
12/07/2025
নাৰ্ছ পেচা কেৱল এটা চাকৰি নহয়—ই হৈছে এক মহান মানৱ সেৱা। সেইবাবেই নাৰ্ছসকল সকলোৰে মৰম আৰু সন্মানৰ অধিকাৰী।
অসম চৰকাৰে ৰাজ্যজুৰি উন্নত স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্যৰে বহুতো চিকিৎসা প্ৰতিষ্ঠান গঢ়ি তুলিছে আৰু বহু প্ৰকল্প এতিয়াও নিৰ্মাণাধীন।
এই দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে, লখিমপুৰ কৰ্কট কেন্দ্ৰৰ প্ৰাংগণত এখন B.Sc Nursing College নিৰ্মাণ কৰি আছে অসম চৰকাৰে, য’ত অসমৰ যুৱ প্ৰজন্মক পৰিচাৰিকা হিচাপে গঢ়ি তোলা হ'ব।
এই মহাবিদ্যালয়খন অতি সোনকালেই জনসাধাৰণৰ বাবে মুকলি কৰা হ’ব।
👉 কেৱল প্ৰতিষ্ঠান নহয়, চৰকাৰে গঢ়ি তুলিছে আগন্তুক সেৱাৰ নায়ক-নায়িকাসকল!