
14/08/2025
আজি আমাৰ সেই দিন। যিদিনা তুমি আৰু মই আমি হৈছিলো👩❤️👨
এদিন দুদিনকৈ বাঢ়িছিল দুয়োৰে মাজৰ কথা, গম নোপোৱাকৈ হৃদয়ে পালে প্ৰেমৰ বতৰা 👩❤️💋👩।
ভালপোৱাৰ এই সজীৱতা মৰমৰ এই মধুৰতা আৰু নতুনত্ব চিৰদিনলৈ যেন একেদৰেই থাকে।
মৰম বুজাবুজি অভিমান, খং আৰু ধেমালি লগতে দয়িত্ববোধ এইবোৰেৰে আমি আমাৰ মৰমৰ বান্দডাল মজবুত কৰি ৰাখিম💪।
জীৱনত পোৱা নোপোৱাৰ হিচাপ কৰিবলৈ গলে বহুখিনি আছে তথাপি মই সুখী কাৰণ তুমি মোৰ লগত আছা।
শীতৰ নিয়ৰে গছকা প্ৰতিটো পুৱা তুমি তুমি যেন লাগে।
তুমিয়েই মোৰ ছায়া জীৱন যুজৰ মায়াময়ী আশা।তুমি মোৰ জীৱনত আল্লাহই দিয়া শ্ৰেষ্ঠতম উপহাৰ। ভালপাওঁ তোমাক নিজতকৈ বেছি ।
মোৰ দৰে খেয়ালী মনৰ মানুহ এগৰাকীক সামৰি ৰখাৰ বাবে ধন্যবাদ তোমাক।
প্ৰতিটো জনমত মোৰ হৈ থাকিবা দেই।
জীৱন বাটত তুমি মই ,আমি হৈ আগবঢ়াৰ প্ৰতিশ্ৰুতিৰে 13 টা বছৰ পাৰ কৰিলোঁ।
সকলোৱে দুৱা কৰিব 🤲যাতে অহা দিনবোৰ আমি ভালদৰে পাৰ কৰিব পাৰো।
আজিৰ এই পবিত্ৰ দিনটোত আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাও সদাই যেন তোমাক ভালে ৰাখে🤲।
আল্লাহৰ আশীৰ্বাদ সদায় যেন আমাৰ লগতেই থাকে🤲 ।
Happy anniversary my dear sweet heart 🌍❤️🥰।