27/05/2025
বাঁশ পূজা : প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতাৰ এক নিৰ্মল উৎসৱ
বাঁশ পূজা (বাৎস পূজা) হৈছে আমাৰ কোচ জনগোষ্ঠীয়ে পালন কৰা এক বিশেষ ধৰ্মীয় আৰো সাংস্কৃতিক আচাৰ। এই পূজাটা মূলতঃ বাঁশৰ উপাসনাক কেন্দ্ৰ কৰিয়া অনুষ্ঠিত হয়, যেই জনজাতিটাৰ দৈনন্দিন জীৱনত আৰু লোকবিশ্বাসত এক গভীৰ তাৎপর্য বহন কৰে ।
* সাংস্কৃতিক আৰো আধ্যাত্মিক অৰ্থ :
আমাৰ কোচগিলানেৰ কাৰণে বাঁশ কেৱল উপযোগী উদ্ভিদ নহয়—ই জীৱনৰ আৰম্ভণিৰ থাকিয়া শেষ পৰ্যন্ত গোটায় খানতে জড়িত । বাঁশৰ লগত জন্ম, বিবাহ, বাসগৃহ, আৰু মৃত্যুৰ নিচিনা সমস্ত পৰ্যায় জড়িত। সেইবাদে, বাঁশক পূজাৰ মাধ্যমেৰে দেৱতাৰ ৰূপত মান্যতা দিৱা হয়। লোকবিশ্বাস অনুসৰি, বাঁশৰ ভিতৰত ঐশ্বৰিক শক্তি বাস কৰে, যিয়ে সমাজক সুৰক্ষা, সৃষ্টিশীলতা আৰো সমৃদ্ধি দে ।
সাধাৰণতে, বাঁশ পূজা খেতিৰ আৰম্ভণিৰ আগতে কৰা হয় যাতে ভাল ফলন আৰো পৰিস্ফুট কৃষিজীৱন লাভ হয়।
* আচাৰ আৰো অনুশীলন :
পূজাৰ সময়ত বিশেষভাৱে এখান বাঁশ নেৱা হয়, যাক শুদ্ধ কৰি, পবিত্ৰ কাপোৰ বা সূতাৰে মেৰেয়া পূজাস্থলত ৰখা হয়। পূজাত অন্তর্ভুক্ত থাকে:
* উৎসৰ্গ : ভাত, ফুল, ফল-মূল, আৰু দেশী মদ।
মন্ত্ৰ আৰো লোকধুনীয়া গান : যিয়ে প্ৰকৃতিৰ দেৱতা, পূর্বপুৰুষ আৰো স্থানীয় শক্তিগিলানক আহ্বান কৰে।
সামূহিক অংশগ্ৰহণ : গাঁওবাসী, বয়োজ্যেষ্ঠ আৰো দেউশিগিলা (পূজাৰী) মিলিয়া এই পূজাত অংশ লয়।
ভালে কয়টা অঞ্চলত এই পূজাৰ লগত লোকগাথা, নাটকৰূপে বৰ্ণনা, আৰো গীত-নৃত্যৰো আয়োজন হয়, যিয়ে জাতিৰ মৌখিক ঐতিহ্যৰ সংহতি ৰক্ষা কৰে।
* জনজাতীয়তা আৰো পৰিৱেশ-জ্ঞানৰ প্ৰতীক :
বাঁশ পূজা কেৱল ধৰ্মীয় আচাৰ নহয়—ই হৈছে প্ৰকৃতিৰ লগত মিত্ৰতাৰ এক অনুপম নিদৰ্শন। এই পূজা, কোচগিলানেৰ পৰম্পৰাগত জ্ঞান, প্ৰাকৃতিক সম্পদৰ সন্মান, আৰো আধুনিকতাৰ বিপৰীতে তেওঁলোকৰ সাংস্কৃতিক প্ৰতিৰোধকো প্ৰতিফলিত কৰে।