ৰা-ছোৱালীদুটাক ৰাজনৈতিক আৰু প্ৰতিকুল পৰিবেশৰ মাজত মানুহ হিচাপে গঢ়ি তুলিবলৈ মই চেষ্টাৰ ত্ৰুটি কৰা নাই৷ ল’ৰাটোৱে কয় চিন্তা নকৰিবলৈ৷ কয়— মই কিবা এটা কৰিম৷ এনে এটা পৰিস্থিতিত এজন ক্ষমতাশালী দেউতাকে এখন পান দোকানো কৰি দিয়া নাই বুলি আৰু তেওঁৰ মৃত্যু হ’লে বাবা মাইনা দিশাহাৰা হৈ যাব বুলি ৰাজহুৱা ভাবে গৰ্ব কৰি কোৱাটো অত্যন্ত দূৰ্ভাগ্যজনক৷ ই আমাৰ কাৰণে অপমানজনকো৷ সন্তানৰ নিম্নতম নিৰাপত্তাৰ ব্যৱস্থা কৰাটো প্ৰতিজন পিতৃ-মাতৃৰ দায়িত্ব৷ তেওঁলোক নিজৰ ইচ্ছাত পৃথিৱীলৈ নাহে৷ এজন ক্ষমতাশালী মানুহে কৰাপছন নকৰাকৈও এইখিনি কাম আৰু ভালকৈ কৰিব পৰা সুবিধা থাকে৷ তাকে নকৰি, পান দোকানৰ উপমা টানি আনি, তেওঁৰ অবিহনে দিশাহাৰা হৈ যাব বুলি কৈ তেওঁ মাতৃ হিচাপে মোৰ যোগ্যতাকো অপমান কৰিছে৷ মোৰ দুই সন্তানক পৰমুখাপেক্ষী অসহায় শিশু হিচাপে প্ৰক্ষেপ কৰি তেওঁলোকৰ আত্মসন্মান আৰু যোগ্যতালৈকো আঙুলি টোৱাইছে৷ অতি দূৰ্ভাগ্যজনক৷ তেওঁ আমাৰ দৈনন্দিন জীৱন ভালদৰে পাৰ কৰাত যত্নপৰ নহয় বুলি কেতিয়াও ক’ব নোৱাৰোঁ৷ কিন্তু তেওঁৰ অবিহনে দিশাহাৰা হৈ যাব বুলি কোৱাটো পিতৃ হিচাপে তেওঁৰ ব্যৰ্থতা৷ এই তৰলতাৰ আৰু
ৰাজনীতিৰ মাজলৈ নিজৰেই হওক আৰু আনৰেই হওক কাৰো পত্নী সন্তানক অনাহকত টানি অনাৰ নিম্নস্তৰৰ সকলো প্ৰৱণতাৰ মই বিৰোধীতা কৰোঁ৷ মই বিচাৰোঁ সমাজত নতুনকৈ আৰম্ভ হোৱা এই ক্ষয়ংকৰী ধাৰাৰ অন্ত পৰক৷

ৰীতা চৌধুৰী

স্পষ্টবাদ অসম
28/05/2025

স্পষ্টবাদ অসম

27/05/2025

👉মাৰ নামত যে আপোনালোকে গছপুলি ৰোপণ কৰিছিল মনত আছে নে??
👉কেনে আছে বাৰু গছপুলি বোৰ??
👉ফটো ছেচনতে শেষ হল নেকি গছপুলি ৰোপণৰ কাৰ্যসূচী ??

Address

Sualkuchi
781103

Alerts

Be the first to know and let us send you an email when স্পষ্টবাদ অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to স্পষ্টবাদ অসম:

Share