Talk with Mahanta

  • Home
  • Talk with Mahanta

Talk with Mahanta 24x7

সমগ্ৰ শিক্ষা অসমৰ উদ্যোগত শিশু সকলক বিজ্ঞানৰ চিন্তাচর্চা , হাটকামে বিজ্ঞানৰ লগত জড়িত কৰাৰ এক প্ৰয়াস জিলা পৰ্যায়ৰ হেকাথন ...
20/08/2025

সমগ্ৰ শিক্ষা অসমৰ উদ্যোগত শিশু সকলক বিজ্ঞানৰ চিন্তাচর্চা , হাটকামে বিজ্ঞানৰ লগত জড়িত কৰাৰ এক প্ৰয়াস জিলা পৰ্যায়ৰ হেকাথন প্ৰতিযোগিতাখনি আজি মুগকুছি মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতাখনত এগৰাকী বিচাৰক হিচাপে অংশগ্ৰহণ কৰো। জিলাখনৰ কেবাগৰাকী কণ কণ ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞানৰ বিভিন্ন বিষয়ত প্ৰকল্প কৰি সুন্দৰ ভাবে উপস্থাপন কৰে। বিশেষকৈ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ নিজ প্ৰকল্পৰ বিষয়বস্তুৰ ওপৰত যি জ্ঞান , প্ৰশ্নোত্তৰ শিতানত প্ৰতিটো প্ৰশ্নৰ সাৱলীল উত্তৰে সকলোকে চমক খুৱাই। আটাইৰে উজ্জল ভৱিষ্যত কামনা কৰিলোঁ।।

03/02/2024
বৰভাগত মথাউৰি পৰিদৰ্শন ছাত্র সন্থাৰ, জলসম্পদ বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী - # সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ এটা সজাতী দলে ...
16/06/2022

বৰভাগত মথাউৰি পৰিদৰ্শন ছাত্র সন্থাৰ, জলসম্পদ বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী -

# সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ এটা সজাতী দলে আজি বৃহস্পতিবাৰে বৰভাগৰ পশ্চিম কমাৰকুছি,সোণকুৰিহা,গংগাপুখুৰী বৰকুৰিহাৰ মথাউৰি পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি ফনীধৰ বৰুৱাৰ নেতৃত্বত যোৱা আছুৰ সজাতী দলটোৱে বৰভাগৰ বিভিন্ন ঠাই আৰু মথাউৰি পৰিদৰ্শন কৰি চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
দলটোৱে গংগাপুখুৰীপাৰ বৰকুৰিহাৰ মথাউৰি,সোণকুৰিহাৰ মথাউৰি আৰু পশ্চিম কমাৰকুছিৰ সাধনাপাৰাত মথাউৰি পৰিদৰ্শন কৰি কোনো লোকে যাতে মথাউৰিৰ বাবে কষ্টত পৰিব নালাগে তাৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। । ইপিনে, বৰভাগৰ বিভিন্ন গাৱত বৰষুণৰ ফলত সৃষ্টি হোৱা বাঢ়নী পানীয়ে ঘৰ দুৱাৰ,খেতিবাতি,পুখুৰীৰ মাছ আদিৰ ক্ষতিসাধন কৰাৰ লগতে পশুধনৰ খাদ্যৰ নাটনি প্ৰত্যক্ষ কৰি এইক্ষেত্ৰত চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ লবলৈ দাবী জনায় ৷ আছুৰ সজাতী দলটোত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি ফণীধৰ বৰুৱা,কাৰ্য্যনিৰ্বাহক পৰিক্ষীত কুমাৰ, পশ্চিম উপৰ বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিত বৈশ্যই সংগ দিয়ে।

নলবাৰীত বন্ধ থাকিব শিক্ষানুষ্ঠান ** # ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা আগন্তুক দুদিন অৰ্থাৎ ১৭ আৰু ১৮ জুন নলবাৰী ...
16/06/2022

নলবাৰীত বন্ধ থাকিব শিক্ষানুষ্ঠান **
# ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা আগন্তুক দুদিন অৰ্থাৎ ১৭ আৰু ১৮ জুন নলবাৰী জিলাত প্ৰৱল বৃষ্টিপাতৰ ধাৰাবাহিকতা অব্যাহত থাকিব বুলি প্ৰাপ্ত পূৰ্বানুমানৰ প্ৰতি লক্ষ ৰাখি আজি নলবাৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা দুৰ্যোগ ব্যস্থাপনা বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়াই এক নিৰ্দেশনা যোগে পুনৰ অহা ১৭ আৰু ১৮ জুন, ২০২২ তাৰিখে নলবাৰী জিলাৰ চৰকাৰী-বেচৰকাৰী সমূহ শিক্ষানুষ্ঠান বন্ধ থাকিব বুলি ঘোষণা কৰিছে। অৱশ্যে পূৰ্বৰ দৰেই উক্ত দিনকেইটাত ইতিমধ্যে কোনো পৰীক্ষা প্ৰক্ৰিয়া চলোৱাৰ বাবে সাজু হৈ উঠা শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য ন'হব। জিলাখনৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষক এই নিৰ্দেশনা মানি চলি প্ৰতিকূল বতৰৰ মাজত জিলাখনৰ শিক্ষাৰ্থীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাত সহযোগ কৰিবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।

Do Join us....
22/06/2021

Do Join us....

অসমৰ প্ৰথম খন ISSN (2582-2055) যুক্ত বিজ্ঞান ই আলোচনী ‘অনুৰণন’ৰ ডিচেম্বৰ সংখ্যাৰ বাবে বিজ্ঞানৰ লেখা বিচৰা হৈছে। লেখা সমূ...
14/11/2020

অসমৰ প্ৰথম খন ISSN (2582-2055) যুক্ত বিজ্ঞান ই আলোচনী ‘অনুৰণন’ৰ ডিচেম্বৰ সংখ্যাৰ বাবে বিজ্ঞানৰ লেখা বিচৰা হৈছে। লেখা সমূহ অসমীয়া অথবা ইংৰাজী ভাষাত হব লাগিব। বিজ্ঞান সম্পৰ্কীয় কবিতা, প্ৰবন্ধ, অনুবাদ, গল্প প্ৰকাশৰ বাবে বিবেচনা কৰা হব। পূৰ্বে প্ৰকাশিত লেখা গ্ৰহণযোগ্য নহয়। লেখা সমূহ 25 নৱেম্বৰৰ ভিতৰত [email protected]
ইমেইল যোগে অথবা
+918751944028 ত
whatsapp যোগে পঠিয়াব পাৰিব। দ্বি-মাষিক ই আলোচনী ‘অনুৰণন’ 2019 চনৰ এপ্ৰিল মাহৰ ১৫ তাৰিখে প্ৰথমবাৰৰ বাবে প্ৰকাশ হৈছিল। ‘অনুৰণন’ বৈজ্ঞানিক মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সমাজত কাম কৰি অহা Scientific Temperament (RS/BCH/268/04–2020) প্ৰতিস্থানৰ এক অনবৈদ্য অংগ। উল্লেখযোগ্য যে যোৱা সংখ্যা লৈকে ‘অনুৰণন’ ই মেগাজিন সকলোৰে বাবে মুকলি হৈ আছিল, এই সংখ্যাৰ পৰা ই মেগাজিন খন পঢ়িবলৈ বিচাৰিলে ₹ 55 প্ৰতিটো সংখ্যাৰ বাবদ দিব লাগিব অথবা বছৰেকীয়া গ্ৰাহক হবলৈ বিচাৰিলে ₹ 250 টকা শুল্ক হিচাপে দিব লাগিব। আনহাতে 16 বছৰৰ তলৰ শিশু সকলৰ বাবে ‘অনুৰণন’ মুকলি হৈ থাকিব (ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়ত পঢ়ি থকাৰ পৰিচয় পত্ৰ আৰু পঢ়ি নথকা সকলে শুল্ক দিব নোৱাৰাৰ কাৰণ দৰ্শাই আবেদন পত্ৰ অনলাইন দিব লাগিব )

** লেখক সকলে সেই সংখ্যাৰ ‘অনুৰণন’ বিনা শুল্কে পঢ়িবলৈ পাব

Scientific Temperament is registered under Societies Registration Act, XXI 1860; Trademark Act, 1999; & MSMED Act, 2006.

25/10/2020

আভিনেত্ৰী বৰষাৰাণী বিষয়াৰ ঘৰত দুৰ্গা পুজা

21/10/2020

মোৰেল পুলিচ গিৰি দেখুৱাই এইবাৰ পশ্চিম নলবাৰীৰ বৰীটাপা ঠুটিকাটাত আটক হ'ল দুই কংগ্ৰেছ নেতা । বেলশৰ আৰক্ষীয়ে নিশা আটক কৰে কংগ্ৰেছ নেতা প্ৰাণজিত দাস আৰু ৰাজ প্ৰসাদ দাসক । এগৰাকী শিক্ষকৰ ওপৰত মোৰেল পুলিচ গিৰি দেখুওৱাৰ অভিযোগত আটক কৰে দুয়োজনকে ।
সম্প্ৰতি বেলশৰ থানাত দুয়োজনকে সোধা পোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

16/10/2020

৫৯ নং নলবাৰী বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰীযুত অশোক শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল আল্লিয়াৰ নাৰায়নগাঁৱ,গড় গড়ী ।

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১৭নং আল্লিয়া গাওঁ পঞ্চায়তৰ অন্তৰ্ভুক্ত নাৰায়নগাওঁ,গড় গড়ী ত অৰুণোদয় আঁচনিৰ নামত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ ধৰ্ণা ।

বিজেপি চৰকাৰ আৰু নলবাৰী সমষ্টিৰ বিধায়ক শ্ৰীযুত অশোক শৰ্মাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ । নাৰায়নগাওঁ,গড়গড়ী ৰাইজে ৰাজপথত ওলাই আহি বিজেপি চৰকাৰ হায় হায়, অশোক শৰ্মা মুৰ্দাবাদ, অশোক শৰ্মা গ'বেক শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । নাৰায়নগাঁও,গড় গড়ী শাৰিৰীকভাৱে সক্ষম, অবিবাহিত মহিলা, দৰিদ্ৰ পৰিয়ালৰ নাম এই আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত নহল । তাৰ পৰিবৰ্তে বিজেপিৰ নেতা-পালিনেতাৰ অঙহী-বঙহীৰ নাম এই আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ ৰাইজৰ । বিধায়ক অশোক শৰ্মাৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ ৰ্ফম সমুহত চীল-চহী কৰি বিজেপিৰ নেতাক বিতৰণ কৰিছিল যদিও,তাৰ পিছতো দৰিদ্ৰ হিতাধিকাৰীক বঞ্চিত কৰি বিজেপিৰ নেতা-পালিনেতাৰ অঙহী-বঙহীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ তুলি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।

অৰুণোদয় আঁচনিৰ টকা লাভ কৰাৰ পূৰ্বে এনে ধৰণৰ খেলিমেলি সংঘটিত হোৱাত ৰাইজে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।

16/10/2020

পূজালৈ আৰু কেইদিনমান বাকী আছে যদিও আজি নলবাৰীৰ বেংকত আৰম্ভ হৈছে পূজা। নলবাৰী জিলাৰ মুকালমুৱাৰ ইউকো বেংকত আজি দিনৰ ভাগত দেখা গল শ শ লোক। যেন পূজা চাবলৈ হেতা ওপৰা লগাইছে মানুহে।
আচল ঘটনা পিছে বেলেগ।ৰাজ্যত দৰিদ্ৰ লোক সকলে ভুগিছে এতিয়া যমৰ যাতনা, চৰকাৰী আচনি,স্কোলাৰচিপ আদিৰ বাবে লাগিছে এতিয়া হাহাকাৰ।
মুকালমুৱাৰ ইউকো বেংকত একাউণ্ট বনাবলৈ এইদৰে হেতাওপৰা গ্ৰাহকৰ।ছাত্র- ছাত্ৰীৰ বেংক একাউন্ট বনাবলৈ মুকালমুৱাৰ ইউকো বেংক শাখাত পুৱাৰে পৰা দীঘলীয়া শাৰী পাতিছে ছাত্র- ছাত্ৰী তথা অভিভাৱক সকলে। কভিড প্ৰটকলৰ নামত ভেকোভাওণা। মানুহে গাত গা লগাই এইদৰে ভিৰ কৰিছে বেংকৰ সন্মূখত।বেংক কৰ্তৃপক্ষই একে তাৰিখতে সকলোকে মাতিছিল নে ৰাইজে নিজে আহিছে সেয়া লক্ষ্যণীয় বিষয়। বেংকৰ নিচেই ওচৰতে আৰক্ষী তথা প্ৰশাসনিক বিষয়া আছে যদিও কি কাৰণত তেওঁলোক নিমাত সেয়া ৰহস্যৰ বিষয়।

15/10/2020

কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা নলবাৰী জিলা ছাত্র সন্থাৰ।

ঘৰে ঘৰে গৈ কৃতী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জিলা ছাত্র সন্থাৰ।

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা জিলাখনৰ শিক্ষাৰ্থীক সম্বৰ্ধনা নলবাৰী আছুৰ ।

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ মুঠ ৩০০ গৰাকী শিক্ষাৰ্থীক জনোৱা হব উক্ত সম্বৰ্ধনা।

আজিৰেপৰা অভিনন্দন অনুষ্ঠান কাৰ্যসূচীৰ আৰম্ভণি।

কাৰ্যসূচীত নলবাৰী জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক,সম্পাদক অক্ষয় ডেকা, শিক্ষা সম্পাদক ৰিয়াজউদ্দিন আহমেদ অংশগ্ৰহণ।

কোভিড ১৯ ৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা অভিনন্দনৰ সলনি ঘৰে ঘৰে গৈ অভিনন্দন কাৰ্যসূচী ৰূপায়ণ আছুৰ।

Address


Telephone

+919864037105

Website

Alerts

Be the first to know and let us send you an email when Talk with Mahanta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Talk with Mahanta:

  • Want your business to be the top-listed Media Company?

Share