মহানগৰীৰ হাতীগাওত কামৰূপ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । হাতীগাওৰ সিজুবাৰীত এই অভিযান । বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ আৰক্ষীৰ ।
প্ৰায় 500 গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ আৰক্ষীৰ ।
হাতীগাঁওৰ সিজুৱাৰীত আৰক্ষীয়ে চলাই গুলি।
বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হয় যদিও পলাই যায় চাৰিজনকৈ ড্ৰাগছ পেডলাৰ ।
যোৰহাটৰ নিমাতিঘাটত কেনেকৈ সংঘটিত হ'ল শোকাৱহ নাও দুৰ্ঘটনা । দেখিলে কঁপি উঠিব আপোনাৰো বুকু ।
ওৰাং ৰাষ্ট্ৰীয় উদ্যানক লৈ মন্ত্ৰী অশোক সিংঘালৰ প্ৰতিক্ৰীয়া ।
DNA LiVE ৰ বাতৰিৰ সত্যতা প্ৰমাণ হ'ল । অৰ্ধ শতাধিক সতীৰ্থক লগত লৈ আজি আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰিলে আক্ৰাছু নেতা জীৱেশ ৰায়ে ।
DNA LiVE ৰ বাতৰিৰ সত্যতা প্ৰমাণ হ'ল । অৰ্ধ শতাধিক সতীৰ্থক লগত লৈ আজি আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰিলে আক্ৰাছু নেতা জীৱেশ ৰায়ে ।
তালিবান, কংগ্ৰেছ, জমিয়ত,AIUDF সম্পৰ্কত কি কলে - বিজেপি নেতা মমিনুল আৱালে ।
আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ল মা কামাখ্যাৰ মন্দিৰৰ দুৱাৰ। নতুন SOP মতে এক ঘণ্টাত মাত্ৰ ২০ জন ভক্তহে মন্দিৰত প্ৰবেশ কৰিব পাৰিব ।
দিছপুৰত নতুন SOP সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰীৰ সংবাদমেল -- । সংবাদমেলত স্বাস্থ্য মন্ত্ৰীৰ ঘোষণা -
◆ ৰাজ্যত উন্নতি ঘটিছে ক'ভিড পৰিস্থিতিৰ।
◆ ক'ভিড সম্পৰ্কীয় নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ'পি) কাইলৈ বুধবাৰ, ১৮ আগষ্ট ২০২১ৰ পুৱা ৫.০০ বজাৰ পৰা কাৰ্যকৰী হ'ব।
◆ ৰাজ্যজুৰি আৰু এঘণ্টা শিথিল হ'ব নৈশ সান্ধ্য আইন।
◆ সকলো জিলাতে নিশা ৭.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ সান্ধ্য আইন।
◆ সন্ধিয়া ৬.০০ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়-কৰ্মক্ষেত্ৰ, হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব'ৰোম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান।
হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজিপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদ মেল। উপ নিৰ্বানৰ পূৰ্বে বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু ৰাইজৰ দলৰ লগতে বিৰোধী দল সমূহক তীব্ৰ সমালোচনা কৰে। পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে কংগ্ৰেছ, এ আই ইউ ডি এফ, ৰাইজৰ দল সকলো একতা মুদ্ৰাৰ ইপিঠি-সিপিঠি।
,ৰাইজৰ সমস্যা সমাধান কৰিবলৈ কোনো বিশেষ তৎপৰতা চৰকাৰৰ নাই। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই ৰাইজৰ পৰা কৰ-কাতল লোটাৰ চেষ্টা কৰিছিল যদিও পিছত মুখ্যমন্ত্ৰী মহোদয়ে গম পালে যে, এনে কৰিলে, কংগ্ৰেছমুক্ত সপোন পূৰ নহ'ব ওলোটাই বিজেপি মুক্ত অসমহে হ'ব"- বিৰোধী দলপতি দেৱব্ৰত শইকীয়া
পৃথক কামতাপুৰ ৰাজ্য পুণৰগঠণ, কামতাপুৰী ভাষাৰ ৰাষ্ট্ৰীয় স্বীকৃতি, বিশ্বমহাবীৰ চিলাৰায়ৰ জন্ম দিৱসত ৰাষ্ট্ৰীয় বন্ধ ঘোষণা, বিশ্বমহাবীৰ চিলাৰায় কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন, উত্তৰবংগত এইমছ স্থাপনসহ ছয় দফীয়া দাবীত কে পি পিৰ কেন্দ্ৰীয় কমিটিয়ে আজি আলিপুৰদুয়াৰ District Magistrate ৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
অসম চৰকাৰৰ নতুন সিদ্ধান্ত।
গ্ৰামাঞ্চলত ঘৰ বনাবলৈ হ'লে পঞ্চয়ত পৰা অনুমতি ল'ব লাগিব । চৰকাৰৰ এই সিদ্ধানৰ তীব্ৰ বিৰোধিতা বিধায়ক অখিল গগৈৰ ।
বিজেপি অসম প্ৰদেশৰ সভাপতি ভবেশ কলিতাৰ উপস্থিতিত আজি হেঙেৰাবাৰীৰ ৰাজ্যিক কাৰ্য্যালয়ত এক গুৰুত্বপূৰ্ণ “যোগদান অনুষ্ঠান “ অনুষ্ঠিত হয়।
উক্ত যোগদান অনুষ্ঠানত থাওৰা সমষ্টিৰ সদ্য পদত্যাগী কংগ্ৰেছৰ বিধায়ক সুশান্ত বৰগোহাঞিয়ে বিজেপি দলত যোগদান কৰে। “বিজেপি বাৰ্তা উন্মোচন" কৰে উপ সভাপতি জয়ন্ত দাসে।
পেগাছাছ স্পাইৱেৰৰ চোৰাংচোৱাগিৰিকলৈ কংগ্ৰেছৰ দলৰ ৰাজ ভৱন যাত্ৰা। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে কংগ্ৰেছ দলৰ অৰ্ধ শতাধিক কৰ্মকর্তাই ৰাজ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি এই ঘটনাৰ তদন্ত দাবী কৰে ।
অযোধাৰ ৰামমন্দিৰ আৰ্হিত অসমত নিমাৰ্ণ হ'ল বাহৰ ৰাম মন্দিৰ। মৰিগাঁৱৰ ২নং গুণামৰা নিৱাসী ভৱেন চন্দ্ৰ পাটৰ দ্বিতীয় পুত্ৰ ধীৰাজ পাটৰে লকডাউনৰ সময়ত এনে নাথাকি বাঁহেৰে নিমাৰ্ণ কৰি আছে ৰাম মন্দিৰ।লগতে বাহেঁৰে বিভিন্ন সামগ্ৰী নিমাৰ্ণ কৰি উলিয়াইছে।ধীৰাজ পাটৰ প্ৰেচাত এজন টেণ্ট হাউচৰ স্বাতাধিকাৰী।এই নিমাৰ্ণ কায্য ধীৰাজ পাটৰক উৎসাহ দিছিল উজ্জ্বল বৰা,আৰু তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্যকাযবাহী সদস্য পৱন মান্তায়ে।
আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেটৰ বৈঠক। আজিৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত সমূহ সংবাদমেল যোগে জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে।
মহানগৰীৰ মালিগাঁও পাণ্ডুৰ নিবাসী দিছা দেৱ । বৰগাঁওত অৱস্থিত প্ৰাগজ্যোতি বিদ্যালয়ৰ দশম শ্ৰেণীৰ এইগৰাকী ছাত্ৰীয়ে 12 টা ভাষাত গীত গাই সংগীত জগতত চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱাই নহয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ৰিয়েলেটি শ্ব'টো সংগীত পৰিবেশন কৰি সমাদৰ লভিবলৈ সক্ষম হৈছে ।
বন বিভাগৰ সংস্কাৰৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপক আদৰণি নেচাৰ্ছ বেকনৰ
অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে অৰণ্য আৰু বন্যপ্ৰাণী সংৰক্ষণত ড০ শৰ্মাৰ দৰে গুৰুত্ব দিয়া নাছিল
মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব লোৱাৰ তিনি মাহৰ ভিতৰতে ৬৫০ বৰ্গ কিলোমিটাৰতকৈ অধিক অৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰিছে ড০ হিমন্ত বিশ্ব শৰ্মাই
সমগ্ৰ ভাৰততে এয়া এক নজিৰ বিহীন ঘটনা
ভাৰতৰ কোনো মুখ্যমন্ত্ৰীয়ে এইদৰে শাসনৰ দায়িত্ব লৈয়ে ইমান বৃহৎ পৰিসৰৰ অৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ৰূপে সংৰক্ষিত কৰা নাছিল
অৰণ্য তথা বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীক সদায় সহযোগ কৰাৰ প্ৰতিশ্ৰুতি নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তৰ।
মহানগৰীৰ হাতীগাঁওত থকা এটা পৰিয়াল গভীৰ সংকটত । পৰিয়ালটোৰ অঞ্জলী কলিতা মহিলাগৰাকী বিগত তিনি মাহ ধৰি এক জটিল ৰোগত আক্ৰান্ত । বাক্মা জিলাৰ মছলপুৰৰ সোৱণশ্ৰী গাঁওৰ এই মহিলা গৰাকীৰ হাৰ্ট ব্লক হোৱা চিকিৎসকৰ সুত্ৰত প্ৰকাশ । চিকিৎসাৰ বাবে ধনৰ অভাৱত পৰিয়ালটোৱে এতিয়া সদাশয় ৰাইজৰ লগতে অসম চৰকাৰৰ সহায় বিচাৰিছে । পৰিয়ালটোক সহায়ৰ বাবে 6001068339 এই মোবাইল নং যোগাযোগ কৰিব পাৰে ।
নিয়াৰ আদালতে দোষ মুক্ত ঘোষণা কৰাৰ পিছতে মুক্ত আকাশৰ তলত অখিল গগৈ। আদালতৰ ৰায়দানৰ পিছত অখিল গগৈৰ প্ৰতিক্ৰিয়া।
মহানগৰীৰ মালিগাঁও পূব মাধৱদেৱ নগৰৰ পাহাৰত উদ্ধাৰ এটা নাহৰফুটুকীৰ পোৱালী । নিশা খাদ্যৰ সন্ধানত ওলাই আহি গাতত পৰি আৱদ্ধ হৈ ৰ'য় এই নাহৰফুটুকীটো। পাছত ঘটনাস্থলিত বন বিভাগৰ কর্মী আহি নাহৰফুটুকীটো উদ্ধাৰ কৰে !
অসমৰ অট' খণ্ডত মেক ইন ইণ্ডিয়া অভিযানৰ প্ৰভাৱ । কুমাৰ ইঞ্জিনিয়াযীঙৰ স্থানীয়ভাৱে নিৰ্মাণ কৰা ই-ৰিক্মা বেটেৰী মুকলি ।
ৰাজ্যিক বিজেপিৰ সভাপতিৰ পদত এইবাৰ ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা ।আজি নতুন দিল্লীত বিজেপিৰ ৰাজ্যিক সভাপতিৰ নাম ঘোষণা কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই । এই লৈ ৰঙিয়াৰ বিজেপিৰ কাৰ্যালয়ত উৎসৱমুখৰ পৰিবেশ। সমৰ্থক সকলে ঘেৰি ধৰি গামোচা পিন্ধাই উষ্ম আদৰণী জনালে ভবেশ কলিতাক । দায়িত্ব গ্ৰহণ কৰিয়েই বিজেপি দলটোক আগুৱাই লৈ যোৱাৰ বাবে কাম কৰি যাব বুলি সংকল্প লয় । লগতে বিজেপিৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যদি অন্য দলৰ কোনো নেতা-সদস্যই বিজেপিলৈ আহিব বিচাৰে তেতিয়া হলে দলে সকলোকে আগবঢ়াই লৈ যাব মন্তব্য কৰে ।
আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । এই উপলক্ষে বিজেপি, অসম প্ৰদেশৰ হেঙাৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত ৰাতি পুৱাই যোগ দিবসৰ আয়োজন কৰা হ'য় । অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ লগতে ৰাজ্যিক বিষয়ববীয়াসকল উপস্থিত থাকে।
বিজেপিৰ অসম প্ৰদেশৰ মণ্ডল সমুহতো কোভিড প্ৰট'কল মানি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়।
সদৌ গুৱাহাটী পৌৰ নিগম ঠিকাদাৰ সন্থাৰ সংবাদমেল । ৭১ জন ঠিকাদাৰে নিবিদা প্ৰক্ৰিয়াৰে লাভ কৰা গুৱাহাটী মহানগৰৰ নলা-নৰ্দমা নিস্কাশনৰ কাম বাতিল কৰাৰ প্ৰতিবাদ সন্থাৰ ।
আজি সমগ্ৰ দেশত পালন কৰা হয় WORLD BLO0D DONORS DAY । HElPING HAND BLOOD DON0RS নামৰ NG0 এটাইয়ো আজি অনুষ্ঠিত কৰিছে ৰক্ত দান শিবিৰ । ৰেল আৰক্ষী জোৱান সকলে এই ৰক্ত দান শিবিৰত অংশগ্ৰহণ কৰি ৰক্ত দান কৰে । অনুষ্ঠানত উপস্থিত থাকে ৰেল আৰক্ষী উচ্চ বিষয়া । মালিগাঁও ৰেল চিকিৎসালয়ত এই ৰক্ত দান শিবিৰৰ আয়োজন কৰা হ'য় ! প্ৰায় 40 জন ব্যাক্তিয়ে আজি ৰক্ত দান কৰে ।
মহানগৰীৰ মালিগাঁও LCB কলেজৰ সন্মুখৰ এঘৰ মানুহৰ বাসগৃহত উদ্ধাৰ হল ১০ ফূট দৈৰ্ঘৰ প্ৰকাণ্ড অজগৰ সাপ ।কামাখ্যা পাহাৰৰ জংঘলৰ পৰা খাদ্যৰ সন্ধানত নামি অহা অজগৰ ডালে এজন মানুহৰ ঘৰৰ চিলিঙত আশ্ৰয় লয় । ইয়াকে কৈ অঞ্চলটোত সৃষ্টি হ'য় আতংকময় পৰিবেশৰ । পাছত বন বিভাগৰ লোক আহি অজগৰ ডাল উদ্ধাৰ কৰি ৰাজ্যিক চিৰিয়াখানালৈ লৈ যায় ।
কভি'ড নিগেটিভৰ পাছত জটিল ৰোগত আক্ৰান্ত যুৱক, সহায়ৰ আহ্বান । গাডিগাঁও বেজপাৰাৰ হেমেন ৰাজবংশী নামৰ যুৱকজনে কিছুদিন আগতে কোভিড জয় কৰি পানবাজাৰ মহেন্দ্ৰ মোহন চিকিৎসালয়ৰ পৰা নিগেটিভ হৈ ঘৰলৈ উভতিছিল ।এই যুৱকজনে এতিয়া আন এটা জটিল ৰোগ আক্ৰান্ত।
চিকিৎসকৰ মতে যুৱকজনৰ ভৰি এখন কাটি দিব লাগিব।এতিয়া উন্নত চিকিৎসাৰ কৰিব বাবে ধন নাই। পৰিয়ালৰ এক মাত্ৰ উপাৰ্জনকাৰী আছিল যুৱকজন । যাৰ বাবে এতিয়া গভীৰ সংকটত পৰিছে পৰিয়ালটো ।পৰিয়ালটোৱে উপায়হীন হৈ যুৱকজনৰ চিকিৎসাৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সহায় প্ৰাৰ্থনা কৰিছে ।
কভিড কালৰ মাজতে মহানগৰীৰ কামাখ্যা গেটৰ ডেকাৰ হোটেলত চোৰৰ তাণ্ডৱ। চোৰে হোটেলৰ
পিছফালৰ দৰজা ভাঙি অতি মূল্যবান কাঁহৰ বাচনৰ লগতে গেছ চিলিণ্ডাৰ আৰু নগদ ধন ৩০ হাজাৰ টকা লৈ যায় ড্ৰাগছ আসক্ত যুৱকে এই চুৰি কাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰিছে হোটেলৰ মালিকে । ঘটনা সন্দৰ্ভত ইতিমধ্যে জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে হোটেলৰ মালিকে ।