All Assam of India News Live 24

All Assam of India News Live 24 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from All Assam of India News Live 24, Media/News Company, Majgaon, Barpeta Road, Barpeta Road.

ডিজিটেল অসমৰ দাপোণ! 📱 'All Assam of India News Live 24'-এ আপোনাৰ ফোনলৈ লৈ আহে সকলো ডাঙৰ খবৰ, তাৎক্ষণিকভাৱে। প্ৰতিটো ভাইৰেল, প্ৰতিটো গুৰুত্বপূৰ্ণ আপডেট — 24x7 লাইভ কভাৰেজ।
All Assam of India News Live 24' is committed to the truth.

25/08/2026

📌নগাওঁ জিলাৰ ৰাঙলুত চাঞ্চল্যকৰ ঘটনা:
📌৬০ বছৰীয়া নুৰ উদ্দিনৰ বিৰুদ্ধে ১০ বছৰীয়া কিশোৰীক ধ/ৰ্ষ/ণ/ৰ অভিযোগ

📌গোৱালপাৰাত দুটা  সন্তানক এৰি মহিলা নিৰুদ্দেশ🛑 গোৱালপাৰা:গোৱালপাৰাৰ ডুবাপাৰা লুপ্ত চৰ গাঁৱৰ বাসিন্দা ৰফিকুল ইছলামৰ পত্নী...
25/08/2026

📌গোৱালপাৰাত দুটা সন্তানক এৰি মহিলা নিৰুদ্দেশ

🛑 গোৱালপাৰা:
গোৱালপাৰাৰ ডুবাপাৰা লুপ্ত চৰ গাঁৱৰ বাসিন্দা ৰফিকুল ইছলামৰ পত্নী ছবিয়া খাতুন (২২/০৮/২০২৬) তাৰিখৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে।
প্ৰাপ্ত তথ্য অনুসৰি, ২২ আগষ্টৰ দিনা ঘৰুৱা সামান্য মনোমালিন্যৰ পিছতেই ছবিয়া খাতুন ঘৰৰ পৰা ওলাই যায়। তাৰ পিছৰে পৰাই মহিলাগৰাকীৰ কোনো সন্ধান পোৱা নাই পৰিয়ালৰ লোকে। নিৰুদ্দেশৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
ইফালে, ছবিয়া খাতুনে ঘৰত দুটা সৰু সৰু সন্তান এৰি থৈ যোৱাত শিশু দুটাই মাকক বিচাৰি দিন-ৰাতি কান্দি হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। মাকৰ অনুপস্থিতিত পৰিয়ালটো এতিয়া দিশহাৰা হৈ পৰিছে। পৰিয়ালৰ লোকসকলে সম্ভাব্য সকলো স্থানতে বিচাৰ-খোচাৰ কৰাৰ পিছতো মহিলাগৰাকীৰ কোনো সম্ভেদ উলিয়াব পৰা নাই।
ঘটনা সম্পৰ্কে স্থানীয় আৰক্ষীক অৱগত কৰাৰ পাশাপাশি পৰিয়ালৰ পক্ষৰ পৰা ৰাইজৰ সহায় বিচৰা হৈছে।
যদি কোনো সহৃদয় ব্যক্তিয়ে ছবিয়া খাতুনৰ বিষয়ে কিবা সন্ধান পায় বা কোনো স্থানত প্ৰত্যক্ষ কৰে, তেন্তে অবুজন সন্তান দুটালৈ চাই অতি সোনকালে 9854701396 নম্বৰত যোগাযোগ কৰিবলৈ অথবা কাষৰ আৰক্ষী থানাত খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুনয়-বিনয় জনাইছে।

24/08/2026

📌পুনৰ সংঘাতৰ দিশে অসম-মেঘালয় টেক্সি চালক? ১০ দিনৰ সময় সীমা বান্ধি দিলে মেঘালয়ৰ সন্থাই।

23/08/2026

📌আমাক চীনৰ পৰা ৰক্ষা কৰক, আমি ভাৰততে থাকিব বিচাৰোঁ": প্রধানমন্ত্রীলৈ অৰুণাচলৰ শিশুৰ আহ্বান

23/08/2026

📌Western Railway'ৰ পৰা চাদৰ চুৰি কৰি গাত মেৰিয়াই দোকানত তিনি জন লোক!

22/08/2026

📌সামাজিক মাধ্যমত ভাইৰেল বিতৰ্কিত ভিডিঅ’: অৱশেষত নিজৰ ভুল স্বীকাৰ কৰিলে পেট্ৰ'ল পাম্প কৰ্মচাৰীজনে

21/08/2026

📌প্ৰধানমন্ত্ৰী মোদীৰ নামত মন্দিৰ আৰু মোদী চালীচা

📌ৰামৰ অৱতাৰত প্ৰধানমন্ত্ৰী! মোদীৰ প্ৰতিমূৰ্তিৰ আগত আৰতি আৰু পূজা-অৰ্চনা

📌জয় জয় মোদী’ শ্লোগানেৰে ‘মোদী চালীচা’ পাঠ

21/08/2026

📌আমাক চীনা বুলি নক’ব, আমি ভাৰতীয়"— ভাইৰেল অৰুণাচল প্ৰদেশৰ কনমানিৰ বিশেষ বাৰ্তা

🛑অৰুণাচল প্ৰদেশৰ ইটানগৰৰ এগৰাকী কণমানি ছোৱালীৰ এটা চুটি ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হৈ পৰিছে।

কণমানি ছোৱালীজনীয়ে প্ৰকাশ কৰে যে তেওঁ আৰু তেওঁৰ পৰিয়াল ভাৰতীয়, সেয়েহে কোনোবাই তেওঁলোকক ‘চাইনিজ’ (চীনা) বুলি ক’লে তেওঁলোকৰ অতি দুখ লাগে।
উত্তৰ-পূব ভাৰতৰ লোকসকলক এনেদৰে চীনা বুলি নক’বলৈ তেওঁ সকলোকে অনুৰোধ জনায়।
তেওঁৰ এই আৱেগিক বক্তব্যই সামাজিক মাধ্যমত বহুতৰে হৃদয় স্পৰ্শ কৰিছে

21/08/2026

📌নতুন দিল্লীৰ প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াত ‘মোদী চালীচা’ পাঠ আৰু পূজা-অৰ্চনা;

​নতুন দিল্লী:
ৰাজধানী নতুন দিল্লীস্থিত প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়া (PCI) ৰ চৌহদত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীক লৈ সামাজিক মাধ্যমত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী নৰে্দ্ৰ মোদীক ভগৱান শ্ৰীৰামৰ ৰূপত সজাই তুলি তেওঁৰ এক প্ৰতিমূৰ্তি (কটাউট) ৰ সন্মুখত পুৰোহিত আৰু সমৰ্থকে ধূপ-দীপ জ্বলাই পূজা কৰে। উক্ত স্থানত ‘মোদী চালীচা’ পাঠ কৰাৰ লগতে “হৰ হৰ মোদী” আৰু “জয় জয় মোদী” আদি ধাৰ্মিক আৰু ৰাজনৈতিক শ্লোগান দিয়ে।
​বহু নেটিজেনে এজন গণতাস্ত্ৰিক নেতাৰ প্ৰতি এনে অন্ধভক্তি আৰু ধাৰ্মিক আৱহাওৱা সৃষ্টি কৰাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

ঘটনাটোৱে ধুমুহাৰ সৃষ্টি কৰাৰ পিছতে ‘প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়া’ই এক বিবৃতিত জনায় যে তেওঁলোকে এই কাৰ্যসূচীৰ আয়োজন কৰা নাছিল। এখন সংবাদমেল অনুষ্ঠিত কৰাৰ বাবেহে এটা সংগঠনে ক্লাৱৰ প্ৰেক্ষাগৃহ ভাড়াত লৈছিল। কিন্তু ধাৰ্য কৰা নিয়মাৱলী উলংঘা কৰি ধাৰ্মিক অনুষ্ঠান অনুষ্ঠিত কৰাত ক্লাৱ কৰ্তৃপক্ষই লগে লগে হস্তক্ষেপ কৰি কাৰ্যসূচী বন্ধ কৰি দিয়ে।
​
এই কাৰ্যসূচীৰ আয়োজক বিহাৰ ৰাজ্যিক তৃতীয় লিংগ কল্যাণ বোৰ্ডৰ উপ-সভাপতি ৰাজন সিং আৰু মহামণ্ডলেশ্বৰ বৈভৱী মহাৰাজসহ অন্যান্য সদস্যসকলে প্ৰধানমন্ত্ৰীক এইদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিহাৰত প্ৰধানমন্ত্ৰী মোদীৰ নামত ১১২ কোটি টকা ব্যয় সাপেক্ষে এটা মন্দিৰ নিৰ্মাণ কৰাৰ পৰিকল্পনাৰ অংশ হিচাপে এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছিল বুলি আয়োজকসকলে জানিবলৈ দিয়ে

20/08/2026

📌শ্বিলঙৰ ঘটনাক লৈ শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া

Address

Majgaon, Barpeta Road
Barpeta Road
781313

Alerts

Be the first to know and let us send you an email when All Assam of India News Live 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share