MB News India

  • Home
  • MB News India

MB News India MB NEWS INDIA

13/08/2025

গাড়ীৰ পৰা নমাই শ্ৰমিকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে ঐক্য আৰু শান্তি মঞ্চৰ সভাপতি আব্দুল জলিল তালুকদাৰৰ সংবাদমেল সম্বোধন

পেটৰ তাড়নাত নামনি অসমৰ পৰা মাজুলীলৈ কাম কৰিবলৈ গৈ থকাৰ পথত শ্ৰমিকক বলপূৰ্বক ভাৱে গাড়ীৰ পৰা নমাই অমানৱীয় আচৰণ কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ঐক্য আৰু শান্তি মঞ্চৰ সভাপতি আব্দুল জলিল তালুকদাৰে। আব্দুল জলিল তালুকদাৰে আজি জনীয়াত এক সংবাদমেল সম্বোধন কৰি কয় যে, খাটি খোৱা দূৰ্বল নীৰিহ শ্ৰমিকক গাড়ীৰ পৰা নমাই হাৰাশাস্তি কৰি শিশু, মহিলা শ্ৰমিকসহ আৰক্ষীক গতাই দিয়াৰ অধিকাৰ একাংশ উগ্ৰ হিন্দুত্ববাদী সংগঠনে ক'ত পালে বুলি জলিল তালুকদাৰে প্ৰশ্ন কৰে। এইক্ষেত্ৰত গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ আইন শৃংখলা বৰ্তাই ৰখাত ব্যৰ্থ হৈছে। মুখ্যমন্ত্ৰীয়ে এই ব্যৰ্থতা স্বীকাৰ কৰি শীঘ্ৰেই পদত্যাগ কৰা উচিত বুলিও কয় আব্দুল জলিল তালুকদাৰে। তালুকদাৰে লগতে আৰু কয় যে, মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক উচটনি দি অসমৰ পৰিবেশ অস্থিৰ কৰি তুলিছে। যি অদূৰ ভৱিষ্যতৰ কাৰণে মুঠেই শুভ লক্ষণ নহয়। এইবোৰ ত্যাগ কৰি মুখ্যমন্ত্ৰীক ৰাজ ধৰ্ম পালন কৰিবলৈ আহ্বান জনায় তালুকদাৰে। অমানৱীয় উচ্ছেদ কৰি উচ্ছেদিত সকলক মুখ্যমন্ত্ৰীয়ে বাংলাদেশী বুলি আখ্যায়িত কৰা কাৰ্য্যকো উভতি ধৰি কয় যে, মুখ্যমন্ত্ৰীয়ে যদি বাংলাদেশীক উচ্ছেদ কৰিছে তেন্তে কেইজন বাংলাদেশীক অসমৰ পৰা সীমান্তৰ বাহিৰ কৰিলে? তাৰ তথ্য মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰক। যদি বাংলাদেশীকেই উচ্ছেদ কৰিছে তেন্তে সেই সকল লোকক মুখ্যমন্ত্ৰীয়ে কি কাৰণত অন্যস্থানত ভূমি প্ৰদানৰ আশ্বাস দিলে বুলিও প্ৰশ্ন কৰে আব্দুল জলিল তালুকদাৰে। অন্যফালে এই খাটি খোৱা মুছলমান সকলক একাংশ লোকৰ লগতে ইতিহাসৰ জ্ঞান নথকা মুছলমানৰো কোনো কোনো নেতাই তেওঁলোকক মিয়া বুলি সম্বোধন কৰা কাৰ্য্যৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, মিয়া নামৰ কোনো জাতি বা সম্প্ৰদায় পৃথিৱীত নাই। মিয়া মানে হৈছে মহাশয়, ছাৰ, ডাঙৰীয়া। যি খাটি খোৱা মুছলমান সকলৰ মাজত নাই। শেষত মুখ্যমন্ত্ৰীক সংযত হৈ ৰাজ ধৰ্ম পালন কৰি সমাজত এক সুস্থ বাতাবৰণ সৃষ্টি কৰি শান্তি সম্প্ৰীতি বজাই ৰাখি প্ৰগতিৰ হকে কাম কৰি যোৱাৰ আহ্বান জনায়
আব্দুল জলিল তালুকদাৰে।

12/08/2025

ৰাজহুৱা সভাৰ জৰিয়তে ৰাইজৰ ওচৰত ক্ষমা খুজিলে ফৰিদ জামালে।
মৌলানা ফিৰোজ খানক বদনাম কৰা ভাতৃ ফৰিদ জামালে ক্ষমা খুজিলে সামাজিক মাধ্যমত।

12/08/2025

পত্নীৰ কথাত নিজ ভাতৃৰ বিৰুদ্ধে আনিছিল বিভিন্ন ধৰণৰ মিছা অভিযোগ।
পাৰিবাৰিক কাজিয়াৰ সূত্র লৈ সামাজিক মাধ্যমত অপ প্ৰচাৰ চলাইছিল ফিৰোজ খানৰ বিৰুদ্ধে।

11/08/2025

কলগাছিয়াৰ শৰীয়াতপুৰ গাওঁত টি এণ ডি বজাৰৰ নিচেই কাষত ভাইজান ৰেষ্টুৰেন্টৰ দ্বাৰ মুকলি। দ্বাৰ মুকলি কৰে শৰীয়াতপুৰ গাৱঁৰ বিশিষ্ট সমাজসেৱক জচিম উদ্ধিন।

আপোনালোকে উন্নত মানৰ ৰেষ্টুৰেন্টৰ খাদ্য বিচাৰে নেকি ? যদি বিচাৰে তেন্তে টি এন ডি বজাৰৰ নিচেই কাষত শৰীয়তপুৰ গাঁৱত অবস্থিত ভাইজান ৰেষ্টুৰেন্টলৈ আহক লগতে উন্নত মানৰ খাদ্য উপভোগ কৰক। জানিব পৰা মতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ শহৰ আলী নামৰ যুৱকজনে আজিৰে পৰা প্ৰায় ১৫ বছৰ আগৰে পৰা চেন্নাই, বাঙালুৰ, হায়দৰাবাদ, দিল্লী আৰু গুৱাহাটীত ফাইভ ষ্টাৰ হটেলত কাম কৰাৰ অভিজ্ঞতাৰে বহুদিনীয়া সপোন পুৰণ কৰিবলৈ সক্ষম হৈছে। আজি বহুদিনীয়া সপোন পুৰণ কৰাৰ বাবে শৰীয়তপুৰত ভাইজান নামেৰে এখন ৰেষ্টুৰেন্টৰ শুভ উদ্বোধন কৰে। উক্ত ৰেষ্টুৰেন্টৰ শুভ উদ্বোধন কৰে শৰীয়তপুৰ গাঁৱৰ বিশিষ্ট সমাজ সেৱক জছিম উদ্দিনে। লগতে উক্ত ৰেষ্টুৰেন্টত সু স্বাদ যুক্ত খাদ্য উপভোগ কৰিবলৈ ৰাইজক আহ্বান জনায়।

11/08/2025

#₹₹ # # কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ চলিত বৰ্ষৰ নামভৰ্তি, আৰু শিক্ষাৰ্থীসকলৰ কৰণীয়া সন্দৰ্ভত সজাগতা সভা #₹₹ # #

10/08/2025

ডিমাকুছি স্বৰ্ণ শাখা সাহিত্য সভাৰ সৌজন্যত ভকত শিৰোমনি হৰেকৃষ্ণ মহন্ত সোৱৰণী সাহিত্য সাস্কৃতিক সাধনা বঁটা আৰু গ্ৰন্থ উন্মোচনী সভা*।

*স্থান শ্ৰীমন্ত শংকৰদেৱ সত্ৰ বৰঙাজুলি ডিমাকুছি*।
*তাৰিখ

10/08/2025

কলগাছিয়াৰ ছাদেম আলীৰ তিনি সন্তান নিৰুদ্দেশ। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।

বালিকুৰিৰ হেলমিনা খাতুন নামৰ এজনী ছোৱালীয়ে অপহৰণ কৰি নিয়াৰ অভিযোগ।

মানৱ সৰবৰাহকাৰীৰ হাতত পৰাৰ সন্দেহ।

বালিকুৰি আৰক্ষী থানাত হেলমিনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পিতৃ ছাদেম আলীয়ে।‌

সন্ধান হীন শিশু তিনিটা হ'ল-

১) ছামিনা খাতুন (১৬) বছৰ

২) মাচুমা খাতুন (৬) বছৰ

৩) মস্তফা (৪) বছৰ

শিশু তিনিটাক বালিকুৰি এন চি গাঁৱৰ হেলমিনা খাতুনে ফুচুলাই তাইৰ ঘৰলৈ লৈ গৈছিল। পিছত হেলমিনাৰ ঘৰৰ পৰা সন্ধান হীন হয় শিশু তিনিটা। সম্প্ৰতি হেলমিনা খাতুনেও সন্ধান হীন হৈ আছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে বালিকুৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈ কোনো সন্ধান ওলিয়াব পৰা নাই।

কোনো লোকে সন্ধান পালে কলগাছিয়া আৰক্ষী থানা নাইবা 8876157699 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে ভূক্তভোগী পৰিয়ালটিয়ে।

09/08/2025
08/08/2025

বিদেশী গোচৰ প্ৰত্যাহাৰ সন্দৰ্ভত প্ৰাক্তন আমছু নেতা আব্দুল আওৱালৰ প্ৰতিক্ৰিয়া।

দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি আমছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক আব্দুল আওৱাল আহম্মেদে শুকুৰবাৰে বৰপেটা জিলাৰ কলগাছিয়াত সাংবাদিকৰ আগত সম্প্ৰতি অসম চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰা অ মুছলিম সকলৰ ওপৰত থকা বিদেশী সন্দেহৰ গোচৰ প্ৰত্যাহাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই সন্দৰ্ভত অসমৰ গৰিয়া,মৰিয়া জুলা, দেশী সকলকো ভবিষ্যতৰ বাবে সতৰ্কবাণী কৰে আহমেদে। কেৱল মুছলমান সম্প্ৰদায়ক বাদ‌ দি বাকী সম্প্ৰদায়ৰ হোৱা ডি ভোটৰ গোচৰ প্ৰত্যাহাৰ কৰাক লৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে আমছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক আব্দুল আওৱাল আহমেদে। কিয়নো অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুদিনীয়া সপোন পুৰণ কৰিবলৈ সক্ষম হোৱাত কেৱল যেন মুছলমানক এঘৰীয়া কৰাৰ যি সপোন আছিল সেইয়া বাস্তৱত পুৰণ কৰিলে। এক মাত্ৰ ২০২৬ ৰ নিৰ্বাচনৰ লক্ষ্য কৰি সেইয়া বাস্তৱত পুৰণ নহ'ব বুলি প্ৰকাশ কৰে আব্দুল আওৱাল আহমেদে। ইফালে গঢ়িয়া,মৰিয়া, ছৈয়দ,জুলহা আদি সম্প্ৰদায়ৰ মানুহ বিলাকে সদায় নিজকে খিলঞ্জীয়া মুছলমান সম্প্ৰদায় বুলি দাবী কৰি আহা সকলে ইয়াৰ পৰা সাৰি যাব নোৱাৰিলে বুলি তেওঁ প্ৰকাশ কৰে। লগতে উক্ত সমস্যাৰ সমাধান হোৱাৰ বাবে সকলো সম্প্ৰদায়ক আহ্বান জনায় আহমেদে। সম্প্ৰতি আব্দুল আওৱালৰ এই মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

07/08/2025

#₹₹ # # গুণ্ডাৰূপী শিক্ষক জাকিৰ হুছেইনৰ বিৰুদ্ধে মানসিক বিকাৰগ্ৰস্ত যুৱকক অত্যাচাৰৰ অভিযোগ #₹ # # #

#₹₹ # # বৰপেটাৰ কুকাৰপাৰত কংগ্ৰেছ কৰ্মীৰ গু*ণ্ডা*গি*ৰি #₹₹ # #

07/08/2025

মুখ্যমন্ত্ৰী এজন মিছলীয়া আৰু শৃংখল চলিহাৰ বাপেকৰ সম্পত্তি নেকি বুলি মন্তব্য কৰে অসম ইত্তেহাদ ফ্ৰন্ট ৰ ৰাজ্যিক সভাপতি নুৰ ইছলামে

06/08/2025

📌আৰম্ভ হ'ল মিঞা খিলঞ্জীয়াৰ যুদ্ধ !
📌দা লৈ মিঞাই খেদি আহিল টাই আহোম যুৱ পৰিষদৰ সদস্যক #₹₹ # # #₹
চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰ ৪ নং ৱাৰ্ডৰ হাজী হবিবুৰ ৰহমান পথৰ দাঁতিত মাটি কিনা -বেচা খবৰ লবলৈ যাওঁতেই আৰম্ভ হ'ল মিঞা আৰু খিলঞ্জীয়াৰ যুদ্ধ #₹₹ # # #

Address


Alerts

Be the first to know and let us send you an email when MB News India posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to MB News India:

  • Want your business to be the top-listed Media Company?

Share