
14/07/2023
আহক, এগছি বন্তি জ্বলাওঁ চন্দ্ৰযানৰ সফলতা কামনাৰে…
সমগ্ৰ ভাৰতৰ বাবে আজি এক ঐতিহাসিক দিন। আজি দুপৰীয়া ২ বাজি ৩৫ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা "চন্দ্ৰযান-৩" উৎক্ষেপণ কৰা হ’ব। সমগ্ৰ দেশবাসীৰ লগতে বিজ্ঞানী সমাজৰ বাবে এই উল্লেখযোগ্য মুহূৰ্তৰ সূচনা কৰিবলগীয়া চন্দ্ৰযান-৩ উৎক্ষেপণ অভিযানৰ গুৰুদায়িত্ব বহন কৰিছে অসমৰ সুযোগ্য সন্তান শ্ৰীচয়ন দত্ত ডাঙৰীয়াই ।
এনে এক মাহেন্দ্ৰ ক্ষণত ভাৰতৰ নমস্য বিজ্ঞানীসকলৰ এই অসাধাৰণ অধ্যাৱসায়ৰ সফলতাৰ বাবে আজি দুপৰীয়া ২.৩০ বজাত মাননীয় ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাদেৱৰ আগ্ৰহমৰ্মে সমগ্ৰ বিজেপি অসম প্ৰদেশৰ প্ৰত্যেক জন দেশপ্ৰেমী কাৰ্যকৰ্তাক এগছি বন্তি প্ৰজ্বলন কৰি ঈশ্বৰলৈ প্ৰাৰ্থনা জনাবলৈ আহ্বান জনালোঁ।
জয় হিন্দ।