23/09/2021
হয়, তেঁও অসমৰ এজন পমুৱা মুছলমান।
বৃটিছ ইন্ডিয়াৰ অন্তৰ্ভুক্ত হোৱাৰ পিছতে ১৮৩৪ চন মানৰ পৰাই ইংৰাজে এফালে যেনেকৈ উজনি অসমত চাহ খেতি কৰিবৰ বাবে সুদূৰ চেন্ট্ৰেল প্ৰভিন্সেচৰ পৰা হিন্দু আদিবাসী শ্ৰমিকক অসমলৈ লৈ আহিছিল, ঠিক তেনেদৰেই নামনি অসমৰ বিভিন্ন নদীপৰিয়া অঞ্চলতো ( সেই সময়ত কলিকতাৰ লাভজনক মৰাপাট উদ্যোগৰ বাবে প্ৰচুৰ কেঁচামালৰ প্ৰয়োজন আছিল) মৰাপাটৰ খেতি কৰিবলৈ ইষ্ট বেঙ্গলৰ ঘাইকৈ মৈমনসিং জিলাৰ পৰা মুছলমান শ্ৰমিকক অসমলৈ লৈ আনি পুনৰ্সংস্থাপন দিছিল।
আমি কোনেও দায় সাৰিব নোৱাৰোঁ। শিক্ষা আৰু বিজ্ঞানমনষ্কতাৰে উদ্বুদ্ধ উপযুক্ত নেতৃত্বৰ অভাৱতেই হয়তো এই নদীপৰিয়া মানুহ বিলাকৰ সাধাৰণ জীৱনযাত্ৰা সদায়েই দুৰ্বিসহ হৈ আহিছে। বাৰে বাৰে নদীৰ গড়াখহনীয়া আৰু বানপানীয়ে তেঁওলোকৰ থকা ঠাইবিলাক নিচ্ছিন্ন কৰি আহিছে। তেঁওলোকৰ উঠি অহা প্ৰজন্মৰো সপোনবিলাক সদায় থান বান হৈ আহিছে। নদীভঙ্গ এই মানুহবিলাক আজি জীয়াই থাকিবলৈ যাব ক'লৈ ?
নিজে হাড়ভঙা পৰিশ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰি থকা ঠাইখিনিৰ পৰাও কোনোবাই যদি তেঁওলোকক সৰ্ব্বস্বান্ত কৰে, তেঁওলোকৰ খঙ নুঠিবনে বাৰু ? তেঁওলোকৰ মনৰ বেদনা কোনোবাই বুজিবলৈ চেষ্টা কৰিছেনে ? তেঁওলোক হিন্দু, নে মুছলমান, নে কেৱল মানুহ ! আমি তেঁওলোকক কেৱল মানুহ হিচাবেই গণ্য কৰিব নোৱাৰোঁনে ?
এই পমুৱা মুছলমান জনেও ভবা নাছিল চাগে যে মৃত্যুৰ পিছতো কোনোবাই এক পৈশাচিক উল্লাসত বাৰে বাৰে তেঁওৰ দেহৰ ওপৰতে জপিয়াই নিষ্প্ৰাণ দেহটোক এনেধৰণে উপৰ্যুপৰি আঘাত কৰিব পাৰিব ! তেঁও কিন্তু সদায় অসমীয়াৰ ৰঙা আচুঁদিয়া গামোচা খনকেই মুৰত মেৰিয়াই আহিছিল। আজিও তেঁওৰ নিষ্প্ৰাণ দেহৰ কাষতে তেঁওক অসমীয়া বুলি পৰিচয় দিয়া সেই গামোচাখনো অনাদৃত ভাবে পৰি ৰৈছিল।