Axom X Press

Axom X Press Discover a New Society

26/08/2026

Prime Minister Shri School (PM SHRI School) Jawahar Navodaya Vidyalaya (JNV), Tinsukia, is organizing the 34th Navodaya Vidyalaya Samiti (NVS) National Table Tennis Championship 2026-27.

26/08/2026

প্ৰধানমন্ত্ৰী শ্ৰী বিদ্যালয় (PM SHRI School) জৱাহৰ নৱোদয় বিদ্যালয় (JNV), তিনিচুকীয়াৰ উদ্যোগত আজি ৩৪সংখ্যক নৱোদয় বিদ্যালয় সমিতি (NVS) ৰাষ্ট্ৰীয় টেবুল টেনিছ প্ৰতিযোগিতা ২০২৬–২৭ চনৰ ২৪ৰ পৰা ২৬ আগষ্টলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’য় এই প্ৰতিযোগিতা। দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান নৱোদয় বিদ্যালয়ৰ টেবুল টেনিছ খেলুৱৈসকলকে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ এক ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰিছে।

25/08/2026

ডুমডুমা "বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়" খন ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ লক্ষ্যৰে "বীৰ ৰাঘৱ মৰাণ বিশ্ববিদ্যালয়লৈ" উন্নীত কৰাৰ বাবে বিভিন্ন জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি লগতে বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়, ডুমডুমা আছু কাৰ্যালয়ত।

25/08/2026

ডুমডুমাত আছুৰ দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট।

ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়খন বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ,

ডুমডুমা এফ আৰ ইউ চিকিৎসালয়খন জিলা চিকিৎসালয়লৈ উন্নীতকৰণ।

ডুমডুমা মহাবিদ্যালয় আৰু ডনবস্কো হাইস্কুল সংযোগী তিনিআলিত ফুটব্ৰিজ নিৰ্মাণ।

ডুমডুমা চহৰৰ যান-জঁটৰ সমস্যা সমাধানৰ বাবে বৃহৎ পৰিসৰৰ পাৰ্কিং গৃহ নিৰ্মাণ আৰু ডুমডুমা তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বৃদ্ধি পোৱা পথ দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিভাগক বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় সংগঠনটোৱে।

সু-প্ৰভাত। সকলোকে পুৱাৰ শুভেচ্ছা জনাইছোঁ। আজিৰ দিনটোৰ এখন ভাললগা ছবি।
25/08/2026

সু-প্ৰভাত। সকলোকে পুৱাৰ শুভেচ্ছা জনাইছোঁ। আজিৰ দিনটোৰ এখন ভাললগা ছবি।

24/08/2026

ডুমডুমাত আছুৰ দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট।

ডুমডুমাত বিভিন্ন জনস্বাৰ্থমূলক দাবী উত্থাপন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ ডুমডুমা আঞ্চলিক সমিতিয়ে ৰূপায়ণ কৰিলে দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী।
আজি পুৱা ১১ বজাৰ পৰা গান্ধীমূৰ্তিৰ সন্মুখত ৰূপায়ণ কৰা হয় এই অৱস্থান ধৰ্মঘট। ডুমডুমা অঞ্চলৰ উন্নয়ন আৰু জনসাধাৰণৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত আছুৱে উত্থাপন কৰে মুঠ সাতটা গুৰুত্বপূৰ্ণ দাবী।
দাবীসমূহৰ ভিতৰত— ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়খন বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ, ডুমডুমা এফ আৰ ইউ চিকিৎসালয়খন জিলা চিকিৎসালয়লৈ উন্নীতকৰণ, বৃহত্তৰ ডুমডুমা অঞ্চলত বৃদ্ধি পোৱা নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন আৰু সেৱন ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ, চাহ নগৰী হিচাপে খ্যাত ডুমডুমাত চাহ গৱেষণা কেন্দ্ৰ স্থাপন অন্যতম।
ইয়াৰ উপৰি, ডুমডুমা মহাবিদ্যালয় আৰু ডনবস্কো হাইস্কুল সংযোগী তিনিআলিত ফুটব্ৰিজ নিৰ্মাণ, ডুমডুমা চহৰৰ যান-জঁটৰ সমস্যা সমাধানৰ বাবে বৃহৎ পৰিসৰৰ পাৰ্কিং গৃহ নিৰ্মাণ আৰু ডুমডুমা তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বৃদ্ধি পোৱা পথ দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিভাগক বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় সংগঠনটোৱে।
অৱস্থান ধৰ্মঘটৰ অন্তত ডুমডুমা সমজিলা প্ৰশাসনৰ বিষয়া সুদীপ গগৈৰ হাতত দাবীসম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই।

23/08/2026

👉ৰূপাই চাইডিং "বানাক্ৰান্ত সাহায্য মঞ্চৰ" উদ্যোগত শিৱসাগৰ জিলাৰ বানাক্ৰান্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত স্কুল বেগ আৰু শিক্ষাৰ সামগ্ৰী বিতৰণ কৰে।
👉তৃতীয় কাৰ্যসূচী হিচাপে যোৱা ২২ আগষ্ট তাৰিখে প্ৰলয়ংকাৰী বানত বিধ্বস্ত হোৱা শিৱসাগৰ জিলাৰ নিমাইজান আৰু ভাধৰা গাঁৱৰ ১০০ গৰাকী ১৪ বছৰ অনুৰ্ধ্ব ছাত্ৰ -ছাত্ৰী মাজত স্কুল বেগ আৰু শিক্ষাৰ বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয়।

“সচেতন যুৱ উন্নয়ন মঞ্চ, অসমৰ বিশেষ আহ্বান..🔷 ছাত্ৰ-ছাত্ৰীৰ মাজত গুটখা-ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰী নকৰিবলৈ আহ্বান।🔷 দোকা...
23/08/2026

“সচেতন যুৱ উন্নয়ন মঞ্চ, অসমৰ বিশেষ আহ্বান..
🔷 ছাত্ৰ-ছাত্ৰীৰ মাজত গুটখা-ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰী নকৰিবলৈ আহ্বান।
🔷 দোকানীসকলক গুটখা-ধঁপাতজাতীয় সামগ্ৰী স্কুলত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ বিক্ৰী নকৰিবলৈ সজাগতা মূলক বাৰ্তা।
***co

22/08/2026

বিহুবৰ চাহ বাগিচা কৰ্তৃপক্ষক কঠোৰ সকীয়নি আটছাৰ ভূপেন ঘাটোৱাৰৰ। কি ক'লে শুনক ...

Address

Tinsukia

Website

Alerts

Be the first to know and let us send you an email when Axom X Press posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share