28/06/2022
আমাৰ বাবে যেন এই তিনিটা বছৰেই বৰ বেয়া ।1st semester টো আমি ধুনীয়াকৈ পঢ়ি পৰীক্ষা দিৱ পাৰিলোঁ। তাৰ পিছৰ পৰাই প্ৰাকৃতিক কাৰণৱোৰে আমাক আজিলৈকে এৰি দিয়া নাই । 2nd semester কৰু'ণা আহিল , পৰীক্ষা পতাৰ কোনো উপায় নাছিল বাবে আমাক আকৌ 1st semester ৰিজাল্টটোকে 2nd semester দি দিলে ।3rd semester সেই একেই পৰিস্থিতি assignment ওপৰত নিৰ্ভৰ কৰি ৰিজাল্ট দিলে যদিও যথেষ্ট কম নম্বৰ দিয়াত ছাত্ৰ -ছাত্ৰীসকলৰ আপত্তিত পুনৰ ৰিজাল্ট দিয়ে । 4th semester সেই একেই পৰিস্থিতিৰ বাৱে অনলাইন পৰীক্ষা পাতিলে । পৰিস্থিতি ভাল হোৱাত 5th semester অফলাইন পাতিলে । কিন্তু সময় পাৰ হোৱাৰ বাবে 6মাহৰ ঠাইত আমি দুই মাহ মানৰ ভিতৰতে পৰীক্ষা দিলোঁ। এতিয়া 6 semester পৰীক্ষা । এইবাৰো বানপানীৰ তাণ্ডৱ । বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে বানপানীৰ কৱলত আজিও ।কথা হ'ল তিনিবছৰ আমাৰ এনেকৈয়ে পাৰ হ'ল ,তাতে প্ৰতিবছৰে আমাৰ বাৰতে syllabus নতুন কৰে । এইৱাৰ অন্ততঃ এটা বিকল্প ব্যৱস্থা লওঁক । এনেকৈ হ'লে তিনিবছৰৰ এই মাকশ্বিটখনৰ মূল্যই বা থাকিল ক'ত? ক'ব গ'লে আমাৰ ভৱিষ্যত অন্ধকাৰৰ ফালে ।পৰীক্ষা পতাটো আমিও বিচাৰোঁ কিন্তু যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী এতিয়াও পানীৰ মাজত । গতিকে এটা উচিত সিদ্ধান্ত লওঁক।