Masum Phukon

Masum Phukon গছ থাকিলে‌হে মানুহ থাকিব কিন্তু মানুহ থাকিলে গছ নাথাকে। Imagine...Dream...Explore

22/10/2025
21/10/2025

চো‌ৰে সদায় চুৰ কৰিব‌ই...
আগতে ভোট চোৰ,গৰু চোৰ,ক‌ইলা চোৰ আদি আছিলে। এতিয়া হেজটেগো # চুৰ কৰিব আহিছে।

21/10/2025

#এটি_কাল্পনিক_কাহিনী
কেইমাহমান আগতে ডিব্ৰুগড় মেডিকেল গৈছিলো কিডনীত পাথৰ হোৱা বুলি। X-ray আৰু CT Scan হ'ল, দৰব খালো । ডক্তৰে ক'লে সাধাৰণ পাথৰ হয়, নিজেই ওলাই যাব কিন্তু অলপ চাই থাকিব । Ok বুলি কৈ আহি দিলোঁ।
এমাহমান আগতে লগৰ দুটামানে লগ ধৰাত বঢ়ীদিহিঙৰ কাষত party এটা কৰিব গ'লো । তাত Beer,গাহৰি আৰু ভাত খাই আহি দিলোঁ । সেইদিনাৰ পৰা পেটৰ বিষটো কমিলে । ভাবিলো ওলাই গ'ল নেকি মই নজনাকে । এতিয়া কথাটো হ'ল আকৌ এবাৰ টেষ্ট কৰিবলৈ মোৰ ওচৰত প‌ইচা নাই । মই ভাবিলো যদি ওলাই যোৱা পাথৰটো বিচাৰি পাই যাওঁ তেতিয়া মেডিকেলৰ খৰচটোকে কমিব । ধাৰ ঋণ কৰি বিচাৰি গ'লো দিহিঙৰ বালিত মুতি থৈ অহা ঠাইখিনিলৈ । গোটেই দিন বিচাৰিও একো নাপালো ।
ঘপককে আমাৰ মুখ্যমন্ত্ৰীৰ কথা মনত পৰি গ'ল। লগৰটোলে চাই হাঁহি এটা মাৰি আহি দিলোঁ।
Moral of the story: " মামাৰ কথা আৰু বালিত মুতা একেই কথা "

20/10/2025

মালিকে মাৰিব ক'লে মানুহ মাৰি দিয়ে, ফটকাটো সাধাৰণ কথা ।

20/10/2025

জুবিন গাৰ্গ আৰু হিমন্ত বিশ্ব শৰ্মা ৰ .০১% ও মিল নাই । এজন যদি পূব আনজন পশ্চিম।

20/10/2025

📌জাপানী মানুহে ভাৰতীয় মানুহক ঘৰলৈ কিয় নিমন্ত্ৰণ নকৰে?
এবছৰতকৈও অধিক সময় জাপানত বাস কৰা ভাৰতীয় মানুহ এজনে এটা আচৰিত কথা লক্ষ্য কৰিলে: তেওঁৰ জাপানী বন্ধুসকল বেচ ভদ্ৰ আৰু সহায়কাৰীও, কিন্তু তেওঁক কোনেও নিজৰ ঘৰলৈ নিমন্ত্ৰণ নকৰে,আনকি চাহ একাপ খাবলৈও নিমন্ত্ৰণ নকৰে।
আচৰিত আৰু মনত আঘাত পাই অৱশেষত এজন জাপানী বন্ধুক তেওঁ এই বিষয়ে সুধিলে।
বহু সময় মৌন হৈ থকাৰ পিছত বন্ধুজনে উত্তৰ দিলে, "আমাক জাপানত ভাৰতীয় ইতিহাস শিকোৱা হয়... কিন্তু প্ৰেৰণাৰ বাবে নহয়, সতৰ্কবাণী হিচাপেহে।"
ভাৰতীয় মানুহজনে আচৰিত হৈ সুধিলে, "সতৰ্কবাণী, ভাৰতীয় ইতিহাসক সতৰ্কবাণী হিচাপে শিকোৱা হয়? কিয়, মই হ'লে একো বুজি পোৱা নাই!কওকচোন?"
জাপানী বন্ধুজনে সুধিলে, "ভাৰতক কিমান সংখ্যক বৃটিছে শাসন কৰিছিল?"
ভাৰতীয় মানুহজনে ক'লে, "হয়তো...১০,০০০মান হ'ব....?

জাপানী ভদ্ৰলোকে এইবাৰ গুৰুত্বসহকাৰে মাত দি সুধিলে, "সেই সময়ত ভাৰতত ৩০ কোটিতকৈও অধিক ভাৰতীয় বাস কৰিছিল।" নহয়নে?"
হয়।
"তেন্তে আপোনাৰ মানুহক কোনে অত্যাচাৰ কৰিছিল? কোনে কোবাই, অত্যাচাৰ কৰি, গুলীয়াই হত্যা কৰাৰ নিৰ্দেশ পালন কৰিছিল?"

তেওঁ পুনৰ জোৰ দি ক'লে, "যেতিয়া জেনেৰেল ডায়েৰে জালিয়ানৱালা বাগত গুলীচালনা কৰাৰ নিৰ্দেশ দিছিল, তেতিয়া কোনে ট্ৰিগাৰ টানিছিল? তেওঁলোক ব্ৰিটিছ সৈন্য আছিল নেকি? নাই, তেওঁলোক ভাৰতীয়ই আছিল।"
"কোনোৱেও কিন্তু জেনেৰেল ডায়েৰৰ ফালে নিজৰ ৰাইফলটো কিয় টোওৱা নাছিল?
তেওঁ ক'লে, "আপোনালোকে যি দাসত্বৰ কথা কয়, সেয়া আছিল আপোনালোকৰ প্ৰকৃত দাসত্ব। শৰীৰৰ নহয়, আত্মাৰ।"
ভাৰতীয় মানুহজন স্তম্ভিত, নিৰৱে, আৰু লাজতে থিয় হৈ শুনি আছিল।
জাপানী বন্ধুজনে আৰু ক'লে, "মধ্য এছিয়াৰ পৰা কিমানজন মোগল আহিছিল? হয়তো কেইহাজাৰমান হব? আৰু তথাপিও তেওঁলোকে আপোনালোকৰ ওপৰত শতিকাজুৰি শাসন কৰিছিল।
মোগলে ভাৰতত সংখ্যাগত শক্তিৰে শাসন কৰা নাছিল, কিন্তু আপোনাৰ নিজৰ মানুহে মূৰ দোৱাই মোগলক চেলুট দিছিল। তেওঁলোকে নিজৰ মানুহক বিশ্বাসঘাতকতা কৰি মোগলৰ প্ৰতি আনুগত্যশীল হৈ থাকিল। হয় জীয়াই থাকিবলৈ নহয় ৰূপৰ মুদ্ৰাৰ বাবে।"
"আপোনাৰ নিজৰ মানুহেই ধৰ্মান্তৰিত কৰিলে। ভনীয়েক-কন্যাক মোগলৰ লগত বিয়া দিলে।
আপোনাৰ নিজৰ মানুহে আপোনালোকৰ বীৰসকলক ইংৰাজৰ হাতত গতাই দিলে । চন্দ্ৰশেখৰ আজাদক কোনে বিশ্বাসঘাতকতা কৰিছিল? কোনে ব্ৰিটিছক জনাইছিল যে তেওঁ আলফ্ৰেড পাৰ্কত লুকাই আছে?
*নিজকে দেশপ্ৰেমী বুলি কোৱা সকলৰ (গান্ধী আৰু নেহৰুৰ) অনুমতি অবিহনে ভগত সিঙক ফাঁচী দিয়াটো সম্ভৱ আছিল নেকি?"*
-----------
"তোমালোক ভাৰতীয়ক বিদেশী শত্ৰুৰ প্ৰয়োজন নাই। ক্ষমতা, পদবী, ব্যক্তিগত লাভালাভৰ বাবে তোমালোকৰ নিজৰ মানুহে তোমালোকক বাৰে বাৰে বিশ্বাসঘাতকতা কৰি আহিছে। সেইবাবেই আমি ভাৰতীয়ৰ পৰা আমাৰ দূৰত্ব বজাই ৰাখোঁ।"
-----------
"যেতিয়া ইংৰাজসকল হংকং আৰু ছিংগাপুৰলৈ আহিছিল, তেতিয়া এজনো স্থানীয় লোকে তেওঁলোকৰ সেনাবাহিনীত যোগদান কৰা নাছিল। কিন্তু ভাৰতত আপুনি কেৱল শত্ৰুৰ সেনাবাহিনীত যোগদান কৰাই নহয়, তেওঁলোকৰ সেৱাও কৰিছিল। আপুনি তেওঁলোকক পূজা কৰিছিল। তেওঁলোকক সন্তুষ্ট কৰিবলৈ আপোনালোকে নিজৰ মানুহক হত্যা কৰিছিল।"

আপোনালোক ভাৰতীয়সকল আজিও সলনি হোৱা নাই। ইতিহাসৰ পৰা কোনো শিক্ষা লোৱা নাই।
এই কথাখিনি কৈ জাপানী ভদ্ৰলোক গুচি গ'ল, আৰু আমাৰ ভাৰতীয় বন্ধুৱে লাজত মূৰ নত কৰি এক প্ৰস্তৰ মূৰ্তিৰ দৰে থিয় হৈ থাকিল...

Address


Alerts

Be the first to know and let us send you an email when Masum Phukon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Masum Phukon:

  • Want your business to be the top-listed Media Company?

Share