01/11/2025
অসমৰ ৬ জনগোষ্ঠীক ST মৰ্যাদা প্ৰদানৰ নেতিবাচক প্ৰভাৱ।
১) কেইবছৰমানৰ পিছত সতিছগড়, ঝাৰকাণ্ডৰ পৰা অসমলৈ গণ প্ৰব্ৰজন হব।
২) পশ্চিম আৰু উত্তৰ বংগৰ পৰা কেইবছৰমানৰ পিছত অসমলৈ গণ প্ৰব্ৰজন হব, ST সুবিধা লাভ কৰিবলৈ।
৩) কেইবছৰমানৰ পিছত বাংলাদেশৰ পৰা অসমলৈ গণ প্ৰব্ৰজন হব।
৪) কেইবছৰমানৰ পিছত বিহাৰ আৰু নেপালৰ পৰা অসমলৈ গণ প্ৰব্ৰজন হব।
৫) মংগোলীয় বৈশিষ্ট্য থকা বৰ্তমানৰ ১৪টা জনজাতি- যেনে কছাৰী, ৰাভা, দেওৰী, মিছিং, কাৰ্বি, কুকি, হমাৰ, ডিমাছা, আদি জনসংখ্যা কমি আহিব বা অসমৰ পৰা বিলুপ্ত হৈ যাব।
৬) পঞ্চায়ত, কেন্দ্ৰীয় বা ৰাজ্য সংসদ-বিধানসভাত বৰ্তমানৰ ১৪টা জনজাতিৰ সম্প্ৰদায়ৰ পৰা কোনো প্ৰতিনিধি নাথাকিব। 6th Sheduled, Autonomous Council ক্ষেত্ৰতো নাথাকিব।
৭) TRIBAL BELT AND BLOCK ৰ কোনো মূল্য নাথাকিব।
৮) নতুন STবোৰ TRIBAL BELT AND BLOCK ৰ মাটি ক্ৰয়-বিক্ৰয় কৰিব পাৰিব।
৯) 6th Sheduled এলেকা আৰু Council সমূহ কাৰ্য্যক্ষমতাহীন হৈ যাব।
১০) বৰ্তমানৰ 14 টা জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীয়ে কোনো কলেজ বা ইউনিভাৰ্ছিটিৰ আসনত এডমিছন নাপাব।
১১) বৰ্তমানৰ জনজাতিৰ ছাত্ৰ-ছাত্ৰীয়ে কোনো চৰকাৰী বা বেচৰকাৰী চাকৰি নাপাব।
১২) বৰ্তমানৰ জনজাতিৰ ছাত্ৰ-ছাত্ৰীয়ে কোনো ধৰণৰ Scholarship নাপাব।
১৩) যিকোনো পৰীক্ষাৰ ফলাফলত ST categoryৰ CUTT OFF মাৰ্ক General categoryকৈ বহু বেছি হব।
১৪) বৰ্তমানৰ 14 টা জনজাতি সকলে কোনো চৰকাৰী আঁচনি নাপাব।
১৫) General Reservation Quota টো কেৱল বাঙালী, মুছলমান, বা হিন্দী ভাষী লোকেহে উপভোগ কৰিব।
১৬) অসমত অসমীয়া নাথাকিব কেৱল জনজাতিহে থাকিব।
১৭) কোন ব্ৰাহ্মণ, কোন খ্যাষ্ট্ৰিয়া, কোন SC, বা OBC, বা জনজাতীয় ST, চিনাক্তকৰণৰ ক্ষেত্ৰতো কৰ্তৃপক্ষই ST certificate প্ৰদান কৰিবলৈ দুমোজাতত পৰিব।
১৮) দাস, তালুকদাৰ, ভূনিয়ান, চৌধুৰী, দেৱ, ৰয়, ৰায়, মাজুমদাৰ, হাজৰিকা, আদি উপাধি থকা বাংলাদেশীসকলেও সহজেই ST চাৰ্টিফিকেট লাভ কৰিব পৰিব। যদি তেঁওলোকে বিচাৰে।
১৯) আনকি ব্ৰাহ্মণ/Generalও ST জনজাতি লৈ ৰূপান্তৰিত হ’ব পাৰিব, যেতিয়াই তেওঁলোকে ইচ্ছা হয়।
২০) অসমৰ জনজাতিসমূহৰ মাজতে প্ৰতিটো ক্ষেত্ৰতে নিজৰ মাজত প্ৰতিযোগিতা হ'ব আৰু বাংলাদেশী বা বাহিৰৰ লোকৰ লগত নহয়।
২১) গুৱাহাটী আৰু অসমৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ প্ৰব্ৰজন।
২২) গ্ৰাম্য জনজাতীয় বজাৰ আৰু অৰ্থনৈতিক অত্যন্ত ক্ষতি হব।
২৩) অসমত অসমীয়া ভাষা আৰু জনজাতীয় ভাষাতকৈ হিন্দী আৰু বাংলা ভাষাক অধিক গুৰু্বপূৰ্ণ দিয়া হ’ব।
২৪) বিশেষকৈ চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত গোটেই ভাৰতীয় STৰ উপৰত প্ৰভাৱ পৰিব।
২৫) গোটেই উত্তৰ-পূবৰ জনজাতিৰ ওপৰত নেতিবাচক প্ৰভাৱ।
২৬) অৰুণাচল, নাগালেণ্ড, মণিপুৰ, আদিৰ পৰা Tribal সকলে IAS IPS IFS, Railway, SSC, আদি পৰীক্ষাত যোগ্যতা অৰ্জন কৰিব নোৱাৰিব- যথেষ্ট ক্ষতিগ্ৰস্ত হ’ব।
২৭) দুৰ্ভাগ্যজনকভাৱে অসম, মৰাণ, ৰাজবংশীৰ, আদি ইতিহাসৰ গৌৰৱময় বংশ (যেনে সুখাপা, স্বৰ্গ নাৰায়ন, বিশ্ব সিংহ) সকলক জনজাতীয় সম্প্ৰদায় মৰ্যদা দিয়া হ’ব, যিসকল tribalক বিশ্বত সৰু অনুন্নত আৰু পিছপৰা বুলি গণ্য কৰা হয়।