08/05/2021
Slug - MOIRABARI RAT & COVID VACCINATION.
STORY - মৈৰাবাৰীত ক'ৰণা আক্ৰান্ত ৰোগীৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি, ৩০০ জনৰ ৰেপিড এন্টিজেন টেষ্ট কৰাৰ লগতে ১১০ জনক কোভিড ভেকচিন প্ৰদান ।
কৰোনা ভাইৰাছৰ সংক্ৰমনৰ পৰা ৰক্ষা কৰিবলৈ লগতে কৰোনা আক্ৰান্ত ৰোগীৰ চিনাক্ত কৰিবলৈ মৈৰাবাৰী হস্পিতালৰ স্বাস্থ্যকৰ্মীৰ তিনিটা দলে মৈৰাবাৰী হস্পিতালৰ মৈৰাবাৰী বজাৰত আজি মৈৰাবাৰী হস্পিতালৰ বহিঃ বিভাগৰ লগতে মৈৰাবাৰী বজাৰৰ দোকানসমূহত ৩০০ জন কৈ ব্যক্তিৰ ৰেপিড এন্টিজেন টেষ্ট কৰে তাৰে মৈৰাবাৰী হস্পিতালৰ লগতে মৈৰাবাৰী বজাৰৰ পৰা ৬জন লোকৰ দেহৰ পৰা কৰোনা পজিটিভ ধৰা পাৰে,
আনহাতে কোভিড ১৯ টীকাকৰণ ৪৫ বছৰৰ বা ততোধিক বয়সৰ সকলো হিতাধিকাৰীক ইতিমধ্যে ১ এপ্ৰিলৰ পৰা প্ৰতিষেধক প্ৰদান কৰা হৈছে, আজিৰ পৰা আকৌ সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলাৰ মৈৰাবাৰী হস্পিতালতো অনলাইন পঞ্চীয়নৰ যোগেদি ১৮ বছৰৰ পৰা ৪৪ বছৰৰ বয়সৰ হিতাধিকাৰীক দিয়া হৈছে কভিড ১৯ৰ প্ৰতিষেধক টিকা,তাৰে মৈৰাবাৰী হস্পিতালত আজি ১১০ গৰাকী হিতাধিকাৰীক কভিড ১৯ ভেকচিন প্ৰদান কৰা হয়,
তাৰে ১৮ বছৰৰ পৰা ৪৪ বছৰৰ বয়সৰ ৭০, গৰাকীৰ বিপৰীতে ৪৫ বছৰৰ ওপৰৰ ৪০ গৰাকী হিতাধিকাৰীক কভিড ভেকচিন প্ৰদান কৰা হয় ।লগতে ১৮ বছৰৰ সকলো শ্ৰেণীৰ মানুহক ক'ৰণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ ৰেপিড এন্টিজেন টেষ্ট কৰি ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনায় ভাৰপ্ৰাপ্ত চিকিৎসক ডাঃ আব্দুছ ছালামে।