Udbhas News

Udbhas News Udbhas News one of the news portal of Assam dedicated to the people of Assam

30/09/2025

*বাক্সা জিলাৰ ২১নং শালবাৰী পৰিষদীয় সমষ্টিৰ খুশ্ৰাবাৰীত বিপিএফ দলৰ বিজয়ী প্ৰাৰ্থী দিগন্ত গয়াৰীক দলীয় নেতা কৰ্মীৰ খুশ্ৰাবাৰী প্ৰাইমাৰ উদ্যোগত সম্বৰ্ধনাৰ অনুষ্ঠান।*
*বিপিএফ দলৰ নেতা কৰ্মীয়ে বেণ্ড পাৰ্টী লৈ প্ৰাৰ্থী দিগন্ত গয়াৰীক উষ্ম আদৰণি জনায়।*

শ্ৰী এম পি গুপ্তা (আই পি এছ)-ৰ নেতৃত্বত এটি বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰা হৈছে। এই দলটোৱে শিল্পী জুবিন গাৰ্গৰ অক...
24/09/2025

শ্ৰী এম পি গুপ্তা (আই পি এছ)-ৰ নেতৃত্বত এটি বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰা হৈছে। এই দলটোৱে শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ আঁৰৰ বিষয়সমূহ অনুসন্ধান কৰিব।

24/09/2025

*পৰ্যটকৰ বাবে পুনৰ মুকলি হ'ল বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ*

পৰ্যটকৰ বাবে আজি পুনৰ মুকলি কৰা হ'ল বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান l বিটিচিৰ বন বিভাগৰ CHD তথা অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক সুমন মহাপাত্ৰই। মুকলিৰ পূৰ্বে মানাহৰ বাঁহবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ পৰা দ্বিতীয় প্ৰৱেশদ্বাৰলৈ বিভাগীয় হাতী, বন-বিভাগ, বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ লোক, স্থানীয় লোকসকলক লৈ এক সমদলযাত্ৰাও কৰা হয়।
সদ্যপ্ৰয়াত অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে মৌনতা অৱলম্বন কৰাৰ লগতে শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়।
আজিৰে পৰা মানাহৰ মুখ্যতঃ বাঁহবাৰী, ভূঞাপাৰা, পানবাৰী এই তিনিওটা ৰেঞ্জতে দৰ্শনাৰ্থীয়ে পৰিভ্ৰমণ কৰিব পাৰিব l

22/09/2025

তেওঁ বঙালী নাছিল .. কিন্তু প্ৰতিঘৰ বঙালীৰ ঘৰতে তেঁওৰ কন্ঠৰ গীত বাজি আছে..

22/09/2025

শেষ বিদায় 🙏🏻

এই বিদায় বৰ কষ্টকৰ, এই বিদায় বৰ অসহ্যকৰ

📍সৰুসজাই ।

  জুবিন গাৰ্গ আৰু নাই। ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ লবলৈ গৈছিল জুবিন
19/09/2025

জুবিন গাৰ্গ আৰু নাই। ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ লবলৈ গৈছিল জুবিন

▶️ছিংগাপুৰত গুৰুতৰভাৱে অসুস্থ জুবিন গাৰ্গ।
19/09/2025

▶️ছিংগাপুৰত গুৰুতৰভাৱে অসুস্থ জুবিন গাৰ্গ।

16/09/2025

উজান বজাৰস্থিত শ্বহীদ ন্যাসত আছুৰ বিক্ষোভ কাৰ্য্যসূচী।
অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদী উৎসাত আৰু অসম চুক্তি ৰূপায়নৰ দাবীত এই কাৰ্য্যসূচী ।
অবৈধ বিদেশী প্ৰব্ৰজনৰ স্থায়ী সমাধানৰ দাবী আছুৰ

ড° নীলাক্ষী চৌধুৰীক "ভাৰতীয় ভাষা সন্মান - ২০২৫" বঁটা প্ৰদান ********************************************"ন্যায়" বিষয়ব...
16/09/2025

ড° নীলাক্ষী চৌধুৰীক "ভাৰতীয় ভাষা সন্মান - ২০২৫" বঁটা প্ৰদান
********************************************
"ন্যায়" বিষয়বস্তুৰ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে স্বীকৃতি
********************************************
কাশী / বাৰাণসী, ২০২৫: ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ আন্তঃৰাষ্ট্ৰীয় সালিশী আৰু অধিবক্তা, অসমৰ বৰপেটা জিলাৰ শ্ৰী বিদ্যাদানন্দ চৌধুৰীৰ কন্যা ড° নীলাক্ষী চৌধুৰীক ভাৰতৰ অন্যতম পুৰণি বহুভাষিক সংবাদ সংস্থা, ১৯৪৮ চনত শিৱৰাম শংকৰ আপ্টে (বিশিষ্ট চিন্তাবিদ আৰু বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠাপক) দ্বাৰা ko প্ৰতিষ্ঠিত হিন্দুস্থান সমাচাৰে "ভাৰতীয় ভাষা সন্মান - ২০২৫" বঁটা প্ৰদান কৰে।
কাশীৰ মহৰ্ষি বিদ্যাপীঠ বিশ্ববিদ্যালয়ত প্ৰদান কৰা এই বঁটাই ন্যায়ৰ ক্ষেত্ৰত তেওঁৰ অসাধাৰণ অৱদানক স্বীকৃতি জনায়। এই অনুষ্ঠানত জম্মু-কাশ্মীৰৰ সন্মানীয় ৰাজ্যপাল শ্ৰী মনোজ সিনহা, শ্ৰী অতুল ভাই কোঠাৰী (আৰ.এছ.এছ. পথপ্ৰদৰ্শক আৰু এন.ই.পি. ২০২০ৰ স্থপতি), শ্ৰী পৰেশ কান্ত (জ্যেষ্ঠ আৰ.এছ.এছ. কৰ্মী), শ্ৰী প্ৰদীপ বাবা মাধোক (পৰিচালক, হিন্দুস্থান সমাচাৰ), ড° নীলকণ্ঠ তিৱাৰী (বিধায়ক বাৰাণসী আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী), আৰু বেনারস হিন্দু বিশ্ববিদ্যালয় (V.H.U.) আৰু মহৰ্ষি বিদ্যাপীঠ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল উপস্থিত আছিল।
ড° চৌধুৰী 'উইণ্ডছ ফৰ চেঞ্জ: নেভিগেটিং লিগেল ৰিফৰ্মছ ইন ইণ্ডিয়া' নামৰ সংস্কাৰমুখী কিতাপখনৰো লেখিকা, য'ত তেওঁ ১৫টা আইনী পৰামৰ্শ আগবঢ়াইছিল। উল্লেখযোগ্য যে, এই পৰামৰ্শসমূহৰ ভিতৰত তিনিটা ইতিমধ্যে দুজন প্ৰাক্তন মুখ্য ন্যায়াধীশৰ দিনত ভাৰতত গ্ৰহণ কৰা হৈছে: ১. প্ৰাণীৰ অধিকাৰ শক্তিশালী কৰিবলৈ প্ৰাণী আশ্ৰয় গৃহ স্থাপন কৰা। ২. কিশোৰ গৃহত ADHD কেন্দ্ৰ স্থাপন কৰা। ৩. ত্ৰুটিসমূহ বন্ধ কৰি আৰু কঠোৰ জবাবদিহি নিশ্চিত কৰি কৰ্পোৰেট আইনৰ পালন শক্তিশালী কৰা। কিতাপখনৰ বাকী পৰামৰ্শসমূহে বিতৰ্কৰ সৃষ্টি কৰি আছে আৰু ই ভৱিষ্যতৰ ভাৰতৰ আইনী সংস্কাৰসমূহক পথ প্ৰদৰ্শন কৰিব পাৰে। এই বছৰৰ ভাৰতীয় ভাষা সন্মানত জম্মু-কাশ্মীৰ, অসম, চেন্নাই আৰু ভূটানৰ দৰে বিভিন্ন অঞ্চলৰ আন ১২ গৰাকী বিশিষ্ট ব্যক্তিক তেওঁলোকৰ আঞ্চলিক উন্নয়ন আৰু ৰাষ্ট্ৰীয় বৃদ্ধিত আগবঢ়োৱা অৱদানৰ বাবে স্বীকৃতি দিয়া হৈছিল। এই উপলক্ষে ড° চৌধুৰীয়ে কয়: "এই সন্মান ন্যায়ৰ কাৰণৰ বাবে। মোৰ কিছু পৰামৰ্শে ইতিমধ্যে পৰিৱৰ্তনৰ সূচনা কৰা দেখি মই আনন্দ অনুভৱ কৰিছো, আৰু মই আশা কৰো যে অনাগত বছৰবোৰত আৰু বহুতো পৰামৰ্শ বাস্তৱায়িত হ'ব।"

13/09/2025

* প্ৰধানমন্ত্ৰীৰ সন্মুখত ১২০০ শিল্পীৰ সুধাকণ্ঠৰ গীত পৰিৱেশন
* সুধাকণ্ঠৰ ১৪টা কালজয়ী গীতৰ কলি পৰিৱেশন

12/09/2025

খানাপাৰা ত আজিৰ চুড়ান্ত আখৰা-অহা কালিলৈ আবেলি ৫বজাৰ পৰা Live
Source -AIR Guwahati post

10/09/2025

Nepal- Finance Minister is attacked by protestors

Address

Bapeta Road, Barpeta Road
Barpeta Road
781315

Alerts

Be the first to know and let us send you an email when Udbhas News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Udbhas News:

Share