NewZday assam

  • Home
  • NewZday assam

NewZday assam NewZday assam is a dedicated digital news media service from Assam that bringing you every day the m we the group of people carry the real fact towards you

27/07/2025

কি ক'ব ৰাইজ ?

27/07/2025

মাজবাটত বিশ্ব হিন্দু পৰিষদ দূৰ্গা বাহিনিৰ এদিনীয়া যুৱতী সংস্কাৰ প্ৰশিক্ষণ বৰ্গ ।

ওদালগুৰি জিলা‌ৰ মাজবাটৰ জ্ঞান ভাৰতী পাব্লিক স্কুলত বিশ্ব হিন্দু পৰিষদ দূৰ্গা বাহিনিৰ ওদালগুৰি জিলা‌ সমিতিৰ এদিনীয়া যুৱতী সংস্কাৰ প্ৰশিক্ষণ বৰ্গ অনুষ্ঠিত হয়। আজি বিদ্যালয় খনত অনুষ্ঠিত হোৱা বৰ্গত প্ৰায় এক শতাধিক যুৱতী সকলক আধ্যাত্মিক, বৌদ্ধিক, সংস্কাৰৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। যাতে যুৱতী সকলে দেশ মাতৃক ৰক্ষা কৰাৰ লগতে নিজকে ৰক্ষা কৰিব কাৰণে এই প্ৰশিক্ষণ প্ৰদান কৰা হয়। আজিৰ এই বৰ্গত যুৱতী সকলক প্ৰশিক্ষণ প্ৰদান কৰে শিক্ষিকা খুছবু কটোৱাল, আৰু অনুষ্কা কটোৱালে । আজিৰ দূৰ্গা বাহিনিৰ এদিনীয়া বৰ্গত উপস্থিত থাকে মাজবাটৰ সমাজ সেৱক জিতু কিষাণ, নিলিমা ব্ৰহ্ম, বিশ্ব হিন্দু পৰিষদ দূৰ্গা বাহিনিৰ উত্তৰ পূৱ প্ৰান্তৰ সংযোজিকা ৰূপালী দাস, ওদালগুৰি জিলা‌ বজৰং দলৰ সংযোজক দ্বিপেন বসুমতাৰী, মাজবাট প্ৰখণ্ড বজৰং দলৰ পৰেশ দাস , উপদেষ্টা সন্তোষ পাটোৱাৰীৰ লগতে বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ বাস্কা আৰু ওদালগুৰি জিলাৰ প্ৰতিনিধি উপস্থিত থাকে।

27/07/2025

কৃত্ৰিম বান পানী নগাঁও চহৰৰ অঞ্চলত

27/07/2025

ধুবুৰীত এজন গভাইত চোৰক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে।

ধুবুৰী চহৰৰ পাশ্বৱৰ্তী আইৰণজংলা প্ৰথম খণ্ডত আৰক্ষীয়ে অভিযান চলাই নুৰু শেখ নামৰ এজন গভাইত চোৰক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে নুৰু শেখ নামৰ গভাইত চোৰজন আইৰণজংলা প্ৰথম খণ্ডকে ধৰি বিভিন্ন অঞ্চলত তেওঁৰ এজন নাবালক পুত্ৰৰ দ্বাৰাই দোকান, ঘৰ, দলঙৰ ৰড, নগদ ধন ইত্যাদি চুৰি কাৰ্য সংঘটিত কৰাই আহিছিল।

যোৱাকালি নিশা এ এম কো ৰোড বজাৰ আৰক্ষী চকীৰ আৰক্ষীয়ে নুৰু শেখক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ আনে।

ধুবুৰী সদৰ থানাই গ্ৰেপ্তাৰ কৰা নুৰু শেখ নামৰ গভাইত চোৰজনক ন্যায়িক আজি আদালতলৈ প্ৰেৰণ কৰে।

এ এম কো ৰোড বজাৰ আৰক্ষী চকীৰ আৰক্ষীয়ে গভাইত চোৰ নুৰু শেখৰ নাবালক লৰাজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

27/07/2025

এশ #গৰু মা*ৰিলে #বাঘৰো ম*ৰ*ণ
#নগাঁও চহৰৰ ৰাজপথৰ দৃশ্য

এটা লোহা চোৰক হাত ভৰি বা*ন্ধি ৰাইজে ল*পা থ*পা দি লৈ আহিছে আৰক্ষী থানালৈ

নগাঁও টাউনৰ কচলুখোৱাত চোৰটোৱে কেইবাদিন ধৰি গৃহস্থ ই বিছনা এৰা আগতেই গৃহ নিৰ্মাণত ব্যৱহৃত লোহা লৈ উধাও হৈছিল।

চিচিটিভি ভিডিঅ' চাই দেওবাৰে জাল পাতি ৰৈ আছিল গৃহস্থ।

আৰু তাৰ পাছৰ দৃশ্য এয়া। ৰাইজে চোৰটোক ঔ কিল দি গটাই দিলে মৰিকলং আৰক্ষী চকীত।

27/07/2025

এইজন মুন্না।বহুত মহিলা যুৱতীক প্ৰেমৰ জালত পেলাই শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিছিল

27/07/2025

গৌৰীপুৰত হা*নি খু*চি হ*ত্যাৰ অভিযোগত তিনি জনক আটক।

গৌৰীপুৰ খাচখামাৰত সংগঠিত হোৱা হ*ত্যাকাণ্ডৰ অভিযোগত আটক বড়োবাবা আশ্ৰাফ হুছেইন (৫৫) মস্তাক হুছেইন (৪৮) শোহিদুৰ ৰহমান (৪০)

মনিৰুদ জামান সেখ (সাহান) নামৰ ব্যক্তিক ঘৰৰ ভিতৰত সোমাই হা*নি খু*চি হ*ত্যা কৰাৰ অভিযোগত তিনি মাহ পূৰ্বে আৰক্ষীক এজাহাৰ দিছিল ভক্তভোগীয়ে।

একে গাঁৱৰে দুটা ফৈদৰ মাজত চলি আছিল সংঘাত ঘটনা সংক্ৰান্তত গৌৰীপুৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ।

গৌৰীপুৰ থানাৰ মধুশৌলমাৰী গাঁৱৰ খাচখামাৰত ভয়ংকৰ হত্যাকাণ্ড ঘটনাৰ অভিযোগ উত্থাপন হৈছিল মনোৱাৰ, তালেপ, বিচ্ছ , ময়নুলৰ বিৰুদ্ধে। কিন্তু মনিৰুদ জামান সেখ (সাহান) ক হানি খুচি হত্যা কৰাৰ অভিযোগ দিয়া ব্যক্তি সকল আছিল নিৰ্দোষী সাহানক হত্যা কৰিছিল নিজ ভাই ককাইয়ে অভিযোগ দিছিল সাহানৰ পত্নীয়ে তাৰ পিছতেই যোৱা নিশা গৌৰীপুৰ আৰক্ষীৰ অভিযানত তিনি ভাই ককাইক আটক। বৰ্তমানেও মূল অভিযুক্ত ফিৰদুছ আলীৰ লগতে পলাতক ৪ জন অভিযুক্ত।

পলাতক অভিযুক্ত ফিৰদুছ আলীৰ লগতে আৰু ৪ জনক অতি সোনকালে আটক কৰা হব বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে।

সাহান হত্যাৰ ভোক্তভোগীৰ এজাহাৰৰ ভিত্তিত ২৩৪/২৫ under Section ৬১(২)/ ১০৩(১) BNS দ্বাৰাত ৰজু হৈ আছে গোচৰ।
#

27/07/2025

নগাঁৱত এজাক বৰষুণতে জলমগ্ন হʼল ঢাকায়পট্টী
নগাঁৱৰ পৰা শোণিত কুমাৰ বৰাৰ লগত পোনপতীয়া সম্প্ৰচাৰ

27/07/2025

graphiccontent যোৰহাটত বুবু আনচাৰি নামৰ অনাঅসমীয়াৰ আ*ক্ৰ*মণ*ৰ ব*লি হ'ল ভূমিপুত্ৰ মিছিং সম্প্ৰদায়ৰ এজন লোক
সামান্য কথাতে মা*ৰ*পি*ট কৰাৰ অভিযোগ উঠিছে ।

27/07/2025

শেহতীয়াকৈ ৪জন যুৱকক হে*ৰুৱালোঁ। আৰু হে*ৰুৱাব নিবিচাৰোঁ। তোমালোকে ফূৰ্তি কৰা কিন্তু সুৰাপান নকৰিবা।

#চাপানলাত গা-ধুবলৈ যোৱা যুৱকক সাৱধানবাণী নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

নগাঁৱৰ পৰা শোণিত কুমাৰ বৰা

27/07/2025

নগাঁৱৰ জিলা #আয়ুক্ত #দেৱাশীষ #শৰ্মাই #চাপানালাত গৈ কি ক'লে ?

নগাঁও জিলা আয়ুক্তৰ দুৰ্ঘটনা ৰোধৰ সজাগতা সৃষ্টি

প্ৰকৃতিৰ অপুৰ্ব সমাহাৰ চাপানলা জলপ্ৰপাত স্থলীত আয়ুক্ত দেৱাশীষ শৰ্মাই বনভোজ দল আৰু ৰাইজক নিজে মাইক লৈ জনালে আহ্বান

আমোদ - প্ৰমোদ আৰু প্ৰকৃতিৰ আমেজ লবলৈ আহ্বান জনাই বনভোজ স্থলীত মদিৰা পান কৰি পৰিবেশ নষ্ট নকৰা আৰু বাহন নচলোৱাৰ আহ্বান আয়ুক্তৰ

মদিৰা পান কৰি বাহন চলালে দুৰ্ঘটনা সংঘটিত হয়

চাপানলাত বনভোজ খায় বাহন চলোৱাৰ ফলত হোৱা দুৰ্ঘটনাত চাৰিজন লোকৰ ইতিমধ্যে মৃত্যু হৈছে

চলিত বৰ্ষৰ ৭ টা মাহত মদিৰা সেৱন কৰি বাহন চলোৱাৰ ফলত নগাঁও জিলাত ৭০ জন লোকৰ মৃত্যু হোৱাৰ কথা উল্লেখ কৰি আয়ুক্ত গৰাকীয়ে সকলোকে আপোনালোকৰ জেষ্ঠ ভাতৃ হিচাপে মই অনুৰোধ জনাইছো মদিৰা সেৱন কৰি বাহন নচলাব

নগাঁৱৰ পৰা শোণিত কুমাৰ বৰা

27/07/2025

অইন দিনৰ দৰে আজিও গৈছিল মহিলাক লগ ধৰিব কিন্ত কপাল বেয়া ৰাইজৰ হাতত ধৰা পৰিল।

Address


Alerts

Be the first to know and let us send you an email when NewZday assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share