Peace

Peace News portel

03/08/2025
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ বৰপেটা জিলা সমিতিৰ সদ্য প্ৰাক্তন সভাপতি সন্মানীয় আব্দুল জুব্বাৰ আলীক আমছুৰ সহকাৰী...
31/10/2024

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ বৰপেটা জিলা সমিতিৰ সদ্য প্ৰাক্তন সভাপতি সন্মানীয় আব্দুল জুব্বাৰ আলীক আমছুৰ সহকাৰী সাধাৰণ সম্পাদক পদত নিযুক্তি পোৱাত তেখেতলৈ হিয়াভৰা শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ ।

বানৰ কৱলত পৰা ৰাইজৰ মাজত বৰপেটা জিলা আমছু=====================================      সদৌ অসম সংখ্যা লঘু ছাত্ৰ ইউনিয়ন আমছ...
22/07/2020

বানৰ কৱলত পৰা ৰাইজৰ মাজত বৰপেটা জিলা আমছু
=====================================
সদৌ অসম সংখ্যা লঘু ছাত্ৰ ইউনিয়ন আমছুৰ বৰপেটা জিলা সমিতিৰ কাৰ্য্যকৰী সভাপতি আব্দুল জুব্বাৰ আলীৰ নেতৃত্বত এটি সজাতি দলে বৰপেটা সদৰ সমষ্টিৰ অন্তৰ্গত নুনমাটি আৰু ঘিলাঝাৰী গাঁৱৰ বানপিড়ীত ৰাইজৰ ঘৰে ঘৰে নৌকা লৈ গৈ কিছু পৰিমাণে বান সাহায্য বিতৰণ কৰে।এনে বান সাহায্য বিতৰণ কৰা কাৰ্য্যক নুনমাটি, ঘিলাঝাৰী গাঁৱৰ ৰাইজে আমছুৰ সজাতি দলটোক ধন্যবাদ জ্ঞাপন কৰে। লগতে বানৰ কৱলত পৰা ৰাইজক স্থানীয় বিধায়ক তথা পঞ্চায়ত প্ৰতিনিধিয়ে কোনো ধৰণৰ বান সাহায্য আগবঢ়োৱা নাই বুলি আমছুৰ সজাতি দলটোত ক্ষোভ প্ৰকাশ কৰে।
বান সাহায্য বিতৰণ কাৰ্য্যত উক্ত সজাতি দলটোত উপস্থিত থাকে বৰপেটা জিলা আমছুৰ কাৰ্য্যকৰী সভাপতি আব্দুল জুব্বাৰ আলী, উপ-সভাপতি ৰহিদুল শিকদাৰ, সাধাৰণ সম্পাদক দেৱান আব্দুল্লা, সম্পাদক ফাইজুৰ ৰহমান আৰু জয়পুৰ বাজাৰ আঞ্চলিক সমিতি আমছুৰ সভাপতি শৰিফুল ইছলাম, কাৰ্য্যকৰী সভাপতি বাবুল হুছেইন য়ে।

BREAKING■খহি পৰিল এটা নক্ষত্ৰ।■এজন বিশিষ্ট ইছলামীক চিন্তাবিদ, দাৰুল হাদীছ পৰমাইভেটি মাদ্ৰাছাৰ শ্বেইখুল হাদীছ, আমীৰে শ্বৰ...
02/07/2020

BREAKING
■খহি পৰিল এটা নক্ষত্ৰ।

■এজন বিশিষ্ট ইছলামীক চিন্তাবিদ, দাৰুল হাদীছ পৰমাইভেটি মাদ্ৰাছাৰ শ্বেইখুল হাদীছ, আমীৰে শ্বৰিয়ত মুফতী খাইৰুল ইছলাম চাহাবৰ আজি পুৱা 09.45বজাত ইন্তেকাল হয় ৷

■তেখেত আছিল সাদিনীয়া জমিয়ত কাকতৰ মুখ্য সম্পাদক আৰু কেবাখনো ইছলামীক বিষয়ৰ গ্ৰন্থ প্ৰণেতা ৷

■তেখেত ধিঙৰ বিদায়ক আমিনুল ইছলামৰ পিতৃ।

■মুফতী খাইৰুল ইছলাম চাহাবৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ সৃষ্টি হৈছে ৷

ভংকৰ খবৰ=======================  হোম কোৱাৰেন্টাইন হৈ থকা অৱস্থাত হাউলীৰ ৪নং ৱাৰ্ডৰ এজনৰ দেহত ধৰা পৰিল কোভিড-19 সংগ্ৰহ হা...
09/06/2020

ভংকৰ খবৰ
=======================

হোম কোৱাৰেন্টাইন হৈ থকা অৱস্থাত হাউলীৰ ৪নং ৱাৰ্ডৰ এজনৰ দেহত ধৰা পৰিল কোভিড-19

সংগ্ৰহ হাউলী বাৰ্তা
*******************

 ে_খাদ্য_সামগ্ৰী_যোগান_ধৰা খাদ্য সামগ্ৰী সমূহ জামাত ই ইছলামী হিন্দৰ নামনি অসমৰ সংগঠক তথা সাপ্তাহিক মুজাহিদ কাকতৰ সম্পাদক...
16/05/2020

ে_খাদ্য_সামগ্ৰী_যোগান_ধৰা খাদ্য সামগ্ৰী সমূহ জামাত ই ইছলামী হিন্দৰ নামনি অসমৰ সংগঠক তথা সাপ্তাহিক মুজাহিদ কাকতৰ সম্পাদক ছফিকুল ইছলাম আৰু এছ আই অ'ৰ কৰ্মীসকলে হাউলীৰ জয়পুৰ অঞ্চলৰ ঘিলাজাৰী আৰু নুনমাটি গাৱৰ নদীপৰীয়া কিছু দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী সমূহ বিতৰণ কৰে।
বিতৰণৰ সময়ত বৰপেটা জিলা আমছুৰ কাৰ্যকৰী সভাপতি আব্দুল জুব্বাৰ আলীয়ে উপস্থিত থাকি বিতৰণ কাৰ্যত সহযোগিতা আগবঢ়াই।
ইতিমধ্যে বহুতৰে দুৱাৰত গৈ উপস্থিত হৈছে জামাত ই ইছলামী হিন্দ আৰু এছ আই অ'ৰ কর্মীসকলে অনাগত দিনতো যাতে উপস্থিত থাকে তাৰেই কামনা কৰিছো।
এনে কার্য্যক মোৰ ব্যক্তিগত তৰফৰ পৰা জামাত ই ইছলামী হিন্দ আৰু এছ আই অ'ৰ কর্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছো।

 #আর্তজনৰ_কাষত_জয়পুৰ_আঞ্চলিক_আমছু======================================= #বৰপেটা_জিলাৰ_৪০_নং_সৰভোগ_বিধান_সভা_সমষ্টিৰ_অন্...
11/05/2020

#আর্তজনৰ_কাষত_জয়পুৰ_আঞ্চলিক_আমছু
=======================================
#বৰপেটা_জিলাৰ_৪০_নং_সৰভোগ_বিধান_সভা_সমষ্টিৰ_অন্তর্গত_জশিহাটী_গাওঁৰ আয়শা খাতুন আৰু আন্না খাতুন নামৰ দুজনী ভনীৰ এটা সৰু সংসাৰত আন্না খাতুন নামৰ মানুহ জনী বেমাৰত বিছনাত পৰি আছে। আৰু আয়শা খাতুন নামৰ মানুহ জনীয়ে তাইৰ ঔষদ পাতি যোগান ধৰাৰ লগতেওঁ তাইৰ সৰু সংসাৰক, মানুহৰ ঘৰে ঘৰে কাম বন কৰি কোনোমতে সংসাৰ চলাই আছিল।কিন্তু ৰাজ্যত চলি থকা প্রথম,দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ লকডাউন সময় ছোৱাত চৰকাৰৰ নীতিক সন্মান জনাই ঘৰতে থাকি আজি তাইৰ সংসাৰক চলাই নিয়াত খুবেই অসুবিধা হৈছে।তাইৰ সংসাৰৰ অসুবিধা দেখি #জয়পুৰ_আঞ্চলিক_আমছুৰ _সভাপতি শ্বৰিফুল ইছলামক লগত লৈ সেই দূৰ্বগীয়া পৰিয়ালৰ ঘৰত গৈ জয়পুৰ আঞ্চলিক আমছুৰ কাৰ্য্যকৰি সভাপতি বাবুল হুছেইনে তেওঁৰ ব্যক্তিগত অর্থৰে ৫ কিলোগ্রাম চাউল,২ কিলোগ্রাম আলু, ২ কিলোগ্রাম পিয়াজ, ৫০০ গ্রাম মিঠাতেল, ১ পেকেট নিমখ, ১ কিলোগ্ৰাম চিৰা আদি সাহার্য্য আগবঢ়ায় তেওঁৰ লগতে সহায় কৰে জয়পুৰ বাজাৰৰ জাহিদুল ইছলাম খন্দকাৰ (দোকানী)তেওঁ ব্যক্তিগত অৰ্থৰে ২ পেকেট সেৱাই,১ বটল তেল, ৫০০ কিলোগ্ৰাম চেনী আদি বস্তু আগবঢ়ায় | অনাগত দিনত সেই দূৰ্বগীয়া পৰিয়ালটোৰ সকলো খবৰ ৰাখিব বুলি কাৰ্যকৰী সভাপতি বাবুল হুছেইনে জনায় |

 #গোলকগঞ্জ_ত_ভয়ংকৰ_পথ_দুৰ্ঘটনা_=থিতাতে নিহত এজন আৰু বাকী দুজনৰ অৱস্হা সংকট জনক============================গোলকগঞ্জ থানাৰ...
11/05/2020

#গোলকগঞ্জ_ত_ভয়ংকৰ_পথ_দুৰ্ঘটনা_=থিতাতে নিহত এজন আৰু বাকী দুজনৰ অৱস্হা সংকট জনক
============================

গোলকগঞ্জ থানাৰ অন্তৰ্গত উত্তৰ ৰায়পুৰৰ (কামাৰটাৰি) ৰ ৰঞ্জিত কৰ্মকাৰ নামৰ যুৱক নিজৰ পত্নী বৰ্ণালী কৰ্মকাৰ আৰু পুত্ৰ ৰনজিৎ কৰ্মকাৰ (4 বছৰ) ক লৈ বিলাসীপাৰাৰ পৰা গোলকগঞ্জলৈ নিজৰ As17G 2777 নম্বৰৰ বাইকলৈ আহোতে পানবাৰী BSF কেম্পৰ সন্মুখত দুৰ্ঘটনাত পতিত হয়। তিনিওজনক সংকটজনক অৱস্থাত ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও বৰ্ণালী কৰ্মকাৰৰ মৃত্যু হয়। ৰঞ্জিত কৰ্মকাৰৰ অৱস্থা অধিক সংকটজনক হোৱাত GMCH লৈ প্ৰেৰণ কৰে যদিও দুৰত্ব অধিক হোৱাত পশ্চিম বংগৰ কোচবিহাৰলৈ লৈ গৈছে বুলি জানিব পৰা গৈছে ।

হাউলীত পথ দুৰ্ঘটনা:: থিতাতে নিহত এজন========================সংবাদ:: নৱজিৎ কলিতা, হাউলী======================বৰপেটা জিলাৰ...
10/05/2020

হাউলীত পথ দুৰ্ঘটনা:: থিতাতে নিহত এজন
========================
সংবাদ:: নৱজিৎ কলিতা, হাউলী
======================
বৰপেটা জিলাৰ হাউলীত হাউলী হাইস্কুল খেলপথাৰৰ ওচৰত আজি অলপ সময়ৰ আগতে এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত থিতাতে এজন লোক নিহত হয় । নিহত ব্যক্তিজনৰ নাম আজমত আলী । এ এছ- 15 N- 0376 নম্বৰৰ বাইকেৰে হাউলীৰ পৰা বৰপেটা অভিমুখেগৈ থকা অৱস্থাত পিছফালৰ পৰা ট্রাক এখনে খুন্দিয়াৰ ফলত থিতাতে নিহত হয় আলীয়ে ।

Address

Barpeta Road
Barpeta Road
781316

Website

Alerts

Be the first to know and let us send you an email when Peace posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share