04/08/2020
বিতৃষ্ণা
প্ৰথম খণ্ড
-------
পুনৰ এচাটি মৃদ্যু বতাহে লাহেকৈ তাইৰ মেঘালী চুলিকোছাত আউল লগাই থৈ গ'ল। বিগত কিছুদিনৰ লেমলেমীয়া বৰষুণজাকে সকলোৰে মনবোৰ সেমেকা কৰি আনিছে। সকলোফালে কেৱল যেন এক অস্থিৰ পৰিৱেশে বিৰাজ কৰি আছে।
লাহেকৈ তাই কোঠাৰ খিৰিকীখন জপাই দিলে। বিচনাখনত সামান্য ভেজা দি বহি ওচৰতে থকা ডায়েৰীখনত কিবা এটা লিখোঁ বুলি ল'লে, আকৌ ৰৈ গল , নাই তাইৰ অলপো ভাল লগা নাই , ভাবিলে অলপ সময় গানকে শুনা যাওঁক কিজানিবা মনটোকে ভাল লগাব পাৰে ।
নাই তাইৰ যেন একোৱেই ভাল নলগা হৈ আহিছে, মনৰ ভিতৰতে বহু কথাই তাইক বাৰে বাৰে খুন্দিয়াই আছে , মাজতে তাইৰ এনে ভাব হৈছিল তাই যেন এতিয়াই গৈ কাৰোবাক মাৰি পেলাব, আকৌ নিজৰ মাজতে কৈ উঠিল "ধেৎ তেৰি কি যে হৈছে মোৰ ,মই পাগল হোৱা নাই তো? " হাত দুখনেৰে লাহেকৈ কাণদুখন হেঁচা মাৰি আকৌ বিচনাখনত বহিল, অলপ সময় তেনেকৈয়ে মৌন হৈ ৰল।
মনৰ মাজত চলি থকা অলেখ অযুত প্ৰশ্নৰ কোনোবাই তাইক উত্তৰ বিচাৰি দিব নে? নে এনেকৈয়ে তাই বিভ্ৰান্তিকৰ এক পৰিস্থিতিৰে নিজকে আগুৱাই লৈ যাব। তেনেতে ক্ষীণ স্বৰৰ এটি মাত ভাঁহি আহি ক্ৰমাৎ ডাঙৰ হৈ তাইৰ কাণৰ পৰ্দাত লাগিল - মাজনী মাজনী........
আগলৈ
ধন্যবাদেৰে