Journalist Association For Assam"JAFA"

  • Home
  • Journalist Association For Assam"JAFA"

Journalist Association For Assam"JAFA" Journalist Association For Assam Central Committee

কাৰ্বি আংলং জিলা জাফাৰ উদ্যোগত ২৩ আগষ্টত ডিফুত অনুষ্ঠিত হৈ যোৱা কৰ্মশালাত উপস্থিত থকা সাংবাদিক -সংবাদকৰ্মী তথা ৰাইজৰ একা...
24/08/2026

কাৰ্বি আংলং জিলা জাফাৰ উদ্যোগত ২৩ আগষ্টত ডিফুত অনুষ্ঠিত হৈ যোৱা কৰ্মশালাত উপস্থিত থকা সাংবাদিক -সংবাদকৰ্মী তথা ৰাইজৰ একাংশ

আজিৰ ছাত্ৰ -ছাত্ৰী কাইলৈৰ দেশৰ ভৱিষ্যত
12/08/2026

আজিৰ ছাত্ৰ -ছাত্ৰী কাইলৈৰ দেশৰ ভৱিষ্যত

সংবাদ পত্ৰত প্ৰকাশিত বাতৰি।
15/07/2026

সংবাদ পত্ৰত প্ৰকাশিত বাতৰি।

ৰাজ্যৰ মুখ্যমন্ত্ৰীক লোকসেৱা ভৱনত সাক্ষাৎ জাফাৰ প্ৰতিনিধিৰ৷ দ্বিতীয় কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰীক ক শুভেচ্ছা জ্ঞাপন৷সাংবা...
14/07/2026

ৰাজ্যৰ মুখ্যমন্ত্ৰীক লোকসেৱা ভৱনত সাক্ষাৎ জাফাৰ প্ৰতিনিধিৰ৷ দ্বিতীয় কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰীক ক শুভেচ্ছা জ্ঞাপন৷
সাংবাদিক সংবাদকৰ্মীৰ বিভিন্ন সমস্যাক লৈ দিছপুৰত মুখ্যমন্ত্ৰীৰে আলোচনা৷ ৰাজ্যৰ ডিজিটেল সংবাদ মাধ্যম / পৰ্টেলসমুহক নিদিষ্ট নীতি নিয়ম প্ৰস্তুত কৰি পঞ্জীয়নৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান৷ গুৱাহাটীত সাংবাদিক ভৱন নিৰ্মাণৰ দাবী

গুৱাহাটী ১৪ জুলাই :
অসমৰ সাংবাদিক সংবাদকৰ্মী সকলৰ উমৈহতীয়া মঞ্চ জাৰ্ণেলিষ্ট এচোছিয়েশ্যন ফৰ আসাম চমুকৈ জাফাৰ প্ৰতিনিধি সদস্যৰ দল এটাই কালি দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি দ্বিতীয়টো কাৰ্যকালৰ বাবে তেওঁ মুখ্যমন্ত্ৰী হোৱা বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাজ্যখনৰ সাংবাদিক -সংবাদকৰ্মী সকলৰ বিভিন্ন সমস্যাক লৈ আলোচনা কৰি এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে।

জাফা'ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী আৰু প্ৰধান সম্পাদক কুঞ্জ মোহন ৰায়ৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি
অসমৰ সকলো মুদ্ৰিত, বৈদ্যুতিন আৰু ডিজিটেল সংবাদ মাধ্যমত কৰ্মৰত সাংবাদিক, স্থানীয় সাংবাদিক আৰু সংবাদ কৰ্মচাৰীসকলৰ বাবে ন্যূনতম মাননী, সুস্পষ্ট বেতন কাঠামো, সময়মতে পাৰিশ্ৰমিক প্ৰদান, চাকৰিৰ সুৰক্ষা, সামাজিক সুৰক্ষা আৰু অন্যান্য ন্যায্য সুবিধা নিশ্চিত কৰাৰ উদ্দেশ্যে এখন বিশেষ আইন প্ৰণয়ন কৰি কাৰ্যকৰী কৰাৰ বাবে অনুৰোধ জনায় ।

ইয়াৰ উপৰিও
ডিজিটেল বা পোৰ্টৈল সংবাদ মাধ্যমৰ স্বাধীনতা অক্ষুণ্ণ ৰাখিয়েই এই সংবাদ মাধ্যমৰ সমূহৰ চৰকাৰী ভাৱে পঞ্জীয়ন, স্বচ্ছ পৰিচালনা, নৈতিক আচৰণবিধি, জবাবদিহিতা আৰু আইনগত নিয়ন্ত্ৰণ নিশ্চিত কৰাৰ উদ্দেশ্যে এখন পৃথক আইন বা নীতিমালা প্ৰণয়ন কৰাটো অতিশয় প্ৰয়োজনীয় বুলি জাফা'ৰ প্ৰতিনিধি সদস্যৰ দলটোৱে মুখ্যমন্ত্ৰীক অৱগত কৰে।

যাতে ভুৱা সংবাদ, অপপ্ৰচাৰ, বিভ্ৰান্তিকৰ তথ্য আৰু অপেছাদাৰী সংবাদ পৰিৱেশনে সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব নোৱাৰে আৰু ডিজিটেল সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা বা ভাবমূৰ্তি অটুট থাকে ।

জাফা'ৰ প্ৰতিনিধি দলটোৱে মুখ্যমন্ত্ৰীক সাক্ষাৎ কালত গুৱাহাটীত দূৰ দূৰণীৰ পৰা অহা সাংবাদিকৰ থকাৰ সুবিধাৰ্থে নতুনকৈ সাংবাদিক ভৱন এটা নিৰ্মাণ কৰাৰো দাবী
জনায়।
একেদৰে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সকলো সাংবাদিকৰ জীৱন বীমা আৰু স্বাস্থ্য বীমা প্ৰদান কৰা, সাংবাদিক আৰু সংবাদ কৰ্মচাৰীসকলৰ চাকৰিৰ সুৰক্ষা, সামাজিক সুৰক্ষা আৰু কল্যাণমূলক ব্যৱস্থা অধিক শক্তিশালী কৰা , সাংবাদিক পেঞ্চন ২০ হাজাৰলৈ বৃদ্ধি কৰাৰো জাফা'ৰ তৰফৰ পৰা দাবী জনোৱ হয়।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জাফা"ৰ প্ৰতিনিধি সদস্যৰ দলটোৰ দাবী সমুহ গুৰুত্ব সহকাৰে গ্ৰহণ কৰি চলিত অসম বিধানসভা অধিৱেশনৰ পাছতে এই সম্পৰ্কত তেওঁ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।
জাফা'ৰ প্ৰতিনিধি সদস্যৰ দলটোত আছিল সংগঠনটোৰ উপদেষ্টা চন্দ্ৰ কুমাৰ শইকীয়া, কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক হীৰক জ্যোতি মেধি, মিণ্টু হাজৰিকা , কোষাধ্যক্ষ ৰিদীপ কলিতা আদি।

সংবাদ মেলত প্ৰশ্ন সোধা বাবে উচ্চ পদস্থ আৰক্ষী বিষয়াই সাংবাদিকক অপদস্থ কৰি নিৰ্যাতন চলোৱাৰ ঘটনাৰ তদন্ত আৰু দোষী আৰক্ষী ব...
06/07/2026

সংবাদ মেলত প্ৰশ্ন সোধা বাবে উচ্চ পদস্থ আৰক্ষী বিষয়াই সাংবাদিকক অপদস্থ কৰি নিৰ্যাতন চলোৱাৰ ঘটনাৰ তদন্ত আৰু দোষী আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক জাফাৰ স্মাৰক পত্ৰ প্ৰদান।

সাংবাদিক -সংবাদকৰ্মীৰ বিভিন্ন সমস্যাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ উপদেষ্টা ধ্ৰুৱ মহন্তক সাক্ষাৎ জাফা'ৰ প্ৰতিনিধি দলৰ।
19/05/2026

সাংবাদিক -সংবাদকৰ্মীৰ বিভিন্ন সমস্যাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ উপদেষ্টা ধ্ৰুৱ মহন্তক সাক্ষাৎ জাফা'ৰ প্ৰতিনিধি দলৰ।

10/04/2026

* অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ত আক্ৰমণৰ ঘটনাক জাফাৰ গৰিহণা

গুৱাহাটী 10 এপ্ৰিল:
’অসমীয়া প্ৰতিদিন’ৰ লখিমপুৰ কাৰ্যালয়ত আজি পুৱতি নিশা দুৰ্বৃত্তই সংঘটিত কৰা আক্ৰমণৰ ঘটনাক জাৰ্নালিষ্ট এছোছিয়েশ্যন ফ’ৰ আসাম চমুকৈ জাফাই কঠোৰ ভাষাৰে গৰিহণা দিছে৷
জাফাৰ কেন্দ্ৰীয় সভাপতি অভিদ্বীপ চৌধুৰী ,কাৰ্যকৰী সভাপতি পংকজ ডেকা, সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়, মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়া স্বাক্ষৰিত বিবৃতিটোত ঘটনাৰ লগত জড়িত দুৰ্বৃত্তক অতিশীঘ্ৰে আটক কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ প্ৰশাসনক দাবী জনোৱা হয়।
বিবৃতিটোত কোৱা হয় যে - সংবাদ মাধ্যমৰ কণ্ঠ ৰুদ্ধ কৰা অপচেষ্টাক কেতিয়াও সহ্য কৰা নহ’ব৷ দুষ্ট চক্ৰকো এনে কৰ্মৰ পৰা আতঁৰি থাকিবলৈ জাফাই সকিয়াই দিছে৷ অন্যথা জাফাই ইয়াৰ বিৰুদ্ধে প্ৰতিখন জিলাতে আন্দোলনৰ কাৰ্যসুচী গ্ৰহণ কৰিব ৷

বৰ্ষীয়ান প্ৰবীন সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ দেহাৱসান আমি অতিকৈ মৰ্মাহত হৈছোঁ।Journalist Association For Assam চমুক...
22/02/2026

বৰ্ষীয়ান প্ৰবীন সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ দেহাৱসান আমি অতিকৈ মৰ্মাহত হৈছোঁ।
Journalist Association For Assam চমুকৈ JAFA'ৰ তৰফৰ পৰা তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।

জাফা'ৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক হীৰক জ্যোতি মেধীৰ উপস্থিতিত আজি ধুবুৰী জিলাৰ ঐতিহাসিক চান্দৰডিঙা মহাবাহু ব্ৰহ্মপ...
18/01/2026

জাফা'ৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক হীৰক জ্যোতি মেধীৰ উপস্থিতিত আজি ধুবুৰী জিলাৰ ঐতিহাসিক চান্দৰডিঙা মহাবাহু ব্ৰহ্মপুত্ৰ নৈৰ পাৰত থকা চান্দৰডিঙা মন্দিৰৰ সম্মুখত ধুবুৰী জিলা জাফাৰ সমিতিখন গঠন কৰা হয় ৷
উদয়াদিত্ব ৰায়ক সভাপতি আৰু আমিনুৰ ইছলামক সম্পাদক হিচপে লৈ নতুন জিলা সমিতি খন গঠন কৰা হয় ৷

Address


Telephone

+919706143889

Website

Alerts

Be the first to know and let us send you an email when Journalist Association For Assam"JAFA" posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Journalist Association For Assam"JAFA":

Shortcuts

  • Want your business to be the top-listed Media Company?

Share