ND TIME 24

ND TIME 24 সত্যৰ সন্ধানত সদায় ND TIME 24

16/10/2025

*নাজিৰাত অসমৰ হিয়াৰ আমঠু - যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সমাধি ভূমিৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু সৰ্বধৰ্ম প্ৰাৰ্থনাৰ বৃহৎ আয়োজন*

👉অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দন - অসমৰ হিয়াৰ আমঠু - যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সমাধি ভূমিৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা জনোৱাৰ বৃহৎ আয়োজন কৰা হৈছে । জুবিন গাৰ্গ ফেন ক্লাৱ, নাজিৰা , শিমলুগুৰিৰ উদ্যোগত বৃহত্তৰ নাজিৰা সমজিলাৰ ৰাইজৰ সহযোগত অহা ১৮ আৰু ১৯ অক্টোবৰত নাজিৰা নগৰৰ মাজমজিয়াস্থ এম চি ক্লাৱত অনুষ্ঠিত হ'ব লগা অনুষ্ঠানৰ কাৰ্যক্ৰমণিকা অনুসৰি প্ৰথম দিনা পুৱা ৯ বজাত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন, ১০ বজাত মৌন সমদল, বিয়লি ২ বজাত সমাধি ভূমি প্ৰতিকৃতি অস্থায়ী সংস্থাপন আৰু ৰাজহুৱা শ্ৰদ্ধাঞ্জলি, সন্ধিয়া ৬ বজাৰ পৰা জুবিন গাৰ্গ কেন্দ্ৰিক অনুষ্ঠান অনুষ্ঠিত হ'ব । ১৯ অক্টোবৰত পুৱা ১০ বজাত সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু অন্যান্য ধৰ্মীয় অনুষ্ঠান , বিয়লি ৩ বজাত সমাধি ভূমি সহ নাজিৰাৰ পৰা শিমলুগুৰি নগৰলৈ মৌন সমদল কৰি বশিষ্ঠ গংগা খ্যাত দিখৌনদীত ( শিমলুগুৰি দিখৌ নদীৰ ঘাট ) আনুষ্ঠানিক ভাৱে বিসৰ্জন দিয়া হ'ব । উক্ত দুয়োদিনাৰ কাৰ্যসূচীতে নাজিৰা সমজিলা বাসী ৰাইজৰ উপস্থিতি তথা দল - সংগঠন নিৰ্বিশেষে সহযোগিতা আগবঢ়াবৰ বাবে আয়োজক সমিতিৰ হৈ সভাপতি দিপাংকৰ সন্দিকৈ আৰু সম্পাদক পৰশমণি কলিতাই অনুৰোধ জনাইছে ।

*নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপ'ৰ্ট*

15/10/2025

সংবাদমেল যোগে উৎকোচ লৈ জলমিত্ৰ বাছনি কৰা অভিযোগ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি দাবী কৰে বাছনি কমিটিয়ে।

জাহানাৰা খাতুনে উত্থাপন কৰা অভিযোগৰ উপযুক্ত প্ৰমাণ দিব নোৱাৰিলে আইনৰ আশ্ৰয় লয় বুলি কয় কমিটিৰ বিষয়ববীয়াই।

জলজীৱন আঁচনি খনত কোনো দুৰ্নীতি সংঘটিত হোৱা নাই বুলি দাবী কৰে কমিটিয়ে।

ঘটনাৰ তদন্ত দাবী কৰিছে সংবাদমেলত।

14/10/2025

*জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া লেহিমীয়া হোৱাত ক্ষোভ বিৰোধী দলপতি দেৱব্রত শইকীয়া*

*তদন্তকাৰী গোট ( ѕιт ) য়ে মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপি অনুসৰি চলাৰ অভিযোগ তুলি ইয়াৰো এক উপযুক্ত তদন্তৰ দাবী দেৱব্রত শইকীয়াৰ*

*জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনক লৈ মুখ্যমন্ত্রী আৰু বি জে পি দলে ৰাজনীতি কৰি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰাৰ অভিযোগ বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ*

*ছিংগাপুৰত আয়োজিত অনুষ্ঠানৰ আয়োজক নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত সকলোকে তদন্তৰ আওতালৈ অনাৰ দাবী বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ*

*নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপ'ৰ্ট*

13/10/2025

পিতৃ কৃষক।অত্যন্ত দৰিদ্ৰ কৃষক পৰিয়ালৰ এগৰাকী কন্যা সন্তানে গৌৰৱ কঢ়িয়াই আনিলে নগৰবেৰালৈ।সদ্য ঘোষিত ADRE পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসম আৰক্ষীত চাকৰি লাভ দীপান্দিতা.......

12/10/2025

কলগাছিয়াৰ দক্ষিণ চেনীমাৰীৰ পৰা মইনবৰী যোৱা ৰাস্তা ২ দিন আগত পকি কৰিছিল আৰু আজি এই অবস্থা। ৰামপুৰ অংগনবাদী কেন্দ্ৰৰ সন্মুখত ।

12/10/2025

দিন হাজিৰা কৰা এটা দৰিদ্ৰ পৰিয়াললৈ আনন্দৰ বতৰা৷
#পিতৃহীন দৰিদ্ৰ পৰিয়ালৰ চাৰিমুঠীয়া গোহাঁই গাঁৱৰ কৃষ্ণ বৰাই লাভ কৰিলে চৰকাৰী চাকৰি৷
কষ্টৰ ফল যে মিঠা সেই কথা প্ৰমাণ কৰিলে চৰাইদেউ

11/10/2025

বৰপেটা জিলাৰ পিৰলা তিনিআলিত নিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড। ঘটনাত প্ৰায় ১০ খন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ ৰূপে জুইত জাহ গৈছে । স্থানীয় লোকৰ মাজত হাহাকাৰময় পৰিস্থিতি।

11/10/2025

নাজিৰাত শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ৫৭৭ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উদযাপন। তিনিদিনীয়াকৈ উদযাপন কৰা হৈছে এই মহোৎসৱৰ।

10/10/2025

কলগাছিয়া কৰাৰকুৰ ব্ৰিজৰ ওপৰেদি সকলো বাহন চলাচল বন্ধ.......

09/10/2025

শিমলুগুৰি এম বজাৰ বন্ধ কৰিলে বীৰ লাচিত সেনাই।*
*থলুৱাক প্ৰৱঞ্চনাৰ অভিযোগ*

09/10/2025

নৈশ ফুটবল খেল প্ৰতিযোগিতাl
অপৰাজিত ক্লাব লাইব্ৰেৰী উদ্দগত বৰভিঠা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আয়োজিত কৰা হৈছে নৈশ প্ৰাইজমানী ফুট বল খেল।
কলগাছিয়াৰ বৰভিঠাত অপৰাজিত ক্লাব লাইব্ৰেৰী উদ্দগৰ পৰা অহা 10-10-25 ইং তাৰিখত খেলখন শুব উদ্বোধন কৰা হব বুলি খেল কমিটিয়ে জানিব দিছে। সেয়ে সমূহ ৰাইজক..........

09/10/2025

✴️ ছুপ্ৰিম কৰ্টে অসমত অবৈধ বিদেশীৰ বোজা জানিবলৈ ১৯৭১ ভিত্তি বছৰ বাহাল থাকিব বুলি দিয়া ৰায় পুনৰীক্ষণৰ বাবে মহাসংঘৰ আবেদন দাখিল ।
⭐ বৃটিছে অসমত থৈ যোৱা আৰু বৰ্তমান ১কোটি ৫০ লাখতকৈও বেছি হোৱা বিদেশীবোৰক খিলঞ্জীয়া জনগোষ্ঠী সমূহে মহান মানৱতা আৰু উদাৰতাৰে ভাৰতীয় নাগৰিক ৰূপে আদৰি লোৱা বিষয়টো সাংবিধানিক বিচাৰপীঠে গুৰুত্ব দি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল-মতিউৰ ৰহমান ....

Address


Telephone

+918011137082

Website

Alerts

Be the first to know and let us send you an email when ND TIME 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ND TIME 24:

  • Want your business to be the top-listed Media Company?

Share