NewsTime3 সদায় জনসাধাৰণৰ পক্ষত।

17/09/2026

📌 মাণিকপুৰত প্ৰধানমন্ত্ৰীৰ ৭৬ সংখ্যক জন্ম দিবস উপলক্ষ্যে বন্তি প্ৰজ্বলন।

📌১৭ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ পালন কৰা হব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম জয়ন্তী।

📌 আজি প্ৰথম দিনা বিজেপিৰ মাণিকপুৰ মণ্ডল কমিটিৰ উদ্যোগত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ মাণিকপুৰতো বিভিন্ন কাৰ্য্যসূচী ৰূপায়ন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন পালন কৰা হয়।

📌পুৱা মাণিকপুৰ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগণত ছাফাই অভিযান চলোৱা হয় আৰু সন্ধিয়া মন্দিৰ প্ৰাঙ্গনৰ লগতে বজাৰ গৃহত চাকি জ্বলাই বিশ্বগুৰুৰ জন্ম দিন পালন কৰি তেখেতৰ আগন্তুক দিনৰ শাৰিৰিক মানসিক আৰু আধ্যাত্মিক জীৱনৰ সুস্থতা কামনা কৰে।

📌 বিগত দিনত দেশৰ হকে কৰি অহা উন্নয়নমূলক কামৰ শলাগ লয় আৰু আগন্তুক দিনত যাতে দেশৰ উন্নতিৰ হকে কাম কৰে তাকেই কামনা কৰে। আজিৰ এই গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত বিজেপি দলৰ বহু নেতা কৰ্মী উপস্থিত থাকে ।
PMO India Narendra Modi CMO Assam Himanta Biswa Sarma NewsTime3 BJP Assam Pradesh

17/09/2026

📌 দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ৭৬ সংখ্যক জন্মদিন উপলক্ষে দক্ষিণ আফ্ৰিকাৰ কেপ টাউনৰ গেটছভিলস্থিত হিন্দু সেৱা সমাজৰ বিষ্ণু মন্দিৰত বন্তি প্ৰজ্বলন কৰি তেখেতৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু মঙ্গল কামনা কৰে অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে।

📌 আগন্তুক দিনসমূহতো তেখেতে যাতে অধিক শক্তি আৰু নিষ্ঠাৰে দেশ সেৱা কৰি এদিন সমগ্ৰ বিশ্বকে নেতৃত্ব প্ৰদান কৰিব পাৰে তাৰ বাবে ভগৱান শ্ৰীহৰিৰ চৰণত প্ৰাৰ্থনা জনায় ৰণজিৎ কুমাৰ দাসে।
PMO India Narendra Modi Ranjeet Kumar Dass

17/09/2026

📌বঙাইগাঁও জিলাৰ মাণিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত মাণিকপুৰত পোষণ মেলা ও সজাগতা সভা আৰু শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ণ।

📌৯ ছেপ্তেম্বৰৰ পৰা ৮ অক্টোবৰলৈ চলিবলগীয়া পোষণ মাহৰ লগত সংগতি ৰাখি আজি
অইন অইন বছৰৰ দৰে এইবেলিও দিনযোৰা বিভিন্ন কাৰ্য্যসূচীৰ লগতে শোভাযাত্ৰা, সজাগতা সভা আৰু পোষণ মেলা অনুষ্ঠিত কৰে।

📌 মাণিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ পৰা শোভাযাত্ৰা আৰম্ভ মাণিকপুৰ ৰাষ্ট্ৰীয় পথেৰে গৈ কৰি মাণিকপুৰ চাৰিআলি হৈ প্ৰায় দুই কিলোমিটাৰ পথ শোভাযাত্ৰা কৰি আহি কাৰ্যালয় স্থানত অন্ত পেলাই সজাগতা সভাত অংশগ্ৰহণ কৰে।

📌 সজাগতা সভাত অসম চৰকাৰ বিভিন্ন বিভাগৰ বিষয়া সকল উপস্থিত থাকে ।

📌 তেওঁলোকে ভাষণত গৰ্ভৱতী মহিলা, শিশু সকলোক থলুৱা বিভিন্ন শাক-পাচলি, ফলমূল আদিৰে শৰিৰৰ সকলো পুষ্ঠি আহৰণ কৰিব পাৰি আৰু ইয়াৰদ্বাৰা কি কি উপকাৰ সাধন হয় সেই বিষয়ে বিতং তথ্য ডাঙি ধৰে।

📌 পুষ্টিহীনতাৰ বাবে অকালতে বহু শিশুৰ মৰহি যায়, নানা ধৰণৰ বেমাৰ হয় আৰু পংগু হয়। এই পুষ্টিহীনতা কেনেকৈ দূৰ কৰিব পাৰি আৰু কেনে ধৰণে ব্যৱস্থা গ্ৰহণ কৰিলে সফলতা লাভ কৰিব পাৰি সকলো দিশতে পৰ্যালোচনা কৰে উপস্থিত মুখ্য অতিথি সকলে।

📌 আনহাতে এই পোষণ মাহ উপলক্ষে পোষণ মেলাও অনুষ্ঠিত কৰে । পোষণ মেলাৰ দ্বাৰ মুকলি কৰে মাণিকপুৰ জিলা পৰিষদৰ সদস্য শিখৰজিৎ সিংহই।

📌 পোষণ মেলাত থলুৱা উৎপাদন কৰিব পৰা শাকপাচলি, গৰ্ভৱতী মহিলা শিশু সকলৰ পুষ্টি হীনতা দূৰ কৰিবলৈ শাক পাচলিৰ উপৰিও মাছ মাংস আদি কৰি বিভিন্ন বস্তু উপস্থাপন কৰে এই মেলাত।

📌 প্ৰকল্প সঞ্চালক চাৰু বৰুৱাৰ পৌৰহিত্যত আৰু মাণিকপুৰ গাঁও পঞ্চায়তৰ সভাপতি আদিত্য ৰায়ৰ সঞ্চালনাত অনুষ্ঠিত সজাগতা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে মাণিকপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সঞ্চালক শ্বহিদুল ইছলাম, ডিচিঅ জীতেন দাস, RBSK জয়ন্ত শৰ্মা, DSWO নীলেশ্বৰ ৰয়, মাণিকপুৰ জিলা পৰিষদৰ সদস্য শিখৰজিৎ সিংহ আৰু মাণিকপুৰ প্ৰেছ ক্লাৱৰ সভাপতি আব্দুল ছোবাহান আলী।

📌 আজিৰ এই সকলো কাৰ্যসূচীত মাণিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সকলো বিষয়া কৰ্মচাৰীৰ লগতে পাঁচটা চেক্টৰৰ প্ৰায় দুই শতাধিক অংগনবাদী কৰ্মী অংশগ্ৰহণ কৰে।
CMO Assam NewsTime3

17/09/2026

📌 বৰপেটা জিলাৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত তাপেছাৰা গাঁৱস্থিত বি.এন.টি.এম.ই. মাদ্রাছাত অৰাজক পৰিৱেশ।

📌 শিক্ষানুষ্ঠানখনৰ ভূমি বেদখলৰ অভিযোগ।

📌 স্থানীয় কিছু দুৰ্বৃত্তই শিক্ষানুষ্ঠানখনৰ চৌহদৰ ভিতৰত গৰু ছাগলী এৰি দিয়াৰ লগতে মল মূত্ৰ ত্যাগ কৰি এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগ।
CMO Assam Himanta Biswa Sarma NewsTime3 Ranoj Pegu

📌 ১৭ চেপ্তেম্বৰ, আজি কৌতুক শিল্পী প্ৰফেচৰ ৰাৱণ নাথৰ পূণ্য তিথি।CMO Assam Himanta Biswa Sarma Ranjeet Kumar Dass NewsTime...
17/09/2026

📌 ১৭ চেপ্তেম্বৰ, আজি কৌতুক শিল্পী প্ৰফেচৰ ৰাৱণ নাথৰ পূণ্য তিথি।
CMO Assam Himanta Biswa Sarma Ranjeet Kumar Dass NewsTime3

16/09/2026

📌সৰভোগৰ মা লক্ষ্মী মিনি থিয়েটাৰৰ দ্বাৰা বিশিষ্ট কবি, গীতিকাৰ, অভিনেতা, নাট্যকাৰ দিগ্বীজয় নাথক সম্বৰ্ধনা।
📌দিগ্বীজয় নাথৰ দহলাপাৰা গাঁৱৰ নিজ বাসগৃহত জ্ঞাপন কৰা হয় এই সম্বৰ্ধনা।
NewsTime3

NewsTime3 Assam Police
16/09/2026

NewsTime3 Assam Police

16/09/2026

📌 অসম মালাৰ অধীনত বঙাইগাঁও–যোগীঘোপা সংযোগী পথৰ ঢাকনাবাৰীত কালভাৰ্ট নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ, দুৰ্নীতিৰ অভিযোগ তুলি তীব্ৰ প্ৰতিবাদ স্থানীয়।
📌 স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, কালভাৰ্টটোৰ নিৰ্মাণকাৰ্যৰ প্ৰথম অৱস্থাত ঢালাইৰ জৰিয়তে নিৰ্মাণ কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত কালভাৰ্টটোৰ ওপৰত প্ৰায় দুই ইঞ্চি বালি আৰু শিলৰ স্তৰ পেলাই পিটচিং কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।
📌 ইয়াৰ ফলত কালভাৰ্টটোৰ নিৰ্মাণত প্ৰয়োজনীয় মানদণ্ড, গুণগত নিয়ম আৰু নিৰ্ধাৰিত কাৰিকৰী নীতি-নিয়ম মানি চলা হৈছে নে নাই, তাক লৈ স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰাৰ লগতে উচিত তদন্তৰ দাবী জনাইছে। লগতে কালভাৰ্টটোৰ নিৰ্মাণত ব্যৱহৃত সামগ্ৰীৰ গুণগত মান আৰু নিৰ্মাণৰ কাৰিকৰী দিশ পৰীক্ষা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ৰাইজে
📌 অৱশ্যে, এই অভিযোগসমূহৰ সত্যতা তদন্তৰ পাছতহে স্পষ্ট হ’ব। বিভাগীয় কৰ্তৃপক্ষ আৰু সংশ্লিষ্ট ঠিকাদাৰ পক্ষৰ বক্তব্য পোৱা গ’লে বিষয়টো অধিক স্পষ্ট হ’ব।
NewsTime3

16/09/2026

📌 বৰপেটাৰ বাঁহমূৰাত হিন্দু পৰিয়ালৰ ওপৰত দলবদ্ধ আক্রমণ মুছলমান দুর্বৃত্তৰ, ১০ জনীয়া মুছলমান দুর্বৃত্তৰ আক্ৰমণত আহত পৰিয়ালটোৰ কেইবাজনো সদস্য।

📌আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা হিন্দু জাগৰণ অসমৰ বৰপেটা জিলাৰ প্ৰচাৰ প্ৰমুখ শুভব্ৰত সিংহৰ।

📌 জানিব পৰা মতে বাঁহমুৰা গাঁওৰ সমীপৰ ৰাঙাপানী গাঁওৰ ছহিদুল হক, মজনু, বাহাৰুল, চাহানুৰ, জিন্নাতুল, আব্দুল জলিল আদিৰ নেতৃত্বত প্রায় ১০ জনীয়া দূর্বৃত্তৰ দলে আক্রমণ কৰে বুদ্ধেশ্বৰ মজুমদাৰৰ পৰিয়ালটোক।

📌 দুর্বৃত্তৰ দলৰ আক্ৰমণত বুদ্ধেশ্বৰ মজুমদাৰৰ লগতে গোবিন্দ মজুমদাৰ, শান্তি মজুমদাৰ, ধনঞ্জয় মজুমদাৰ আহত হয়।

📌 আনকি পৰিয়ালটোক মাৰি কাটি, ঘৰ দুৱাৰ জ্বলাই দিয়াৰো ভাবুকি প্রদান কৰাৰ অভিযোগ উত্থাপন হৈছে দুর্বৃত্তৰ দলটোৰ বিৰুদ্ধে।

📌 উল্লেখ্য যে বুদ্ধেশ্বৰ মজুমদাৰৰ পৰিয়ালৰ লোকৰ মাটিৰ ওপৰত মেচিন বহুৱাই মাটি খনন কৰিবলৈ লৈছিল মহিদুল আৰু মজনু নামৰ লোকদুজনে। মাটি খনন কার্যত বাধা দিয়াৰ বাবেই এই আক্রমণ ঘটনা সংঘটিত কৰাৰ অভিযোগ পৰিয়ালটোৰ।

📌 বৰপেটাৰ উপ আৰক্ষী অধীক্ষক জীতেশ বৰ্মণে ঘটনা সন্দর্ভত অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিছে।

📌 আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইটা হ'ল ছহিদুল হক, আব্দুল জলিল আৰু হাছেম খান।

📌 আৰক্ষী বিষয়াগৰাকীয়ে জনোৱামতে দলবদ্ধ আক্রমণৰে জড়িত আন চাৰি অভিযুক্ত এতিয়াও পলাতক হৈ আছে।

📌 সম্প্রতি আৰক্ষীৰ অভিযান অব্যাহত আছে।

📌 সংবাদ মেলত সদৰি কৰা মতে ঘটনাৰে জড়িত অভিযুক্তৰ বিৰুদ্ধে এছ ডি আৰ এফ বাহিনীৰ জোৱানকো ব্যৱহাৰ কৰে। এছ ডি আৰ এফ বাহিনীৰ জোৱানৰ সহযোগত জলাশয়ৰ মেটেকাৰ তলত সোমাই লুকাই থকা অৱস্থাৰ পৰা দলবদ্ধ আক্রমণৰে জড়িত অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

CMO Assam Himanta Biswa Sarma NewsTime3 Assam Police Barpeta Police

NewsTime3
15/09/2026

NewsTime3

Adresse

Guwahati
Democratic Republic Of The

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque NewsTime3 publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Raccourcis

Partager