09/07/2025
আজি বিজনীত "দেশী জনগোষ্ঠীয় মঞ্চ, অসম" ৰ কেন্দ্ৰীয় সভাপতি Islamul H Mandal ৰ নেতৃত্বত এক সজাতি দলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি দেশী সকলৰ বিভিন্ন সমস্যা সমাধান বিচাৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীয় মহোদয়ে প্ৰদান কৰা দুটা বিশেষ আশ্বাস হল:-
১) দেশী সকলৰ প্ৰতিৱেশী আন আন থলুৱা জাতি জনগোষ্ঠীৰ দৰে দেশী সকলৰ ওপৰত চলি থকা ডি-ভোটাৰ আৰু বিদেশী ন্যায়াধিকৰণৰ গোচৰ সম্পূৰ্ণ ৰূপে বন্ধ কৰিব আৰু
২) গোৱালপাৰাৰ ৰংজুলী ৰাজহ চক্ৰৰ অধীনত জাননী পোৱা দেশী সকলক উচ্ছেদ কৰা নহয়।
আমি আশাবাদী যে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিয়া কথা বাস্তৱত কাৰ্য্যকৰী কৰি দেশী সকলৰ ওপৰত চলি থকা সন্দেহযুক্ত নাগৰিকত্বৰ অপবাদৰ পৰা চিৰদিনৰ বাবে মুক্তি প্ৰদান কৰিব।
সাক্ষাৎৰ পিছত মঞ্চৰ সজাতি দলৰ ফটো।