07/03/2026
অক্লান্ত পৰিশ্ৰম কৰিও সুফল পোৱা নাই,টকা পইচা একেবাৰে হাতত নৰয়,ক’ত কেনেকৈ খৰচ হয় গমকে নেপায়।ঘৰতে কৰা কেইটামান ভুল কামৰ বাবে সৌভাগ্যৰ চকাটো আঁতৰি থাকে!
দৈনন্দিন জীৱনত অজানিতে কৰা কিছুমান ভুলৰ বাবে জীৱনত বাধা-বিপত্তি আহিব পাৰে।এনে কিছুমান নিৰ্দিষ্ট কাম আছে, যিবোৰ ঘৰত কৰা উচিত নহয়।
১) ঘৰৰ চৌকাঠ বা দুৱাৰদলিত কেতিয়াও বহা বা থিয় নিদিব। কাৰন দুৱাৰদলিত কুলদেবীয়ে বাস কৰে। যি কোনো বস্তু কাৰোবাক দিবলৈ হলে দুৱাৰৰ বাহিৰত গৈ দিব বা ঘৰৰ ভিতৰত দিব।
২) ৰাতিপুৱা ঘৰৰ পৰা ওলাই যোৱাৰ আগতে অৱশ্যেই কিবা খাইহে ওলাব। খালি পেটত যাত্ৰা শুভ নহয়।
৩)খাদ্যবস্তু অধিক বনাই ফ্ৰিজত সঞ্চয় কৰি নেৰাখিব প্ৰয়োজন, সিমানেই বনাব।
৪) সূৰ্য অস্ত যোৱাৰ পিছত গাখীৰ, দই, নিমখ আৰু চেনী কাকো দান নকৰিব।
৫) ৰান্ধনীঘৰৰ চিঙ্কত দীঘলীয়া সময় ধৰি বাচন পেলাই নথব।
৬) বন্ধ কৰা গেছ অভেনৰ ওপৰত কেতিয়াও কেৰাহী বা ৰন্ধন সামগ্ৰী বহাই নথব।
৭) ঘৰৰ সদস্যৰ হিচাপত ৰন্ধন বনাব নেলাগে। সদায় অলপ কিছু পৰিমান খাদ্য বেছি বনাই ৰখা উচিত।ৰাহি হোৱাবস্তু খিনি জীৱজন্তুক খুৱাব।
৮) ৰন্ধন কৰাৰ পিছতে গেছ অভেন পৰিষ্কাৰ কৰিব
৯) পুৰণি কেৰাহী আৰু তাৱা কাকো দিয়া উচিত নহয়।
১০)পুৱা প্ৰতিদিন পাৰিলে চৰাই চিৰিকতিক দানা দিব। গোটামুগ দিলে ঘৰৰ সন্তানৰ বুদ্ধি,বিদ্যাশিক্ষা আৰু সফলতা আহে।
১১) সন্ধিয়া পুজাৰ সময়ত ভুলতো টিলিঙা নবজাব।
১২) ঘৰত অহা কাকো বাঢ়নি নেদেখুৱাব।বাঢ়নি এনে ঠাইত ৰাখক, যি কোনেও সহজে দেখা নেপায়।
১৩) বিছনাত বহি কেতিয়াও খাদ্যবস্তু গ্ৰহণ নকৰিব।বাস্তুদোষ বৃদ্ধি হয়।
১৪)সূৰ্য অস্ত যোৱাৰ পিছত ঘৰত জাৰু নলগাব বা পৰিষ্কাৰ নকৰিব।
১৫)ঘৰত ক’ৰবাত পানীৰ লিকেজ আছে নেকি? যদি আছে ততালিকে বন্ধ কৰক।পানী যদি অপব্যয় হয় বা আপোনাৰ ঘৰৰ নলৰ পৰা টপ টপকৈ পানী বৈ থাকে,সেয়া অৰ্থহানিৰ লক্ষন।