10/06/2025
কিমান নো সদায় চিংগোল হৈ থাকিম।
ভাবিলোঁ ছোৱালী এজনীকে যেন তেনে চোৱা যাওঁক।
কথা মতেই কাম।
মচলী জাল মে ফচ গে......ল.....।
ইফালে লগৰ এটাই কলে মৰতীয়ে বোলে ল'ৰা ভাল পোৱাটো তাই ঘৰত জানি ককায়েকটো একেবাৰে ফায়াৰ হৈ আছে।
মোক পালেই কাটিব।🙄
ভয় নকৰি 👩🏻 লগত কথা বতৰা পাতিলোঁ।
এদিন ককায়েক টোলৈ ফোন ও লগাই সকলো বোৰ কলোঁ....।
ককায়েকে কলে সি যদি মই তাই লগত থকা কিবা প্ৰমাণ পাই তেন্তে মোক কাটি দুচেও কৰিব।😐
মইয়ো তোৰ দম নাই,আমুক তামুক বুলি যি টি কলোঁ।
ককায়েক ডাল ফায়াৰ হৈ বহুত কিবা কিবি কলে।😌
লাষ্ট কলে বোলে দম আছে যদি মোৰ ফটো এখন দিবলৈ।
মইয়ো ৰহ দি আছোঁ বুলি কৈ নিদিলোঁ.....😴।
গ'ল কথা গ'ল।
আপীটো লগত কেইদিনমান ঠিকে থাকে কথা বতৰা চলিল।
পিছত জানোঁ মৰতীৰ গাত কি লাগিল।
মোক চাইড কৰি বেলেগ চৌকৰা পটাই(তা) দিলে।
হামাৰ সাথ না ইন্সচাফি...😡;হজম য়ে নহ'ল।
মৰতীয়ে মোক জ্বলাবলৈ সেই নতুন ভাল পোৱা ল'ৰাটো লগত ইখন সিখন ফটো তুলি দিবলৈ লাগিল।
অলপ দেৰি ৰলোঁ।
ৰৈ লাহেকৈ গোটেই ফটো খিনি ছোৱালী ককায়েকটোলৈ দি কলোঁ......
" মোক কৈছিলি নহয় ভনী লগত দেখিলেই কাটিম বুলি।
চাই ল তোৰ ভনীয়েৰ লগতেই মৰা এইবিলাক ফটো।
চাওঁ চোন তই কি কৰ....🧐।
মোৰ হে ফটো বিচাৰিছিলি।
মই ভনীয়েৰ লগত মৰা ফটো কে দি দিছোঁ চাই ল ভাল কে..........."
কালি শুনিছোঁ ছোৱালী ককায়েকে বোলে সেই ল'ৰাটোক মই বুলি ভাবি......গৰু পিটন......🥱।