Ahmed4U

Ahmed4U Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ahmed4U, Nalbari, Nalbari.

07/08/2025

#ভেদাইলতাৰ_ঔষধি_গুণ :

ভেদাইলতা এবিধ ঔষধি গুণবিশিষ্ট বনশাক। ভেদাইলতাৰ এটা অকটা গোন্ধ আছে। ভেদাইলতা ঘৰৰ-বাৰীখনৰ জেকা আৰু হাবিতলীয়া ঠাইত গজে।

লতাজাতীয় উদ্ভিদ ভেদাইলতাৰ বৈজ্ঞানিক নাম Paedericto Chide। ভেদাইলতা Rubiaceae গোটৰ অন্তৰ্গত।

ভেদাইলতাৰ ফুল আগষ্ট মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত ফুলে। ভেদাইলতাৰ ফুল সৰু, বেঙুনীয়া আৰু চুঙাকৃতিৰ।

ভেদাইলতাৰ ঔষধিগুণসমূহ হ’ল-

ডায়েৰিয়া ৰোগত ভেদাইলতা উপকাৰী। পেটৰ বিভিন্ন প্ৰকাৰৰ ৰোগ, অৰুচি, গ্ৰহণী আদিত ভেদাইলতাৰ তৰকাৰী খালে সুফল পোৱা যায়।
বাতবিষত আক্ৰান্ত হ’লে ভেদাইলতা ৰস খালে আৰোগ্য হয়।
অৰ্শৰোগত ভেদাইলতাৰ শিপাৰ ৰস খাব লাগে।
ভেদাইলতা শক্তিবৰ্ধক। পাত আৰু শিপাৰ ৰস নিয়মীয়াকৈ খাব লাগে।
দাঁতৰ বিষ হ’লে ভেদাইলতাৰ গুটি খাব লাগে।
ভেদাইলতাৰ ৰস খালে স্নায়ুৰোগত সুফল পোৱা যায়।
ভৰি-হাতৰ হাড় ভাগিলে বা মোচোকা খালে ভেদাইলতা পিচি তাৰ ৰসৰ প্ৰলেপ দিলে বিষ কমে।
ভেদাইলতাৰ ৰসে হজম শক্তি বঢ়ায়।
ছালৰ ৰোগত ভেদাইলতাৰ ৰসৰ প্ৰলেপ দিলে সুফল পোৱা যায়।
প্ৰ্সূতিসকলক প্ৰসৱৰ আগে-পিছে ভেদাইলতাৰ চাটনি কৰি খুৱাব লাগে।
গা আৰু বুকুৰ বিষত ভেদাইলতা উপকাৰী।
আমি সকলোৱে ভেদাইলতা খোৱা উচিত।

উৎস: ৰাইজৰ বাতৰি

বনস্পতি বিজ্ঞানৰ মতে বাঁহ হ’ল এবিধ ঘাঁহ ৷পৃথিৱীৰ আটাইতকৈ ওখ ঘাঁহ বিধেই হ’ল বাঁহ ৷ ইংৰাজীত বাঁহক Bamboo বোলে- কানাড়া ভাষা...
07/08/2025

বনস্পতি বিজ্ঞানৰ মতে বাঁহ হ’ল এবিধ ঘাঁহ ৷পৃথিৱীৰ আটাইতকৈ ওখ ঘাঁহ বিধেই হ’ল বাঁহ ৷ ইংৰাজীত বাঁহক Bamboo বোলে- কানাড়া ভাষাৰ শব্দৰ পৰা ইণ্ডোনেচিয়া আৰু মলয়সকলে ইংৰাজীলৈ এই শব্দ আমদানি কৰিলে বুলি জনা যায় ৷ বিশ্বত আটাইতকৈ ক্ষিপ্ৰতাৰে বঢ়া বনস্পতিবিধ হ’ল বাঁহ ৷ এডাল বাঁহ গছৰ সৰ্বোচ্চ উচ্চতা ১৫ৰ পৰা ৩৯ফুট ৷ বাঁহ গছ ২৪ঘন্টাত ২৷ ৪ ইঞ্চিৰ পৰা ৩৬ ইঞ্চিলৈকে বঢ়াৰ তথ্য বিজ্ঞানীসকলে লক্ষ্য কৰিছে ৷ বাঁহৰ অনেক প্ৰজাতিৰ ভিতৰত অসমত সাধাৰণতে জাতি বাঁহ আৰু ভলুকা বাঁহ এই দুবিধ বাঁহ সকলোৰে পৰিচিত৷ অসমত উপলব্ধ আন আন কেইটিমান বাঁহৰ প্ৰজাতি হ’ল কাক, বিজুলী, নল, কাঁটা আৰু মকাল ৷
আজিৰ পৰা ৪০০০বছৰ পূৰ্বৰ পৰাই মানুহে বাঁহ-গাজ ভক্ষণ কৰি আহিছে ৷ চীনদেশৰ টাং সাম্ৰাজ্যৰ সময়ত ( খৃষ্টাব্দ ৬১৮ৰ পৰা ৯০৭) বাঁহ-গাজৰ উপকাৰিতা পোন প্ৰথমবাৰৰ বাবে লিপিবদ্ধ কৰা হৈছিল ৷ খৃষ্টাব্দ ১৩৬৮ৰ পৰা ১৬৪৪ চনলৈ চীনত মিং সাম্ৰাজ্য চলিছিল ৷ সেই সময়ৰ ৰচনাৱলীটো বাঁহ-গাজৰ ঔষধি গুণসমূহৰ বৰ্ণনা পোৱা যায় ৷ জাপানত অতীজৰ পৰা বাঁহ-গাজক ‘বনৰ পাচলিৰ ৰজা’ আখ্যা দি অহা হৈছে ৷বাঁহ গাজৰ তৰি-তৰকাৰিয়ে মানুহৰ জীৱনী শক্তি বৃদ্ধি কৰে বুলি জাপানী সকলে বিশ্বাস কৰে আৰু সেয়ে প্ৰতি সাঁজ খাদ্যৰ লগত অন্ততঃ এটুকুৰা হ’লেও বাঁহগাজ তেওঁলোকৰ নিয়মীয়া খাদ্য তালিকাৰ অন্তৰ্ভুক্ত ৷

বাঁহ-গাজ স্বাস্থ্যৰ বাবে কিয় উপযোগী ?
মেদবহুলতা কমোৱাত সহায়ক: ১০০গ্ৰাম বাঁহগাজত থাকে ৮গ্ৰাম ডায়েটেৰী ফাইবাৰ ৷ ফাইবাৰ থকাৰ ফলত কলেষ্টেৰল কমাত সহায়ক হয় ৷ সোনকলে উদৰ পূৰ্ণ হোৱাৰ ভাৱ আহে ৷ বাঁহ-গাজত চুগাৰ, কাৰ্বহাইড্ৰেট আৰু কেলৰি কম থকাত ওজন কমোৱাত সহায়ক হয় ৷
ৰক্তচাপ কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা :
বাঁহ-গাজত থকা প’টেচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে ৷
কৰ্কটৰোগৰ প্ৰতিৰোধত ভূমিকা : গবেষণামূলক অনুসন্ধানত গম পোৱা গৈছে যে বাঁহ-গাজত থকা ফাইটোষ্টেৰল নামৰ তত্বই কেঞ্চাৰ প্ৰতিৰোধক হিচাবে কাম কৰে ৷ ক’লোনৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে ৷
শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায়ক : বাঁহ- গাজত থকা এন্টিঅক্সিডেন্ট,মিনাৰেল, ভিটামিন আৰু ট্ৰেচ এলিমেন্টৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়া পৰিলক্ষিত হয় ৷
পাকপ্ৰণালীৰ উপকাৰিতা : ভোক লগাত সহায়ক, হজম ক্ৰিয়াত সহায় কৰে,ডায়েৰিয়া ভাল কৰে, শৌচৰ পৰিমাণ বূদ্ধি কৰি কৌষ্ঠৰোগ আতৰায় ৷ পিত্তৰ বিষৰ উপশম ঘটায় ৷পেলুৰ চিকিৎসাত, পেটৰ পুৰণি ৰোগৰ চিকিৎসাত বাঁহ-গাজ ব্যৱহৃতহৈ আহিছে ৷
মহিলাৰ ঋতুস্ৰাৱৰ সমস্যা (বিষ) আৰু প্ৰসৱত বিলম্বত বাঁহ-গাজ উপযোগী ৷
নিয়মীয়া বাঁহ-গাজ খাওঁতাৰ অপকাৰী ক’লেষ্টেৰল বিলাক কমে ৷ গতিকে হৃদৰোগ প্ৰতিৰোধ কৰে ৷
এন্টিইনফ্লেমেটৰী আৰু বিষহাৰক গুণৰ বাবে বাঁহ-গাজ কটা-চিঙা, খহু,ঘাত আদিত বাহ্যিক প্ৰয়োগ কৰি যোগাত্মক ফলাফল দেখা গৈছে ৷
বাঁহ-গাজৰ এন্টিভাইৰেল ক্ৰিয়া – মিজলচৰ চিকিৎসাত বাঁহ-গাজৰ চুপ খোৱাই ৰোগীয়ে কম সময়তে আৰোগ্য লভা দেখা গৈছে ৷ অসমৰ বিভিন্ন ঘৰত এতিয়াও আই (বসন্ত) ওলোৱাৰ পঞ্চম দিনত শুকনি হিচাপে শুকান খৰিছা -মাগুৰ মাছৰ আঞ্জা দিয়া হয়।
বিষহাৰক গুণৰ বাবে বাঁহ-গাজ বাত বিষৰ চিকিৎসাত উপযোগী ৷
বৃশ্চিক আৰু সৰ্প দংশনৰ আয়ুৰ্বেদিক চিকিৎসাত বাঁহ-গাজৰ প্ৰয়োগ হৈ আহিছে ৷বৰলে বিন্ধা, বিছাই ডকা আদিটো বাঁহগাজ প্ৰয়োগ কৰি উপশম ঘটোৱা হয় ৷
আয়ুৰ্বেদিক চিকিৎসকসকলে হাঁপানী আৰু আন শ্বাসজনিত বক্ষ ৰোগৰ চিকিৎসাত বাঁহ-গাজ ব্যৱহাৰ কৰে ৷
চুলি সৰাৰ চিকিৎসাতো বাঁহ-গাজ উপযোগী৷
কেতিয়াবা সৰু সৰু ল’ৰা ছোৱালীৰ শৌচদ্বাৰেদি (বিশেষকৈ গ্ৰাম্যাঞ্চলত) জোক সোমাই যায় । তেতিয়া অলপমান খৰিচা খুৱাই দিলে জোক বাহিৰলৈ ওলাই আহে । হাল বাওতে গৰুৰ নাভিত জোক সোমালে খৰিচা খুৱালে জোক এৰাই বাহিৰ হয় ৷

 #আয়ুৰ্বেদিক চিকিৎসাত গছৰ ঔষধি গুণৰ বাবে পাতকে ধৰি গছৰ বিভিন্ন অংশ ব্যৱহাৰ কৰা হয়।  তুলসী, নিম, আমলা আদি বহুতো গছ-গছনি...
07/08/2025

#আয়ুৰ্বেদিক চিকিৎসাত গছৰ ঔষধি গুণৰ বাবে পাতকে ধৰি গছৰ বিভিন্ন অংশ ব্যৱহাৰ কৰা হয়। তুলসী, নিম, আমলা আদি বহুতো গছ-গছনি আয়ুৰ্বেদত ৰোগ নিৰাময়ৰ বাবে জনাজাত, পাত সঘনাই ব্যৱহৃত অংশ।

আয়ুৰ্বেদিক উদ্ভিদ আৰু ইয়াৰ পাতৰ ব্যৱহাৰৰ উদাহৰণ:

তুলসী (পবিত্ৰ তুলসী): বদহজম, হৃদযন্ত্ৰৰ অৱস্থা, আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ইয়াৰ পাত বনৌষধি চাহত আৰু চৰ্দি, কাহ, জ্বৰৰ প্ৰতিকাৰ হিচাপেও ব্যৱহাৰ কৰা হয়।

নিম: ছালৰ নিৰাময় গুণ আৰু ছালৰ বিভিন্ন ৰোগৰ চিকিৎসাৰ ক্ষমতাৰ বাবে পৰিচিত।

আমলা (ভাৰতীয় গুজবেৰী): ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ই ভিটামিন চিৰ ভাল উৎস।

অৰ্জুন: হৃদযন্ত্ৰৰ স্বাস্থ্যৰ সহায় কৰে।

বায়েল (Aegle Marmelos): ইয়াৰ পাত চালাডত ব্যৱহাৰ কৰা হয়, আৰু ফলৰ পাল্প ডিচেণ্ট্ৰিৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।

অশ্বগন্ধাঃ শিপা অধিক ব্যৱহাৰ কৰা হয় যদিও পাতৰ ঔষধি গুণো থাকে আৰু ইয়াক মানসিক চাপ কমোৱা আৰু সজীৱতা বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা হয়।

বন্যান গছ: পৰম্পৰাগতভাৱে বন্যানৰ পাত ব্যৱহাৰ কৰি তেজৰ চেনি নিয়ন্ত্ৰণ কৰা, কলেষ্টেৰল কমোৱা, হজম শক্তি উন্নত কৰাত সহায় কৰে।

পিপল গছ: আয়ুৰ্বেদিক চিকিৎসাত বিভিন্ন কামত পাত ব্যৱহাৰ কৰা হয়।

আয়ুৰ্বেদিক চিকিৎসাত পাতৰ সাধাৰণ ব্যৱহাৰ:

চাহ আৰু ইনফিউজনঃ বহু পাত ব্যৱহাৰ কৰি বনৌষধি চাহ বা বিভিন্ন ৰোগৰ ইনফিউজন তৈয়াৰ কৰা হয়।

ৰসঃ পাতৰ ৰস উলিয়াই নিৰ্দিষ্ট ঔষধি কামত ব্যৱহাৰ কৰা হয়।

গুড়ি: শুকান পাত কেতিয়াবা গুড়ি কৰি বিভিন্ন প্ৰয়োগৰ বাবে গুড়ি কৰি লোৱা হয়।

স্থানীয় প্ৰয়োগ: বাহ্যিক প্ৰয়োগৰ বাবে পাউল্টিচ বা পেষ্ট তৈয়াৰ কৰিবলৈ পাত ব্যৱহাৰ কৰা হয়।

খাদ্যত যোগ কৰা: ঔষধি উপকাৰিতাৰ বাবে পাতবোৰ ব্যঞ্জনত মিহলাই ল’ব পাৰি।

গুৰুত্বপূৰ্ণ বিবেচনাসমূহ:

মাত্ৰা আৰু প্ৰস্তুতি:

আয়ুৰ্বেদিক ঔষধ ব্যৱহাৰ কৰাৰ সময়ত সঠিক মাত্ৰা আৰু প্ৰস্তুতিৰ পদ্ধতি অনুসৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ।

ব্যক্তিগত প্ৰয়োজনীয়তা:

আয়ুৰ্বেদিক চিকিৎসা প্ৰায়ে ব্যক্তিগত প্ৰয়োজন আৰু দোষ (মন-শৰীৰৰ প্ৰকাৰ)ৰ ওপৰত ভিত্তি কৰি ব্যক্তিগতকৃত কৰা হয়।

গুণগত মান আৰু উৎস:

গুণগত মান নিশ্চিত কৰিবলৈ আৰু দূষণৰ পৰা হাত সাৰিবলৈ পাতবোৰ সুনামধন্য উৎসৰ পৰা আহৰণ কৰাটো নিশ্চিত কৰক।

পৰামৰ্শ:

যিকোনো বনৌষধি ব্যৱহাৰ কৰাৰ আগতে যোগ্য আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়।

  9 তা Youtube cenel ৰে  উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ধনী   গোৱালপাৰাৰ মুস্তাফিজুৰ ৰহমান ।। মাহত income  াখ টকা ।।2 বছৰ আগত...
31/07/2021


9 তা Youtube cenel ৰে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ধনী গোৱালপাৰাৰ মুস্তাফিজুৰ ৰহমান ।।
মাহত income াখ টকা ।।
2 বছৰ আগতে Youtube cenel ত Video upload কৰা আৰম্ভ কৰিছিল ।
এতিয়া 9 খন VIP গাড়ী আছে, এটা Shopping Mall আছে । 5 জন body gard । প্ৰত্যেকজন কুশলীক একোখন গাড়ী আৰু driver দিছে ।।।

CRPF ত চাকৰি কৰা খেতিয়কৰ লৰা
25/07/2021

CRPF ত চাকৰি কৰা খেতিয়কৰ লৰা

আজি 3 বজাত গুৱাহাটী প্ৰেছ ক্লাবত মুক্তি পালে দিব্যজ্যোতি শৰ্মাৰ ৰচিত "মহা সংগ্ৰামৰ দূৰন্ত সৈনিকজন"নামৰ পুথিখন ।
30/07/2016

আজি 3 বজাত গুৱাহাটী প্ৰেছ ক্লাবত মুক্তি পালে দিব্যজ্যোতি শৰ্মাৰ ৰচিত "মহা সংগ্ৰামৰ দূৰন্ত সৈনিকজন"নামৰ পুথিখন ।

কেন্দ্ৰৰ অসম প্রীতি এতিয়া আৰু নাই । এতিয়া লুতেৰা স্বভাৱ প্ৰকাশ হৈছে !!!
30/07/2016

কেন্দ্ৰৰ অসম প্রীতি এতিয়া আৰু নাই । এতিয়া লুতেৰা স্বভাৱ প্ৰকাশ হৈছে !!!

যোৱা বছৰৰ দৰে এইবাৰো বানাক্ৰান্ত লোকসকলক সহায়ৰ উদ্দেশ্যে এক ব্যতিক্ৰমী পদক্ষেপ লব অসমৰ জনপ্ৰিয় গায়ক  #জুবিন_গাৰ্গে । জান...
30/07/2016

যোৱা বছৰৰ দৰে এইবাৰো বানাক্ৰান্ত লোকসকলক সহায়ৰ উদ্দেশ্যে এক ব্যতিক্ৰমী পদক্ষেপ লব অসমৰ জনপ্ৰিয় গায়ক #জুবিন_গাৰ্গে । জানিব পৰা মতে অহা ২০ আগষ্টত দিল্লীৰ ইণ্ডিয়া গেটৰ পৰা জুবিনে এক চাইকেল ৰেলি উলিয়াব । আৰু উক্ত ৰেলিটোৱে সংগ্ৰহ কৰা সকলো ধন বন্যাৰ্তৰ বাবে ব্যায় কৰিব । জুবিনে লবলৈ ওলোৱা এই মহান কাৰ্যক ভূয়সী প্ৰশংসা ৰাজ্যবাসীৰ ।

বাজেটত এইখনৰ গোন্ধই  নোলালে দেখুন ?????বেয়া ঠগন দিলে দেই ,,,
27/07/2016

বাজেটত এইখনৰ গোন্ধই নোলালে দেখুন ?????
বেয়া ঠগন দিলে দেই ,,,

ডঃ আব্দুল কালাম চাৰৰ প্ৰথম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰিছো !!
27/07/2016

ডঃ আব্দুল কালাম চাৰৰ প্ৰথম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰিছো !!

আজি বিশ্ব কাৰ্গিল দিৱস । আমাৰ অসমৰ জিন্তু গগৈক আকৌ এবাৰ মনত পৰিল। শ্ৰদ্ধার্ঘ হে মহান জোৱান অসম সন্তান !
26/07/2016

আজি বিশ্ব কাৰ্গিল দিৱস । আমাৰ অসমৰ জিন্তু গগৈক আকৌ এবাৰ মনত পৰিল। শ্ৰদ্ধার্ঘ হে মহান জোৱান অসম সন্তান !

ওলোটা খৰ
21/07/2016

ওলোটা খৰ

Address

Nalbari
Nalbari

Alerts

Be the first to know and let us send you an email when Ahmed4U posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ahmed4U:

Share