Xomoilive

Xomoilive Xomoilive

08/10/2025

গেলাবিলৰ ৰেংমা গ্রান্ট আদর্শ প্রাথমিক শাখা নামঘৰৰ প্ৰাংগনত শ্ৰীমন্ত শঙ্কৰদেৱে সঙ্ঘ কেন্দ্ৰীয় সেৱাবাহিনীৰ উদ্যোগত আৰু ধনশিৰি জিলা শাখাৰ আতিথ্যত সেৱাবাহিনীৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস দুদিনীয়া কাৰ্য্যসুচীৰে অনুষ্ঠিত কৰা হয় ৷ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিধায়ক বিশ্বজিৎ ফুকনে ৷ মুকলি সভাত শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা, শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় সেৱাবাহিনীৰ মুখ্য অধিনায়ক সঞ্জীৱ বৰাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

গোলাঘাট জিলা বিজেপিৰ অনুসুচীত জাতি মৰ্চাৰ সভাপতি হিচাপে বৰপথাৰৰ বিপ্লৱ দাসক দায়িত্ব অৰ্পণ ৷
08/10/2025

গোলাঘাট জিলা বিজেপিৰ অনুসুচীত জাতি মৰ্চাৰ সভাপতি হিচাপে বৰপথাৰৰ বিপ্লৱ দাসক দায়িত্ব অৰ্পণ ৷

হৰেন গগৈক ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কৃষাণ মৰ্চাৰ উপ-সভাপতি হিচাপে নিযুক্তি প্ৰদান ৷
08/10/2025

হৰেন গগৈক ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কৃষাণ মৰ্চাৰ উপ-সভাপতি হিচাপে নিযুক্তি প্ৰদান ৷

07/10/2025

গোলাঘাট দক্ষিণ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিচনৰ অধীনত সৰুপথাৰ সমষ্টিত ৰাইজৰ সেৱাত কৰ্মৰত কৃষি সখী, পশু সখী, CRP EP সকলৰ মাজত মুঠ ৫৬ খন স্কুটী বিতৰণ কৰে বিধায়ক বিশ্বজিৎ ফুকনে ৷ এই অনুষ্ঠানত সৰুপথাৰ সমজিলা আয়ুক্ত মানসজ্যোতি নাথ, খণ্ড উন্নয়ন বিষয়া তমসা দাস, বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী, আঞ্চলিক পঞ্চায়তৰ সভাপতি দীল বাহাদুৰ লিম্বুকে ধৰি বিভাগীয় বিষয়া সকল উপস্থিত আছিল।

07/10/2025

সৰুপথাৰৰ স্বাস্থ্যখণ্ডত নতুন সংযোজন ৷ সৰুপথাৰ অসামৰিক চিকিৎসালয়ত নতুনকৈ সংযোগ হোৱা ডায়েলেচিছ কেন্দ্ৰৰ শুভ উদ্বোধন কৰে বিধায়ক বিশ্বজিৎ ফুকনে । এতিয়াৰ পৰা ডায়েলেচিছৰ বাবে ৰোগীসকল বেলেগ স্থনলৈ যাবলগীয়া নহয়। বেদান্ত ভাৰ্গৱৰ এক প্ৰতিবেদন ৷

05/10/2025

সৰুপথাৰস্থিত ৰামধেনু মুকলি মঞ্চত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ এক প্ৰতিবেদন ৷

03/10/2025
03/10/2025
03/10/2025

SARUPATHAR BREAKING

☞ অসম নাগালেণ্ড সীমান্তৰ চুঙাজানত নিশা উত্তেজনা ৷

☞ চুঙাজান টেঙাতলত বহু লোকৰ ঘৰত নগা দুৰ্বৃত্তৰ অগ্নিসংযোগ ৷

☞ ঘটনাস্থলীত নিশাই বন বিভাগৰ লোক, CRPF, সীমান্ত দণ্ডাধীশ আৰু আৰক্ষী উপস্থিত ।

☞ উল্লেখযোগ্য যে কিছুদিন পূৰ্বে অসম নাগালেণ্ড সীমান্তত অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ সহযোগত উচ্ছেদ অভিযান চলিছিল ৷

02/10/2025

পৌৰসভাৰ ৱাৰ্ড কমিচনাৰ আৰু শিক্ষকৰ গৃহত চোৰৰ চাফাই অভিযান ৷ পূজাৰ আনন্দ-উল্লাসৰ মাজতে নৱমীৰ নিশা বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত পৌৰসভাৰ ৯ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ দেৱজিৎ সেন আৰু ছেৱাগুৰিৰ নিবাসী শিক্ষক গুনীন শইকীয়াৰ বাসগৃহত চোৰে সোণৰ অলংকাৰৰ লগতে নগদ ধন লৈ উধাও হয় । ইতিমধ্যে ঘটনাস্থলীত বৰপথাৰ আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । চোৰে প্ৰায় ১৫ লক্ষাধিক টকাৰ সোণৰ অলংকাৰৰ লগতে নগদ প্ৰায় ডেৰলাখ টকা চুৰি কৰি নিয়ে ৷

Address

Barpathar Town, Golaghat
Barpathar

Telephone

+919954104004

Website

Alerts

Be the first to know and let us send you an email when Xomoilive posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Xomoilive:

Share