SAMAY ASSAM

SAMAY ASSAM Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from SAMAY ASSAM, News & Media Website, .

SAMAY ASSAM is an initiative by Nattirtha (NGO) which covers the current issues and reflects the Art and Culture of our people and Exclusive NEWS is our prime focus.

01/12/2025

তেজপুৰ বিশ্ববিদ‍্যালয় সন্দৰ্ভত সংবাদমেল ।

01/12/2025

স্বাস্থ্য পৰীক্ষা কৰিবলৈ আপুনি এতিয়া যাব নালাগে স্বাস্থ্য বিভাগলৈ । আপোনাৰ পদুলিত আহি উপস্থিত হব এখন বিশেষ বাছ । বাছৰ ভিতৰত আপুনি লাভ কৰিব পাৰিব দাঁত, চকু , কান নাকৰ লগতে বিভিন্ন ৰোগৰ চিকিৎসা তথা পৰীক্ষা ।
এইচ এল্ পোদ্দাৰ ফাউণ্ডেচনৰ উদ্যোগত bdg ৰমেশ গোবেল আৰু পূৰ্বোত্তৰ মাৰোৱাৰী যুৱ মঞ্চৰ সহযোগত ৰূপায়ন কৰা হৈছে বাছৰ ভিতৰত মেগা স্বাস্থ্য পৰীক্ষা শিবিৰ । প্ৰথম দিনৰ কাৰ্য সূচী হিচাপে সোম বাৰে মহানগৰীৰ পানিখাইটি ৰাজাবাৰীত অনুষ্ঠিত কৰাৰ লগতে পৰবৰ্তী কাৰ্য সূচী ফৰেষ্ট গেট, চপাইদাং, বিৰকুচি আদিকে ধৰি বিভিন্ন স্থানত এই সেৱা উপলব্ধ হব বুলি জানিবলৈ দিয়ে সমাজ সেৱক তথা আয়োজক অজয় পোড্ডাৰে

01/12/2025

ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ উদ্দেশ্যে গোলাঘাট জিলাৰ মেৰাপানীৰ দিলিপ বড়ো নামৰ এজন কৰ্মউদ্যোমী লোকে নিজ ঘৰতে গঢ়ি তুলিছে কৃষিভিত্তিক ক্ষুদ্ৰ উদ্যোগ। স্থানীয় তামোলেৰে চুপাৰি প্ৰস্তুত কৰি নিজৰ লগতে আন একাংশ লোকৰ বাবে সংস্থাপনৰ বাট মুকলি কৰিছে এই জন কৰ্মোদ্যমী লোকে।‌ বিগত পাঁচটা বছৰে অশেষ কষ্ট আৰু কথোৰ পৰিশ্ৰমেৰ ফলত দিলীপ বড়োৱে নিজৰ ঘৰতে গঢ়ি তুলিবলৈ সক্ষম হৈছে চুপাৰি প্ৰস্তুত কৰা এই ক্ষুদ্ৰ উদ্যোগ। মেৰাপানীৰে চিচূপানী অঞ্চলৰ হিড়িম্বাপুৰ গাঁৱৰ দিলীপ বড়োৱে স্থাপন কৰা ক্ষুদ্ৰ উদ্যোগটোত বৰ্তমান সময়ত স্থানীয় অঞ্চলটোৰ প্ৰায় বহুতো পুৰুষ -মহিলাই কৰ্মসংস্থাপন লাভ কৰিছে। ক্ষুদ্ৰ উদ্যোগটোৰ বাবেই স্থানীয় তামোলৰ কৃষক সকলে উপযুক্ত মুল্য লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে নিজৰ উদ্যোগত প্ৰস্তুত কৰা চুপাৰি সমূহ দিলীপ বড়োৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰি আহিছে। ইতিমধ্যে দিলিপ বড়োৱে বহু লক্ষাধিক নিজা ধন বিনিয়োগ কৰাৰ পাছতো সাম্প্ৰতিক সময়ত উদ্যোগটো নিয়াৰিকৈ চলাই যাবলৈ কেইবাটাও অত্যাধুনিক যন্ত্ৰৰ প্ৰয়োজন আৰু পৰ্য্যাপ্ত ধনৰ অভাৱৰ বাবেই প্ৰয়োজনীয় যন্ত্ৰপাতি সমুহ ক্ৰয় কৰিব নোৱাৰা বুলি জানিবলৈ দিয়ে। ইফালে উক্ত ক্ষুদ্ৰ উদ্যোগটোৰ যাৱতীয় সকলো নথিপত্ৰ যোগাৰ কৰি বড়োৱে অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু তদানীন্তন বি টি চি প্ৰধান প্ৰমোদ বড়োক ৰাজ সাহায্যৰ বাবে আবেদন দাখিল কৰিছিল। দিলিপ বড়োৱে চৰকাৰলৈ আহ্বান জনাইছে ক্ষুদ্ৰ উদ্যোগটোৰ বিকাশৰ বাবে অসম চৰকাৰৰ পৰা এককালিন ৰাজসাহায্য প্ৰদান কৰিবলৈ।

গোলাঘাটৰ পৰা পল্লৱীকা বৰুৱাৰ ৰিপৰ্ট সময় অসম ৷

29/11/2025

মহানগৰীৰ বৰ্ষাপাৰাস্থিত ছাউথ পইন্ট স্কুলত সাংসদ খেল মহোৎসৱ ২০২৫ৰ শুভাৰম্ভণি অনুষ্ঠান

অনুষ্ঠানত উপস্থিত ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছা, সাংসদ বিজুলী কলিতা মেধী

৫নং গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদৰ উদ্যোগত অনুষ্ঠিত হৈছে এই ক্ৰীড়া সমাৰোহ

লোকসভা সমষ্টটোৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টিত ভাগে ভাগে অনুষ্ঠিত হ'ব ভিন্ন প্ৰতিযোগিতা

খেল মহোৎসৱত আটিয়া-পাটিয়া, ফুটবল, কাবাডী, যোগাসনকে ধৰি মুঠ ৬বিধ খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব

উঠি অহা খেলুৱৈসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যৰে এই মহোৎসৱৰ আয়োজন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি সাংসদ বিজুলী কলিতা মেধীৰ এই পদক্ষেপ

উল্লেখ্য যে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰায় ৩৮০০ খেলুৱৈয়ে প্ৰতিযোগিতাৰ বাবে পঞ্জীয়ন কৰিছে

অহা ২৫ ডিচেম্বৰত অনুষ্ঠিত হ'ব মহোৎসৱৰ সামৰণি অনুষ্ঠান

29/11/2025

📌প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এষাৰী ধেমেলীয়া কথাৰে গীত সৃষ্টি কৰিলে এজন যুৱকে।
📌গীতটি সৃষ্টিৰ আঁৰৰ কথাৰ বিষয়ে কি ক'লে উদীয়মান কণ্ঠশিল্পী ইমদাদ প্ৰতিমে?

29/11/2025

নতুনকৈ পকী কৰা ভিন্ন স্থানত ব্লেকটেপিং আঁতৰাই পুনৰ পকীকৰণৰ ব্যৱস্থা ঠিকাদাৰৰ

বিসংগতি, অনিয়ম ধৰা পৰাত লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্ত্ৰাৰ নিৰ্দেশ মৰ্মে পুনৰ ভাঙিছে নতুনকৈ পকীকৰা পথটো । আৰ আই ডি এফ আঁচনিৰ অধীনত প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘৰ পথটো পকীকৰণৰ বাবে আবন্টন দিয়া হৈছে ৭.২০ কোটি টকা । আগৰে পৰা পথটোত থকা ধূলি আঁতৰাই নোলোৱাকৈ, ৰোলাৰ নচলোৱাকৈ আৰু নিম্নমানৰ শিল ব্যৱহাৰে পকীকৰণ কৰিছিল তন্ময় গোঁহাই নামৰ ঠিকাদাৰ জনে । এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰৰ পিছতে গা-লৰিল লোক নিৰ্মাণ বিভাগৰ । লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্ত্ৰাই দুবৰণি আলি নীৰিক্ষণ কৰি ঠায়ে ঠায়ে পুনৰ নিৰ্মাণৰ নিৰ্দেশ দিয়ে ।

28/11/2025

⭕ঐতিহাসিক চৰাইদেউত চাওলুঙ ছ্যু-কাফা বিশ্ববিদ্যালয় স্থাপন ।।

⭕শীতকালীন অধিবেশনত বিল গৃহীত ।।

⭕এই বিল গৃহীত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে প্ৰকৃতিপ্ৰেমী তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।।

28/11/2025

আজি বিধান সভাত গৃহীত হ"ল চাহ শ্ৰমিক সকললৈ ভূমিৰ অধিকাৰ প্ৰদান গৃহীত বিধেয়ক

চাহ শ্ৰমিক ভূমি পট্ৰা প্ৰদান বিধান সভাত গৃহীত হোৱাৰ পাছতে দেৰগাঁৱৰ নেঘেৰিটিং চাৰিআলিত চাহ শ্ৰমিক সকলৰ আনন্দৰ সীমা নাই।
আজিৰ দিনটোতে চাহ শ্ৰমিক সকলৰ ২০০ বছৰৰ পিছত অসম চৰকাৰে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে চাহ শ্ৰমিক সকলক ।

২৫ নবেম্বৰত বিধানসভাত উত্থাপিত এমেণ্ডমেণ্ট বিলখন আজি গৃহীত হোৱাত ইয়াৰ জৰিয়তে অসমৰ ৮২৫ খন চাহ বাগিছাৰ প্ৰায় ৩.৩ লাখ পৰিয়াল লাভাম্বিত হ'ব।

নেঘেৰিটিং চাহ বাগিচাৰ চাহ শ্ৰমিক সকল সন্ধিয়া দেৰগাঁৱৰ নেঘেৰিটিং চাৰিআলিলৈ ওলাই আহি আনন্দত ঝুমুৰ নাছি অসম চৰকাৰক ধন্যবাদ জনাই ।

গোলাঘাটৰ পৰা পল্লৱীকা বৰুৱাৰ ৰিপৰ্ট সময় অসম ৷

28/11/2025

সমগ্ৰ ভাৰতত যোৱা ১৭ নৱেম্বৰত ৰাষ্ট্ৰীয় মৃগী দিৱস উৎযাপিত হৈ যায়।এই মৃগী দিৱসৰ লগত সঙ্গতি ৰাখি জি এন আৰচি হস্পিতালৰ উদ্যোগত দক্ষিণ কামৰূপ সমজিলাৰ মিৰ্জা দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় প্ৰাঙ্গণত মৃগী ৰোগৰ সচেনতাৰ উদ্দেশ্যে এখন সংবাদ মেলৰ আয়োজন কৰা হয়। অসমকে ধৰি উত্তৰপূৰ্বাচলৰ বিভিন্ন ঠাইত ক্ৰমবৰ্দ্ধিত মৃগী ৰোগৰ প্ৰাৰ্দুৰভাৱ আৰু প্ৰাৰম্ভিক অৱস্থাত ৰোগ চিনাক্তকৰণ কৰি ইয়াৰ যথোপযুক্ত চিকিৎসা কৰণৰ বিষয়ে এই সংবাদ মেলত বিতং বাখ্যা আগবঢ়োৱা হয়।উল্লেখযোগ্য যে হাৰ্টথ্ৰৱ জুবিন গাৰ্গো এই বেমাৰত আক্ৰান্ত আছিল।প্ৰাপ্ত তথ্যমতে সমগ্ৰ বিশ্বত ৫ কোটিৰো অধিকলোক ভাৰতত কোটিৰো অধিক লোক আৰু অসমত আনুমানিক তিনিলাখ

28/11/2025

ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ নিৰ্দেশ মৰ্মে শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ অসম গণ পৰিষদ অসম কৃষক পৰিষদৰ উদ্যোগত পশুধ্ণ আৰু হাঁহ কুকুৰা নিগমৰ অধীনত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত বিজ্ঞান সন্মত পশুপালন প্ৰশিক্ষণ শিবিৰৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় । খানাপাৰাৰ অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা আজিৰ এই কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, অসম দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক পাঞ্চালি কাকলি , অসম পশুপালন পশু চিকিৎসা বিভাগৰ অতিৰিক্ত সঞ্চালক ডাঃ প্ৰবীণ দাস ,অসম গণ পৰিষদৰ অসম কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য। অসমৰ গ্ৰাম্য অৰ্থনীতিত সৱলীকৰণত পশুপালন ক্ষেত্ৰ খনত যথেষ্ট অৰিহণা যোগাই আহিছে বুলি অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই জানিবলৈ দি তেওঁ কয় যে এই প্ৰশিক্ষণ ৰ জৰিয়তে প্ৰায় স্ংখ্যাক যুৱক যুৱতীয়ে আত্ম স্বাৱলম্বীৰ বাট মুকলি কৰিব লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পশুধন বিভাগটো যথেষ্ট পৰিমাণে উন্নতি হৈছে বুলিও সদৰি কৰে বিভাগটোৰ অধ্যক্ষ মনোজ শইকীয়াই।

28/11/2025

চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ৰূপনগৰ স্বতিপথত ৰাজ্যিক বিজেপিৰ উপ সভানেত্ৰী ড° জুৰি শৰ্মা বৰদলৈৰ দৈনন্দিন ব্যবহৃত বস্ত্ৰ বিতৰণ ।
প্ৰায় শতাধিক লোকক বিতৰণ কৰা হয় এই বস্ত্ৰ

28/11/2025

প্ৰাপ্য বিচাৰি অসম চৰকাৰৰ বিৰুদ্ধে গণ ধৰ্ণাত বহিল ভোটাৰ পাৰ্টি ইন্টাৰনেচনেলে
* চচলৰ ধৰ্ণা স্থলীত দেখা গল এই বিশেষ কাৰ্যসূচীৰ

Address


Alerts

Be the first to know and let us send you an email when SAMAY ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to SAMAY ASSAM:

  • Want your business to be the top-listed Media Company?

Share