23/02/2025
(১)মোগল সম্রাট জহীৰুদ্দীন বাবৰ :
*************************
(জন্ম-১৪ফেঃ১৪৮৩খৃঃ/মৃত্যু-২৬ডিঃ১৫৩০খৃঃ)
তেওঁ এজন অসাধাৰণ নিষ্ঠাবান মুছলমান আছিল।ইছলামীয় পোছাক তেওঁ পৰিধান কৰিছিল।হজৰত মুহাম্মদ (ছাঃ)ৰ নীতি মুতাবেক তেওঁ দাঢ়ী ৰাখিছিল,ৰীতি মত নামায আদায় কৰিছিল,প্রচুৰ পৰিমাণে দান-খয়ৰাত কৰিছিল।তেওঁৰ বীৰত্ব,বুদ্ধিমত্তা,বিচাৰ ক্ষমতা,ধৈর্যশীলতা আদি বিষয়ে নিৰপেক্ষ ইতিহাসত বিস্তাৰিত ভাবে পোৱা যায়।
তেওঁ তুর্কী ভাষাৰ এজন সুসাহিত্যিক ,আৰু এজন ঐতিহাসিকো আছিল।এনে এজন নির্মল চৰিত্রৰ সম্রাটকো বহু ঐতিহাসিকে উদ্দেশ্য প্রণোদিত ভাবে তেওঁক মদাপী বুলি কৈছে।অথচ তেওঁ যে,মদাপী নাছিল মূল ইতিহাসে তাক স্বীকাৰ কৰিছে।
পঞ্জাবৰ শাসন কর্তা দৌলত খাঁই ইব্রাহীম লোদীক পদচ্যুত ও পৰাস্ত কৰিবৰ বাবেই বাবৰক আমন্ত্ৰণ জনাইছিল।দৌলত খাঁৰ আমন্ত্রণ পাই বাবৰ ১২,০০০ (বাৰ হাজাৰ) সৈন্য লগত লৈ অগ্রসৰ হয়,আৰু ১৫২৬খৃষ্টাব্দত পানীপথ নামে ঠাইত ইব্ৰাহীম লোদীৰ লগত তেওঁৰ তয়াময় যুদ্ধ হয়।লক্ষ্যাধিক সৈন্য থকা স্বত্বেও ইব্ৰাহীম লোদী শোচনীয় ভাবে পৰাজয় বৰণ কৰে।
বাবৰ কেৱল মাত্র এজন নিষ্ঠাবান মুছলমানেই নাছিল,তেওঁ আধ্যাত্মিক শক্তিৰো অধিকাৰী আছিল।
ইব্ৰাহীম লোদীৰ ভৰষা আছিল লক্ষ্যাধিক সৈন্যৰ ওপৰত,আৰু বাবৰৰ ভৰষা আছিল মহান কৰুণাময় সর্ব শক্তিমান আল্লাহৰ ওপৰত।সেয়ে অৰে নিশা নামায পঢ়ি আল্লাহৰ দৰবাৰত মুনাজাত কৰিছিল-তাৰ বিজয়ৰ বাবে,আৰু সৈন্য সকলোক সম্বোধন কৰি কৈছিল- "জয়-পৰাজয় মহান আল্লাহৰ হাতত,প্রাণপোনে যুদ্ধ কৰাহে মাথো আমাৰ কর্তব্য।
(ক্রমশঃ)