See You Again

See You Again নতুন নতুন ব্যতিক্ৰমী ভিডিঅসমূহ প্ৰথমেই চাবৰ বাবে মোৰ পেজটো ফ’লো কৰি ৰাখক 🙏

সামাজিক মাধ্যমত খুবেই জনপ্ৰিয় ডলী চায়ৱালা। ফুটপাথত ব্যতিক্ৰমী শৈলীৰে চাহ বিক্ৰী কৰে ডলীয়ে। সামাজিক মাধ্যম ব্যৱহাৰ কৰা সক...
13/09/2025

সামাজিক মাধ্যমত খুবেই জনপ্ৰিয় ডলী চায়ৱালা। ফুটপাথত ব্যতিক্ৰমী শৈলীৰে চাহ বিক্ৰী কৰে ডলীয়ে। সামাজিক মাধ্যম ব্যৱহাৰ কৰা সকলৰ বাবে ডলী চায়ৱালা এখন চিনাকী মুখ। এই ডলী চায়ৱালাৰ দোকানতে চাহ খাবলৈ আহিছিল বিল গেটছ। তাৰ পিছতে ভাগ্য সলনি হৈছিল ডলীৰ। এসময়ত ৭টকাৰ কাৰনে কান্দিব লগা হোৱা ডলীয়ে এতিয়া এদিনত উপাৰ্জন কৰে ৭লাখ টকা।💸💸

২০১০চনত ডলীয়ে গুজৰাটৰ ফুটপাথত আৰম্ভ কৰিছিল চাহ দোকানখন। ব্যতিক্ৰমী শৈলীৰে ডলীয়ে বনোৱা চাহ খাবলৈ বহু লোকৰ সমাগম হৈছিল। লাহে লাহে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল ডলী। সকলোৱে নাজানে যে ডলীৰ আচঁল নাম সুশীল পাটিল। মহাৰাষ্ট্ৰৰ নাগপুৰত ঘৰ সুশীলৰ।☕️☕️

২০১০চনৰে পৰা এতিয়ালৈকে সেই একে ঠাইতে চাহ বনাই আছে ডলীয়ে। পূৰ্বে একাপ চাহত ৭টকাত বিক্ৰী কৰিছিল যদিও বিল গেটছে চাহ খোৱাৰ পাছত ডলীয়ে একাপ চাহৰ দাম কৰিলে ১৫টকা। বৰ্তমান দিনটোত ৪০০ৰ পৰা ৫০০কাপ চাহ বিক্ৰী হয় ডলীৰ ফুটপাথৰ দোকানত। 🏬🏬

ভাইৰেল হোৱাৰ পাছতে এতিয়া ডলী এতিয়া নাথাকে সেই দোকানখনত। কেতিয়াবাহে যায় দোকানলৈ। বৰ্তমান ভিন্ন অনুষ্ঠানত অতিথি হিচাপে আমন্ত্ৰণ লাভ কৰে ডলীয়ে। দেশৰ লগতে বিদেশলৈও মাহত ৭-৮বাৰ যায় ডলী। ডলীক আমন্ত্ৰণ কৰিলে ৫ষ্টাৰ হোটেলৰ লগতে বাকী সকলো ব্যৱস্থা কৰিব দিব আয়োজকসমিতিয়ে।✈️✈️

এটা অনুষ্ঠানলৈ যোৱাৰ বাবদ ডলীয়ে এতিয়া মাননি লয় ৭লাখ টকা। এই সকলোবোৰ মিলাই ডলীয়ে এতিয়া মাহত উপাৰ্জন কৰে ১০-১৫লাখ টকা। ফুটপাথত চাহৰ দোকান দিয়া ডলীক হঠাতে সামাজিক মাধ্যমে ৰজা বনাই দিলে। এসময়ত সকলোৱে হহাঁ ডলী এতিয়া ইউৰোপ, ডুবাই, আমেৰিকাতে কটায় মাহটোৰ অধিকাংশ সময়।🏠🏠

“সংগৃহীত”

08/09/2025

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মজয়ন্তীৰ উপলক্ষে

 #কিছুমান গাড়ী চালকে কৰা ডাঙৰ ভূল...পানীয়ে প্ৰাণ।সাধাৰণতে আজিকালি দীৰ্ঘ ভ্ৰমণলৈ যাবলগীয়া হ'লে আমাৰ পানী বটলসমূহ বেছিক...
29/08/2025

#কিছুমান গাড়ী চালকে কৰা ডাঙৰ ভূল...

পানীয়ে প্ৰাণ।
সাধাৰণতে আজিকালি দীৰ্ঘ ভ্ৰমণলৈ যাবলগীয়া হ'লে আমাৰ পানী বটলসমূহ বেছিকৈয়ে গাড়ীত ভৰাই লোৱা এটা অভ্যাস গঢ়ি উঠিছে।বহুতো চালকে ভ্ৰমণৰ সময়ত সহজে পাব পৰা হিচাপত এই পানীৰ বটলসমূহ চালকৰ ছিটৰ তলত বা কাষতে থোৱা দেখা যায়।এইটো এটা ভয়ংকৰ আৰু বিপদাপন্ন অভ্যাস।

গাড়ী এখন চলি থকা অৱস্থাত হোৱা জোঁকাৰণি আৰু ব্ৰেকিংৰ ফলত কেতিয়াবা এনেকৈ ছিটৰ তলত বা কাষত থোৱা বটলসমূহ বাগৰি আহি চালকৰ ব্ৰেকপেডেলৰ তলত সোমাই গৈ অতি ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰা দেখা যায়।কেৱল পানীৰ বটলেই নহয়,বহুতো চালকে বেছি দীঘলীয়া যাত্ৰাত কেতিয়াবা ভৰিৰ জোতা-চেণ্ডেল খুলি থৈ আৰামেৰে গাড়ী চলোৱা দেখা যায়।বিশেষকৈ আজিকালি ক্লাটছপেডেল নথকা অট'মেটিক গাড়ীমূহৰ চালকসকলে দীঘলীয়া যাত্ৰাত সততে এনেকৈ গাড়ী চলোৱা দেখা যায়।পানীৰ বটল যেনেকৈ বাগৰি আহি ব্ৰেক পেডেলৰ তলত সোমাই গৈ আহুকালৰ সৃষ্টি কৰে,ঠিক তেনেকৈ খুলি থোৱা জোতা-চেণ্ডেলত সেই একেই সমস্যা সৃষ্টি কৰি দুৰ্ঘটনা সংঘটিত কৰাব পাৰে।এনেকুৱাকৈ ব্ৰেকপেডেলৰ তলত পানীৰ বটল/জোতা-চেণ্ডেল আদি সোমাই গ'লে চালকে যিমান জোৰেৰে ব্ৰেকপেডেলত হেঁচা নিদিয়ক কিয়,গাড়ীখনৰ ব্ৰেক নধৰা হৈ পৰিব।গাড়ীখন একপ্ৰকাৰ ব্ৰেকফেইল হৈ পৰিব।গাড়ীখন যদি অলপ বেছি গতিত থাকে, তেনেহলে দুৰ্ঘটনা হোৱাটো খাটাং।

গতিকে পানীও খাওক আৰু সুৰক্ষিত হৈও থাকক।পানীৰ বটলসমূহ বাগৰি ফুৰিব নোৱাৰাকৈ সুৰক্ষিত স্থানত ৰাখক আৰু সদায় জোতা পিন্ধিহে গাড়ী চলাওক।

(পূৰ্বতে প্ৰকাশিত।প্ৰাসংগিকতা থকাৰ বাবে পুনৰ লিখিলোঁ।আচলতে দৈনিক যিবোৰ পথ দূৰ্ঘটনা হ'বলৈ আৰম্ভ কৰিছে বা হৈছে,তাৰে কম-বেছি পৰিমাণে ওপৰত উল্লেখ কৰা সেই সাধাৰণ যেন লগা পানীৰ বটলসমূহ সুৰক্ষিত স্থানত নৰখা বাবেই হৈছে)

উৎসঃ দিতুল গোহাঁই

👉সংসাৰ ভঙাৰ কাৰণ বয়সৰ ব্যৱধানেই মূল নেকি ?এটা কথা সকলোৱে মন কৰে ছাগৈ ?⬇️বিয়াৰ পিছত সন্তান নোহোৱালৈকে কোনো এগৰাকী স্ত্ৰীয়...
27/08/2025

👉সংসাৰ ভঙাৰ কাৰণ বয়সৰ ব্যৱধানেই মূল নেকি ?

এটা কথা সকলোৱে মন কৰে ছাগৈ ?
⬇️
বিয়াৰ পিছত সন্তান নোহোৱালৈকে কোনো এগৰাকী স্ত্ৰীয়ে নাভাবে যে (স্বামী-স্ত্ৰীৰ মাজত বয়সৰ তাৰতম্য যিমানেই নহওক কিয়) তেওঁৰ স্বামীৰ বয়স হৈছে বুলি ! কিন্তু এটা বা দুটা সন্তান জন্ম হোৱাৰ পিছতে মহিলা গৰাকীয়ে ভাবিবলৈ লয় যে তেওঁৰ স্বামীৰ বয়স হৈছে ৷

➡️আচলতে বয়স বাঢ়িবই ৷ কিন্তু বয়সতকৈয়ো পুৰুষ গৰাকী এই কাৰণেই বৃদ্ধাৰ লেখীয়া হৈ পৰে যে পত্নীৰ খৰচ, লৰা-ছোৱালীৰ খোৱা-লোৱা, পিন্ধন-ওৰণ, লিখা-পঢ়া, ঔষধ পাতি ইত্যাদিৰ ব্যয়বহুল চিন্তাই পুৰুষ গৰাকীক ভাবাক্লান্ত কৰি তোলে, তেনে চিন্তাৰ ফলতে হয়তো পুৰুষ গৰাকী ক্ৰমে বয়সীয়াল যেন লগা হয় ৷ এনে সমস্যা জৰ্জৰ চিন্তাক্লিষ্ট মন এটা লৈ থকা হেতুকে পুৰুষ গৰাকীৰ কিছু কিছু ক্ষেত্ৰত প্ৰভাব পৰে ৷ যেনে হাঁহি-ধেমালি-সম্ভোগ ইত্যাদি, বিশেষকৈ পত্নীয়ে এইবোৰ কথা লক্ষ্য কৰে ৷ উক্ত কথাবোৰ বুজি পোৱা মহিলাই সদায় পুৰুষ গৰাকীৰ ভাবনাৰ সৈতে মিলিবলৈ চেষ্টা কৰে ৷ কিন্তু একাংশ মহিলাই আকৌ অনিয়ন্ত্ৰিত হৈ নিজেই অন্য পুৰুষত বিলীন হয়, যাৰ পৰিণতিত সংসাৰ সুখৰ পৰা গৈ দুখৰ হবলৈ ধৰে ৷ এইক্ষেত্ৰত মানসিক নিয়ন্ত্ৰনেই মূল ৷ মহিলা গৰাকীয়ে যদি নিজকে নিয়ন্ত্ৰনত ৰাখিব পাৰে তেতিয়াহলে সকলো ঠিকেই থাকে ৷ অৱশ্যে কেবল মহিলাই নহয় পুৰুষগৰাকীও নিয়ন্ত্ৰণত থাকিব পাৰিব লাগিব ৷ বিশেষকৈ মানসিক অন্তৰ্কন্দলে বৰ্তমানৰ একাংশ পুৰুষ-মহিলাৰ সমস্যাৰ প্ৰধান কাৰণ হৈ পৰিছে ৷ সেয়েহে পুৰুষ গৰাকীৰ বা মহিলাগৰাকীৰ একো নাথাকিলেও দুয়ো দুয়োৰে কাষ চাপিবলৈ চেষ্টা কৰকচোন, তেতিয়াহলে দেখিব সমস্যাৰ কিছু হলেও ওৰ পৰিব ৷ কিবা অভিমানতেই যেনিবা পুৰুষ গৰাকী বা মহিলাগৰাকীয়ে দুয়ো দুয়োৰে ক্ষেত্ৰত সহজ হব নোৱাৰা বাবেই হয়তো একাংশ পুৰুষে বা একাংশ মহিলা পৰকীয়-পৰকীয়া প্ৰেমৰ বশৱৰ্তী হবলৈ লৈছে ৷ কি গ্ৰাম্য কি চহৰ, সকলো অঞ্চলতে এতিয়া এইবোৰ ঘটনা বৰকৈ হবলৈ লৈছে ৷ কাৰণ কৰ্মসূত্ৰে একাংশ পুৰুষে বাহিৰত থাকিবলগীয়া হয়, ফলত একাংশ ধদুৱাই তেনেবোৰ পৰিয়ালৰ মহিলাক বিচাৰি ফুচুলাই অঘটন সংঘতিত কৰে, যাৰ পৰিণতিত সেই সংসাৰবোৰ ভাঙোনমুখী হয় ৷ সেই অঘটন বোৰৰ পৰা ৰক্ষা পাবলৈ হলে স্বামী-স্ত্ৰীৰ মাজত থাকিব লাগিব অগাধ বিশ্বাস ৷ তেনে বিশ্বাস থাকিলে তেনে পুৰুষ বা মহিলাই নিশ্চয় অবাটে যোৱাৰ সম্ভাৱনা নাথাকে ৷ বিশ্বাসৰ মাজতেই থাকে মৰম, প্ৰেম, ভালপোৱা আদি ৷ গতিকে দুয়ো দুয়োৰে কাষ চাপকচোন, দেখিব সম্প্ৰীতিৰ বান্ধোনত সংসাৰ সাগৰ দশোদিশ সুগন্ধিময় হৈ পৰিছে💚

Copied from Arup Kumar Das fb 🙏

দেউতাকে পুতেকক বিদ্যুৎ বিল জমা দিবলৈ টকা দিলে..কিন্তু ল'ৰাটোৱে কি ভাবিলে নাজানো সেই টকাখিনিৰে লটাৰী টিকট কিনি আনিলেদেউতা...
18/08/2025

দেউতাকে পুতেকক বিদ্যুৎ বিল জমা দিবলৈ টকা দিলে..
কিন্তু ল'ৰাটোৱে কি ভাবিলে নাজানো সেই টকাখিনিৰে লটাৰী টিকট কিনি আনিলে
দেউতাকে সুধিলে - তুমি বিদ্যুতৰ বিল পৰিশোধ
কৰিছিলা নে? কাৰণ কাইলৈ বিল জমা কৰাৰ শেষ দিন
ল'ৰাই আগ্ৰহেৰে ক'লে- "নাই দেউতা, সেই পইছাৰে লটাৰী টিকট কিনিলো, কাৰণ লটাৰীত প্ৰথম পুৰস্কাৰ বলেৰ' এখন আছে। যদি আমি এখন নতুন বলেৰ' গাড়ী জিকিব পাৰো আমি বহু ধনী হৈ যাম।
পুতেকৰ কথা শুনি দেউতাকে বহুত মাৰিলে
পিছদিনা ৰাতিপুৱা দেউতাকে ঘৰৰ দুৱাৰ খুলি দিয়াৰ সময়ত ঘৰৰ আগত এখন একেবাৰে নতুন জিলিকি থকা বলেৰ' গাড়ী পার্কিং আছিল,গাড়ী দেখি গোটেই পৰিয়ালটোৰ চকুত চকুপানী আহিল ৷ সকলোৱে ইজনে সিজনক আচৰিত আৰু আগ্ৰহেৰে চালে লটাৰীত পোৱা বুলি।
কিন্তু আটাইতকৈ বেছি চকুপানী ল'ৰাৰ চকুত আছিল আৰু সি বৰ অস্থিৰ দেখাইছিল
কাৰণ,
সেই বলেৰ' গাড়ীখন লটাৰীত পোৱা নহয়
বিদ্যুৎ বিভাগৰ আছিল.....সিঁহতৰ বিদ্যুতৰ লাইন কাটিবলৈ আহিছিল।

দেউতাকে এইবাৰ আকৌ আক বহুত মাৰিলে !

গতিকে দৰকাৰী কামৰ বাবে অদৰকাৰী পুত্ৰৰ ওপৰত ভৰসা নকৰি নিজৰ বিদ্যুৎ বিল সময়ত জমা দিয়ক।

@কপি মনিশ প্ৰসাদৰ ফেচবুক ৱালৰ পৰা।

মাত্ৰ ভাবি লওক যে সন্ধিয়া ৭:০০ বাজিছে আৰু আপুনি অকলে ঘৰলৈ গৈ আছে।  এনে অৱস্থাত হঠাৎ বুকুত অত্যন্ত বিষ অনুভৱ হয়।আপুনি আ...
15/08/2025

মাত্ৰ ভাবি লওক যে সন্ধিয়া ৭:০০ বাজিছে আৰু আপুনি অকলে ঘৰলৈ গৈ আছে।

এনে অৱস্থাত হঠাৎ বুকুত অত্যন্ত বিষ অনুভৱ হয়।

আপুনি আপোনাৰ ঘৰৰ পৰা ওচৰৰ চিকিৎসালয়ৰ পৰা ৫ মাইল দূৰত আছে আৰু দুৰ্ভাগ্যজনকভাৱে আপুনি তাত উপনীত হ'ব পাৰিব নে নোৱাৰে সেই বিষয়ে নিশ্চিত নহয়।

আপুনি CPR (CPR : Cardio Pulmonary Resuscitation) ৰ প্ৰশিক্ষণ লৈছে কিন্তু তাতো আপোনাক ইয়াক নিজৰ ওপৰত কেনেকৈ ব্যৱহাৰ কৰিব লাগে শিকোৱা হোৱা নাছিল।

এনে পৰিস্থিতিত হাৰ্ট এটেকৰ পৰা হাত সাৰিবলৈ এই ব্যৱস্থাসমূহ চেষ্টা কৰক: -

কাৰণ হাৰ্ট এটেকৰ সময়ত বেছিভাগ মানুহেই অকলে থাকে

কোনো সহায় নোহোৱাকৈ তেওঁৰ উশাহ লোৱাত অসুবিধা হয়।

তেওঁ অজ্ঞান হ'বলৈ আৰম্ভ কৰে আৰু তেওঁৰ হাতত খুব বেছি ১০ ছেকেণ্ড সময় থাকে।

এনে অৱস্থাত ভুক্তভোগীয়ে জোৰেৰে কাঁহ মাৰি মাৰি নিজকে স্বাভাৱিক কৰি ৰাখিব পাৰে।

প্ৰতিটো কাঁহ জোৰকৈ মাৰিব লাগে আৰু কাঁহ ইমানেই প্ৰবল হ’ব লাগে যে মুখৰ পৰা থু ওলায়।

সহায় নহালৈকে এই প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰিব লাগে যাতে হৃদস্পন্দন স্বাভাৱিক হয়।

জোৰকৈ মৰা উশাহ-নিশাহৰ ফলত হাওঁফাওঁত অক্সিজেন উৎপন্ন হয় আৰু কাঁহৰ বাবে হৃদযন্ত্ৰ সংকোচিত হয় যাৰ ফলত তেজৰ সঞ্চালন নিয়মিতভাৱে চলি থাকে।

যথাসম্ভৱ সকলোকে এই বাৰ্তা প্ৰচাৰ কৰক।

এজন হৃদযন্ত্ৰৰ চিকিৎসকে আনকি কৈছিল যে যদি প্ৰতিজন ব্যক্তিয়ে ১০ জনলৈ এই বাৰ্তা প্ৰেৰণ কৰে তেন্তে এটা জীৱন ৰক্ষা কৰিব পাৰি।

আপোনালোক সকলোকে অনুৰোধ জনালোঁ যে কৌতুক পঠোৱাৰ পৰিৱৰ্তে এই বাৰ্তাটো সকলোলৈ প্ৰেৰণ কৰক যাতে মানুহৰ জীৱন ৰক্ষা কৰিব পৰা যায়।

যদি বাৰে বাৰে এই বাৰ্তাটো পায়, তেন্তে বিচলিত হোৱাৰ পৰিৱৰ্তে আপুনি আনন্দিত হোৱা উচিত যে হাৰ্ট এটেকৰ পৰা কেনেকৈ হাত সাৰিব পাৰি ক'বলৈ বহুত মানুহ আছে।


** ধন্যবাদ **

(সংগ্ৰহীত)

=>এক জীয়া কাহিনী
15/08/2025

=>এক জীয়া কাহিনী

১৫ আগষ্টত পতাকাখন ৰছীৰে মেৰিয়াই মাজভাগত (চিত্ৰত দেখুওৱাৰ দৰে) থোৱা হয় আৰু উত্তোলনৰ সময়ত ৰছীডাল ধৰি টানি-টানি বাঁহৰ মূ...
14/08/2025

১৫ আগষ্টত পতাকাখন ৰছীৰে মেৰিয়াই মাজভাগত (চিত্ৰত দেখুওৱাৰ দৰে) থোৱা হয় আৰু উত্তোলনৰ সময়ত ৰছীডাল ধৰি টানি-টানি বাঁহৰ মূৰত নি বান্ধি থোৱা হয় আৰু ২৬ জানুৱাৰীত পতাকাখন একেবাৰে বাঁহৰ মূৰত বান্ধি থয় আৰু উন্মোচনৰ সময়ত প্ৰসাৰণ কৰি দিয়া হয় ।
১৫ আগষ্টত আমি যি জাতীয় পতাকা উত্তোলন কৰোঁ, আনুষ্ঠানিকভাৱে (অফিচিয়েলি) তাক উত্তোলন (Hoisting) বুলি কোৱা হয় । অথচ ২৬ জানুৱাৰীত আমি জাতীয় পতাকা উন্মোচন (unfurl)হে কৰোঁ ।
এই দুটা শব্দৰ প্ৰকৃত অর্থ কি? আহক, আজি আমি ৭৯ তম স্বাধীনতা দিৱসৰ এই প্ৰাকক্ষণত Hoisting আৰু Unfurl ৰ পার্থক্য জানি লওঁ :

১৫ আগষ্টৰ দিনা জাতীয় পতাকাখন তলৰ পৰা ওপৰলৈ উত্তোলন কৰা হয় । তাকে Hoisting বোলে । ইয়াৰ অৰ্থ এয়ে যে, এসময়ত আমি পৰাধীন আছিলোঁ । আমাৰ পতাকা সেই সময়ত তলত আছিল । ইংৰাজৰ দাসত্বৰ পৰা মুক্ত হৈ আমি স্বাধীন হৈছোঁ । সেয়ে আমাৰ পতাকা তলৰ পৰা ওপৰলৈ উঠিল !!
২৬ জানুৱাৰীৰ দিনা কিন্তু আমাৰ পতাকাখন দণ্ডৰ ওপৰত জাপি বান্ধি ৰখা হয় । ৰছীডালত টান এটা মাৰি সেই পতাকা কেৱল উৰিবলৈহে খুলি দিয়া হয় । সেইদিনা তলৰ পৰা পতাকাখন ওপৰলৈ নিয়া নহয় ! এই প্রক্রিয়াক Unfurled বুলি কোৱা হয় । ইয়াৰ অৰ্থ এয়ে যে, আমি এখন সার্বভৌম ৰাষ্ট্ৰ, আমাৰ পতাকা সদায় দণ্ডৰ ওপৰতেই থাকিব ।
লেখাটো শ্বেয়াৰ কৰি সকলোকে জনাৰ সুবিধা কৰি দিব। ধন্যবাদ 🙏

সংগৃহীত

আমি এটা অস্থিৰ প্ৰজন্ম। বিশ্বাস কৰক বা নকৰক এই প্ৰজন্মৰ কোনো নিৰ্দিষ্ট লক্ষ্য নাই। তেওঁলোকৰ কোনো মতাদৰ্শগত উচ্চাকাংক্ষা ...
11/08/2025

আমি এটা অস্থিৰ প্ৰজন্ম। বিশ্বাস কৰক বা নকৰক এই প্ৰজন্মৰ কোনো নিৰ্দিষ্ট লক্ষ্য নাই। তেওঁলোকৰ কোনো মতাদৰ্শগত উচ্চাকাংক্ষা নাই। তেওঁলোকৰ কোনো পবিত্ৰ মিছন নাই।
কিতাপ পঢ়া নাই, বাতৰি কাকত পঢ়া নাই। বাহিৰৰ খেল খেলিবলৈ অনিচ্ছুক। ব্যায়াম নকৰে!
ৰ'দত খোজ কাঢ়ি ভাল নাপায়। বৰষুণত তিতিব নিবিচাৰে। বোকা, ঘাঁহ, পাতৰ পৰা এলাৰ্জী হয়। আধা কিলোমিটাৰ দূৰৈৰ গন্তব্যস্থানলৈ যাবলৈ আধা ঘণ্টা ৰিক্সা এখনৰ বাবে অপেক্ষা কৰি থাকে।

অচিনাকি চিনিয়ৰক সম্ভাষণ নিদিয়ে। সিহঁতৰ কাষেৰে পাৰ হৈ যাব আৰু আঁতৰি যাব। বা ভৰি দুখন শৰীৰ স্পৰ্শ কৰি আঁতৰি যাব। তেওঁলোকৰ ক্ষমা খোজাৰ প্ৰৱণতা নাই। অৰ্থহীন তৰ্কত লিপ্ত হ’ব। ভদ্ৰ মনোভাৱ নাপাব,কৃতজ্ঞতাৰ ভাবও নাপাব। তেওঁলোকৰ অহংকাৰী আচৰণ আৰু অহংকাৰী খোজ কঢ়াই আপোনাক ভয়ত কঁপাই তুলিব। যদি আপুনি তেওঁলোকক সংযম কৰিবলৈ পৰামৰ্শ দিবলৈ চেষ্টা কৰে তেন্তে বিপদ আৰু ক্ষতিৰ সম্ভাৱনা অতি বেছি।

আপুনি ৰাজহুৱা বাছত উঠিছে,আপুনি দেখিব যে সৰু ল’ৰাটোৱে খালী আসনত ঠাইৰ বাবে অধিক প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। সি আপোানক ঠেলি বহিব। তেওঁৰ দুগুণ বয়সৰ আপোানক থিয় হৈ চোৱাৰ বাহিৰে তেওঁৰ একো কাম নাই।

গোটেই ৰাতি অনলাইনত থাকে,গোটেই ৰাতিপুৱা শুই থাকে। সূৰ্য্য উদয় দেখা নাপায়, সূৰ্যাস্ত দেখা নাপায়। সূৰ্য্য উদয়ৰ সময়ত বিচনাত বহি থাকে, সূৰ্যাস্তৰ সময়ত মোবাইলত থাকে।
ফাষ্ট ফুডৰ প্ৰতি আসক্ত। বাহিৰৰ খেলবোৰ তেওঁলোকে অপছন্দ কৰে। ঘৰৰ ভিতৰতে আৰাম পায়। বিশেষকৈ অনলাইন গেম, ফেচবুক স্ক্ৰলিং, ইউটিউব, চিনেমা, নাটক চোৱা তেওঁলোকৰ প্ৰথম অগ্ৰাধিকাৰ।

ইতিহাস পঢ়া নাই। সাহিত্য বুজি নাপায়।ৰবীন্দ্ৰনাথক চিনি নাপায়, কিতাপ বুজি নাপায়, কিতাপ পঢ়া নাই, কিতাপ কিনা নাই।
তেওঁলোক অদক্ষ। খোজ কাঢ়িব নোৱাৰে, দৌৰিব নোৱাৰে, গছত উঠিব নাজানে, সাঁতুৰিব নোৱাৰে। সাগৰ পাৰ হোৱাৰ সাহস তেওঁলোকৰ নাই, পাহাৰ কাটি বাট বনাবলৈ তেওঁলোকৰ অদম্য ইচ্ছাশক্তি নাই। তেওঁলোকৰ আবেগ নাই। তেওঁলোকৰ সততা নাই। তেওঁলোকৰ মাত্ৰ এটা দক্ষতা আছে - স্মাৰ্ট ফোনত দ্ৰুতভাৱে স্ক্ৰল কৰিব পৰা।

সংগৃহীত পেজ- “Breaking Point”

এখন দেশত এটা অদ্ভুত নিয়ম আছিল। বৃদ্ধ হোৱাৰ বাবে কাম কৰিব নোৱাৰা সকলক দূৰণিৰ পাহাৰত অকলশৰীয়া ভাৱে এৰি আহিব লগীয়া হৈছিল...
10/08/2025

এখন দেশত এটা অদ্ভুত নিয়ম আছিল। বৃদ্ধ হোৱাৰ বাবে কাম কৰিব নোৱাৰা সকলক দূৰণিৰ পাহাৰত অকলশৰীয়া ভাৱে এৰি আহিব লগীয়া হৈছিল। সেই দেশৰ ৰজাই ভাবিছিল যে বৃদ্ধসকলৰ যত্ন লোৱাৰ বোজা কমাই দিলে সাধাৰণ মানুহৰ জীৱন সহজ হ’ব।

সেই দেশত এজন পিতৃ-পুত্ৰই ইজনে সিজনক বহুত ভাল পাইছিল। সময় পাৰ হৈ গৈ থাকিল। বাপেক বুঢ়া হৈ আগৰ দৰে কাম কৰিব নোৱাৰা হল। দেশৰ নিয়ম অনুসৰি পুত্ৰই বাধ্য হৈ দেউতাকক পাহাৰত পৰিত্যাগ কৰি আহিব লগিব । কিন্তু পুত্ৰই দেউতাকক এৰি থকাৰ কথা কল্পনাও কৰিব পৰা নাছিল। তথাপিও শাস্তি পোৱাৰ ভয়ত দেউতাকক কান্ধত তুলি পাহাৰৰ ফালে ৰাওনা হ'ল।

পাহাৰৰ শিখৰ পাওঁতে তেওঁৰ অন্তৰ কান্দিবলৈ ধৰিলে। শেষ পৰ্যন্ত দেউতাকক তাতে এৰি আহিব নোৱাৰিলে। দেউতাকক আকৌ লগত লৈ ঘৰৰ পিছফালে লুকুৱাই ৰাখিলে। প্ৰতিদিনে গোপনে খাদ্য আনি তেওঁক খুৱাব ধৰিলে।

এদিন ৰজাই নিজৰ প্ৰজাৰ বুদ্ধিমত্তাৰ পৰীক্ষা কৰিব বিচাৰিলে। তেওঁ ঘোষণা কৰিলে: "যিজনে ছাইৰে ৰছী বনায় আনিব পাৰিব, তেওঁক পুৰস্কৃত কৰা হ'ব!"

এই ঘোষণা শুনি ৰাইজ হতভম্ব হৈ পৰে। ছাইৰে ৰছী বনোৱা সম্ভৱ নেকি? ৰজাৰ এই সাঁথৰৰ কথা ল’ৰাটোৱে দেউতাকক ক’লে। দেউতাকে ক'লে, "ৰছী এটা লৈ ডাঙৰ পাত্ৰ এটাত মেৰিয়াই থোৱা, তাৰ পিছত তাত জুই জ্বলাই দিয়া।"

ল’ৰাটোৱে দেউতাকে কোৱাৰ দৰেই কৰিলে। ৰছীডাল জ্বলি গ’ল যদিও তাৰ ছাইখিনি ঠিক আগৰ দৰেই ৰছীৰ আকৃতিত থাকি গ’ল। সি ৰজাক সেইটোৱে দেখুৱালে আৰু পুৰস্কাৰ লাভ কৰিলে।

এমাহ পিছত ৰজাই দ্বিতীয় পৰীক্ষাৰ আয়োজন কৰিলে। কাঠৰ ডাল এটা দি ক'লে, যে এই ডালটোৰ "আগ আৰু গুৰি বিচাৰি উলিওয়া!"

ডালৰ মূৰ দুটা দেখাত একেই, গতিকে কোনেও উত্তৰ বিচাৰি নাপালে। ল’ৰাটোৱে কাঠৰ লাঠিডাল ঘৰলৈ আনি দেউতাকক দেখুৱালে। দেউতাকে ক'লে, "লাঠিডাল পানীত থোৱা। যিটো ফাল বেছি ডুব যাব সেইফাল গুৰি, আৰু যিটো ফাল ওপঙি থাকিব সেইফাল আগ।"

ল’ৰাটোৱে দেউতাকৰ পৰামৰ্শ মতে কৰি ৰজাক দেখুৱাই পুনৰ পুৰস্কাৰ লাভ কৰিলে।

এইবাৰ ৰজাই আৰু কঠিন সাঁথৰ এটা দিলে। তেওঁ ক'লে, "কোনো ধৰণৰ কোব নিদিয়াকৈ শব্দ হোৱা ঢোল এটা বনোৱা!"

প্ৰশ্ন শুনি সকলোৰে মূৰ ঘূৰাই গল । এনে ঢোল বনোৱাৰ উপায় কোনেও বিচাৰি নাপালে। পুত্ৰই আকৌ দেউতাকৰ পৰামৰ্শ বিচাৰিলে। দেউতাকে ক'লে, "ঢোল বনাই তাৰ ভিতৰত মৌমাখিৰ মৌচাক এটা দি দিবা।"

পুতেকে দেউতাকৰ নিৰ্দেশ মতে এটা ঢোল বনাই ৰজাক দিলে। ৰজাই ঢোলটো লৈ জোকাৰি দিয়াৰ লগে লগে তাৰ ভিতৰৰ মৌমাখিবোৰ উৰিবলৈ ধৰিলে, ফলত ঢোলটোত কোনো কোব নপৰাকৈ শব্দ কৰিবলৈ ধৰিলে!

ৰজাই আচৰিত হৈ লৰাটোক সুধিলে, "তুমি ইমান কঠিন প্ৰশ্নবোৰৰ উত্তৰ কেনেকৈ পালা?"

লৰাটোৱে ক'লে, "মহাৰাজ, মোৰ নিজৰ কোনো অভিজ্ঞতা নাই। মই মোৰ বুঢ়া দেউতাৰ পৰামৰ্শ মতে সকলো উত্তৰ দিছে।"

লৰাটোৰ কথা শুনি ৰজা বৰ কোমল হৈ পৰিল। তেওঁ উপলব্ধি কৰিলে যে জীৱনৰ কঠিন সমস্যাৰ সমাধান বিচাৰি উলিয়াবলৈ অভিজ্ঞতাই আটাইতকৈ মূল্যৱান বস্তু।

লগে লগে ৰজাই ঘোষণা কৰিলে, "আজিৰ পৰা কোনো বুঢ়া মানুহক পাহাৰত এৰি আহিব নালাগে!" তেতিয়াৰ পৰা সকলো বৃদ্ধই নিজৰ পৰিয়ালৰ সৈতে সুখেৰে জীয়াই থাকিবলৈ আৰম্ভ কৰিলে।

পাঠ: অভিজ্ঞতা অমূল্য। বৃদ্ধসকল আমাৰ জীৱনৰ আশীৰ্বাদ। তেওঁলোকৰ যত্ন লোৱাটো কেৱল আমাৰ দায়িত্বই নহয়, আমাৰ সৌভাগ্যও।

সেয়ে বৃদ্ধ পিতৃ-মাতৃক কোনেও অৱজ্ঞা নকৰিব।কাৰণ তেওঁলোকৰ যতনৰ ফলতেই আমি নিজকে মানুহ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিছোঁ 🙏

ভাল লাগিলে শ্বেয়াৰ কৰিব পাৰে।

সংগৃহীত ।

📌 এজন পিতৃয়ে পুত্ৰক ক'লে, "আজি তুমি সন্মানেৰে স্নাতক ডিগ্ৰী লাভ কৰিছা।  মই বহু বছৰৰ আগতে কিনা এখন volkswagen গাড়ী আছে,...
06/08/2025

📌 এজন পিতৃয়ে পুত্ৰক ক'লে, "আজি তুমি সন্মানেৰে স্নাতক ডিগ্ৰী লাভ কৰিছা। মই বহু বছৰৰ আগতে কিনা এখন volkswagen গাড়ী আছে,তোমাক উপহাৰ হিচাপে দিব বিচাৰিছোঁ। ইয়াৰ বয়স কিন্তু ৫০ বছৰৰ ওপৰত, মই তোমাক দিয়াৰ আগতে বিচাৰোঁ যে -তুমি গাড়ীখন টাউনৰ ডিলাৰশ্বিপলৈ লৈ যোৱা আৰু সুধিবা এই গাড়ীখনৰ বাবদ তেওঁলোকে তোমাক কিমান টকা অফাৰ দিয়ে!"

পুত্ৰই গাড়ীৰ ডিলাৰশ্বিপলৈ গৈ দেউতাকৰ ওচৰলৈ উভতি আহি ক'লে, "তেওঁলোকে মোক ২০০০ টকা দিছিল কাৰণ ইয়াক বৰ ব্যৱহৃত যেন লাগে।" তেতিয়া দেউতাকে ক'লে, "এতিয়া বস্তু কিনা-বেচা কৰা দোকানলৈ লৈ যোৱা।"

পুত্ৰই পণ্যৰ দোকানলৈ গৈ উভতি আহি ক'লে, "দেউতা,বহুত পুৰণি বুলি কোৱাৰ বাবে মোক মাত্ৰ ১০ হাজাৰ টকা দিলে।"

অৱশেষত পিতৃয়ে পুত্ৰক গাড়ীখন ক্লাছিক কাৰ ক্লাবলৈ লৈ গৈ তাত দেখুৱাবলৈ ক’লে। পুত্ৰই গাড়ীখন ক্লাবলৈ লৈ গ'ল, উভতি আহি ক'লে, "ক্লাবৰ কিছুমান মানুহে মোক ১ৰ পৰা ২০ লাখ টকা আগবঢ়াইছিল কাৰণ ই এখন অতি পুৰণা তথা বিৰল গাড়ী আৰু গ্ৰাহকসকলৰ মাজত বিচৰা হৈছে।"

পিতৃয়ে পুত্ৰক ক'লে, "মই আশা কৰোঁ- এই ঘটনাটোৰ পৰা তুমি বুজিব পাৰিবা যে সঠিক ঠাইয়ে তোমাক সঠিকভাৱে শলাগ লয়।

যদি কোনোবাই তোমাক মূল্য নিদিয়ে, তেন্তে খং নকৰিবা, ইয়াৰ অৰ্থ মাথোঁ তুমি ভুল ঠাইত আছা। যিসকলে তোমাৰ মূল্য জানে তেওঁলোকে তোমাক সঁচাকৈয়ে শলাগ ল'বই।

কেতিয়াও এনে ঠাইত নাথাকিবা য'ত তেওঁলোকে তোমাক মূল্য নিদিয়ে !"

✍️ সংগ্ৰহীত

 #দুখীয়া_হোৱাৰ_কাৰণ ♥️মানুহবোৰ জন্মতে দুখীয়া হ’ব পাৰে, কিন্তু দুখীয়া হৈ থকাটো প্ৰায়ে নিজৰ অভ্যাসৰ বাবেই হয়। দৰিদ্ৰত...
04/08/2025

#দুখীয়া_হোৱাৰ_কাৰণ ♥️

মানুহবোৰ জন্মতে দুখীয়া হ’ব পাৰে, কিন্তু দুখীয়া হৈ থকাটো প্ৰায়ে নিজৰ অভ্যাসৰ বাবেই হয়। দৰিদ্ৰতা কেৱল ধনৰ অভাৱ নহয়, প্ৰায়ে ই চিন্তা, পৰিকল্পনা আৰু আত্মনিয়ন্ত্ৰণৰ অভাৱো। তলত কিছুমান সাধাৰণ অভ্যাস উল্লেখ কৰা হ’ল যিয়ে এজন ব্যক্তিক আজীৱন দুখীয়া কৰি ৰাখিব পাৰে:
১/ খৰচ কৰাৰ অভ্যাস
বিশেষকৈ ফেশ্বন, আড়ম্বৰপূৰ্ণ অনুষ্ঠান বা সামাজিক অনুষ্ঠানত বহুতে উপাৰ্জনৰ তুলনাত অধিক খৰচ কৰে। সময়ৰ লগে লগে সৰু সৰু আৱৰ্জনা জমা হৈ ডাঙৰ লোকচানৰ কাৰণ হৈ পৰে।

২/ সঞ্চয়ৰ অভাৱ
বহুতে একেবাৰেই সঞ্চয় নকৰে, ভৱিষ্যতৰ কথা নাভাবে। হঠাৎ কোনো বিপদৰ সন্মুখীন হ’লে আৰ্থিকভাৱে দেউলীয়া হৈ ঋণত লিপ্ত হয়।

৩/ শিক্ষা আৰু দক্ষতাত বিনিয়োগ নকৰা
নিজকে দক্ষ কৰি নোলোৱাকৈ আৰ্থিক অগ্ৰগতি সম্ভৱ নহয়। কিন্তু যিসকলে নিজৰ শিক্ষা বা দক্ষতা বৃদ্ধিৰ বাবে সময় আৰু ধন খৰচ নকৰে, সময়ৰ লগে লগে পিছ পৰি ৰয়।

৪/ সময় নষ্ট কৰাৰ অভ্যাস
অজানিতে ঘণ্টাৰ পিছত ঘণ্টা মোবাইল, টিভি বা আড্ডাত কটোৱা লোকসকলৰ আয় বৃদ্ধিৰ কোনো প্ৰকৃত পৰিকল্পনা নাথাকে।

৫/ উদ্যোগ নোলোৱা আৰু ভয় খোৱা
বহুতে ৰিস্ক ল’বলৈ ভয় কৰে, নতুন কিবা এটা আৰম্ভ কৰিবলৈ ভয় কৰে। ফলত একে ঠাইতে আবদ্ধ হৈ থাকে আৰু জীৱনত কোনো ডাঙৰ কাম সাধন কৰিব নোৱাৰে।

৬/ ঋণৰ ওপৰত নিৰ্ভৰশীলতা
বহুতে জীৱন ধাৰণৰ মান বৃদ্ধিৰ বাবে ঋণ লয়, কিন্তু আয় বৃদ্ধিৰ কথা নাভাবে। ফলত ক্ৰমান্বয়ে তেওঁলোক ঋণত ডুব যায়।

৭) ড্ৰাগছৰ আসক্তি
চিগাৰেট, মদ, জুৱা বা অন্যান্য ক্ষতিকাৰক অভ্যাসে কেৱল ধনৰ ক্ষতি নহয়, শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰো ক্ষতি কৰে। এই অভ্যাসে বহু পৰিয়ালক ৰাস্তাত পেলাই দিয়ে।

দৰিদ্ৰতা প্ৰায়ে পৰিস্থিতিৰ বাবেই আহে, কিন্তু মানুহৰ নিজৰ কিছুমান অভ্যাসে ইয়াক বজাই ৰখাত ডাঙৰ ভূমিকা পালন কৰে। অভ্যাস সলনি কৰিলেহে জীৱন সলনি হ’ব পাৰে। গতিকে সজাগতা, সঞ্চয়, শিক্ষা, সময়ৰ সঠিক ব্যৱহাৰৰ প্ৰয়োজন। পৰিৱৰ্তন নিজৰ পৰাই আৰম্ভ কৰিব লাগিব।

"আপোনাৰ অভ্যাস সলনি কৰক, আপোনাৰ ভাগ্য সলনি হ'ব।"

#জীৱন_চক্ৰ

Address

Tinsukia

Telephone

+18638067589

Website

Alerts

Be the first to know and let us send you an email when See You Again posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to See You Again:

Share

Category