The Jollywood

  • Home
  • The Jollywood

The Jollywood আমাৰ লগত জড়িত হোৱাৰ
বাবে আপোনাক ধন্যবাদ ।

02/03/2026

....

টুলুঙা ব্যৱস্থা নে ছবি জগতৰ প্ৰতি হেমাহি?"ৰৈ ৰৈ বিনালে", "ভাইমন দা" কিয় নাই ফিল্মফেয়াৰত?শেহতীয়াকৈ অনুষ্ঠিত হোৱা ফিল্মফেয়...
02/03/2026

টুলুঙা ব্যৱস্থা নে ছবি জগতৰ প্ৰতি হেমাহি?

"ৰৈ ৰৈ বিনালে", "ভাইমন দা" কিয় নাই ফিল্মফেয়াৰত?

শেহতীয়াকৈ অনুষ্ঠিত হোৱা ফিল্মফেয়াৰত কোনোধৰণৰ শিতানত মনোনয়ন লাভ নকৰিলে দুখনকৈ অত্যন্ত জনপ্ৰিয় ছবি "ভাইমন দা" আৰু "ৰৈ ৰৈ বিনালে"এ। কিন্তু কিয়? সেই প্ৰশ্নটো নিশ্চয় আপোনালোকৰ মনলৈও আহিছে।

ফিল্মফেয়াৰৰ উদ্যোক্তাসকলে ছবিখন উপভোগ কৰিবলৈ বিচাৰিছিল ইউটিউব অথবা অন্য কিছু ভিডিঅ'ৰ জৰিয়তে। এখন বাণিজ্যিক ছবি যিহেতু নিৰ্মাতাগোষ্ঠীয়ে চিত্ৰগৃহৰ বাবে প্ৰস্তুত কৰে গতিকে সেই ছবিখন কোনো ভিডিঅ'ৰ জৰিয়তে সংকীৰ্ণকৈ উপভোগ কৰাটো যুক্তিসংগত নহয়। উক্ত দুয়োখন ছবিৰ প্ৰযোজক গোষ্ঠীয়ে ফিল্মফেয়াৰৰ উদ্যোক্তাসকলক ছবি দুখন ছবিগৃহত দেখুওৱাৰ ব্যৱস্থা কৰাৰ প্ৰস্তাৱ দিয়াৰ পিছতো সেই প্ৰস্তাৱ গ্ৰহণ নকৰিলে তেওঁলোকে। ফলত, নিৰ্মাতাগোষ্ঠীয়ে নিজৰ মতত অটল থাকি ছবিদুখন প্ৰেৰণ নকৰিলে ফিল্মফেয়াৰলৈ।

এতিয়া আপোনালোকে কওক, ফিল্মফেয়াৰৰ দৰে বৃহৎ অনুষ্ঠানৰ এয়া হেমাহি নহয় জানো?

ROI ROI BINALE
BHAIMONDA

উৎস : Roi Roi Binale page

26/02/2026

ফুটবল এটা মন্ত্ৰ ... সম্প্ৰীতিৰ মন্ত্ৰ

প্ৰবীণ অভিনেতা বিষ্ণু খাৰঘৰীয়ালৈ "জীৱনজোৰা সাধনা বঁটা"২২ জানুৱাৰীৰ পৰা জ্যোতি চিত্ৰবনত হ'বলগীয়া "গুৱাহাটী এছিয়ান ফিল্ম ...
16/01/2026

প্ৰবীণ অভিনেতা বিষ্ণু খাৰঘৰীয়ালৈ "জীৱনজোৰা সাধনা বঁটা"

২২ জানুৱাৰীৰ পৰা জ্যোতি চিত্ৰবনত হ'বলগীয়া "গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল"ত প্ৰথিতযশা অভিনেতা বিষ্ণু খাৰঘৰীয়াক প্ৰদান কৰা হ'ব "জীৱনজোৰা সাধনা বঁটা" ।

প্ৰখ্যাত শিল্পী সমৰ হাজৰিকাদেৱৰ বিয়োগ ।সমৰ হাজৰিকা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ আছিল । তেখেতৰ বিদেহ আত্মাৰ চিৰ...
13/01/2026

প্ৰখ্যাত শিল্পী সমৰ হাজৰিকাদেৱৰ বিয়োগ ।
সমৰ হাজৰিকা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ আছিল । তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ ৷

প্ৰবীণ বৰাৰ "দূৰ" শীৰ্ষক গীত মুকলি ।
08/01/2026

প্ৰবীণ বৰাৰ "দূৰ" শীৰ্ষক গীত মুকলি ।

"ৰৈ ৰৈ বিনালে"ৰ "মন গ'লে" শীৰ্ষক গীতটি কাইলৈবিয়লি ৫বজাৰ পৰা উপলব্ধ হ'ব ইউটিউব চেনেল জিল ক্ৰিয়েচনত ।
08/01/2026

"ৰৈ ৰৈ বিনালে"ৰ "মন গ'লে" শীৰ্ষক গীতটি কাইলৈ
বিয়লি ৫বজাৰ পৰা উপলব্ধ হ'ব ইউটিউব চেনেল
জিল ক্ৰিয়েচনত ।

08/01/2026

যাৰ গীতৰ সুবাসত জাগি উঠে যৌৱন ।
যাৰ সুৰৰ মূৰ্ছনাত সাগৰ তলিত শুবলৈ মন ।

অসমীয়া গীতিসাহিত্যত অন্য এক মাত্ৰা দিয়া গীতিকাৰ,সুৰকাৰ,সংগীত শিল্পী দিগন্ত ভাৰতীৰ আজি ওপজা দিন। শিল্পী গৰাকীক এই বিশেষ দিনটোত শুভকামনা জনাইছো । অনাগত দিনত তেওঁৰ
পৰা ন ন সৃষ্টি পোৱাৰ আশাৰে ।

তেওঁৰ শব্দৰ নিজৰাৰে বৈ আহক অবিৰাম গান ।

Address


Website

Alerts

Be the first to know and let us send you an email when The Jollywood posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Media Company?

Share