01/09/2026
🚨 Breaking News
কুমাৰীকাটাত ভাৰত ভূটান ৰাজপথত ড্ৰাগছসহ সৰবৰাহকাৰী আটক তামুলপুৰ জিলাৰ কুমাৰীকাটাত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক।
আৰক্ষীয়ে খেদি খেদি আটক কৰে জেহেৰুল হুছেইন (১৯) নামৰ যুৱকজনক।
কুমাৰীকাটা আৰক্ষী চকীৰ পৰা মাত্ৰ প্ৰায় ১০০ মিটাৰ দূৰত্বত ড্ৰাগছসহ আটক কৰা হয় যুৱকজনক। আৰক্ষীয়ে যুৱকজনৰ পৰা বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।
AS-14-P-6160 নম্বৰৰ পালচাৰ বাইকেৰে ড্ৰাগছখিনি সৰবৰাহ কৰাৰ অভিযোগ আটকাধীন যুৱকজনৰ বিৰুদ্ধে। ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীৰ তদন্ত অব্যাহত।