05/11/2022
জয় কুন্দি 🙏🙏🙏
সমাগত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ সন্দৰ্ভত প্ৰতিনিধি সকলৰ প্ৰতি বিনম্ৰ অনুৰোধ....
বিগত ১৫ বছৰ যি দূৰ্নীতি হ'ল হ'লেই আমি ৰাইজে পাহৰিবলৈ চেষ্টা কৰিলোঁ।। এতিয়া আপোনালোকে উন্নয়নৰ প্ৰগতিশীল দেখাব লাগিব ।।। আগৰ বছৰকেইটা নিছিনা ৰাইজক আঠুৱা, কম্বল গছৰ পুলি আদি সেইবোৰ দি পুজি বোৰ নষ্ট নকৰি ভাল কামত ব্যৱহাৰ কৰক ।। আমাক আটুৱা, কম্বল, গছৰ পুলি সেইবোৰ আমাৰ জাতিক উন্নয়ন নকৰে ।।
পৰিষদৰ নামত পুজি ২০০ কোটি অধিক হ'ল ।। আমাৰ জনসংখ্যা নো কিমান মাত্ৰ ৪৫,০০০ তাৰেই আমি এটা পৰিয়ালৰ ৫ জনকৈ ধৰিলেও ৯,০০০ ঘৰৰ আছে....
৯,০০০ ঘৰৰ তাৰেই ১,০০০ আমাৰ পৰিষদৰ অঞ্চলত নাথাকে ।। তেওঁলোকে নিজৰ কৰ্মৰত চহৰ, নগৰত বসবাস কৰে ।।
হ'লগৈ ৮,০০০ঘৰ ।। এতিয়া আকৌ পুঁজিৰ সন্দৰ্ভত তাৰেই আমি ৫০ কোটি টকা পৰিষদ সদস্য মোনাত সোমালেও বাকী ১৫০ কোটি টকা আছে ।। সেইটকাটো যদি আটুৱা, কম্বল আদি কামৰ ব্যৱহাৰ নকৰি ৰাইজক ভগাই দিয়াৰ হ'লেও ৰাইজে ঘৰ প্ৰতি ১৮৭,৫০০ লাখ টকা সেই পুঁজিৰে পাই নিবনুৱা সংস্থাপনৰ পৰা মুক্ত হ'ল হেঁতেন ।।
পৰিষদখনে কি দৰে জাতিক উন্নতিৰ কৰিব পাৰে সেইটো পদক্ষেপ লোৱা ।। গাঁৱৰ ৰাস্তা , পূদলি এইবোৰ পঞ্চায়ত , ৰাজ্য চৰকাৰে আছে ।।
যেনেকৈ আমাৰ জাতি মাজৰ পৰা মাৰ্টিন দা, সৌৰভজ্যোতি দা, ৰুচি বা,কয়েল বা মাধৱ দা মনজীত দা আৰু প্ৰাঞ্জল দা APS, ACS,SI আদিত স্থান দখলৰ কৰিছে ।। ঠিক তেনেদৰে জাতি মাজতো দাদা , বা নিচিনা বহুতো প্ৰতিভা লোকাই আছে ।। আমাৰ নিবনুৱা ৰাইজে পুঁজিৰ আদি অভাৱত কলিতে মৰহিব লগা হৈছে।। ভাল tuition , coaching, physical training আদিত কেনেকৈ সুবিধা কৰি দিব পাৰে তাত attention দিয়ক ।। তেতিয়া আমাৰ জাতি পৰা আৰু বহুতো দাদা , বা নিছিনা প্ৰতিভা ওলাব ।। বিভিন্ন প্ৰজাতিৰ প্ৰতিভা আমাৰ জাতি মাজতো লোকাই আছে সেইবোৰ বাছনি কৰি উলিয়ায় অনাতো আপোনালোকৰ দায়িত্ব ।। বিশ্ব দৰবাৰত আমাৰ দেউৰী জাতিক কিদৰে প্ৰতিষ্ঠা কৰিব পাৰি সেই প্ৰচেষ্টা আপোনালোকে ল'ব লাগিব ।। লগত সদায় ৰাইজ আছেই ।। তাৰ মাজতে থাকিব কলা-সাংস্কৃতিক , ক্ৰীড়া ইত্যাদি ।। এটা কথা মনত ৰাখিব বোকাতে পদুম ফুল ফুলে ।।
নিৱনুৱা ৰাইজক কি দৰে সংস্থাপন কৰিব পাৰে ।। আমাৰ জাতি অৰ্থনৈতিক কিদৰে গঢ় লৈ উঠিব লাগে অলপ হ'লেও পৰিকল্পনা কৰি পদক্ষেপ লওক।।
গতিকে আকৌ আপোনালোকৰ প্ৰতি অনুৰোধ ভাল কামত পুঁজিৰ বোৰ ব্যৱহাৰ কৰক।।
আৰু আপোনালোকে শিক্ষা আৰু অৰ্থনৈতিক বেছি গুৰুত্ব দিয়ক ।।
আমি নিবনুৱা সমাজে তেতিয়াহে আগুৱাই যাম।।
আকৌ কৈছোঁ মই খুবেই সৰু ল'ৰা যি মোৰ জাতি প্ৰতি স্বাভিমান ।। তাৰ কাৰণে আজি মই দেউৰী বুলি পৰিচয় দিওঁ ।। আৰু জাতি স্বাভিমান থকা কাৰণে অনুৰোধ কৰিলোঁ ।। যদি ক'ৰবাত ভূল হৈছে সুধৰাই দিব বুলি আশাবাদী।।
ধন্যবাদ।।