11/06/2023
#শিক্ষক_বনাম_সংস্কাৰ #
ছাত্ৰ:- ছাৰ ! মোক চিনি পাইছে....?
শিক্ষক:- "কোন?"
ছাত্ৰ:- ছাৰ, মই আপোনাৰে ছাত্ৰ৷
৩০ বছৰৰ আগৰ.....
"অ’হ! হয়নেকি..? আজিকালি চকুৰে ভালদৰে মনিব নোৱাৰা হৈছোঁ অ’ আৰু লগতে স্মৃতিশক্তিও কমি আহিছে যে ৷ সেয়ে চিনিবকে পৰা নাই৷ আহাঁ, বহা৷ কি কৰি আছা আজিকালি?"
তেওঁ ছাত্ৰজনক মৰমেৰে বহিবলৈ দি পিঠিত হাত বুলাই শুধিলে।
ছাত্ৰ:- ছাৰ,মইও আপোনাৰ দৰে শিক্ষক হৈ পৰিলোঁ ছাৰ।"
"ৱাহ! এইটোতো বহুত ভাল কথা, তুমি যে শিক্ষক হলা। পিছে কিয় বাচি ললা এই বৃত্তিটো?"
ছাত্ৰ:- ছাৰ , মই যেতিয়া সপ্তম শ্ৰেণীত আছিলোঁ তেতিয়া আমাৰ শ্ৰেণীত এটা ঘটনা ঘটিছিল । যিটো ঘটনাৰ পৰা আপুনি মোক বচাইছিল৷ মই সেইদিনাই শিক্ষক হোৱাৰ সিদ্ধান্ত লৈ পেলাইছিলোঁ ৷ সেই ঘটনাটো মই আপোনাক কম, লগতে মোকও আপোনাৰ মনত পৰি যাব৷"
"আচ্ছা! কি হৈছিল তেতিয়া?"
ছাৰ:- সপ্তম শ্ৰেণীত আমাৰ লগত এজন ধনী ঘৰৰ ছাত্ৰইও পঢ়িছিল। বাকী আমি সকলোবোৰ ছাত্ৰ দৰিদ্ৰ পৰিয়ালৰ আছিলোঁ৷ এদিন সেই চহকী পৰিয়ালৰ ছাত্ৰ জনে স্কুললৈ এটা দামী ঘড়ী পিন্ধি আহিছিল৷ আৰু ছাত্ৰজনৰ ঘড়ীটো চুৰি হৈছিল৷ মনত পৰিছেনে ছাৰ?"
"সপ্তম শ্ৰেণীত?"
"হয় ছাৰ৷ সেইদিনা মোৰ দৃষ্টি সেই ঘড়ীটোৰ ওপৰত পৰিছিল আৰু যেতিয়া ছাত্ৰজনে খেলৰ পিৰিয়ডত নিজৰ ঘড়ীটো পেঞ্চিল বাকচত ভৰাই থৈছিল, তেতিয়াই মই সুযোগ বুজি সেই ঘড়ীটো চুৰি কৰি পেলালোঁ৷ তাৰ পিছতেই আপোনাৰ পিৰিয়ড আছিল৷ আপুনি আহিল আৰু ল’ৰাজনে নিজৰ ঘড়ীটো চুৰি হোৱাৰ অভিযোগ দিলে৷ আপুনি ক’লে -যিয়ে ঘড়ীটো চুৰি কৰিছা পুনৰ ঘূৰাই দিয়া৷ মই তাক শাস্তি নিদিওঁ৷ কিন্তু আপোনাৰ এচাৰিৰ কোব খোৱাৰ ভয়ত ঘড়ীটো ঘূৰাই দিয়াৰ সাহস গোটাব নোৱাৰিলোঁ৷"
"পুনৰ আপুনি শ্ৰেণীকোঠাৰ দৰ্জাখন বন্ধ কৰিলে আৰু আমাক সকলোকে এটা লাইনত চকুমুদি থিয় হ’বলৈ ক’লে৷ লগতে এইটোও ক’লে যে, আপুনি সকলোৰে জেপ বিলাক চাব আৰু যেতিয়ালৈকে ঘড়ীটো পোৱা নেযায়, তেতিয়ালৈকে কোনোৱে চকু মেলিব নোৱাৰিব৷ অন্যথা তেওঁক স্কুলৰ পৰা বহিষ্কাৰ কৰা হ’ব৷"
"আমি সকলো চকু বন্ধ কৰি থিয় হৈ ৰ’লোঁ৷ আপুনি এটা এটাকৈ সকলোৰে জেপ বিলাক পৰীক্ষা কৰি গৈছিল৷ "আপুনি যেতিয়া মোৰ কাষলৈ আহিল, মোৰ বুকুৰ ধপধপনি দ্ৰুত হ’বলৈ ধৰিলে৷ মই চুৰি কৰাটো ধৰা পৰিব লাগিছিল৷ মই ভাৱিছিলোঁ জীৱনত প্ৰথমবাৰলৈ চুৰি কৰা বদনাম এটা জীৱনভৰ থাকি যাব৷ মন-মগজু মোৰ অনুশোচনাই ভৰি পৰিছিল৷
মই আত্মহত্যা কৰাৰ সিদ্ধান্ত পৰ্যন্ত লৈ পেলাইছিলোঁ৷
কিন্তু...কিন্তু মোৰ জেপত ঘড়ীটো পোৱাৰ পিছতো আপুনি লাইনৰ শেষলৈকে প্ৰতিটো ছাত্ৰৰ জেপবোৰ পৰীক্ষা কৰি গৈ থাকিল আৰু শেষত সেই ল’ৰাজনক ঘড়ীটো ঘূৰাই দি আপুনি ক’লে - "এতিয়াৰ পৰা এনে ঘড়ী পিন্ধি স্কুললৈ নাহিবা আৰু যিয়ে এই ঘড়ীটো লৈছিল তেওঁ পুনৰ এনে কাম নকৰে কেতিয়াও৷"
ইমানখিনি কৈয়েই আপুনি আনদিনাৰ দৰে পুনৰ পাঠদান আৰম্ভ কৰিলে৷ কথাখিনি কৈ কৈ ছাত্ৰজনৰ দুচকু লোতকেৰে ভৰি পৰিল৷
ছাত্ৰজনে অশ্ৰুসিক্ত নয়নেৰে শিক্ষকজনৰ ভৰি দুখন সাৱতি ধৰি ক’লে-
ছাত্ৰ:- ছাৰ,আপুনি মোক লজ্জিত আৰু অপমানিত হোৱাৰ পৰা বচালে৷ আৰু আগলৈও কোনোদিনে কাৰো আগত সেই কথা নক’লে৷ আপুনি কেতিয়াও অন্য ছাত্ৰ আৰু মোৰ মাজত পাৰ্থক্য নেদেখুৱালে৷ সেইদিনাই মই সিদ্ধান্ত ল’লোঁ যে মই আপোনাৰ দৰে এজন আদৰ্শ শিক্ষক হ’ম ৷
শিক্ষক:-" হয় হয়, মোৰ মনত পৰিল ৷"
শিক্ষকজনৰ দুচকু যেন উজ্জ্বলতাৰে ভৰি পৰিল৷ কিন্তু তেওঁ পুনৰ সচকিত হৈ ক’লে...
"কিন্তু মই আজিলৈকে জনা নাছিলোঁ, সেই চুৰি কোনে কৰিছিল ৷ কিয়নো... যেতিয়া মই তোমালোকৰ জেপ বিলাক পৰীক্ষা কৰি আছিলোঁ, তেতিয়া মইও মোৰ চকু বন্ধ কৰি লৈছিলো |
বিঃদ্ৰঃ- এজন শিক্ষকৰ সংস্কাৰ আৰু মহানুভৱতাক আলোকপাত কৰি ৰাইজৰ মাজত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এইটো মন পৰশা কাহিনী। আজিৰ দিনত এনে মহান শিক্ষক আছে নে নাই নেজানো। তেনে এগৰাকী আদৰ্শ শিক্ষকলৈ মোৰ শতকৌটি প্রনাম। 🙏🙏🙏🙏🙏🙏এই কাহিনীটো বেলেগৰ পৰা পোৱা। মোৰ হৃদয়ত বিশেষ ভাবে ৰৈ গ'ল বাবে আপোনালোকৰ স'তে ভাগ বতৰা কৰিলো। দোষ হ'লে ক্ষেমিব।
© সংগ্ৰহ