Khoj Live

Khoj Live Welcome to Khoj Live . Please follow our page.

30/03/2024

ৰাজ্যৰ শিক্ষা বিভাগে পহিলা এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া নতুন শিক্ষাবৰ্ষত নতুনকৈ প্ৰৱৰ্তন কৰিছে ৬টা মাধ্যম। মিচিং, ৰাভা, কাৰ্বি, তিৱা, ডিমাছা আৰু দেউৰী। প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে মাধ্যম অনুসৰি লাভ কৰিব বুনিয়াদী শিক্ষা। NEP অনুসৰিয়ে এই সিদ্ধান্ত ৰাজ্যৰ স্কুল শিক্ষা বিভাগৰ।

প্ৰাক্তণ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী প্ৰফুল্ল পেটেলৰ দিনত ২০১৭ চনত বিমান লিজত দিয়াক লৈ হোৱা দুৰ্নীতিৰ FIR দাখিল কৰা হৈ...
30/03/2024

প্ৰাক্তণ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী প্ৰফুল্ল পেটেলৰ দিনত ২০১৭ চনত বিমান লিজত দিয়াক লৈ হোৱা দুৰ্নীতিৰ FIR দাখিল কৰা হৈছিল।এতিয়া দুৰ্নীতিৰ গোচৰ বন্ধৰ প্ৰতিবেদন দাখিল চিবিআইৰ।
কাৰণ পেটেল এতিয়া এন চি পি (অজিত পাৱাৰ গোট)ৰ সদস্য যিয়ে মুম্বাই আৰু দিল্লীত বিজেপিক সমৰ্থন কৰে।

সকলো ব্যস্ত লোকসভা নিৰ্বাচনকলৈ আমাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে  অৰ্থৰ অভাৱৰ বাবে নিৰ্বাচন নেখেলাৰ সিদ্ধান্তৰ কথা ৰাজহ...
28/03/2024

সকলো ব্যস্ত লোকসভা নিৰ্বাচনকলৈ আমাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অৰ্থৰ অভাৱৰ বাবে নিৰ্বাচন নেখেলাৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিলে।
সীতাৰমণক দুখন ৰাজ্য অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত নিৰ্বাচন খেলাৰ প্ৰস্তাব দিছিল বিজেপি নেতৃত্বই।

'মুখ্যমন্ত্ৰীয়ে মানা কৰিলেও মই এতিয়াও বিয়া পাতিব পাৰিম।ৰকিবুল হুছেইনে বুঢ়া বুলি কলেও মই ইমান বুঢ়া হোৱা নাই, এতিয়াও...
28/03/2024

'মুখ্যমন্ত্ৰীয়ে মানা কৰিলেও মই এতিয়াও বিয়া পাতিব পাৰিম।ৰকিবুল হুছেইনে বুঢ়া বুলি কলেও মই ইমান বুঢ়া হোৱা নাই, এতিয়াও বিয়া পাতিব পৰা হৈ আছোঁ'।
ৰকিবুল হুছেইনৰ মন্তব্যৰ প্ৰতিক্ৰিয়াত এই মন্তব্য বদৰুদ্দিন আজমলৰ।

দেশৰ ৫০০ৰো অধিক বিশিষ্ট অধিবক্তাই ন্যায়পালিকাৰ সততাক ক্ষতিগ্ৰস্ত কৰাৰ প্ৰচেষ্টাক লৈ উদ্বেগ প্ৰকাশ কৰিCJI ডি ৱাই চন্দ্ৰচ...
28/03/2024

দেশৰ ৫০০ৰো অধিক বিশিষ্ট অধিবক্তাই ন্যায়পালিকাৰ সততাক ক্ষতিগ্ৰস্ত কৰাৰ প্ৰচেষ্টাক লৈ উদ্বেগ প্ৰকাশ কৰিCJI ডি ৱাই চন্দ্ৰচুড়লৈ লিখিছে পত্ৰ। "আইন ৰক্ষাৰ বাবে কাম কৰা লোক হিচাপে আমি ভাবো যে আমাৰ আদালতৰ পক্ষত থিয় দিয়াৰ সময় আহি পৰিছে। একত্ৰিত হৈ এই আক্ৰমণৰ বিৰুদ্ধে মাত মাতিব লাগিব"

মনোনয়ন পত্ৰত দাখিল কৰা তথ্য অনুসৰি সৰ্বানন্দ সোনোৱালৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৬৫ লাখ,লুৰীণজ্যোতিৰ ২৫ লাখ। লোকসভাত এবাৰো...
28/03/2024

মনোনয়ন পত্ৰত দাখিল কৰা তথ্য অনুসৰি সৰ্বানন্দ সোনোৱালৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৬৫ লাখ,লুৰীণজ্যোতিৰ ২৫ লাখ। লোকসভাত এবাৰো মুখ নোখোলা প্ৰদান বৰুৱাৰ যোৱাবাৰত কৈ বাঢ়িল দুগুন সম্পত্তি। গৌৰব গগৈৰ অস্থাৱৰ সম্পত্তি প্ৰায় ৩৮ লাখ, স্থাৱৰ সম্পত্তি ২ কোটি ২৫ লাখ। বাৰ্ষিক আয় পত্নীৰ অধিক।

বেঞ্জামিন বসুমতাৰীৰ এই ফটো ওলোৱাৰ পিছতেই প্ৰমোদ বড়োৰ স্পষ্টিকৰণ ১০ ফেব্ৰুৱাৰীতেই ভৈৰাগুৰি ভিচিডিচিৰ অধ্যক্ষ পদৰ পৰা অপস...
28/03/2024

বেঞ্জামিন বসুমতাৰীৰ এই ফটো ওলোৱাৰ পিছতেই প্ৰমোদ বড়োৰ স্পষ্টিকৰণ ১০ ফেব্ৰুৱাৰীতেই ভৈৰাগুৰি ভিচিডিচিৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা বসুমতাৰীক ইউপিপিএলৰ পৰাও ১০ জানুৱাৰী ২০২৪ ত নিলম্বন কৰা হৈছে।
ফটোৰ সন্দৰ্ভত বেঞ্জামিন বসুমতাৰীৰ ভাষ্য "পাঁচ বছৰৰ পুৰণি ফটো খন লৈ কোনোৱে ৰাজনীতি কৰিছে।"

Address


Website

Alerts

Be the first to know and let us send you an email when Khoj Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share