পোহৰ

পোহৰ নিকা আৰু স্বচ্চ বাতৰি প্ৰচাৰ কৰিবলৈ এক ক্ষুদ্ৰ প্ৰয়াস।
আপোনালোকৰ সকলোৰেই সহায় সহযোগ কামনা কৰিলো।

03/11/2025

আপোনাৰ মতামত জনাব 🙏

03/11/2025

ঔপনিৱেশিক ৰেহাই, সামন্তীয় বিতৰ্ক আৰু জনজাতীয় চিকাৰ -- সংবিধান সভাত জয়পাল মুণ্ডা

কোনে কি খাৱ?কোনে কি নাখাব ?কত,কোনে কত বসবাস কৰিব নে নকৰে ? কোন সকলে জনজাতিৰ কৰণ মৰ্য্যদা পাব নে নাপাব আমাক শিক্ষা দিয়াৰ দৰকাৰ নাই।।

"সংবিধান সভাত 'আদিত্য খাখলাৰী' আৰু তেওঁৰ বংশধৰ মানুহ সদস্য নাছিল। জনজাতীয় আদিবাসী মানব 'জয়পাল সিংহ মুণ্ডা' আছিল আৰু এই কথা সকলোকে জানি লোৱা দৰকাৰ"।
জয়পাল সিংহ মুণ্ডায়ে সংবিধান সভাত জনজাতীয়,আদিবাসী সম্প্ৰদায়ৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে মাত মাতিছিল।তেওঁ যুক্তি দিছিল যে জনজাতীয় সম্প্রদায়ৰ
সামাজিক, অর্থনৈতিক আৰু শৈক্ষিক মানদণ্ড সাধাৰণ জনতাৰ মানদণ্ডলৈ
উন্নীত কৰিবলৈ আইনগত হস্তক্ষেপ অতি প্রয়োজনীয়। তদুপৰি
তেওঁ বিধায়িনী দলত আদিবাসীসকলৰ বাবে সংৰক্ষণ বিচাৰিছিল।
ইয়াৰ উপৰিও তেওঁ ৰাজকীয় ৰাজ্যসমূহক ইয়াৰ সুনিশ্চিততাৰ
বাবে পদক্ষেপ ল'বলৈ আহ্বান জনায়।

কোন জনজাতীয় সদস্যক সংবিধান সভাত অন্তৰ্ভুক্ত কৰা হৈছিল?

অবিভক্ত বিহাৰ-ছোেতানাগপুৰৰ সংবিধান সভাৰ
জনজাতীয় সদস্য জয়পাল সিং মুণ্ডাও একেটা সম্প্রদায়ৰেই আছিল। দেৱেন্দ্ৰ নাথ সামন্ত আৰু বনিফেচ লাকৰা আছিল ওৰাওন
সম্প্ৰদায়ৰ। ৩০০ সদস্যৰ ভিতৰত মৰাং গোেমকে আছিল একমাত্র
জনজাতীয় সদস্য যিয়ে আদিবাসীসকলৰ অধিকাৰ আৰু ভাৰতীয়
সংবিধানত অন্তৰ্ভুক্তিৰ বাবে তীব্ৰ পোষকতা কৰিছিল।
জয় আদিবাসী
জয়পাল সিংহ মুণ্ডা
জয় বাবা চাহেব
জয় সংবিধান

03/11/2025

নাহৰকটীয়া সম জিলাৰ অন্তৰ্গত জয়পুৰ নামচা্ং চাহ বাগিচাৰ মূল পথটি নিৰ্মাণ আৰু বিজুলী যোগানৰ বাবে দীৰ্ঘদিনৰ পৰা উৰ্ধতম কতৃপক্ষলৈ বহুবাৰ স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল। যদিও ভূৱা আশ্বাসৰ বাদে নামচা্ং চাহ বাগিচাৰ শ্ৰমিক ৰাইজে আজি পৰ্যন্ত বিচৰামতে একো নাপালে ।
২ নৱেম্বৰ'২০২৫ তাৰিখে, অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) প্ৰাথমিক গোটৰ উপদেষ্টা সম্ৰাট চাওৰা , সভাপতি সুবিৰ বাগ , সম্পাদক মধুসূদন তাঁতী, অসম চাহ মজদুৰ সংঘ নামচা্ং চাহ বাগিচা গোটৰ উপদেষ্টা দেৱেন ৰাই ঘাটোৱাৰ, অন্তৰাম সোনা, সভাপতি শংকৰ তাঁতী, সম্পাদক সুধেৰ্শন তাঁতী, আটছা নাহৰকটীয়া শাখাৰ সাংগঠনিক সম্পাদক পৃথিৱীৰাজ তাঁতীৰ যৌথ উদ্যোগত আৰু চাহ শ্ৰমিক ৰাইজৰ সহযোগত গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে। উক্ত কাৰ্যসূচীত আটছা জয়পুৰ উপ শাখাৰ সভাপতি পৰীক্ষিত বাৰা, সম্পাদক বিশাল তাঁতী, আটছা নাহৰকটীয়া শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি বিজেশ ঘাটোৱাৰ, ভাৰপ্ৰাপ্ত সম্পাদক অমিত কন্ধ আৰু আটছাৰ একালৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক তথা যুৱ নেতা ললিত মাহালীয়ে ভাষণ প্ৰদান কৰি দিহিং পাটকাই ৰাষ্ট্ৰীয় অভৰণ্য প্ৰতি সন্মান জনাই নামচা্ং জংঘলত থকা বন্যপ্ৰাণী, জৈৱ বৈচিত্ৰৰ কোনোধৰণৰ অসুবিধা নোহোৱাকৈ উৰণীয়া সেঁতু নিৰ্মাণ কৰি নাইবা বুঢ়ীদিহিং নদীৰ ওপৰেদি দলং নিৰ্মাণ কৰি নামচা্ং বাসী ৰাইজৰ বাবে সুবিধাজনক আলিবাট নিৰ্মাণ কৰিবলৈ লগতে পৰ্যাপ্ত বিজুলী যোগানৰ সু ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক এই গণ আন্দোলনৰ স্থলীৰ পৰাই দাবী জনাইছে। নামচাঙৰ মূল দাবী দুটা যদি অতি সোনকালেই পূৰণ নকৰে তেন্তে অনাগত দিনত ক্ষোভিত চাহ শ্ৰমিক আৰু নামচা্ঙবাসী ৰাইজে জংগী আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব বুলি চৰকাৰক সঁকিয়াই দিছে। ইয়াৰ পৰিপ্ৰেক্ষিত উদ্ভৱ হোৱা যিকোনো পৰিস্থিতিৰ চৰকাৰ দায়ী হ'ব বুলিও সদৰি কৰে।
#পোহৰ

03/11/2025

ভাৰতীয় মহিলা ক্ৰিকেট দললৈ অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মনোজ ধানৱাৰ ডাঙৰীয়াৰ আন্তৰিক ধন্যবাদ জ্ঞাপন । একে সময়তে তেখেতৰ শৈশৱৰ ক্ৰিকেট খেলৰ কথা মনত পৰি গ'ল ।

#পোহৰ







03/11/2025

সদৌ অসম আদিবাসী মহিলা শক্তি (আওপা) তালাপ আঞ্চলিক সমিতি আৰু সমূহ প্ৰাথমিক সমিতিৰ সহযোগত ইংৰাজী ০২ নবেম্বৰ পৰা ০২ ডিচেম্বৰ, ২০২৫ চনলৈকে এক মাহব্যাপী ছোৱালী তথা মহিলাসকলৰ বাবে আত্মসুৰক্ষাৰ বিশেষ প্ৰশিক্ষণ শিবিৰ টিপুক চাহ বাগিছাৰ খেলপথাৰত আয়োজন কৰা হৈছে

আজি ইংৰাজী ০২ নবেম্বৰ তাৰিখে উক্ত শিবিৰটোৰ শুভ আৰম্ভণি কৰা হয়।

উক্ত উদ্বোধনী অনুষ্ঠানত সদৌ অসম আদিবাসী মহিলা শক্তি (আওপা) কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী শ্ৰীমতী ৰিছমা উৰাং, (আওপা) তিনিচুকীয়া জিলা সমিতিৰ সম্পাদিকা শ্ৰীমতী ৰাণী চুনাৰ, সাংগঠনিক সম্পাদিকা শ্ৰীযুতা চপ্ন প্ৰজা, প্ৰচাৰ সম্পাদিকা শ্ৰীযুতা ৰশ্মি কৰ্মকাৰ, (আছা) তিনিচুকীয়া জিলা সমিতিৰ প্ৰাক্তন উপ-সভাপতি তথা আওপাৰ গুৰি ধৰোতাঁ সন্মানীয় শ্ৰীযুত সুৰেশ ভূমিজ, বিৰংগনা মহিলা সমিতি টিপুক চাহ বাগিছাৰ সভানেত্ৰী শ্ৰীযুতা দিপা দক্ত ভাজনী আদি বিশেষ অতিথি উপস্থিত থাকে।

(আওপা) তালাপ আঞ্চলিক সমিতি আৰু সমূহ প্ৰাথমিক সমিতিৰ একত্ৰিত উদ্যোগে আয়োজিত এই আত্মসুৰক্ষাৰ বিশেষ প্ৰশিক্ষণ শিবিৰটোৱে ছোৱালী তথা মহিলাসকলৰ মাজত আত্মবিশ্বাস, সাহস আৰু নিজকে সুৰক্ষিত ৰাখিবলৈ প্ৰয়োজনীয় কৌশল বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰে।

বাঁহীবাদক শ্ৰদ্ধাৰ দীপক শৰ্মা আৰু নাই, আমাৰ Puhornews24 ৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধা জনাইছোঁ ।🙏 #পোহৰ
03/11/2025

বাঁহীবাদক শ্ৰদ্ধাৰ দীপক শৰ্মা আৰু নাই, আমাৰ Puhornews24 ৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধা জনাইছোঁ ।
🙏
#পোহৰ

02/11/2025

🙏👉

02/11/2025
02/11/2025

🙏🙏🙏

02/11/2025

জয় জয়তে সদৌ অসম আদিবাসী মহিলা শক্তি (আওপা) বাঘজান আঞ্চলিক সমিতিৰ তৰফৰ পৰা জহাৰ ও নমস্কাৰ জনাইছোঁ। আপাৰ আনন্দৰ সৈতে জনাবলৈ ইচ্ছা কৰোঁ যে, ইংৰাজী ০১ নবেম্বৰ পৰা ০১ ডিচেম্বৰ, ২০২৫ চনলৈকে এক মাহব্যাপী ছোৱালী তথা মহিলাসকলৰ বাবে আত্মসুৰক্ষাৰ বিশেষ প্ৰশিক্ষণ শিবিৰ বান্দৰখাটি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা হৈছে।

যিহেতু বৰ্তমান সমাজত ছোৱালী আৰু মহিলাৰ ওপৰত বলৎকাৰ, হত্যা, ধৰ্ষণ, পীড়ন আদি অসহনীয় আৰু ভয়ানক ঘটনা দিনক দিনে বৃদ্ধি পাইছে, সেই পৰিপ্ৰেক্ষিতত আমি নাৰীসকলৰ মাজত আত্মসুৰক্ষাৰ প্ৰতি সচেতনতা বৃদ্ধি কৰা আৰু তেওঁলোকক স্ব-সুৰক্ষাত সক্ষম কৰিবলৈ এই কাৰ্যসূচী হাতত লোৱা হৈছে।

এই মহান উদ্দেশ্য সফল কৰি তুলিবলৈ আপোনাৰ অমূল্য উপস্থিতি, দিশ-নিৰ্দেশনা আৰু আন্তৰিক সহায়-সহযোগিতা একান্তই কামনা কৰিছোঁ। আপোনাৰ অংশগ্ৰহণে এই আয়োজনক অধিক গৌৰৱময় আৰু ফলপ্ৰসূ কৰি তুলিব বুলি আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ।

ধন্যবাদান্তে,

চিলা কুজুৰ জুনাকী পানিকা
সভানেত্ৰী সম্পাদিকা
সদৌ অসম আদিবাসী মহিলা শক্তি (আওপা)
বাঘজান আঞ্চলিক সমিতি

02/11/2025

তিনিচুকীয়া জিলাৰ ডিগবৈ স্থিত RD Senior Secondary স্কুলত দশম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলক লৈ কলা , সংস্কৃতি , বিজ্ঞান ইত্যাদি বিষয়ক বাৰ্ষিক প্ৰদৰ্শনী ( Annual Exhibition) অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ ওপৰত বহু তথ্য সন্মিলিত এক বিশেষ শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰা হৈছে।

বাৰ্ষিক প্ৰদৰ্শনীটো উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ তথা বিদ্যালয় পৰিচালনা সমিতিৰ মাননীয় সভাপতি ড: দীপক গোস্বামী ডাঙৰীয়াই।
বিদ্যালয়ৰ বিষয়-ববীয়াসকলৰ লগত, বিভিন্ন জগতৰ বিশিষ্ট ব্যক্তিসকল, আৰু বহু সংখ্যক অভিভাৱকৰ উপস্থিতিয়ে ছাত্ৰ -ছাত্ৰীসকলক বিশেষ ভাৱে উৎসাহিত কৰে।
উক্ত অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলৰ মেধা আৰু একাগ্রতাই সকলোকে মুগ্ধ কৰে।
#পোহৰ

Address

Tinsukia
786125

Alerts

Be the first to know and let us send you an email when পোহৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to পোহৰ:

Share