13/08/2025
মিয়া খেদা আন্দোলনৰ আঁত ধৰি
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ধাৰাবাহিকভাৱে গ্ৰহণ কৰি থকা উচ্ছেদৰ কাৰ্যসূচী লৈ অসম উত্তপ্ত হৈ পৰিছে। বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কৰা উচ্ছেদক একাংশ ৰাজনৈতিক দল সংগঠনে অসাংবিধানিক আৰু অমানৱীয় বুলি চৰকাৰৰ ভূমিকাক কঠোৰ সমালোচনা কৰা দেখা গৈছে। আনহাতে চৰকাৰৰ এই উচ্ছেদৰ কাৰ্যসূচীৰ প্ৰতি সমৰ্থন জনাই একাংশ তথাকথিত জাতীয়তাবাদী দল সংগঠনে মুকলিকৈ "খেদ ঐ খেদ মিয়া খেদ " বুলি ৰাজপথত শ্লোগান দিছে! উজনি অসমত একাংশ দল সংগঠনে মানুহৰ ঘৰে ঘৰে মিয়া বিচাৰি বিতাৰিত কৰিবৰ বাবে অভিযান আৰম্ভ কৰিছে! যেন মিয়া অসম, অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ প্ৰদান শত্ৰু! যেন মিয়া মানেই বিদেশী! তেনেকুৱা ধৰণৰ বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছে। অসমীয়া আৰু মিয়াৰ মাজত এক সংঘাতপূৰ্ণ পৰিবেশ সৃষ্টি কৰিব বিচৰা হৈছে! প্ৰকৃততে মিয়া কোন? মিয়া সচাকৈয়ে অসম, অসমীয়া ভাষা আৰু জাতিৰ শত্ৰু নে মিত্ৰ! মিয়া মানেই বিদেশী নে অসমীয়া ভাৰতীয় নাগৰিক! অসমৰ সাম্প্ৰতিক প্ৰেক্ষাপটত চমুকৈ হলেও কথাখিনি আলোচনাৰ প্ৰাসংগিকতা আহি পৰিছে।
আজি যিসকল লোকক মিয়া বুলি কোৱা হৈছে এসময়ত তেওঁলোকক চৰুৱা, পমুৱা, মৈমনচিঙীয়া, অভিবাসী মুছলমান, পূৰ্ববঙ্গীয় মূলৰ মুছলমান, বংগমূলীয় অসমীয়া মুছলমান, চৰ-চাপৰিৰ মুছলমান, ন অসমীয়া মুছলমান আদি বিভিন্ন নামেৰে জনা গৈছিল। আজিও ভিন্ন জনে ভিন্ন নামেৰে কোৱা দেখা যায়। ঐতিহাসিক অসম আন্দোলনৰ সময়ৰ পৰা ন অসমীয়া মুছলমানৰ পৰিবৰ্তে মিয়া শব্দৰ ব্যাপক প্ৰচলন হবলৈ ধৰে। আন্দোলনকাৰী সকলে বংগমূলীয়/ পূৰ্ববংগীয় মূলৰ প্ৰবজনকাৰী মুছলমান লোকসকলক বুজাবলৈ তুচ্ছাৰ্থত মিয়া নাম ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। এই সম্প্ৰদায়টোৰ মাজত মধ্যবিত্ত শ্ৰেণী এটা গঢ় লৈ উঠিবলৈ আৰম্ভ কৰাৰ পিছতে সম্প্ৰদায়টোৰ এচামে নিজকে মিয়া বুলি জনগোষ্ঠীয় পৰিচয় দিবলৈ আৰম্ভ কৰিছে কিয়নো দীৰ্ঘদিন ধৰি তুচ্ছাৰ্থত ব্যৱহাৰ কৰি অহা মিয়া নামটো গ্ৰহণ কৰি প্ৰত্যাহ্বান জনাই তুচ্ছাৰ্থ দুৰ কৰাৰ লগতে মিয়াৰ এক সুন্দৰ অৰ্থ আৰু তাৎপৰ্যও আছে। তদুপৰি হেমকোষ অভিধান মতে অসমীয়া ভাষী লোকক মিয়া বুলি কোৱা হৈছে।
এতিয়া প্ৰশ্ন হয় মিয়া কেতিয়াৰ পৰা অসমত স্থায়ীভাবে বসবাস কৰিবলৈ লয়? অসমীয়া জাতীয়তাবাদৰ এজন অন্যতম শক্তিশালী প্ৰবক্তা শ্বহীদ পৰাগ কুমাৰ দাসে চৰাঞ্চলৰ বাস্তব চিত্ৰ আৰু বিদেশী সমস্যাৰ মুল্যায়ন নামৰ প্ৰবন্ধত লিখিছে " ১৮৪৭ চনত ’পাইনা জাহাজ’ৰ (ভাপৰ জাহাজ) চলাচল আৰম্ভ হোৱাৰে পাছৰে পৰা পুৰ্ববংগৰে বহুতো ভুমিহীন কৃষকে অসমলৈ আহি ব্ৰহ্মপুত্ৰ নৈৰ পাৰে পাৰে বাস কৰিবলৈ আৰম্ভ কৰে। ১৮৯২ চনত আসাম-বেংগল ৰেল লাইন স্থাপিত হোৱাৰ পাছত ৰেলেৰেও এনেকুৱা বহুতো মানুহ অসমলৈ আহিছিল। স্থানীয় অসমীয়া মানুহবিলাকে তেতিয়া মেলেৰিয়াৰ প্ৰকোপ আৰু বন্য জন্তুৰ পৰা ৰক্ষা পাবৰ নিমিত্তে ওচৰৰ অটব্য বন-জংঘলবোৰ পৰিস্কাৰ কৰি এনেকুৱা মানুহ বহাত উৎসাহহে যোগাইছিল। ১৯১২ আৰু ১৯৪৩ চনত পুৰ্ববংগত হোৱা আকাল আৰু ভূমিকম্পৰ সময়ত অসমলৈ অহা এনেকুৱা মানুহৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়"। ১৯০৪-০৫ চনত অসমৰ চিফ কমিছনাৰ ছাৰ হেনৰী কটনে মৰাপাট উৎপাদনৰ বাবে মৈমনসিংহৰ পৰা কৃষি শ্ৰমিকক আনি সংস্থাপন কৰাৰ উদ্যোগ লৈছিল! ১৯২৮ চনত পমুৱা সংস্থাপন নীতি (Colonization Scheme) গ্ৰহণ কৰিছিল। এক তথ্যমতে ১৯০১- ১৯৩১ চনলৈ ৯ লাখ ২৬০০০ কৃষি শ্ৰমিক অসমলৈ আহি স্থায়ীভাৱে বসতি পাতিছিল। ১৯৩১- ৫১ চনলৈ আৰু ৪ লাখ ৩০০০ কৃষি শ্ৰমিক পূৰ্ববংগৰ পৰা অসমলৈ আহি স্থায়ীভাৱে বসতি কৰে। পোনতে অসমৰ গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, লখিমপুৰ আদি জিলাৰ নৈ পৰীয়া দ আৰু জলাশয়ত বসতি স্থাপন কৰিছিল। উল্লেখযোগ্য যে আনন্দৰাম দেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ নেতৃত্বত (১৮৭৪-১৮৮৫) অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ লোকে এই প্ৰৱজনক আদৰণি জনাইছিল।
মিয়া মুছলমানসকল অসমীয়া ভাষা, সংস্কৃতি আৰু অসমীয়া জাতিৰ শত্ৰু নেকি? অসম তথা অসমীয়া জাতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই বংগৰ পৰা অহা মুছলমান কৃষক সকলক অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰি অসমীয়া সমাজৰ সৈতে মিলি যাবলৈ উদ্গনি দিছিল।
১৯২৬ চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি বেনুধৰ ৰাজখোৱাই তেওঁৰ অভিভাষণত কৈছিল " অসমলৈ ময়মন সিংহ জিলাৰ বহু মুছলমান আহিছে। যি প্ৰদেশ সমৃদ্ধিশালী অনেক ঠাইৰ পৰা মানুহ আহি তাত বসতি কৰেহি। এইবাবে আমি আনন্দ প্ৰকাশ কৰিছো। আৰ্যবিলাক এইদৰে বহু দুৰৰ পৰা আহি বসতি কৰিছে। কোঁচ, কছাৰী, আহোম প্ৰভৃতি জাতি অসমৰ খিলঞ্জীয়া অধিবাসী হ'ল। মিৰজুমলাৰ লগত অহা বহু মুছলমান অসমত থাকি গ'ল- তেওবিলাক অসমীয়া জাতিৰ লগত মিহলি হ'ল। ময়মনসিঙীয়া সকলে সেইদৰে অসমত চিৰস্থায়ীকৈ বাস কৰি অসমীয়া বুলিবলৈ গৌৰৱ অনুভৱ কৰিব, তাত কোনো ভুল নাই"।
১৯৪০ চনৰ ২৯ আগষ্ট তাৰিখে গুৱাহাটীৰ কাৰ্জন হলৰ (বৰ্তমান নবীন বৰদলৈ হল) বাকৰিত অসমীয়া জাতীয়তাবাদৰ অন্যতম কাণ্ডাৰী অম্বিকাগীৰি ৰায়চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিৰাট ৰাজহুৱা সভাত গ্ৰহণ কৰা এটা প্ৰস্তাৱত কোৱা হৈছিল " এই ৰাজহুৱা সভাই ১৯৩৭ চনৰ আগতে অসম উপত্যকালৈ আহি অসমীয়াৰ মাজত স্থায়ীভাৱে বসতি কৰা সকলো শ্ৰেণীৰ 'ইমিগ্ৰেন্টছক' অসমীয়া জাতীয় স্বাৰ্থৰ লগত জৰিত হৈ অহা ছেঞ্চাচত নিজকে অসমীয়া বুলি লিখিবলৈ অনুৰোধ কৰে আৰু ছেঞ্চাচ কৰ্তপক্ষকো তেওঁলোকক অসমীয়াৰ লগত চামিল কৰি ধৰিবলৈ অনুৰোধ কৰে"। অম্বিকাগীৰি ৰায় চৌধুৰীৰ এই প্ৰচেষ্টাৰ প্ৰতি সহাৰি জনাই বংগমূলীয় মুছলমান সমাজৰ প্ৰতিনিধি হিচাপে বৰপেটা মহকুমাৰ পৰা ৯ জনকৈ নেতৃস্থানীয় ব্যক্তিয়ে তদানীন্তন অসমৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি অসমীয়া ভাষাক মাতৃভাষা হিচাপে গ্ৰহণ কৰা আৰু তেওঁলোকক অসমীয়া হিচাপে ধৰাৰ বাবে অনুৰোধ জনাইছিল। পত্ৰখন হুবহু হিচাপে উল্লেখ কৰা হ'ল-
শ্ৰীযুত অসমৰ প্ৰধানমন্ত্ৰী মান্যবৰেসু
মহোদয়,
অধীন বৰপেটা মহকুমাৰ ইমিগ্ৰেন্ত প্ৰজাবৃন্দৰ সবিনয় নিবেদন এই যে আমালোকে ২৫/৩০ বছৰ হল অসমত স্থায়ীভাৱে বসতি কৰি আছো। আমালোকৰ লৰা ছোৱালী বিলাকক অসমীয়া ভাষাত শিক্ষা দিছো, আৰু আমালোকেও বহুতে অসমীয়া ভাষা শিকিছো, তদুপৰি যিবিলাকে অসমীয়া ভাষা নাজানে সিবিলাকেই নিশা স্কুল পাতি অসমীয়া ভাষা শিকিবলৈ ধৰিছে। গতিকে মহোদয়ে ১৯৪১ চনৰ চেঞ্চাচত আমাক অসমীয়া ভাষা ভাষী আৰু অসমীয়া বুলি ধৰাৰ কাৰণে গোহাৰি জনালো"। পত্ৰখনত সাক্ষৰ কৰা ব্যক্তি সকল আছিল ক্ৰমে ৰিয়াজুদ্দিন আহমদ(সাং হাউলী বজাৰ), গাৰগালি সৰকাৰ( সাং ৰায়পুৰ, লোকেল বৰ্ড মেম্বাৰ) পিয়াৰ উল্লা সৰকাৰ (সাং মাজগাওঁ পাল্লাৰপাৰ, ভূতপূৰ্ব লোকেল বৰ্ড মেম্বাৰ), আব্দুল মজিদ খা ( চেক্ৰেটেৰী কুজাৰপিট মাইনৰ স্কুল), আলি আমজাদ খা (সাং বেতবাৰী), হাবিবুল্লাহ মুন্সী (সাং হতিদানা দলগাঁও), দায়মূল্লা সৰকাৰ (সাং কলাবাৰী), আমিৰ আলি সৰকাৰ (সাং ৰায়পুৰ) আৰু কালিমুদ্দিন শেখ পণ্ডিত।
১৯৩১ চনৰ পিয়ল মতে অসমীয়া ভাষীৰ সংখ্যা আছিল ৩১.৪ %। অম্বিকাগীৰি ৰায় চৌধুৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই পৰবৰ্তী লোকপিয়লত মিয়া মুছলমানসকলে অসমীয়া ভাষাক মাতৃভাষা হিচাপে লিপিবদ্ধ কৰাত ১৯৫১ চনৰ লোক পিয়লত অসমীয়া ভাষা ৬২% লৈ বৃদ্ধি পাই সংখ্যাগৰিষ্ঠ ভাষা হিচাপে মৰ্যদা পায়। প্ৰকৃততে তাৰো বহু বছৰ পূৰ্বৰে পৰাই মিয়া মুছলমানসকলে অসমীয়া ভাষাক নিজৰ ভাষা হিচাপে আন্তৰিকতাৰে গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছিল। তাৰ উদাহৰণস্বৰূপে কব পাৰি যে ১৮৯৯ চনতেই নগাঁও জিলাৰ মৈৰাবাৰী অঞ্চলত ( বৰ্তমান মৰিগাঁও জিলাত) হুছেইন আলি সৰকাৰে অসমীয়া মাধ্যমৰ স্কুল স্থাপন কৰিছিল, ১৯০২ চনত নগাঁওৰ আলি টাঙনিত ওচমান আলি সদাগৰে অসমীয়া মাধ্যমৰ এক স্কুল স্থাপন কৰিছিল। তেখেতৰ অনুৰোধত বৰদোৱা সত্ৰৰ পণ্ডিত মহেন্দ্ৰ চন্দ্ৰ মহন্ত ডাঙৰীয়াই এই স্কুলত অসমীয়া ভাষা শিক্ষাদান কৰিছিল। উল্লেখযোগ্য যে এইজনা ওচমান আলি সদাগৰে শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ প্ৰথম অধিবেশনত সাহিত্য সভাৰ সদস্যভুক্ত হৈছিল আৰু ১০ টকা ৰূপ বৰঙনি দিছিল।
১৯০০ চনত অসমৰ প্ৰথম উচ্চশিক্ষাৰ অনুষ্ঠান কটন কলেজ প্ৰতিষ্ঠাৰ সময়ত কামৰূপ জিলাৰ ৰাঙাপানীৰ প্ৰভাৱশালী ব্যক্তি সদাগৰ আলী চৰকাৰে পাঁচ টকাৰ আৰ্থিক বৰঙণি দিছিল। ১৯৪৬ চনত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ সময়ত নগাঁও জিলাৰ যমুনামুখৰ হাজী দুদু মিঞাই এহাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছিল। ইয়াৰ উপৰিও নগাঁও জিলাৰ মৰহুম আকবৰ জামান, হাচমত উল্লাহ আটিয়া, ওছমান সদাগৰ, আমিৰ উদ্দিন মোক্তাৰ, মৌলবী আফাজ উদ্দিন, কুতুবুদ্দিন আহমেদ, ৰাইমুদ্দিন চৌধুৰী, ছামছুল হুদা প্ৰমুখ ব্যক্তিয়ে একে ধৰণৰ আৰ্থিক সহায় আগবঢ়াইছিল। অনুৰূপ ধৰণে গোৱালপাৰা, কামৰূপ, দৰং আৰু লখিমপুৰ জিলাত মিয়া মুছলমান সকলে বসতি স্থাপন কৰা অঞ্চসমূহত নিজাববীয়াকৈ অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি অসমীয়া ভাষা-সংস্কৃতিক গ্ৰহণ কৰি অসমীয়া জাতিৰ লগত মিলিবলৈ আন্তৰিক প্ৰচেষ্টা আৰম্ভ কৰিছিল।
ভাষাভিত্তিক ৰাজ্য পুনৰ গঠনৰ সময়ত মিয়া মুছলমান লোকেই অবিভক্ত গোৱালাপাৰা জিলা অৰ্থাৎ আজিৰ গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ আৰু বঙাইগাঁও জিলা পঞ্চিমবংগৰ লগত চামিল হোৱাৰ পৰা ৰক্ষা পৰিছিল! ১৯৫৪ চনৰ ১৯ মে তাৰিখে ভাষা ভিত্তিক ৰাজ্য পুনৰ গঠন আয়োগৰ সদস্য কে এম্ পানিকৰ আৰু এইচ এন্ কুঞ্জুৰোৰ আগত তদানীন্তন গোৱালপাৰা জিলা পমুৱা সন্থাৰ সভাপতি বজলুল বাছিত আৰু সম্পাদক আব্দুল কৰিম আৰু হাজী আব্দুল হুছেইনে সাক্ষ্য প্ৰদান কৰি কৈছিল তেওঁলোকে যদিও ঘৰুৱা দোৱানত কথা পাতে কিন্তু তেওঁলোকে ইতিমধ্যে আগৰে পৰাই অসমীয়াক মাতৃভাষা হিচাপে গ্ৰহণ কৰি নিজকে অসমীয়া হিচাপেই পৰিচয় দি ভাল পায়। গতিকে তেওঁলোকৰ ভাষা আৰু জাতীয় পৰিচয় অসমীয়া হিচাপে ধৰি লব লাগে। তেওঁলোকৰ বাবেই এইদৰে অবিভক্ত গোৱালপাৰা জিলাখন অসমৰ সৈতে স্থায়ীভাৱে ৰৈ যায়।
মিয়া মুছলমানে কেৱল যে অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি অসমীয়া হৈ পৰিছে তেনে নহয়। অসমীয়া ভাষা ৰক্ষাৰ বাবে তেজো দিছে। শ্বহীদ বৰণো কৰিছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে অসমীয়া ভাষা ৰক্ষাৰ আন্দোলন ১৯৬০-৬১ চনত ৰাজ্য ভাষা আন্দোলন আৰু ১৯৭২ চনত মাধ্যম আন্দোলনত হোৱা ২৪ জন শ্বহীদৰ ভিতৰত ১৪ জনেই ধৰ্মীয় সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ। শ্বহীদসকল হ'ল- মফিজ উদ্দিন আহমেদ, সৰু মিয়া লস্কৰ, মফুৰ আলী লস্কৰ, মইনুল হক, মফুৰ আলী বৰভূঞা, মতিউৰ ৰহমান লস্কৰ, মাহমুদ আলী, বুধুমিয়া লস্কৰ, ছিকন্দৰ আলী মজুমদাৰ, মমিৰ উদ্দিন, ছফি কুদ্দিন, মোজ্জামিল হক, ওমৰ আলী আৰু জহৰ আলী।
অসমীয়া ভাষাক মাতৃভাষা হিচাপে আদৰি লোৱা বাবে অসমৰ জাতীয় জীৱনৰ এজন অন্যতম গুৰুত্বপূৰ্ণ কাণ্ডাৰী জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৪৩ চনতেই এই জনগোষ্ঠীটোক 'ন অসমীয়া মৈমনচিঙীয়া' আখ্যা দি কৈছে -
" সাম্য মৈত্ৰীৰ ময়েই ৰনুৱা
চাহ বাগিছাৰ ময়েই বনুৱা
ন অসমীয়া মৈমনচিঙীয়া
থলুৱা নেপালী
নৃত্য কুশলী মণিপুৰীয়া মই "
অসমৰ জাতীয় জীৱনৰ আন এজন অন্যতম গুৰুত্বপূৰ্ণ কাণ্ডাৰী বিষ্ণু প্ৰসাদ ৰাভাই এই জনগোষ্ঠীৰ লোককো অসমীয়া জাতিৰ অংগ বুলি অভিহিত কৰি কৈছিল “মিকিৰ, মিচিং, কছাৰী, সোণোৱাল, মেচ, খাচি, নগা, লালুং, চুতীয়া, গাৰো, ৰাভা, ডিমাচা, কুকি, চাওতাল, মণিপুৰী, মোচাই, দেউৰী, বড়ো, আহোম, টাই, মৰাণ, কোচ, কলিতা, খামটি, ব্ৰাহ্মণ, কায়স্থ, ন-পমুৱা, ন-অসমীয়া— এইসকল অসমবাসীক লৈয়েই অসমীয়া জাতি৷”।
১৯৫৯ চনত নগাঁওত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি অতুল চন্দ্ৰ হাজৰিকা দেৱে নিজৰ অভিভাষণত কৈছিল - " অসমীয়াৰ সুখ দুখৰ সমভাগী হৈ পৰা চাহ বাগিচাৰ বনুৱাসকল আৰু তাহানিতে পূৰ্ববংগৰ পৰা অহা পমুৱা বা চৰুৱা মুছলমানসকলো অসমীয়াৰ বুকুৰ কুটুম হৈ পৰিছে"।
অসমৰ সমাজ আৰু সাহিত্যৰ আটাইতকৈ প্ৰভাৱশালী লেখক, সাংবাদিক, বুদ্ধিজীৱী আৰু অসম সাহিত্য সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞি দেৱে বিংশ শতাব্দীৰৰ ষাঠী-সত্তৰৰ দশকত তেখেতৰ সম্পাদনাত নীলাচল কাকতত ন অসমীয়া মুছলমান বিশেষ সংখ্যা এটা প্ৰকাশ কৰিছিল! সাপ্তাহিক নীলাচলৰ পাতত 'ন অসমীয়া মুছলমান ' শীৰ্ষক প্ৰবন্ধত তেখেতে লিখিছে - " পূৰ্ব বঙ্গৰ পৰা মাত্ৰ ৩০-৪০-৫০ বছৰ আগতে অসমলৈ অহা এই লোকসকলৰ সংখ্যা কেৱল শ শ বা হাজাৰ হাজাৰ নহয়, তেওঁলোকৰ সংখ্যা লাখ লাখ। এই লাখ লাখ মানুহে পূৰ্বৰ সকলো সাংস্কৃতিক আৰু ভাষিক পৰিচয় মোহাৰি নিশ্চিহ্ন কৰি নিজকে নতুনকৈ অসমীয়া বুলি পৰিচয় দিব খুজিছে। তেওঁলোকৰ এই নতুন পৰিচয়ৰ ভিত্তি কি ? ইয়াৰ একমাত্ৰ ভিত্তি হ'ল অসমীয়া ভাষা।তেওঁলোক ন অসমীয়া মুছলমান কাৰণ অসমীয়া ভাষাক নিজৰ ভাষাৰূপে গ্ৰহণ কৰি তেওঁলোকে উদাৰ অসমীয়া সমাজৰ নৱাগত সদস্যৰূপে ভুক্ত হৈছে। কেৱল পূৰ্ববঙ্গৰ মুছলমানসকলেই অসমত স্থায়ীভাৱে বাস কৰিবলৈ অহা নাই। ৰাজস্থানৰ মাৰোৱাৰীৰ পৰা আৰম্ভ কৰি বংগ দেশৰ হিন্দু বঙালীলৈকে ভাৰতৰ বিভিন্ন প্ৰান্তৰ বহুতো মানুহে অসমত স্থায়ীভাৱে বসতি স্থাপন কৰিছে আৰু অসমৰ অন্নেৰে প্ৰতিপালিত হৈছে। কিন্তু তেঁওলোকৰ কোনেও অসমীয়া ভাষাক আপোন বুলি গ্ৰহণ কৰি নিজকে ন অসমীয়া বুলি পৰিচয় দিবলৈ আগবাঢ়ি অহা নাই। তাৰ পৰিবৰ্তে বৰং অসমৰ প্ৰতিখন চহৰতে (বৰ্তমান গাওঁতো) মাৰোৱাৰী হিন্দী স্কুল, বঙালী স্কুল আদিহে গজি উঠা আমি দেখিবলৈ পাইছো। অথচ তেওঁলোকৰ সংখ্যা এই ন অসমীয়া মুছলমানসকলতকৈ বহু গুনে কম। লাখ লাখ মানুহৰ এটা বিশাল জনগোষ্ঠীয়ে এনেভাৱে নিজৰ ভাষা স্বেচ্ছাই পৰিত্যাগ কৰি আৰু নিজৰ সাংস্কৃতিক পৰিচয় মোহাৰি পেলাই নতুন ভাষা সংস্কৃতিক আপোন বুলি গ্ৰহণ কৰাৰ উদাহৰণ বিশ্বৰ ইতিহাসতেই বিৰল বুলি কব পাৰি"।
১৯৭৫ চনত যোৰহাটৰ তিতাবৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি ড০ সত্যেন্দ্ৰ নাথ শৰ্মাই নিজৰ অভিভাষণত কৈছিল " অসমীয়া সংস্কৃতি এটা গোষ্ঠী বা সম্প্ৰদায়ৰ দান আৰু আছুতীয়া সম্পদ নহয়। এই সংস্কৃতি অসমীয়া মাতৃভাষাৰূপে কোৱাসকলৰ উপৰিও বড়ো, কছাৰী, মিচিং, তিৱা, ৰাভা, ডিমাছা, চাহ বনুৱা, অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা এসময়ৰ পমুৱা মুছলমানসকলৰ সামন্বয়িক অৱদানৰ ফল। বুৰঞ্জীয়ে দুকি পোৱা সময়ৰ পৰাই অসমীয়া জাতিৰ এই অংগ উপাংগসমূহে একগোট হৈ ঐতিহাসিক ভূমিকা গ্ৰহণ কৰিছে"।
১৯৮৭ চনত পাঠশালাত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি ড০ মহেন্দ্ৰ বৰাই নিজৰ অভিভাষণত কৈছিল " গোৱালপাৰা আৰু নগাওঁৰ আশেপাশে থকা ঠাইবোৰ যেতিয়া খালে ডোঙে ভৰি জলাহ হৈ আছিল, তেতিয়া মাটিত ভৰি দিছিলহি আৰু এচাম নতুন মানুহে। জমিদাৰৰ অত্যাচাৰত দেশ এৰি গুছি অহা এই মানুহ মুঠিক কোনো কোনোৱে ন অসমীয়া আখ্যা দিছে। মই কিন্তু 'ন' বিশেষণটো আৰি দুটা বস্ত যেনে তেনে জোৰা দি যোৱাৰ পক্ষপাতী নহঁও। নাট্যকাৰৰ সন্ধানত দুটা চৰিত্ৰ ওলাই যোৱাৰ দৰে তেওঁলোকৰ নাম এটাৰ সন্ধানত চিৰকাল অসমীয়া অসমীয়া উলাই যাব নোৱাৰি জানো? কাৰণ সেই জোৰা ফন্দা দিয়া বিশেষণটোৱে সময়ে সময়ে খেলিমেলিৰ সৃষ্টি কৰে। তেওঁলোক জীৱনে মৰণে অসমীয়া হৈ গ'ল"।
অসমীয়া জাতিয়তাবাদৰ এজন অন্যতম শক্তিশালী প্ৰবক্তা, লেখক, সাংবাদিক আৰু মানৱাধিকাৰ আন্দোলনৰ অগ্ৰণী নেতা শ্বহীদ পৰাগ কুমাৰ দাসে ১৯৯১ চনতে অসমৰ চৰ চাপৰি অঞ্চল ভ্ৰমণ কৰি খেত্ৰভিত্তিক অধ্যয়ন কৰি "চৰাঞ্চলৰ বাস্তব চিত্ৰ আৰু বিদেশী সমস্যাৰ মূল্যায়ন" শীৰ্ষক এক প্ৰবন্ধ লিখিছে। পৰাগ কুমাৰ দাসে সমস্ত চৰ অঞ্চলত তেওঁ এখনো বাঙালী মাধ্যমৰ স্কুল দেখা পোৱা নাছিল। একেবাৰে ভিতৰুৱা ‘বিদেশী-অধ্যুষিত অঞ্চল’ৰূপে খ্যাত চৰতো তেওঁ ত্ৰিশ-চল্লিশ বছৰ পুৰণি অসমীয়া মাধ্যমৰ স্কুলহে দেখা পাইছিল। সেই ঠাইৰ মানুহে ঘৰুৱাভাবে অসমীয়া-বাঙালী মিহলি ভাষা এটাত কথা পাতিছিল যদিও বাহিৰত সলসলীয়াকৈ অসমীয়া কথা কৈছিল। এম ইলিমউদ্দিন দেৱান নামৰ লোক এজনৰ প্ৰসংগত তেওঁ লিখিছে-চৰ অঞ্চলত ডাঙৰ-দীঘল হোৱা ‘ন-অসমীয়া’এই গৰাকী লোক ১৯৬৪ চনৰে পৰা অসম সাহিত্য সভাৰ সৈতে সক্ৰিয় ভাবে জড়িত আৰু তেওঁ ইতিমধ্যে অসমীয়া ভাষাত আঠাইশখনমান কিতাপ লিখিছে। কিন্তু দুই পুৰুষ ধৰি অসমতে বাস কৰা এই গৰাকী ব্যক্তিৰ বিৰুদ্ধে ভোটাৰ তালিকা সংশোধনৰ সময়ত ‘বিদেশী’ বুলি অভিযোগ তৰা হৈছে আৰু তেওঁ যে ১৯৭১ চনৰ পাছত অসমলৈ অহা নাই, সেই কথা প্ৰমাণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এনেধৰণৰ উদাহৰণ আৰু বহুতো আছে। অসমত কেইবা পুৰুষো ধৰি বসবাস কৰি নিজৰ ভাষা-সংস্কৃতি ত্যাগ কৰি অসমতে জীন যোৱাৰ পাছতো এই সকল মানুহ ‘ বিদেশী’ বুলি অভিযুক্ত হোৱাৰ বেদনা কেনে অসহনীয় সেয়া কেৱল ভুক্তভোগীয়েহে উপলদ্ধি কৰিব পাৰিব।
অত্যন্ত দুখেৰে পৰাগ কুমাৰ দাসে লিখিছে- "হাড়ে-হিমজুৱে অসমীয়া হৈ পৰা এই মানুহখিনিক হোৱাই নোহোৱাই হাৰাশাস্তি কৰি ইচ্ছাকৃতভাৱে আজি আমি তেওঁলোকক মুলসুঁতিৰ পৰা আঁতৰাই পঠিয়াইছো। চৰ অঞ্চলত যে বিদেশী নাই সেইটো আমি ক’ব খোজা নাই, কিন্তু সেইবুলিয়ে অসমীয়া জাতি গঠনৰ কোনো সম্যক জ্ঞান নথকা উতনুৱা চাম এটাই এইবোৰ অঞ্চলৰ পুৰণি বাসিন্দাসকলৰ ওপৰতো যি মানসিক অত্যাচাৰ আৰম্ভ কৰিছে, সি একোটা সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে তাক আৰু অধিক জটিলহে কৰি তুলিছে"। ১৯৯১ চনতে পৰাগ কুমাৰ দাসে চৰৰ সেনানী নামৰ প্ৰবন্ধ এটাত লিখিছে" চৰ অঞ্চলৰ বাসিন্দা মানেই বিদেশী বুলি গণ্য কৰা বিভ্ৰান্ত মানসিকতা ত্যাগ কৰি এই পুৰণি মানুহখিনিৰ ওচৰ চাপিব লাগিব, তেওঁলোকৰ সুখ-দুখৰ সমভাগী হ’ব লাগিব । কেইবা পুৰুষো ধৰি অসমতে থাকি, ইয়াতে জীণ যোৱাৰ পাছতো এই মানুহ খিনিক ‘ন-অসমীয়া’ ৰূপেহে আখ্যা দি দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে ব্যৱহাৰ কৰি অহা ভুলবোৰৰ এতিয়া আৰু পুনৰাবৃত্তি ঘটা অনুচিত"।
অসম আন্দোলনৰ তাত্বিক তথা অসমীয়া জাতীয়তাবাদী ভাৱধাৰাৰ আটাইতকৈ নমস্য বুদ্ধিজীৱী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড ০ নগেন শইকীয়াই ১৯৯৭ চনত বৰপেটা জিলাৰ বাঘবৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ বিশেষ চৰ চাপৰি অধিৱেশনত কৈছে তথা প্ৰবন্ধ এটাত লিখিছে - " তেওঁলোকে ব্যক্তিগত জীৱনত পূৰ্ববংগৰ কথিত ভাষাৰ এটা অসমীয়া মিশ্ৰিত ৰূপ ব্যৱহাৰ কৰি থাকিলেও সকলো সামাজিক ব্যৱহাৰিক জীৱনত অসমীয়া ভাষা নিজৰ কৰি ল'লে আৰু এনেকৈয়ে বৃহত্তৰ অসমীয়া সমাজৰ এটা অংগত পৰিণত হ'ল।........ মোৰ কবৰ মন যায়, লুইতৰ চৰ চাপৰিত গঢ় লৈ উঠা এই অসমীয়া সম্প্ৰদায়টোক 'লৌহিত্য সম্প্ৰদায়' বোলো। ন অসমীয়া, মিয়া অসমীয়া, পমুৱা অসমীয়া, চৰুৱা অসমীয়া বুলি কলে ক'ৰবাত খেদ এটা থাকি যায় যেন লাগে "।
আজি আলফা যদিও নিষিদ্ধ সংগঠন আৰু অসমত প্ৰায় অপ্ৰাসংগিক তথাপিতো আলফাও এসময়ত অসমীয়া জাতীয়তাবাদৰ এক শক্তিশালী ধাৰা প্ৰতিনিধিত্ব কৰিছিল। আলফাৰ মতে " সুদীৰ্ঘ এক শতিকা জুৰি অসমৰ বায়ু, পানী সেৱন কৰি হাড় হিমজুৱে অসমীয়া হৈ পৰা এই জনগোষ্ঠীটোক অসমীয়া মুছলমান বুলিয়েই অভিহিত কৰিব পাৰি যদিও ছমীৰ উদ্দিন আহমেদে " গৰিয়া, মৰিয়া আৰু অন্যান্য সম সাময়িক মুছলমান আৰু অসম মূলৰ মুছলমান বা ধৰ্মান্তৰিত মুছলমান বুলি অভিহিত কৰা সকলৰ লগত এই জনগোষ্ঠীৰ লোক সাহিত্য, লোকভাষা, সামাজিক ৰীতি নীতি, খাদ্যভাস আদিৰ ক্ষেত্ৰত কিছুমান পাৰ্থক্য এতিয়াও পৰিলক্ষিত হয়। এনে পাৰ্থক্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰি এই জনগোষ্ঠীটোক অসমৰ পূৰ্ববঙ্গীয় মূলৰ মুছলমান বুলি অভিহিত কৰিব পাৰি"।
আলোচনাৰ পৰা এটা কথা স্পষ্ট যে চৰুৱা, পমুৱা, মৈমনচিঙীয়া, অভিবাসী মুছলমান, পূৰ্ববঙ্গীয় মূলৰ মুছলমান, বংগমূলীয় অসমীয়া মুছলমান, চৰ-চাপৰিৰ মুছলমান, ন অসমীয়া মুছলমান বা মিয়া যি নামেৰেই নামকৰণ কৰা নহওক কিয় তেওঁলোক প্ৰাক স্বাধীনতা কালৰে পৰাই (প্ৰায় ডেৰশ বছৰ যুৰি) অসমত স্থায়ীভাৱে বসবাস কৰি অসমীয়া ভাষা, সংস্কৃতি গ্ৰহণ কৰি সম্পূৰ্ণৰূপে অসমীয়া হৈ পৰিছে। অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু অৰ্থনীতিত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। জনগোষ্ঠীয় পৰিচয় মিয়া হলেও প্ৰজন্মৰ পিছত প্ৰজন্ম অসমীয়া মাতৃভাষা হিচাপে আৰু জাতীয় পৰিচয় অসমীয়া হিচাপে সদায় গৌৰৱ কৰিব। সেয়েহে আজি অসম আৰু অসমীয়া জাতিক ভালপোৱা বুলি দাবী কৰা আৰু নিজকে অসমীয়া জাতীয়তাবাদী বুলি দাবী কৰা একাংশ দল সংগঠন আৰু তেওঁলোকৰ নেতৃত্বই অম্বিকাগীৰি ৰায় চৌধুৰী, জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, হোমেন বৰগোহাঞি, শ্বহীদ পৰাগ কুমাৰ দাস আৰু ড০ নগেন শইকীয়া দেৱৰ দৰে অসমীয়া জাতিৰ কাণ্ডাৰী তথা অভিভাৱক সকলে দেখুৱাই দি যোৱা সমন্বয়ৰ বাটেৰে জাতিটোক আগুৱাই লৈ যাব নে কোনোবা চূড়ান্ত সাম্প্ৰদায়িক আৰু ক্ষমতালোভী ৰাজনৈতিক দল আৰু নেতাৰ ক্ষমতা দখলৰ হাথিয়াৰ হবলৈ তথাকথিত মিয়া খেদা আন্দোলন কৰি জাতি মাটি ভেটি ৰক্ষাৰ ভুৱ শ্লোগান আওৰাব! দূৰদৰ্শী হিচাপে সঠিক সিদ্ধান্ত ললে জাতিটোৰ বাবেই মঙ্গলজনক!
Ashraful Islam ৰ লেখাটো প্ৰতিজন অসমীয়াই এবাৰ পঢ়া উচিত বুলি ভাৱোঁ।