Report8

Report8 Voice Of People

সাংবাদিক পৰাগমণি আদিত্যৰ জুবিন গাৰ্গ মৃত্যু সন্দৰ্ভত বিস্ফোৰণ ফেচবুক পোষ্ট ,,,মিছা কথাৰ মায়াজাল ৰচনা কৰি লাভ নাইআমাৰ অতি...
20/09/2025

সাংবাদিক পৰাগমণি আদিত্যৰ জুবিন গাৰ্গ মৃত্যু সন্দৰ্ভত বিস্ফোৰণ ফেচবুক পোষ্ট ,,,

মিছা কথাৰ মায়াজাল ৰচনা কৰি লাভ নাই

আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ অতি কমেও ৮-৯ ঘণ্টা লুকুৱাই ৰখা হৈছিল।

ছিংগাপুৰ জেনেৰেল হাস্পতালত জুবিনৰ নিথৰ দেহ পৰি থকাৰ সময়ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তই বিজনেজ ছামিট অনুষ্ঠিত কৰি আছিল।

অসমৰ সংবাদ মাধ্যমত খবৰ প্ৰকাশ পোৱাৰ পিছলৈকে চলি আছিল বিজনেছ ছামিট।

নৰ্থ ইষ্ট ফেষ্টিভেলৰ মূল আয়োজকে কমেও ৮ ঘণ্টালৈ নিচেই ওচৰতে থকা হাস্পতাললৈ যোৱাটো দায়িত্ব বুলি নাভাবিলে।

অসমৰ সংবাদ মাধ্যমক বিয়লি প্ৰায় ৩ বজালৈ "বিশেষ একো হোৱা নাই" ধৰণৰ ধাৰণা এটা দি বিভ্ৰান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিলে।

জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ঘটনাৰ বিষয়ে গুৱাহাটীৰ দুই-এজনক অৱগত কৰিছিল যদিও সকলোকে মুখ বন্ধ কৰি ৰাখিবলৈ কৈ থৈছিল।

ছিংগাপুৰ অসম এছচিয়েচনেও প্ৰকৃত সত্য শুকুৰবাৰে বিয়লি ৩ বজালৈ লুকুৱাই ৰখাই নহয়, সকলোকে বিভ্ৰান্ত কৰিছিল।

য়টত প্ৰমোদ ভ্ৰমণৰ কাৰ্যসূচী জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সৈতে উপমন্যু তালুকদাৰে চূড়ান্ত কৰিছিল।

বৃহস্পতিবাৰে নিশা হোটেলত বহু দেৰিলৈকে এক সংগীত অনুষ্ঠান আৰু পাৰ্টীত অংশগ্ৰহণ কৰাৰ পিছত পুৱতি নিশা জুবিনক য়টলৈ উলিয়াই নিছিল।

য়টৰ এই ভ্ৰমণসূচী কোনো সামাজিক দায়বদ্ধতা থকা অনুষ্ঠানৰ পৰিৱৰ্তে কেইজনমান প্ৰবাসী অসমীয়াৰ প্ৰাইভেট বিচ্চ পাৰ্টীহে আছিল। ব্যক্তিগত প্ৰমোদৰ বাবে ছিংগাপুৰ অসম এছচিয়েচনৰ নাম ব্যৱহাৰ কৰিছিল।

এছচিয়েচনৰ প্ৰতিজন সদস্যই প্ৰথম CPR ব্যৰ্থ হোৱাৰ পিছৰ পৰা সঠিকভাৱে অনুধাৱন কৰিছিল যদিও দীঘলীয়া সময় বিভ্ৰান্তমূলক প্ৰচাৰ চলাই প্ৰকাৰন্তে ঘটনাক অন্য ৰূপ দিবলৈ চেষ্টা কৰিছিল।

শুকুৰবাৰে বিয়লি প্ৰায় ৩ বজালৈ নৰ্থ ইষ্ট ফেষ্টিভেললৈ যোৱা অসমৰ বেছিভাগ অতিথিকে জুবিনৰ বিষয়ে মিছা তথ্য দিয়া হৈছিল।

এই অভিযোগসমূহ যিহেতু অতি স্পৰ্শকাতৰ, সেয়েহে ইয়াৰ পূৰ্ণ পৰ্যায়ৰ তদন্ত হোৱাৰ লগতে তিনিটা পক্ষক- নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক, অসম এছচিয়েচন ছিংগাপুৰৰ নিৰ্দ্দিষ্ট লোককেইজন আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাকে ধৰি সংগীকেইজনক অধিক বিভ্ৰান্ত সৃষ্টি কৰিব নোৱৰাকে বিচাৰৰ আওতালৈ অনাৰ প্ৰয়োজনীয়তা আছে বুলি অনুভৱ কৰিছোঁ।

বিষয়টো এনেকৈ এৰি দিব নোৱাৰি।

নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু অসম এছচিয়েচন ছিংগাপুৰৰ অভিমন্যু তালুকদাৰ সহিতে কেইবাজনো এই ঘটনাৰ বাবে আন একো নহ'লেও দায়িত্বহীন আচৰণ কৰাৰ দোষতেই দোষী।

অসমীয়া মানুহৰ স্পন্দনস্বৰূপ জুবিনক নিদ্ৰা, জিৰণি, সুৰক্ষামূলক উপকৰণ-সময় নিদি এনে পৰিস্থিতিলৈ থেলি দিলে যেন লাগিছে। গুৱাহাটীৰ সংবাদ মাধ্যমে প্ৰথম খবৰ পাওতেই নেতিবাচক বুলিয়ে শুনিছিল। আনৰ দৰে ময়ো আয়োজক আৰু আন কেইবাজনলৈও ফোন কৰিছিলোঁ। অন্তিমবাৰ ফোন কৰাৰ আগেয়ে এই শোকাৱহ মৃত্যুৰ খবৰ নিশ্চিত হৈছিল যদিও আমাক মহন্ত আৰু অন্যান্য কেইবাজনেও "জুবিন ঠিকেই আছে" বুলিহে বুজাব চেষ্টা কৰিছিল।

🔴 Report 8 Photo Contest 2026 #পুৰস্কাৰ_সমূহঃ➡️প্ৰথম পুৰস্কাৰঃ নগদ ২০০০ টকা ।➡️দ্বিতীয় পুৰস্কাৰঃ নগদ ১০০০ টকা।➡️তৃতীয় প...
29/08/2025

🔴 Report 8 Photo Contest 2026
#পুৰস্কাৰ_সমূহঃ
➡️প্ৰথম পুৰস্কাৰঃ নগদ ২০০০ টকা ।
➡️দ্বিতীয় পুৰস্কাৰঃ নগদ ১০০০ টকা।
➡️তৃতীয় পুৰস্কাৰঃ নগদ ৫০০ টকা ।

#প্ৰতিযোগিতাৰ_নিয়ম_সমূহঃ
১) প্ৰতিযোগীৰ যিকোনো ফটো গ্ৰহণ কৰা হ'ব ।
২) গ্ৰুপ ফটো গ্ৰহণ কৰা নহব ।
৩) প্ৰতিযোগীয়ে পঠোৱা ফটো Report 8 facebook পেইজত আপলোড কৰা হ'ব।
৪) ৩১ ডিচেম্বৰ, ২০২৫ ৰ আগত প্ৰেৰণ কৰিব লাগিব নিজৰ নিজৰ ফটো ।
৫) আপলোড দিয়া ফটোত হোৱা LIKE, COMMENT আৰু SHARE ৰ ভিত্তিত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হ'ব ।

৬) এটা লাইক - ৫ নম্বৰ।
এটা কমেন্ট - ১০ নম্বৰ।
এটা শ্বেয়াৰ - ১৫ নম্বৰ।

৭) WhatsApp ত প্ৰেৰণ কৰিব লাগিব ফটো, প্ৰতিযোগিৰ নাম আৰু জিলাৰ নাম ।
৮) ➡️ +919864000365 (WhatsApp) নম্বৰত প্ৰেৰণ কৰিব লাগিব ফটো ।
৯) বিজয়ী সকলক Report 8 ৰ কাৰ্য্যালয়ত পুৰস্কাৰ প্ৰদান কৰা হ'ব ।

বিঃদ্রঃ- Report 8 ৰ পেইজটো Follow কৰা বাধ্যতামূলক।

10/08/2025

মিঞা খেদিব গৈ বটিৰে খেদা খালে

10/08/2025

"অসমীয়া আমি মিঞা জাতি" গীত ফেচবুকত ভাইৰেল — সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া

26/07/2025

কামৰূপৰ গৰৈমাৰীৰ বৰাখাট জি'ৰো চকৰ ব্ৰহ্মপুত্ৰৰ নৈৰ ঘাটত যন্ত্ৰচালিত নাঁৱৰ পৰা নমাই গাড়ীৰে লৈ সীমান্ত পাৰ কৰি বাংলাদেশলৈ প্ৰেৰণ কৰে চোৰাং গৰু।

23/05/2025

জোৰশিমুলী গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডত অৰুণাদয় আঁচনি ৰূপায়নত ব্যপক বিসংগতি । চাকৰিজীৱি, চাকৰিজীৱি পত্নীৰ নামতো অৰুণাদয়ৰ নাম । বঞ্চিত বিকলাংগ, বিধৱা, দুখীয়া দৰিদ্ৰ ।

20/05/2025

গৰৈমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকাৰ সফল অভিযান। আটক হ'ল কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জোদ্দাৰ আলী।
18/05/2025

গৰৈমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকাৰ সফল অভিযান। আটক হ'ল কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জোদ্দাৰ আলী।

17/05/2025

নন্দিতা দাসে ১১লাখ টকা লৈছিল !

🔵Big Congratulations
16/05/2025

🔵Big Congratulations

16/05/2025

👉গৰৈমাৰীৰ দক্ষিণ ভলুকাবাড়ী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ।
👉প্ৰধান শিক্ষক স্বাজাহান আলীৰ বিৰুদ্ধে গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ।

Address


Website

Alerts

Be the first to know and let us send you an email when Report8 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Media Company?

Share