02/05/2024
#আকৌ_লগ_পালো_তোমাক #
০২/০৫/২০২৪ ইং
প্ৰায় এবছৰৰ অন্তত হঠাৎ তেওঁক এদিন ল'গ পালো বাইহাটা চাৰিআলিত। মই বিশেষ এটা কাৰণত গুৱাহাটী যাব ল'গা হৈছিল সেইদিনা বাছ বহুত ক'ম আছিল কৰবাত হেনো কিবা মিটিং আছিল সেই বাবে।
বাছ এখন পালো অপেক্ষাৰ অন্তত কিন্তু বহিবলৈ চিত নাছিল।
অলপ গৈয়ে মানুহ এজন নামিব পিছ ফালৰ পৰা সেইয়ে কন্টেকদাৰ দাদাজনে কলে ভাইটি পিছফালে যোৱা মানুহ এজন নামিব বহি ল'ব পাৰিবা মইয়ো হ'ব বুলি কৈ পিছ ফালে গ'লো।
মানুহজন নামিল মই বহি দিলো কিন্তু এজনী ধুনীয়া মৰম লগা ছোৱালী এইফালে হেদফোনত জুবিন দাৰ গান এটা লাগি আছে।
মেঘালী চুলিটাৰি....গানটো। আস কি যে ভাল লাগা সেই সময়খিনি গানটোৰ লগত যেন সকলো মিল আছে তেওঁৰ চুলিখিনিয়ে বাৰে বাৰে আমনি কৰিছিল যদিও ভাল লাগিছিল কিবা এটা।
তেওঁ চাও নাচাও কৈ ঘুৰি চালে আৰু দুয়োৰে চকুত চকু পাৰিল।
তেওঁ আচৰিত হৈ কলে।
তেওঁ- তুমি?
মই- অ অ মই ।
তেওঁ- কৰবাত যাবা?
মই- গুৱাহাটী যাম কিবা এটা বিশেষ কামত।তুমি?
তেওঁ- অ । মইয়ো গুৱাহাটী যাম।
মই- কথা এটা সোধো?
তেওঁ- উম সোধা।
মই - মোৰ পৰা কিয় আতৰি গ'লা? মোৰ ভালপোৱাত জানো কিবা স্বাৰ্থ আছিল?
তেওঁ- নাজানো কিয় আতৰি আহিলো কিন্তু এটা কথাই জানো মোৰ ভালপোৱাতো কোনো স্বাৰ্থ নাছিল।
মই- যদি স্বাৰ্থ নাছিলেই তেতিয়া হ'লে কিয় আমি এক হ'ব নোৱাৰিলো? তুমিয়েটো কৈছিলা যে ভাগৱানৰ বাহিৰে পৃথিৱীৰ কোনো শক্তিয়ে আমাৰ সম্পৰ্ক বিচ্ছেদ কৰিব নোৱাৰে বুলি কিন্তু😔😔😔?
তেওঁ- কিন্তু কিন্তু কি কোৱা?
মই- নাই দিয়া একো নাই মই যাওঁ, তুমি যাবা,
(কণ্টেকদাৰ জনক মাতিলে) দাদা ইয়াতে ৰখাই দিব।
আৰু কাহানিও ল'গ নোপোৱাৰ আশাৰে তেওঁৰ পৰা বিদায় মাগিলো। কষ্ট হৈছিল যদিও সহ্য কৰিছিলো সেই সময়খিনিত।
এতিয়াও প্ৰতিতো উশাহ তেওঁৰ নামতে সাৰে ৰয়,
✍ জ্যোতিৰাজ কাশ্যপ