
04/07/2025
#ৰং এণ্ড ৰিদম, সাংস্কৃতিক বিকাশ কেন্দ্র' ৰ প্ৰতিষ্ঠা দিৱস, তথা শিল্প সাধনা আৰু শিশু প্ৰতিভা বঁটা অনুষ্ঠান ।
ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত তথা ২০০৩ চনত প্ৰতিষ্ঠা হোৱা মৰাণৰ এখন অগ্ৰণী সংগীত শিক্ষাৰ অনুষ্ঠান “ৰং এণ্ড ৰিদম, সাংস্কৃতিক বিকাশ কেন্দ্রৰ দ্বাবিংশতিতম প্রতিষ্ঠা দিৱস অহা ৬ জুলাই, ২০২৫ তাৰিখ দেওবাৰে মৰাণ মহিলা মহাবিদ্যালয় প্রাঙ্গনত উদযাপন কৰা হ'ব। সংগীত শিক্ষাৰ লগতে শিশু সকলৰ মানসিক, বৌদ্ধিক আদি বিভিন্ন দিশৰ উত্তোৰণৰ সৈতে কাম কৰা উক্ত অনুষ্ঠানটোৱে বিগত বৰ্ষৰ দৰে এই বছৰো সাহিত্য,সাংস্কৃতিক ক্ষেত্ৰৰ বহুকেইজন প্ৰতিভা সম্পন্ন শিশু , কিশোৰ -কিশোৰী ক উৎসাহিত কৰাৰ উদ্দেশ্যে ,শিল্প সাধনা বঁটা, "শিশু প্রতিভা বঁটা" শব্দযন্ত্রী স্বর্গীয় যদু গগৈ সোঁৱৰণী বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আয়োজক সমিতিয়ে জানিবলৈ দিয়া মতে উক্ত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা গীত, নৃত্য বাদ্যৰ বিচিত্রানুষ্ঠানৰ লগতে অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি এখনি স্মৃতিগ্ৰন্থ প্ৰকাশৰ দিহা কৰা হৈছে ।