My Tips & Advice

My Tips & Advice I am a motivational speaker.

সন্তানৰ হৃদয় কোমল কাঁচৰ সদৃশ, যাৰ ভাঙোন একেবাৰেই অপূৰণীয়। সেয়ে তেওঁলোকক সময় দিয়াটো অত্যন্ত জৰুৰী, কিয়নো ডাঙৰ হোৱাৰ...
21/05/2026

সন্তানৰ হৃদয় কোমল কাঁচৰ সদৃশ, যাৰ ভাঙোন একেবাৰেই অপূৰণীয়। সেয়ে তেওঁলোকক সময় দিয়াটো অত্যন্ত জৰুৰী, কিয়নো ডাঙৰ হোৱাৰ পাছত তেওঁলোকৰ ওচৰত হয়তো আপোনাৰ বাবে সময় নাথাকিবও পাৰে। সন্তানক কেৱল নিৰ্দেশ দিয়াতকৈ তেওঁলোকৰ কথা শুনাটোহে বেছি গুৰুত্বপূৰ্ণ। পিতৃ-মাতৃ তেতিয়াহে সফল, যদিহে সন্তানে তেওঁলোকক ভয়তকৈ অধিক বিশ্বাস কৰে। মোবাইলতকৈ সন্তানৰ বাবে সময় উৎসর্গ কৰাটো অধিক মূল্যবান। শৈশৱ হৈছে জীৱনৰ এক সোনালী সময় যি সন্তানৰ জীৱনত এবাৰহে আহে।

19/05/2026

মটৰ গেৰেজৰ যোগালিৰ পৰা অভিযন্তা হোৱা ব্যক্তি জন কোন জানে নে?


18/05/2026

Motivational

সন্তানৰ পঢ়া অভ্যাস কেনেকৈ গঢ়িব?নির্দিষ্ট সময় ঠিক কৰক১/প্ৰতিদিন একে সময়ত পঢ়িবলৈ বহাৰ অভ্যাস গঢ়ক।২/শান্ত পৰিবেশ সৃষ্...
18/05/2026

সন্তানৰ পঢ়া অভ্যাস কেনেকৈ গঢ়িব?
নির্দিষ্ট সময় ঠিক কৰক
১/প্ৰতিদিন একে সময়ত পঢ়িবলৈ বহাৰ অভ্যাস গঢ়ক।
২/শান্ত পৰিবেশ সৃষ্টি কৰক-
টিভি, মোবাইল আদিৰ শব্দৰ পৰা আঁতৰত পঢ়াৰ ঠাই ৰাখক।
৩/জোৰ নকৰিব
বেছি চাপ দিলে সন্তানৰ পঢ়াৰ আগ্ৰহ কমি যায়।
৪/সৰু লক্ষ্য দিয়ক
এদিনতে বেছি নহয়, অলপ অলপকৈ শিকিবলৈ উৎসাহ দিয়ক ।
৫/প্ৰশংসা কৰক
ভাল কাম কৰিলে উৎসাহমূলক কথা কওক। ই আত্মবিশ্বাস বঢ়ায়।
৬/মোবাইলৰ সময় নিয়ন্ত্ৰণ কৰক
অত্যাধিক স্ক্ৰীণ টাইমে মনোযোগ কমাই দিয়ে।
অভিভাৱকেও পঢ়াৰ পৰিবেশ দেখুৱাওক
৭ঘৰত পঢ়া-শুনাৰ সংস্কৃতি থাকিলে সন্তানেও সহজে শিকে।

-“পঢ়া অভ্যাস জোৰেৰে নহয়, ধৈৰ্য আৰু ভালপোৱাৰে গঢ়ি উঠে।”

17/05/2026

Jetshan Donha Lama program at Margherita

সন্তানক কেতিয়াও এই ৫টা কথা নক’ব১/“তই কেতিয়াও কিবা কৰিব নোৱাৰ”এই কথাই সন্তানৰ আত্মবিশ্বাস ভাঙি দিয়ে।২/“অমুকৰ ল’ৰা/ছোৱা...
17/05/2026

সন্তানক কেতিয়াও এই ৫টা কথা নক’ব

১/“তই কেতিয়াও কিবা কৰিব নোৱাৰ”
এই কথাই সন্তানৰ আত্মবিশ্বাস ভাঙি দিয়ে।
২/“অমুকৰ ল’ৰা/ছোৱালীৰ দৰে হ”
অন্যৰ লগত তুলনা কৰিলে সন্তান মানসিকভাৱে কষ্ট পায়।
৩/“মই তোৰ বাবে বহুত কষ্ট পাইছো”
বাৰে বাৰে ক’লে সন্তানৰ মনত অপৰাধবোধ জন্মে।
৪/“চুপ থাক, তই একো নাজান”
এই কথাই সন্তানক নিজৰ মত প্ৰকাশ কৰিবলৈ ভয় লগায়।
৫/“তই মোৰ মান-সম্মান নষ্ট কৰিলি”
এনে কথাই সন্তানৰ মনত গভীৰ আঘাত দিয়ে।

“সন্তানক কওঁতে সদায় ভাল শব্দ ব্যবহাৰ কৰিব কাৰণ অপোনাৰ মুখৰ কথাই সন্তানৰ ভৱিষ্যৎ গঢ়ে।”

With Tukumoni Sonowal – I just got recognised as one of their top fans! 🎉
16/05/2026

With Tukumoni Sonowal – I just got recognised as one of their top fans! 🎉

শিশুৰ মোবাইল আসক্তি কেনেকৈ কমাব -১/সময় নিৰ্ধাৰণ কৰক-দিনটোত মোবাইল ব্যৱহাৰৰ নির্দিষ্ট সময় ঠিক কৰক।২/খেল-ধেমালি আৰু বাহি...
15/05/2026

শিশুৰ মোবাইল আসক্তি কেনেকৈ কমাব -
১/সময় নিৰ্ধাৰণ কৰক-
দিনটোত মোবাইল ব্যৱহাৰৰ নির্দিষ্ট সময় ঠিক কৰক।
২/খেল-ধেমালি আৰু বাহিৰৰ কামত জড়িত কৰক-
শাৰীৰিক খেল, আঁকা, পঢ়া আদিত মন দিলে মোবাইলৰ ওপৰত নিৰ্ভৰতা কমে।
৩/খোৱা আৰু শুই থকাৰ সময়ত মোবাইল বন্ধ ৰাখক
এই অভ্যাসে নিয়ম শিকায়।
৪/অভিভাৱকেও উদাহৰণ দেখুৱাওক
সদায় মোবাইলত থাকিলে সন্তানেও তাকেই অনুসৰণ কৰে।
৫/ধমকি নহয়, মৰমেৰে বুজাওক
বেছি চিঞৰি ক’লে বহু সময়ত বিপৰীত ফল হয়।

“মোবাইল বেয়া নহয়, কিন্তু অতিমাত্ৰা ব্যৱহাৰেই সমস্যাৰ সৃষ্টি কৰে।”

advicemytips

15/05/2026

সন্তানক কেনেকৈ ডাঙৰ দীঘল কৰিব? ভৱিষ্যতে এজন ভাল মানুহ কৰিব জানো আহক।।। tips

Address

Assam India
Tinsukia

Website

Alerts

Be the first to know and let us send you an email when My Tips & Advice posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share