22/01/2024
পাৰ্থ প্ৰতীম শৰ্মাই লিখিছে
👇
মায়া
মৰমতকৈ মৰমলগা আৰু কি থাকিব পাৰে! সেই মৰম হ'ব পাৰে পৰিয়ালৰ সদস্যৰ প্ৰতি, বন্ধু-বান্ধৱীৰ প্ৰতি, জীৱ-জন্তুৰ প্ৰতি, গছ-গছনিৰ প্ৰতি। মনৰ মৰমেহে আমাক মানুহ, ততোধিক জীৱ হৈ থকাৰ নিশ্চয়তা প্ৰদান কৰে। সেই মৰম মনত থাপনা পাতি লোৱাৰ আটাইতকৈ উপযুক্ত সময় হৈছে শৈশৱকাল। শৈশৱতে মৰমৰ বীজ মনত পুতিব পাৰিলে 'মানুহ' হোৱাত সহজ হয়।
মাধুৰীমা ঘৰফলীয়া বাইদেউৰ কিতাপ- 'মায়া' এটা মৰমৰ কাহিনী। কিদৰে আমাৰ চৌপাশ মৰমেৰে আবৃত হ'লে জীৱনৰ ৰং দুগুণে চৰে, কিয় আমি অপ্ৰয়োজনত কাকো আমনি দিব নালাগে, ল'ৰা-ছোৱালীক কোনবোৰ কথা শিকাব লাগে আৰু কেনেকৈ শিকাব লাগে ইত্যাদিৰ সমাহাৰ- 'মায়া'।
মানৱীয় প্ৰমূল্যবোধৰ আলোচনাত আমি প্ৰায়েই Democracy ৰ কথা কওঁ। কিন্তু আচলতে মানুহকে ধৰি গোটেই পৃথিৱীৰ শান্তি আৰু উদ্গতিৰ বাবে প্ৰয়োজন Biocracy নামৰ ধাৰণাৰ, য'ত কেৱল মানুহৰ অধিকাৰৰ কথা নাথাকি, থাকিব সমগ্ৰ জীৱকুলৰ অধিকাৰৰ কথা। মাধুৰীমা ঘৰফলীয়া বাইদেউৰ 'মায়া'ই Biocracy ৰ ধাৰণা এটা আমি গম নোপোৱাকৈয়ে আমাৰ মনত পুতি যাব। মোৰ দৃষ্টিত এইটো কিতাপখনৰ আটাইতকৈ ডাঙৰ সাফল্য। ।
যদিও কিতাপখন শিশু আৰু কিশোৰৰ উপযোগী বুলি উল্লেখ কৰা হৈছে মোৰ বোধেৰে বয়স্ক লোককো কিতাপখনে মৰমৰ সুবাস নাকত দি যাব। এনেকুৱা মৰমৰ সুবাস থকা নতুন সৃষ্টি লেখিকাৰ মনৰ পৰা কাগজলৈ আহি থাকক, সেয়াই শুভকামনা।
কিতাপৰ নাম: মায়া
লেখিকা: মাধুৰীমা ঘৰফলীয়া
প্ৰকাশক: সঞ্জীৱন প্ৰকাশন