17/06/2025
আজমল ফাউণ্ডেচনৰ নামত দলালি কৰাসকল সাৱধান
আজমল চি এছ আৰৰ অধীনস্থ সংস্থা যেনে আজমল ফাউণ্ডেচন, হাম হস্পিটেল, মৰ্কজুল মা-আৰিফে কোনোদিনে কোনো হিতাধিকাৰিক সহায় কৰাৰ নামত ধন সংগ্ৰহ কৰা নাই আৰু তেনে কাৰ্য কেতিয়াঁও সমৰ্থন নকৰে৷ ই-ৰিক্সা বিতৰণ, দৰিদ্ৰক আৰ্থিক সহায় বা দৰিদ্ৰ ৰোগীক চিকিৎসা প্ৰদানৰ নামত কোনোদিনে কাৰোৰ পৰা দোৱা- আশীৰ্বাদৰ সলনি আন একো বিচৰা নাই৷ উপযুক্তজনক কোনো প্ৰতিদান নোলোৱাকৈ সহায় প্ৰদান কৰাটো আজমল পৰিয়ালৰ মূল উদ্দেশ্য৷ আজমল ফাউণ্ডেচনেও কোনো দিনে মানৱ সেৱাৰ নামত ধন দাবী কৰাটো দূৰৈৰ কথা এনে কামত কোনো তৃতীয় পক্ষক নিয়োগ কৰা নাই৷ আজমল ফাউণ্ডেচন কৰ্তৃপক্ষই বাৰে বাৰে সামাজিক মাধ্যম বা বাতৰিৰ যোগেদি সকলো ৰাইজক এইক্ষেত্ৰত সজাগ কৰি আহিছে৷ কিন্তু ইয়াৰ পাছতো একাংশ দালাল বা প্ৰৱঞ্চক শ্ৰেণীৰ লোকে আজমল ফাউণ্ডেচনৰ নাম লৈ সহজ সৰল লোকক বিভিন্ন আঁচনি প্ৰদান কৰাৰ কথা কৈ প্ৰতাৰণা কৰি আহিছে৷ সহজ সৰল ৰাইজেও দালালৰ পাক চক্ৰত পৰি প্ৰৱঞ্চনাৰ বলি হৈছে৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে বহু দালাল আৰক্ষীৰ জালত পৰিছে৷
গতিকে সদাশয় ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনোৱা হয় যে কোনো প্ৰৱঞ্চকে আজমল ফাউণ্ডেচনৰ সহায় দিয়াৰ নামত কোনো ধন-টকা-পইচা বিচাৰিলে স্থানীয় আৰক্ষীৰ সৈতে নাইবা আজমল ফাউণ্ডেচনৰ সৈতে যোগাযোগ কৰিব৷ দালালৰ জালত পৰি নিজৰ সাঁচতীয়া ধন নষ্ট নকৰিব৷আজমল পৰিয়ালে সহায়ৰ নামত কোনো প্ৰতিদানৰ নিবিচাৰি কেৱল দোৱাহে বিচাৰে৷ গতিকে এইসকল প্ৰৱঞ্চকৰ পৰা সাৱধান হওঁক আৰু আনকো সজাগ কৰক৷