
19/09/2025
📌 সৰভোগৰ কলবাৰী গাৱঁত এজনৰ মৃত্যু, বৰলে কামোৰাৰ ফলত মৃত্যু হোৱাৰ সন্দহ পৰিয়ালৰ।
📌 বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত কলবাৰী গাৱঁত কালি সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা।
📌 ঘটনাৰ বিৱৰণি মতে, কালি পুৱা ৮ মান বজাত কলবাৰী গাৱঁৰ আবুল হুছেইন নামৰ পেচাত গো পালক ব্যক্তিজনে সৰভোগৰে ভুলুকাডোবা বজাৰলৈ গৈ ভুলুকাডোবা বজাৰতে বাগৰি থকাৰ খৱৰ পাই পৰিয়ালৰ লোক গৈ বজাৰত উপস্থিত হয় আৰু ততাতৈয়াকৈ দহলাপাৰাৰ এখন ব্যক্তিগত ঔষধালয়লৈ লৈ যায় আৰু পাছত সৰভোগৰ সমূহীয়া চিকিৎসালয়ত ভৰ্তি কৰায়। তাতে লোকজনক কিছু ঔষধ দিয়া হয় যদিও সম্পূৰ্ণ সুষ্ঠ হৈ নুঠাত পাছত বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও তাতে চিকিৎসকে মৃত ঘোষণা কৰে আবুল হুছেইনক।
📌 বৰলে কামোৰাৰ ফলত মৃত্যুৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।
📌 ইতিমধ্যে কালিয়েই জানাজা সম্পন্ন কৰা হৈছে আবুল হুছেইনৰ।
📌 এই ঘটনাক কেন্দ্ৰ কৰি এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কলবাৰী গাওঁখনৰ লগতে সমগ্ৰ পশ্চিম বৰনগৰ অঞ্চলতে।