19/05/2026
সৰু ল'ৰা-ছোৱালীৰ মাক দেউতাক সকল সাৱধান হওকঃ
সৰু ল'ৰা ছোৱালী থকা মাক দেউতাক সকল কিছু সাৱধান আৰু সচেতন হোৱা ভাল। আজিকালি বহু parents অৰ্থাৎ মাক-দেউতাক দুয়োজনেই চাকৰিয়াল। কৰ্মৰ খাতিৰত অকলশৰীয়াকৈ থকা বহু চাকৰিয়াল স্বামী পত্নীয়ে কামকৰা সহায়িকা বা kid school বোৰত নিজৰ সন্তানক থৈ নিজৰ কৰ্মক্ষেত্ৰলৈ যায়। সন্তানটিৰ পিতৃ মাতৃ অথবা পৰিয়ালৰ কোনোবা সদস্যৰ দৰে অন্য কোনোবাই বিনা স্বাৰ্থত আপোনাৰ সন্তানটিক ভালদৰে চোৱাচিতা কৰিব নে? আপোন মানুহে কোনো স্বাৰ্থ নথকাকৈ আন্তৰিকতাৰে আপোনাৰ সন্তানটিক চোৱাচিতা কৰিব, কিন্তু সহায়িকা এগৰাকীয়ে হওক বা kids school বোৰেও সেই টকাৰ বিনিময়ত হে আপোনাক সন্তানটিক চোৱাচিতা কৰিব ? কিন্তু কিমান আন্তৰিকতাৰে ৰাখিব কিমান মৰমৰে ৰাখিব সেইটোত কোনো নিশ্চয়তা নাই! নিতৌ ক'ত কি ঘটনা বাতৰি কাকতত পঢ়িবলৈ পাওঁ অথবা টিভি চেনেলবোৰত শুনিবলৈ পাওঁ।
সন্তান এটি মাক এগৰাকীয়ে দহমান দহদিন গৰ্ভত লৈ বহু কষ্টৰে জন্ম দিয়ে। সেই কথা সকলো মাতৃয়ে অনুভৱ কৰিব পাৰে!কিছুমান মাতৃয়ে বহু বছৰৰ পাছত বহুত সাধনাৰ ফলত হে সন্তান পোৱা ও আমি দেখিছোঁ। তেনে ক্ষেত্ৰত
কিমান মৰম আৰু দায়বদ্ধতাৰে সন্তানটি মৰমৰে আৱৰি ৰাখিব লাগে? হৃদয়ংগম কৰেনে? এই ক্ষেত্ৰত আপুনি চাকৰিটোক বেছি গুৰুত্ব দিব নে আপোনাৰ সন্তানটিক বেছি গুৰুত্ব দিব? বিশেষকৈ যিসকল নাৰীৰ স্বামীয়ে এটা ভাল চাকৰি কৰে, মই ভাবোঁ তেওঁলোকে প্ৰথম নিজৰ সন্তানটিক জনা বুজা নোহোৱা লৈকে চাকৰটোক বেছি অগ্ৰাধিকাৰ দিব নালাগে। সন্তানটি পৃথিৱীত আনিছে যেতিয়া তাক লালন পালন কৰি ডাঙৰ কৰাটো মাতৃ গৰাকীৰ বেছি দায়িত্ব। কাৰণ আপোনাৰ পঢ়া শুনা থাকিলে এটা চাকৰি বাদ দিলেও আকৌ আন এটা চাকৰি পাব, কিন্তু সন্তান এটি বাৰ বাৰ পাবনে? আপোনাৰ বয়স থাকিবনে? আপুনি বিচাৰিলেই জানো বাৰ বাৰ সন্তান পাব? কিবা কাৰণত আপোনাৰ অসাৱধানৰ ফলত সন্তানটি যদি ভগৱান নকৰক কিবা এটা ঘটনা হৈ যায়? তেতিয়া কাৰোবাৰ ওপৰত কেচ দিলেও আপুনি জানো সন্তান টি ঘুৰাই পাব ? যি সকল নাৰী এই ক্ষেত্ৰত আকোৰগোঁজ তেনে সকলক কৈছোঁ, চাকৰিটোক যদি আপোনাৰ সন্তানটোত কৈ বেছি গুৰুত্ব দিব খোজে? তেনে আপুনি মাতৃ হোৱাৰ সপোন কেতিয়াও নেদেখিব? বা দেখিব নালাগিছিল!
আপুনি চাকৰি কৰিব,টকা এগাল পাব! তেনে সন্তান কিয় লাগে? মাতৃ হ'ব কিয় লাগে? টকায়ে ঘটক। চাকৰি আৰু সন্তান দুয়োটা সুখ বহু কম মাতৃয়ে পোৱা দেখিছোঁ। মোৰ মাতৃদেৱীয়ে ও আমাৰ বয়স ৬ বছৰ মান হোৱাৰ পাছত হে চাকৰিৰ কথা ভাবিছিল। তাৰ আগতে চাকৰি কৰা কথা সপোনতো ভবা নাছিল, কাৰণ আমাক চাবলৈ কোনো নাছিল। যৌথ পৰিয়াল হ'লেও দেউতাই চাকৰি কৰিছিল, দুয়োজন খুৰাই চাকৰি কৰিছিল। দেউতাৰ মাতৃৰ যথেষ্ট বয়স আছিল আৰু তেওঁ অসুখীয়া আছিল। তেনে ক্ষেত্ৰত মায়ে কাক দায়িত্ব দি চাকৰি কৰিব যাব? আমি জনা বুজা হোৱাৰ পাছত মায়ে চাকৰিৰ কথা ভাবিছিল।
আপোনাৰ স্বামী মতা মানুহ,নিজৰ অফিচৰ কামৰ বাহিৰেও ঘৰুৱা হাত বজাৰ, সন্তানৰ সকলো খৰচ তেওঁ বহন কৰে বা কৰিব। বেছিভাগ ক্ষেত্ৰত মতা মানুহ জনেই কৰে। পত্নী গৰাকীয়ে চাকৰি কৰিলেও খুব কম স্বামীয়েহে পত্নী টকা লৈ ঘৰ চলোৱা আমি দেখিবলৈ পাইছোঁ। বাকী দায়িত্ব পালন কৰিব পাৰিলেও এগৰাকীৰ মাতৃৰ দায়িত্ব এজন পিতৃয়ে কেতিয়াও ভালদৰে পালন কৰিব নোৱাৰিব। বাধ্যত পৰি বা অসহায় হ'লেহে বহু কম মতা মানুহে হে সন্তানটি সকলো ফালে বহু কষ্টৰে সন্তান এটিৰ দায়িত্ব ল'ব লগা হয়।
কাছাৰ জিলাৰ কাটিগড়াৰ ব্যক্তিগত হলী ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষা আৰু দুগৰাকী দায়িত্বশীল শিক্ষকৰ অৱহেলাৰ অভিযোগে আজি সমগ্ৰ সমাজক নীৰৱ কৰি তুলিছে। তেওঁলোকৰ অসাৱধানৰ বাবে কেনেকৈ এটি শিশু অকালতে মৃত্যুবৰণ কৰিবলগীয়া হ'ল,কথাখিনি শেষৰ ফালে পঢ়ি চাব। এই ঘটনাটো ঘটাৰ পাছত কণমানি টোৰ মুখখন বাৰে বাৰে মোৰ চকুৰ আগত ভাহি আছে। সেয়েহে baby বোৰক মই কেৱল সহায়িকা অথবা kid school ত থোৱা কথাটো চাপৰ্ট নকৰোঁ। বাকী আপোনালোকৰ গঠনমূলক মতামত আশা কৰিলোঁ।
আগদিনা ৰাতি সি বহুত পৰলৈকে শোৱা নাছিল,মাক দেউতাকৰ লগত খেলি হাঁহি ধেমালি কৰি বহুত পৰ হৈছিল.......দেউতাকে সুধিছিল মোক বেছি ভালপোৱা নে মাক??দুয়োটাকে বুলি বাৰে বাৰে সাৱটি মৰম কৰিছিল..বহুত টাইম হল, ৰাতিপুৱা সোনকালে উঠিব লাগিব স্কুল আছে বুলি মাকে তাক শুৱাবলৈ চেষ্টা কৰিছিল........ধেমালি কৰি কৰি সি শেষত টোপনি গৈছিল,মাকৰ বুকুৰ মাজত..!মাক দেউতাকৰ বুকুৰ মাজত সেইয়াই যে তাৰ শেষ ৰাতি কোনে জানিছিল?পুৱাই উঠি গা ধুৱাই খুৱাই বোৱাই আলাসৰ লৰাটোক স্কুললৈ বুলি পঠিয়াই দিলে..শেষৰ টো চুমা শেষৰ টো আলিংগন দি,শেষ বাৰৰ বাবে এটি ধুনীয়া আশাৰে ভৰা চাৱনিৰে চাই সি স্কুললৈ বুলি গুচি গৈছিল...
লগৰ বন্ধুৰ লগত ধুনীয়াকৈ কথা বতৰা পাতি লিখা পঢ়া কৰি,হাঁহি ধেমালি কৰালৈকে সকলো ঠিকেই আছিল। টিফিন খোৱা সময়ত বৰ ভোক লাগিছিল তাৰ,মাকে বনাই দিয়া তিফিনটো বৰ হেপাহেৰে খাই,দেউতাকে কিনি দি পঠিওৱা চিপছ টো উলিয়াই লৈছিল.. নিজৰ ভাগৰ পৰা দুপিছ মান লগৰ কেইটাকো দিছিল... বৰ আনন্দ মনেৰে খাই থাকোতেই তাৰ ডিঙিত লাগি ধৰিছিল, চিপছৰ টুকুৰা এটা... পাঁচ বছৰীয়া লৰা, সি জানে কি..নিজে পৰা লৈকে যিমান পাৰে সিমান চেষ্টা কৰিছিল,ডিঙিত লাগি ধৰা চিপছৰ টুকুৰা টো যোৱাবলৈ..ডিঙিত পিন্ধি থকা টাই ডালেৰে,হাত দুখনেৰে চিপছ কণ উলিয়াই আনিবলৈ বৰ চেষ্টা কৰিছিল,হয়টো সেই মূহুৰ্তত মাক দেউতাকক বিচাৰি সি উচুপি উঠিছিল, লগৰ কেইটাক কিবা এটা তাৰ হৈছে বুলি বাৰে বাৰে কবলৈ চেষ্টা কৰিছিল,কিন্তু.. সিহঁতিও একেই অবুজ শিশু,জনা নাছিল তাৰ যে ডাঙৰ কিবা এটাই হৈছে.. ইফালৰ পৰা সিফালে,চতফটাই চটফটাই শেষত সি লগৰ টোৰ পিঠিত জোৰকৈ ধৰি লাহে লাহে বেঞ্চৰ তলত ঢলি পৰিছিল... লগৰ কেইটাই তেতিয়াও ভবা নাছিল যে সিহঁতৰ বেষ্ট ফ্ৰেন্দে সিহঁতক এৰি গুচি গল..এনেকৈয়ে নো জীৱন এটা শেষ হৈ যাব পাৰে নে?ন মাহ দহ দিন গৰ্ভত লৈ জন্ম দিয়াৰ পাছত কষ্টৰ মাজেৰে ডাঙৰ দীঘল কৰাৰ পাছত এনেকৈয়ে মূহুৰ্ততে এটা জীৱন নোহোৱা হৈ যাব পাৰে নে?জীৱনৰ দেখোন একো ভৰষাই নোহোৱা হল... ভিডিও টোত দেখিবলৈ পোৱা মতে,সেই দুগৰাকী শিক্ষক নহয়,হয়টো আয়া আছিল ক্লাছ ৰুম্ টোত..ঘটনা টোৰ আৰম্ভণিৰ পৰা শেষলৈকে তেওঁলোক কথাত ইমানেই মছগুল যে ওচৰতে এটা কণমানি জীৱন হেৰাই গল, অথচ তেওঁলোকে গম নাপায়..তাৰ ডিঙিত লাগি ধৰাৰ পাছত সি ছটফটাই ডিঙিৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰি থকা সময়তে এগৰাকী মহিলা তাৰ ওচৰৰ পৰাই উভতি অহা দেখিছোঁ,তাৰ পাছতো একো গুৰুত্ব নিদিলে লৰাটোক,প্ৰশ্ন হয় তাক দেখিছিল নে দেখিও নেদেখাৰ ভাও জুৰি যি হয় হৈ থাকক বুলি এৰি আহিছিল..? সি ঢলি পৰা পাছত লগৰ বোৰে তাক দেখুৱাবলৈ আন এগৰাকী মহিলাক টানি টানিও তাৰ ওচৰলৈ আনিব নোৱাৰিলে..ইমানেই কথা ইমানেই গুৰুত্বহীন...!!!!!শেষত এটা আলুফুলে উঠি অহা জীয় হেৰাই থাকিল..!!!স্কুল খনত শ শ লৰা ছোৱালী থাকিব পাৰে,কিন্তু সেই মাক দেউতাক হালৰ বাবে সি একমাত্ৰ মৰমৰ হেঁপাহৰ সন্তান আছিল..ভালকৈ পঢ়া শুনা কৰিব,ভাল মানুহ হব বুলি ভাল স্কুলত এডমিছন দিছিল,ক্লাছ নোহোৱা সময়তো ভয় নাই,দুই তিনি গৰাকিকৈ আঁয়া থাকে ক্লাছ ৰুমত..কিবা অসুবিধা পালে তেওঁলোকে চাব নিজৰ সন্তানক...!!!!এতিয়া সেই মাক দেউতাক হালক কোনে কি বুলি সান্তনা দিব,কোনে বুজাব?ঘূৰাই আনি দিব পাৰিব জানো তেওঁলোকৰ প্ৰাণৰ পুতলা টোক..?
সৰু লৰা ছোৱালীৰ লগত সকলো সময়তে লাগি লাগি তেওঁলোকৰ হয়টো কোনোবা এটা সময়ত বিৰক্তি অনুভৱ হয়,নিদিৰ্ষ্ট এটা দৰমহা দি তেওঁলোকক ৰখা হয়, তেওঁলোকৰ কাম সেইটো ...গতিকে এনেকুৱা অবহেলা কিয়??মাক দেউতাকে নিজৰ সন্তানক স্কুল লৈ পঠিয়াই উজ্বল ভবিষ্যতৰ বাবে..ঘৰ খনৰ বাহিৰে সুৰক্ষিত ঠাই যদি কৰবাত আছে বুলি ভাবে,সেইয়া স্কুল খনকেই বুলি ভাবে.. তাৰ পাছতো যদি এটা জীৱন এনেদৰে হেৰাই যায় অকালতে তেন্তে কিদৰে মানি লয়?এইটো ঘটনা কেৱল সেই হাল মাক দেউতাকৰে নহয়,প্ৰত্যেক জন মাক দেউতাকৰ বুকু কঁপাই তোলা ঘটনা..সন্তান যিয়ে তুলিছে তেওঁ বুজিব,যিয়ে হেৰুৱাইছে তেওঁ বুজিব..সেই হাল মাক দেউতাকক ঈশ্বৰে শক্তি দিয়ক এই জুই কুৰাৰ তাপ সহিবলৈ , পৰিয়ালৰ লোকক শক্তি দিয়ক..,মৃত্যু সহজ,মৃত্যু সত্য কিন্তু এনে মৃত্যুক মানি লোৱাটো বৰ কষ্টকৰ... অৱহেলাৰ বাবে হোৱা মৃত্যু মানি লোৱাটো সহজ নহয় একেবাৰে সহজ নহয়..কণমানি টোৰ আত্মাই স্বৰ্গত স্থান পাই চিৰশান্তি লাভ কৰক।
উপাসনা বৰা, বালিপৰা, শোণিতপুৰ।