05/11/2024                                                                            
                                    
                                                                            
                                            . নিজৰ পেজত সাচি থৈ দিয়ক , কামত আহিব ৷৷
           সৰু সুৰা দিহা
পুৱাই উঠি                খালি পেটত
            কুহুমীয়া পানী
কোনোদিনে             নহয় জানা
          গেছৰ আমনি ।
খোজ কঢ়াৰ            অভ্যাস কৰা
              পুৱা গধূলি
শৰীৰটোও                 লাগে ভাল
              মনো মুকলি ।
কি খাদ্য                     অপথ্য হয়
           জানি থোৱা ভাল
নহ'লে যে                   কেতিয়াবা
              মিলিব জঞ্জাল ।
মচুৰ খোৱা                 প্ৰচুৰ হ'লে
           পুৰণি কাহ আহে
ইউৰিক এচিড            আছে যদি
           তৎক্ষণাত বাঢ়ে ।
তেল মচলা                   নিদি যদি
         পচলা সিজাই খাই
লাহে লাহে            ইউৰিক এচিড
           কমি গুচি যায় ।
মাজে মাজে               শুকান মাছ
          খোৱা যদি আনি
বসন্ত ৰোগ                  ওচৰ চাপি
              নাহে কাহানি।
কাণৰ ভিতৰে                 তোমাৰ 
                  বিষ হয় যদি 
টকৌ পাতৰ                  ৰস দিয়া
                 দিব বিষ বধি।
মাছৰ কাঁইট             ডিঙিত লাগি
                 পঠালি দি ধৰে
মুড়ি চোবাই                   খাই দিয়া
                  মুহূৰ্ততে এৰে ।
অৰ্শত যদি                   ভুগি আছা
                 চিন্তা নকৰিবা
অমৰা গছৰ                ছাল আনি
                খুন্দি ৰস খাবা ।
বৰালি মাছ ,                পুঠী মাছ
              মাংস আৰু আদা
অৰ্শ ঔষধ                 সেৱন কৰি
               এইবোৰ নাখাবা ।
হিমগ্লবিন                        শৰীৰত
               গৈছে যদি কমি
ডালিমৰ                    গুটি খোৱা
             মাছৰ খোৱা বামী ।
পেট খামুচি                   ধৰি যদি
               হয় অহা যোৱা 
ঘিঁউ দি                   গাখীৰৰ চাহ
            একাপ খাই চোৱা ।
চকু যদি                       খচখচাই 
             কৰিছে আমনি
ধুই লৈ                     কঠনা ফুলৰ 
            ৰস দিয়া আনি ।
বহুমূত্ৰ                       ৰোগ হ'লে 
            নয়নতৰা খাই
নিৰাময়                        নহ'লেও 
               উপশম পাই ।
ৰাতি যদি                  কেতিয়াবা 
                 নাহে টোপনি
কলাফুল                    দুটি জানা
               দিবা মোহাৰি ।
টনছিল                         হ'লে হয়
                বৰ আমনি
চতিয়ানাৰ               আঠা খোৱা
                বিস্কুটত সানি ।
কোষ্ঠকাঠিন্য        থাকিলে জানা
              লেটিন কচা হয়
পকা অমিতা           কেঁচা মগুয়ে
               কৰে নিৰাময় ।
বহুত আছে               এনে ঔষধি
              পাছে পৰে কম 
তোমালোকৰ          দিহাৰ বাবেও
                 বাট চাই ৰম ।
উপকাৰ                         হ'ব বুলি 
              ইয়াকে দিলো তুলি
নেভাবিৱা                মোক আকৌ
                কবিৰাজ বুলি ।
Copy কৰি দিলো 🙏