Upasana Bora

Upasana Bora Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Upasana Bora, Digital creator, Tezpur.
(1)

মোৰ পেজটোলৈ আপোনাক স্বাগতম জনালোঁ 🙏 🙏 সদায়েই ইতিবাচক বাৰ্তা পাই থাকিব,কাকো অপকাৰ নকৰাকৈ জীৱনৰ বাটত আগুৱাই গৈ আছোঁ,জীৱনৰ পথ একা-বেকা,তথাপিও কও জীৱন সুন্দৰ !🌻জীৱন জীৱন বৰ অনুপম ♥️ ♥️ জীৱন জিন্দাবাদ 👍👍

এইটো তেখেতে নিজে ক্ৰিয়েট কৰা এটা চিন, ৰাহুলে লিখিছে। সেই ছটটো শ্ৰীলংকাৰ শেষৰ দিনাৰ নিশাৰ আছিল। সকলো আছেই তেওঁ সাগৰৰ পাৰত...
08/11/2025

এইটো তেখেতে নিজে ক্ৰিয়েট কৰা এটা চিন, ৰাহুলে লিখিছে। সেই ছটটো শ্ৰীলংকাৰ শেষৰ দিনাৰ নিশাৰ আছিল। সকলো আছেই তেওঁ সাগৰৰ পাৰত থিয় হৈছিল, মই এনেই সুধিলো আপুনি কোনখিনিলৈ যাব, তেখেতে কৈছিল মই তালৈকে যাম। মই বোলো ইমান দূৰ মইটো নোৱাৰিম নহয়, কিয় তই সাতুৰিব নাজান’ নেকি? নাজানো, তই আহি যাবি মই তোক লৈ আনিম। ইমান ভৱা নাই আৰু সেইটো আমাৰ শেষৰ ছট যিহেতু, ৰাজেশ দাই কৈছে পানীত পৰাৰ পাছত Re-take লৱলৈ বেয়া হয় গতিকে তহঁতে এবাৰতে কৰিব লাগিব গোটেই shoot টো, বাকি তহঁতে যেনেদৰে কৰ’।
হৈ গ’ল ছটটো, এতিয়া যেতিয়া মনত পৰে নাজানো কি হয়, সেইটো বুজাব নোৱাৰো মোৰ ভিতৰত কিবা এটা চলি আছে। মই চাগে ব‍্যক্তও কৰিব নোৱাৰিম কি হৈ আছে!
তেখেতে চিনেমাখনত এখন লেন্স পিন্ধে, সাধাৰণতে character গ্লাচ পিন্ধিও কৰিব পাৰে। তেওঁ কিন্তু বেছিভাগ চিনতেই সেই লেন্সখন ব‍্যৱহাৰ কৰিছে। যিখন লগালে ৫ শতাংশ হে দেখা পায়। প্ৰায় অন্ধ বুলি কৱ পাৰি। সেইখন লগোৱাৰ বাবে পাছত কষ্ট হয় আৰু খোলাৰ পাছতো চকুৱে বহু সময়লৈ কষ্ট পায়।
শ্ৰী লংকাৰ shoot হৈ থাকোতে দাদাই এনে আমাক কথাই কথাই কৈছিল ‘মানুহে এইখন চিনেমা কান্দি কান্দি চাব চাবি’।মই কৈছো, মানুহে কিয় কান্দিব ইমান ধুনীয়া চিনেমাখন। তেতিয়া ভৱা নাছিলো এতিয়া ভাৱো সেইবোৰ কিয় কৈছিল তেওঁ, চাগে তেওঁৰ soul টোৱে কোৱাইছিল।
তেওঁক ঘনিষ্ঠ ভাৱে পোৱাৰ পাছতো মই একেজনেই, মই জুবিন অনুৰাগীয়ে এতিয়াও, সৰুৰ পৰাই আছিলো অনুৰাগী, অনুৰাগী হৈয়ে তেখেতৰ গানৰ প্ৰেমত পৰিছিলো, অনুৰাগী হৈয়ে গান গাৱ আৰম্ভ কৰিছিলো আৰু অনুৰাগী হৈয়ে তেখতৰ চিনেমাত আছো। তেখেতক লগ পোৱা প্ৰত‍্যেকজনেই হয়টো গম পায় তেখেতক কেতিয়াও পাহৰিব নোৱাৰি, হয়টো এক মিনিটৰ বাবে হওক বা এঘন্টাৰ বাবে হওক বা এদিনৰ বাবেই হওক, সেইয়াই আচলতে জুবিন গাৰ্গ। সৰুৰ লগত সৰু, আমাৰ লগতো বেলেগ ধৰণে থাকে, আচলতে সকলোৰে লগত বেলেগ বেলেগ ধৰণে থাকে। মৰমবোৰ অসমীয়া ৰাইজ আৰু জুবিন দাৰ মাজত সদায় আছে। ৰৈ ৰৈ বিনালে ক অসমীয়া ৰাইজে মৰম সদায় কৰিছে আৰু কৰিব। ইমানখিনি ৰাইজ এতিয়াও জুবিন দাৰ ন‍্যায়ৰ বাবে লাগি আছে। গতিকে ৰাইজে মৰমৰে চাব, মৰমেই দিব আৰু মৰমেৰে জীয়াই ৰাখিব লাগিব তেওঁক।

ওপৰৰ কথোপকথনখিনি আচুৰ্য বৰপাত্ৰ দেৱে কোৱা সংবাদ মাধ‍্যমৰ আগত। কথাখিনি ভাল লাগিল লগতে বুজিব পাৰি যে তেওঁৰ ভিতৰত কি চলিছে সেই ১৯ চেপ্তেম্বৰৰ পৰা! সকলোৱে আৱেগিক হৈছে এই সময়ত। তথাপিও এই মূহুৰ্তত চিনেমা খনৰ শেষৰ চিনটোৰ ওপৰত তেওঁ এনেদৰে বিশ্লেষণ দিয়ে।

জয়ন্ত হাজৰিকাৰ দৰে জুবিনৰ মৃত্যুও ৰহস্য হৈ ৰব নেকি ১৯৭৭ চনৰ ১৫ অক্টোবৰত, শিল্পী জয়ন্ত হাজৰিকাৰ আকস্মিকভাৱে মৃত্যু হয় ...
07/11/2025

জয়ন্ত হাজৰিকাৰ দৰে জুবিনৰ মৃত্যুও ৰহস্য হৈ ৰব নেকি

১৯৭৭ চনৰ ১৫ অক্টোবৰত, শিল্পী জয়ন্ত হাজৰিকাৰ আকস্মিকভাৱে মৃত্যু হয় কলিকতাত । 'নতুন আশা' নামৰ চিনেমাখনৰ সংগীতৰ ৰেকৰ্ডিঙৰ বাবে তেওঁ কলিকতালৈ গৈছিল । খৱৰ অনুসৰি তেওঁ হঠাতে অসুস্থ হয় আৰু মৃত্যুক আঁকোৱালি লয় । তেওঁৰ বয়স আছিল মাত্ৰ ৩৪ বছৰ । ইমান কম বয়সতে জয়ন্ত হাজৰিকাৰ দৰে সামাজিক দায়বদ্ধ , অসমী আইৰ চেনেহৰ শিল্পী গৰাকীক বিদায় দিবলগীয়া কথাটো অতি অসহনীয় আছিল । জয়ন্ত হাজৰিকাৰ অস্বাভাৱিক মৃত্যুত অসমীয়াই বৰ কষ্ট পাইছিল । সেই বেদনাত আজিও ৰৈ ৰৈ কান্দোঁ, ৰৈ ৰৈ বিনাই আছোঁ। জয়ন্ত হাজৰিকা আৰু যদি ২০-২৫ বছৰ জীয়াই থাকিলহেঁতেন, অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক বহু চহকী কৰি থৈ গ'লহেঁতেন । আজিৰ জুবিনৰ দৰে সেই সময়ত জয়ন্ত হাজৰিকাও নতুন প্ৰজন্মৰ বাবে হাৰ্টথ্ৰ'ব আছিল। তেওঁ গঠন কৰা "সুৰ-বাহিনী"ৰ দ্বাৰা সামাজিক কল্যাণকৰ কামলৈ যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ সময়তে অসমে তেওঁক হেৰুৱাইছোঁ । তেওঁ কৈছিল - "মই এতিয়া কথা ক'ম সুৰেৰে । কথা ক'ম -মোৰ গীতেৰে । মই গীত গাবলৈ আলিবাটলৈ ওলাই আহিম - মঞ্চলৈ নহয় । ৰাইজৰ বিপদৰ সময়ত , দুৰ্যোগৰ সময়ত সুৰ-বাহিনীয়ে ৰাইজৰ কাষত থিয় দিবগৈ। সংস্কৃতিৰ নামত দুষ্কৃতিৰ পোহাৰ মেলা সকলক সুৰ- বাহিনীয়ে বাধা দিব সুৰেৰে , গীতেৰে । "

আমি তেতিয়া প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ । ৰেডিঅ'ত প্ৰথম খবৰ আহিছিল। শোকত ভাগি পৰিছিল অসমীয়া। প্ৰিয় শিল্পী গৰাকীৰ মৃত্যু সম্পৰ্কীয় বাতৰি কাকতৰ খবৰে সেই সময়ত বিভিন্ন প্ৰশ্নৰ, সন্দেহৰ সৃষ্টি কৰিছিল। তেওঁৰ অনুৰাগীসকলে নিজস্ব চিন্তাৰে, বাটে - ঘাটে আলোচনা কৰা কথাবোৰ আজিও আমাৰ মনত পৰে । খাদ্যত হোৱা বিষক্ৰিয়াৰ বাবে তেওঁ ঢুকাল বুলি খবৰ ওলাইছিল। মদৰ লগত বিষ মিহলাই প্ৰাণৰ শিল্পী গৰাকীক হত্যা কৰা হ'ল বুলিও খবৰ ওলাইছিল। প্ৰকৃততে কি হৈছিল ? তেওঁৰ মৃত্যুৰ কাৰণ কি ? সেই সম্পৰ্কত আজিও কোনো সিদ্ধান্ত অসমীয়াই পোৱা নাই । সেয়া এক ৰহস্য হৈয়ে থাকিল । জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ উচিত তদন্ত , ন্যায়ৰ বাবে আজিৰ অসমীয়াই যিধৰণে দাবী উত্থাপন কৰিছে , সেই সময়ত তেনে প্ৰতিক্ৰিয়াও নাছিল ।

জুবিনক ন্যায় দিব‌ই লাগিব । জুবিনৰ মৃত্যু কিদৰে হ'ল প্ৰতিজন অসমীয়াই জানিব লাগিব। আজি প্ৰায় ডেৰ মাহ হ'ল এই বিষয়টো অহোৰাত্ৰি আমাৰ মন মগজুত লাগি আছে । ইতিমধ্যে বহু কথা ওলাইছে । ৰাইজে সন্দেহ কৰিছে - এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি । আনকি মুখ্যমন্ত্ৰীয়েও এয়া হত্যাকাণ্ড বুলিয়ে কৈছে । ভাৰতীয় ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থা ৰাখি আমি অপেক্ষা কৰিছোঁ । কিন্তু অপেক্ষাৰ দুৰ্বল মুহূৰ্তবোৰত মাজে মাজে ভাব হয় -

জয়ন্ত হাজৰিকাৰ মৃত্যু ৰহস্যৰ দৰে -

জুবিনৰ মৃত্যুও ৰহস্য হৈ থাকিব নেকি ?

© Biplab deka

এদিন তোমাৰ চকুত চকুপানী দেখিছিলো!তোমাক হেৰুৱাই এতিয়া সমগ্ৰ অসমবাসীয়ে দিনে ৰাতিয়ে চকুপানী টুকি আছে জুবিন দা 😭 😭 তোমাক ...
07/11/2025

এদিন তোমাৰ চকুত চকুপানী দেখিছিলো!
তোমাক হেৰুৱাই এতিয়া সমগ্ৰ অসমবাসীয়ে দিনে ৰাতিয়ে চকুপানী টুকি আছে জুবিন দা 😭 😭
তোমাক পাহৰা নাই, পাহৰিব নোৱাৰিম...
#জুবিন_গাৰ্গ

চেল্যুট চেল্যুট চেল্যুট...সাহসী গৰিমা শইকীয়া গাৰ্গৰ সাহসী প্ৰতিজ্ঞা।অন্য নাৰীৰ বাবেও আদৰ্শ হৈ থাকক গৰিমা বৌ প্ৰতিজ্ঞা।স্...
07/11/2025

চেল্যুট চেল্যুট চেল্যুট...সাহসী গৰিমা শইকীয়া গাৰ্গৰ সাহসী প্ৰতিজ্ঞা।অন্য নাৰীৰ বাবেও আদৰ্শ হৈ থাকক গৰিমা বৌ প্ৰতিজ্ঞা।স্বামী বিয়োগ হ'লে পত্নীক বগা কাপোৰ পিন্ধিবলৈ বাধ্য কৰাই শিৰৰ সেন্দুৰ মচি দিয়া পৰম্পৰাবোৰ শুধৰণি গৰিমা শইকীয়া গাৰ্গৰ পৰাই হওক।প্ৰাণৰ আপোনজনে মৰমত পিন্ধাই দিয়া শিৰৰ সেন্দুকণ কিয় তেওঁ কায়িক ভাৱে নাই বুলিয়েই মচি পেলাব লাগে।প্রিয়জন কায়িক ভাৱে নাথাকিলেও তেওঁৰ নামত পিন্ধি লোৱা শিৰৰ ৰঙা সেন্দুৰে চিৰজীৱন লগত ৰাখিব পত্নীক।যিটো গৰিমা শইকীয়া গাৰ্গে উপলব্ধি কৰিয়েই হয়তো প্ৰতিজ্ঞা কৰিছিল শিৰৰ সেন্দুৰ আজীৱন জুবিনৰ নামত লৈ থাকিব।সেন্দুৰ লৈ থকা কথাটো আৱেগিক হৈ খুব সাহসেৰে বৰ্ণনা কৰিছে গৰিমা বৌয়ে।"এইখিনি সেন্দুৰ তেওঁক মই প্ৰমিজ(প্ৰতিজ্ঞা) কৰিছোঁ।তেওঁ হাতখন শিৰত লৈ কৈছিলোঁ,এই জীৱনৰ বাবে যি দিলা সদায় ৰাখিম।পিছৰবাৰ লগ পাই আকৌ নতুনকৈ লোৱালৈকে এই সেন্দুৰ সদায় সজীৱ হৈয়ে থাকিব"।গৰিমা বৌ কথাকেইটা শুনি বুকুখন ভৰি গ'ল❤️জুবিনদায়ে বৌক জীয়াই থাকোতে থিকেই কৈছিল বাঘৰ পত্নী হৈছা যেতিয়া বাঘিনী হ'ব লাগিব।বৌ এই সাহসী সিদ্ধান্তই আকৌ এবাৰ প্ৰমাণ কৰি দিলে তেওঁ যে শক্তিশালী❤️🙏 ভালে থাকক আপুনি বৌ❤️🙏


© Copy post

◆ মৃত্যুৰ দিনা গাবলৈ গান ( নে প্ৰাৰ্থনা!) এটা লিখি থৈ যোৱাৰ পৰা চিতাত জাপিবলৈ নিজে ৰোৱা চন্দন গছজোপাৰ কাঠ ব্যৱহাৰ কৰিব প...
06/11/2025

◆ মৃত্যুৰ দিনা গাবলৈ গান ( নে প্ৰাৰ্থনা!) এটা লিখি থৈ যোৱাৰ পৰা চিতাত জাপিবলৈ নিজে ৰোৱা চন্দন গছজোপাৰ কাঠ ব্যৱহাৰ কৰিব পৰাকৈ থৈ যোৱা মানুহ আছিল জুবিন।

◆ প্ৰতিটো পৰিস্থিতিৰ সৈতে মিলি যোৱাকৈ গীতবোৰ নিজেই গাই থৈ যোৱা মানুহ আছিল জুবিন। আজি তিনিদিন ৰাতিয়ে দিনে গীতকে বাজি থাকিল কিন্তু এটাও আনৰ গীত বজাবলগীয়া নোহোৱাকৈ গাই থৈ যোৱা মানুহ আছিল জুবিন।

◆ 'ভাৰত চৰকাৰে কি দিবহে মোক! আমিহে ওলোটাই চাহ দিছোঁ, গড় দিছোঁ আৰু জুবিন গাৰ্গ দিছোঁ' বুলি বুকু ফিন্দাই ক'ব পৰা মানুহ আছিল জুবিন।

◆ এখন মঞ্চত থিয় হৈ সত্ৰাধিকাৰক, চৰকাৰক সৎ সাহসেৰে বুকুত উদয় হোৱা প্ৰশ্নবোৰ কৰিব পৰা মানুহ আছিল জুবিন।

◆ গান গোৱা মানুহ এজনে চিনেমা এখন বনালে। তাকো দৌৰি দৌৰি মানুহক চাবলৈ নিব পৰা মানুহ আছিল একমাত্ৰ জুবিন।

◆ 'মোৰ মৃত্যুত সাতদিন বন্ধ হ'ব' বুলি কৈ থৈ যাব পৰা মানুহ আছিল জুবিন।

◆ তিনিজন অন্ধ লোক জুবিন গাৰ্গক সৰুসজাইলৈ চাবলৈ আহিছিল। তেওঁলোকে জানিছিল, ভালকৈয়ে জানিছিল যে জুবিন গাৰ্গক চাবলৈ চকুৰ পোহৰৰ প্ৰয়োজন নাই। বুকুৰ পোহৰেই যথেষ্ট ।

◆ হাজাৰ হাজাৰ মানুহ হোৱা তেওঁৰ অনুষ্ঠানবোৰত আৰক্ষীয়ে চম্ভালিব নোৱাৰাকৈ উৎপাত কৰে তেওঁৰ অনুৰাগীয়ে। আৰক্ষীয়ে চম্ভালিব নোৱাৰি হতাশ হোৱাৰ সময়তে তেওঁ মাইক্ৰ'ফোনটো লৈ এবাৰ মাত্ৰ কৈ উঠে- ' ঐ উৎপাতবোৰ কমকৈ কৰ। একদম হুলস্থুল নকৰিবি'- মাত্ৰ এষাৰ বাক্যতে শান্ত হৈ পৰে অগণন জনতা। সেই শক্তি আছিল কেৱল জুবিনৰ মাতত।

◆ মই পয়ত্ৰিশ হাজাৰ গান গালোঁ। এৱাৰ্ড মোক নালাগে। নতুন ল'ৰা ছোৱালীক এৱাৰ্ড দিয়ক। উৎসাহ পাব- এয়া কেৱল জুবিনে ক'ব পাৰে।

সেইজন মানুহ গ'লগৈ। আৰু এজন জুবিন গাৰ্গ নোলায় সেয়া সঁচা কথা। কিন্তু এইকেইদিনৰ অসমখন চাই এনে ভাৱ হৈছে যে জুবিনে তেওঁৰ দৰেই হ'বলৈ মানুহবোৰক শিকাই থৈ গ'ল।

এজন মানুহৰ মৃত্যুত যে বিশিষ্ট লোকৰ পৰা আৰম্ভ কৰি পদপথৰ মগনীয়াজনলৈকে, কণ কণ শিশুৰ পৰা আৰম্ভ কৰি নব্বৈ বছৰীয়া বৃদ্ধজনলৈকে কান্দিব পাৰে সেয়া কেৱল জুবিনেহে শিকাই থৈ গ'ল। ডিউটি দি থকা আৰক্ষীয়ে হুকহুকাই কান্দিলে, বৃদ্ধ চিকিউৰীতি গাৰ্ডজনে কলপাতত ফুল কেইপাহমান লৈ ৰৈ থাকিল। কুকৰকেইটা, বান্দৰটো ফটোৰ সন্মুখত দীঘল দি পৰি থাকিল, খোজ কাঢ়িব নোৱাৰা আইতাগৰাকীয়ে লাখুটিত ভৰ দি দি সৰুসজাই পালেগৈ, মৃতদেহ কঢ়িওৱা এম্বুলেন্সৰ চালকে কান্দি কান্দি চলালে গাড়ী... এয়া কেৱল জুবিনেহে পাৰিছিল।

'মানুহ হোৱাৰ সমান ধৰ্ম নাই' এয়া কেৱল জুবিনে শিকাব পাৰিছিল। দৈনিক এশটা মৃত্যুৰ খবৰ দিয়া সাংবাদিকে সকলো এথিকছ পাহৰি, মেচিন হ'বলৈ পাহৰি হুকহুকাই কান্দি বাতৰি পঢ়িলে- এই চকুপানী কেৱল জুবিনৰ বাবে আছিল।

এইকেইদিন দেখা অসমখন চাই ওপৰৰ পৰা এবাৰ হ'লেও জুবিন গাৰ্গে সুখেৰে হাঁহিছে। মনে মনে চাগে কৈছেও

' মোৰ অৱৰ্তমানত ইহঁতবোৰে মোৰ অসমখনক অসম কৰি ৰাখিব। ইয়াতকৈ মোৰ আত্মাক আৰু লাগে কি! ইয়াতকৈ বেছি আৰু মই বিচাৰিছিলোঁনো কি?


©গায়ত্ৰী প্ৰান্তিক শৰ্মা।

Copied from Facebook

তামুলপুৰৰ শিপিনী বিজয় দাসৰ তাঁতশালত প্ৰাণৱন্ত হৈ উঠিল জুবিন দা,বুটা বাছি গামোচাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হুবহু আঁকিল...
06/11/2025

তামুলপুৰৰ শিপিনী বিজয় দাসৰ তাঁতশালত প্ৰাণৱন্ত হৈ উঠিল জুবিন দা,বুটা বাছি গামোচাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হুবহু আঁকিলে শিল্পীগৰাকীয়ে।‌

ধন্য শিল্পী, ধন্য ! অযুত শুভেচ্ছা, আগুৱাই যোৱা।

💔 'ৰৈ ৰৈ বিনালে' চাই গৰিমা শইকীয়া গাৰ্গৰ অনুভূতি: এটা মৰ্মস্পৰ্শী ফেচবুক পোষ্ট 💔মৰমৰ অনুৰাগীসকল,   আজি 'ৰৈ ৰৈ বিনালে' (R...
06/11/2025

💔 'ৰৈ ৰৈ বিনালে' চাই গৰিমা শইকীয়া গাৰ্গৰ অনুভূতি: এটা মৰ্মস্পৰ্শী ফেচবুক পোষ্ট 💔
মৰমৰ অনুৰাগীসকল,
আজি 'ৰৈ ৰৈ বিনালে' (Roi Roi Binale) চালোঁ... এইখন মোৰ বাবে কেৱল এখন চিনেমা নহয়, এয়া হৈছে গোল্ডিৰ শেষ সপোনটোৰ পূৰ্ণতা। চিনেমাখন চাই ওলাই আহোঁতে মোৰ অনুভৱ কি হৈছে, সেয়া আজিও মই ভাষাৰে প্ৰকাশ কৰিব পৰা নাই।
এফালে গৌৰৱ যে সকলো বাধা নেওচি, তেওঁৰ আদৰ্শ আৰু সপোনক সন্মান জনাই আমি এই কামটো শেষ কৰিব পাৰিলোঁ। তেওঁ যেনেকৈ কৰি যাব খুজিছিল, ঠিক তেনেকৈয়ে সকলো হৈছে। অমৃত প্ৰীতম আৰু দেবজিৎ চাংমাইৰ অক্লান্ত প্ৰচেষ্টাত গোল্ডিৰ মাতটো প্ৰতিটো ডাইলগত জীয়াই আছে। মই অনুভৱ কৰিছোঁ— তেওঁ মোৰ কাষতে বহি চিনেমাখন চাই আছে।
আনফালে এক গভীৰ শূন্যতা আৰু বিষাদ। তেওঁ নিজৰ ডাবিংটো শেষ কৰিব নোৱাৰিলে! এই কথাটোৱে মোক আজিও বৰকৈ কষ্ট দিয়ে। মনত হাজাৰটা প্ৰশ্ন - কিয় ইমান সোনকালে আমাক এৰি গ'লা?
যি কি নহওক, মই এই ছবিখন প্ৰতিদিনে চাম। এইখন চাই থকা মানেই তেওঁৰ সৈতে সংযোগ হৈ থকা। তেওঁৰ এই শেষ উপহাৰটোৰ বাবে সমগ্ৰ অসমবাসীক মই ধন্যবাদ জনাইছোঁ। আপোনালোকে তেওঁক যি মৰম আৰু সাহস দিলে, সেয়াই আমাৰ একমাত্ৰ শক্তি।
অনুৰোধ জনাইছোঁ, সকলোৱে যেন এই চিনেমাখন চাই, তেওঁৰ সপোনটোক জীয়াই ৰাখে।
'ৰৈ ৰৈ বিনালে' চাই মই প্ৰতিটো পলতে তোমাক অনুভৱ কৰিছোঁ, গোল্ডি!
আপোনালোকৰ, গৰিমা শইকীয়া গাৰ্গ (Zubeen Garg's Last Dream)



#ৰৈৰৈবিনালে



#জুবিনগাৰ্গ



#গৰিমাগাৰ্গ





#অসমীয়াসিনেমা











অনুৰাগীৰ উপহাৰৰে ভৰি পৰিছে জুবিনক্ষেত্ৰ। কোনোবাই যদি আনিছে গামোচা, কোনোবাই আনিছে জুবিনে ভাল পোৱা কিতাপ, জুবিন দাৰ ফটো। জ...
05/11/2025

অনুৰাগীৰ উপহাৰৰে ভৰি পৰিছে জুবিনক্ষেত্ৰ। কোনোবাই যদি আনিছে গামোচা, কোনোবাই আনিছে জুবিনে ভাল পোৱা কিতাপ, জুবিন দাৰ ফটো। জুবিন দাই ভাল পোৱা সকলো বস্তু উপহাৰ দিছে অনুৰাগীয়ে। অনুৰাগীৰ উপহাৰ সযতনে ৰাখিবলৈ ঠাইৰ অভাৱ হৈ পৰিছে জুবিনক্ষেত্ৰত।

 #এবাৰ পঢ়ক আৰু ভাবক! #এই নিস্পাপ পুত্ৰ সন্তানটিৰ মুখখনলৈ চাইয়ো বাপেকে মদ এৰিব পৰা নাছিল : This is not death; this is S...
05/11/2025

#এবাৰ পঢ়ক আৰু ভাবক!

#এই নিস্পাপ পুত্ৰ সন্তানটিৰ মুখখনলৈ চাইয়ো বাপেকে মদ এৰিব পৰা নাছিল : This is not death; this is Su***de!

অসমৰ বহু প্ৰতিভাধৰ ব্যক্তি অকালতে হেৰাই গ'ল। তাৰ একমাত্ৰ কাৰণ মদ। মোৰ বহু ঘনিষ্ঠ বন্ধু হেৰাই গ'ল। আজি বিশিষ্ট বাঁহী বাদক দীপক শৰ্মা হেৰাই গ'ল। জুবিন দা হেৰাই গ'ল। আকৌ জুবিন দাৰ সমাধিস্থলীত মদ খাই,মদ অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ যোৱা অহৌবলিয়া পৰিবেশ আৰু পৰিস্থিতিৰ সৃষ্টি হৈছে।

আজি দীপক শৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত এই নিস্পাপ পুত্ৰ সন্তানটিৰ মুখখনলৈ চাই বুকুখন কঁপি গ'ল। এই পুতেকটোৰ মুখলৈ চাইও বাপেকে মদ এৰিব পৰা নাছিল। এয়া মৃত্যু নহয়; এয়া আত্মহত্যা !

মই নিজেও এটা সময়ত আকন্ঠ সুৰাপান কৰিছিলোঁ। কাৰো কথা শুনা নাছিলোঁ। কিন্তু এতিয়া? কেৱল মদেই নহয়। সম্পূৰ্ণ নিৰামিষভোজী। জীয়াই থাকিবলৈ যিখিনি খাদ্যৰ প্ৰয়োজন হয়; সেইখিনিহে গ্ৰহণ কৰোঁ।

এই সকলোবোৰ ত্যাগ কৰাৰ একমাত্ৰ কাৰণ হ'ল মোৰ একমাত্ৰ পুত্ৰ সন্তানটি। সি সৰুৰে পৰাই নিৰামিষভোজী। তাৰ ওচৰত মই ভীষণ ভাৱে লজ্জিত হৈছিলোঁ। মদ খাই আহি তাৰ মুখলৈ চাবলৈ ভয় লাগিছিল। এটা অজান আশংকাত ভুগিছিলোঁ। কিজানি সি মোৰ পথটো অনুসৰণ কৰে!

মই কোনো ধনীৰ দুলাল নহয়। কালিলৈ মই হঠাৎ মৰি গ'লে তাক কোনে চাব,তাক কোনে ডাঙৰ দীঘল কৰিব! সেই আশংকাই মোক খুলি খুলি খাইছিল। কিন্তু আজি সেই আশংকা মোৰ নাই। মোৰ বিভিন্ন আত্মীয়ৰ পৰা আৰম্ভ কৰি মদ খাই কোন,কোন মৰা নাই! অগণিত।

আজিৰ পৰা প্ৰায় দুটা দশক পূৰ্বে লোকসেৱা আয়োগৰ মৌখিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ। টকা দিব নোৱাৰাৰ বাবে চাকৰিটো নাপালোঁ। লগৰবোৰে SP,DC হ'ল। মই হৈ থাকিলোঁ বাহ্যিক দৃষ্টিত "লেঠু চিঙা বাংনা"। এই নিৰাশাত সুৰাপান কৰিবলৈ শিকিলোঁ। মোৰ দৰে ক'ত জনৰ হয়তো এনে কিছুমান কাৰক আছিল। যি অব্যক্ত!

মদ এৰকহে বন্ধু সকল। শেষত গৈ ঘৰ, পৰিয়াল, আত্মীয় স্বজনৰ সলনি কেৱল মদহে সংগী হৈ পৰে।

মই যি গতিত সুৰাপান কৰিছিলোঁ তাৰ বাবে হয়তো মই নিচামুক্তি কেন্দ্ৰত অৰ্থাৎ Rehabilitation centre ত মাহ-মাহ ধৰি থাকিব লাগিছিল কিন্তু তেনে নহ'ল। মাত্ৰ তিনিটা দিনৰ নিৰন্তৰ ঈশ্বৰ সাধনাই মোক মুক্ত কৰিবলৈ সক্ষম হ'ল। This is the power of Sanatan Hindu Dharma..... মই যেন ৰত্নাকৰৰ পৰা বাল্মিকী হলোঁ........!

I don't have hypocrisy. So today I can admit this openly and boldly.

বিশ্বজিৎ নাথ
০৪/১১/২০২৫
গুৱাহাটী।।

একতাৰ বল কিমান, সেইয়া জুবিন অনুৰাগীয়ে গোটেই বিশ্বক দেখুৱালে।  # টেগ ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বিশ...
05/11/2025

একতাৰ বল কিমান, সেইয়া জুবিন অনুৰাগীয়ে গোটেই বিশ্বক দেখুৱালে। # টেগ ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বিশ্বৰ প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। ন্যায় নোপোৱালৈকে অবিৰত ভাৱে দৈনিক সকলোৱে লিখি থাকক। অনাগত দিনত জুবিন প্ৰেমীৰ এই অভিলেখ কোনেও যাতে সহজতে ভংগ কৰিব নোৱাৰে।

এতিয়া আহো অহিংসাৰ বল কিমান তাক অসমীয়াই প্ৰতিপন্ন কৰাৰ সময়। ইতিহাসত দেখা পোৱা যায় অহিংসাত বিশ্বাসীসকলে সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তন লাভৰ উপায় হিচাপে অহিংসাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰি আহিছে। অহিংসাৰ পথ হিংসাৰ পথতকৈ অধিক শক্তিশালী। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় আমি কোনো ডেকাৰ তেজৰ বিনিময়ত বিচৰা নাই। সেই সুযোগ জুবিন বিদ্বেষীক ল'বলৈ নিদিব। আমাৰ এই অহিংসা যাত্ৰা ন্যায় নোপোৱা পৰ্য্যন্ত চলি থাকিব।

আহক আমি সকলোৱে আকৌ অহিংসাৰ বাটেৰে লিখো


©বিশ্বজিৎ খনিকৰ

এয়াই হৈছে আমাৰ মৰমৰ জুবিন দা  ।চৌদিশে কেৱল অভিলেখ আৰু অভিলেখ ।অসম তথা উত্তৰ পূৰ্বাঞ্চলেই নহয়, সমগ্ৰ ভাৰততে ৰচনা হৈছে এটা...
05/11/2025

এয়াই হৈছে আমাৰ মৰমৰ জুবিন দা ।
চৌদিশে কেৱল অভিলেখ আৰু অভিলেখ ।
অসম তথা উত্তৰ পূৰ্বাঞ্চলেই নহয়, সমগ্ৰ ভাৰততে ৰচনা হৈছে এটাৰ পিছত এটাকৈ অভিলেখ ।
অভিলেখ হৈছে কালেকচনত, অভিলেখ হৈছে প্ৰদৰ্শনত ।
আনকি বলীউডৰ শ্বাহৰুখ খানৰ দৰে তাৰকাকো কৰবাতে পিছ পেলাই আগুৱাই গৈছে আমাৰ মৰমৰ জুবিন দাই । শ্বাহৰুখ খানৰ 'জৱান' ছবিখনৰ উত্তৰ পূৰ্বাঞ্চলত এদিনত মুঠ প্ৰদৰ্শনৰ সৰ্বাধিক সংখ্যা আছিল ৪২৮ টা । কিন্তু 'ৰৈ ৰৈ বিনালে'ই কালি মুক্তিৰ দিনাই এই সংখ্যা কৰবাতে থৈ ৬৫০ অতিক্ৰম কৰি অভিলেখ ৰচিলে ।



এয়াই হৈছে আমাৰ মৰমৰ জুবিন দা ।
সুদীৰ্ঘ অপেক্ষাৰ অন্তত যোৱা কালি ( ৩১ অক্টোবৰ ) ছবিঘৰত মুক্তি পালে জুবিন দাই নায়ক হিচাপে অভিনয় কৰা অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে' । পুৱা ৪.২৫ বজাতেই গুৱাহাটীৰ বেলতলাস্থিত 'মেট্ৰিক্স' ছবিঘৰত যোৱা কালি ছবিখনৰ প্ৰথমটো প্ৰদৰ্শন হৈ এতিয়ালৈকে অসমত তথা উত্তৰ পূৰ্বাঞ্চলত অসমীয়া বা হিন্দী ছবি ইমান পুৱাই প্ৰদৰ্শন হোৱাৰ ক্ষেত্ৰত ই এক অভিলেখ গঢ়িলে ।

ভাৰতবৰ্ষত ইয়াৰ পূৰ্বে বহুকেইখন দক্ষিণৰ ছবিয়ে পুৱা ৪ বজাত চিত্ৰগৃহত প্ৰদৰ্শিত হৈ অভিলেখ ৰচিছিল । তামিল ছবি 'কাংগুৱা' হৈছে এনে এখন ছবি যিখন ছবি অন্ধ্ৰপ্ৰদেশ আৰু কেৰালাত পুৱা ৪ বজাত ছবিঘৰত প্ৰদৰ্শন হৈছিল।

২০২৪ চনৰ ১৪ নবেম্বৰত ছবিখন মুক্তি পাইছিল সুৰ্য, ববী দেউল দিশা পাটানিয়ে সেই ছবিখনত অভিনয় কৰিছিল ।

আন এখন ছবি আছিল বিজয় অভিনীত GOAT ( the greatest of all time ) । ২০২৪ চনৰ ৫ চেপ্টেম্বৰত ছবিখন মুক্তি পাইছিল ।

সেই ছবিখনো তামিলনাডু, কেৰালা আৰু আমেৰিকাত পুৱা ৪ বজাত ছবিঘৰত প্ৰদৰ্শন হৈছিল । কিন্তু উত্তৰ পূৰ্বাঞ্চলত যিকোনো ছবিৰ ক্ষেত্ৰত পুৱা ৪.২৫ বজাতেই ছবিঘৰত প্ৰদৰ্শন হোৱা প্ৰথম তথা একমাত্ৰ ছবি হিচাপে অভিলেখ ৰচিলে 'ৰৈ ৰৈ বিনালে'ই ।



Copied

Address

Tezpur

Website

Alerts

Be the first to know and let us send you an email when Upasana Bora posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Upasana Bora:

Share